পিপলাণ্ট্ৰি — অমিয়া হাতীবৰুৱা

‘পিপলাণ্ট্ৰি’ৰ বিষয়ে আজি আকৌ এবাৰ পঢ়িলোঁ৷ আগতে কাকতে-পত্ৰই পঢ়িছিলোঁ যদিও ইমান ভালকৈ জনা নাছিলোঁ৷ এইবাৰ ক্লাছ নাইনত ইয়াৰ বিষয়ে এটা পাঠ সন্নিৱিষ্ট কৰা হৈছে৷ ‘পিপলাণ্ট্ৰি’ৰ বিষয়ে প্ৰায় সকলোৱেই জানে৷ ই এক বহুচৰ্চিত বিষয়৷ ‘পিপলাণ্ট্ৰি’ ৰাজস্থানৰ এখন গাঁও৷ মাৰ্বলৰ খনিয়ে গাঁওখনত প্ৰচণ্ড প্ৰদূষণৰ সৃষ্টি কৰিছিল৷ পানীৰ অভাৱত খেতি-বাতি কৰিব নোৱাৰি মানুহবোৰ সংস্থাপনৰ বাবে গাঁও এৰি গুচি গৈছিল৷ এই কথাটোৱে গাঁৱৰ মুখিয়াল (চৰপঞ্চ) শ্যাম সুন্দৰ পালিৱালক বৰ চিন্তিত কৰি তুলিলে৷ গাঁওখন ধৰি ৰাখিবৰ বাবে তেওঁ বদ্ধপৰিকৰ হ’ল৷ তেওঁৰ প্ৰিয় কন্যা কিৰণৰ মৃত্যুৰ পাছত তাইৰ স্মৃতিত তেওঁ এশ এঘাৰটা গছপুলি ৰোপণৰ দ্বাৰা তেওঁ আৰম্ভ কৰিলে এটা মিশ্যন৷ তেতিয়াৰ পৰাই গাঁৱৰ কাৰোবাৰ ঘৰত কন্যা শিশুৰ জন্ম হ’লে তেওঁৰ পিতৃ-মাতৃয়ে এশ এঘাৰটাকৈ গছপুলি ৰুই তাৰ উপযুক্ত প্ৰতিপালন কৰাৰ নিয়ম কৰা হ’ল৷ তদুপৰি কন্যা শিশুৰ জন্মৰ লগে লগে গাঁওবাসীয়ে লগলাগি একৈশ হাজাৰ টকা জমা কৰে আৰু অভিভাৱকে দহহাজাৰ মুঠতে একত্ৰিশ হাজাৰ টকা বিশ বছৰলৈ ছোৱালীজনীৰ নামত ফিক্স ডিপ’জিট কৰে৷ তেওঁলোকে এই কামত আশানুৰূপ সাফল্য লাভ কৰে৷ প্ৰতিবছৰে গাঁৱত জন্ম হোৱা কন্যা সন্তানৰ নামত ৰোৱা গছপুলিবোৰ উপযুক্ত প্ৰতিপালনৰ ফলত লহপহকৈ বাঢ়ি গাঁওখন সেউজীয়া কৰি তুলিলে৷ লাহে লাহে পানীৰ অভাৱ দূৰ হ’ল৷ ভূ-গৰ্ভজাত পানী ঊৰ্ধ্বগামী হ’ল, যিটো প্ৰায় আঠশ ফুট তললৈ নামি গৈছিল৷ কৃষকৰ মুখলৈ পানী আহিল৷ শ্যাম সুন্দৰ পালিৱালৰ সপোন পূৰ হ’ল৷ সকলোৱে তেওঁক নাম দিলে ‘ফাদাৰ অব ইক’ফেমিনিজম’৷ পিতৃৰ দৰেই কন্যা-শিশু আৰু ধৰিত্ৰী আইৰ তত্ত্বাৱধান লওঁতা৷ তেওঁৰ এই সফলতাই সকলোকে স্তম্ভিত কৰিলে৷

‘পিপলাণ্ট্ৰি’ এতিয়া বিশ্ব বিখ্যাত৷ প্ৰতিবছৰে বহু দেশী-বিদেশী পৰ্যটক ইয়ালৈ আহে৷ বহু তথ্যচিত্ৰ, চিনেমা নিৰ্মাণ কৰা হৈছে৷ ডেনমাৰ্কৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে ‘পিপলাণ্ট্ৰি’ৰ বিষয়ে৷ শ্যাম সুন্দৰ পালিৱাল পুৰস্কৃত হৈছে বহু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে৷ ৰাজস্থানৰ দৰে এখন ৰাজ্য, য’ত কন্যা সন্তান জন্মৰ লগে লগে এসময়ত গাখীৰত ডুবাই হত্যা কৰা হৈছিল, তাত আজি তেওঁলোকে নিশ্চিন্ত হৈ নিজৰ ভৱিষ্যত গঢ়িছে, ইয়াতকৈ আৰু সুখৰ কথা কি হ’ব পাৰে৷ এতিয়া ‘পিপলাণ্ট্ৰি’ৰ মানুহে চৰকাৰী আঁচনিৰ সুবিধা বিচাৰি নাযায়, চৰকাৰেহে তেওঁলোকৰ ওচৰলৈ আঁচনি লৈ যায়৷

আমি সকলোৱে তেওঁলোকৰপৰা শিকিবলগীয়া নিশ্চয় আছে, তাতোকৈও বেছি হাতে-কামে কৰিবলগীয়া আছে৷ আমি সকলোৱে যদি নিজৰ নিজৰ চুবুৰীটোতে গছপুলি অলপ ৰুব পাৰোঁ! জোৰ পুৰি হাত পালেহি৷ অসমৰ গছবোৰ কাটি শেষ হ’লেই, উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবোৰৰ অৱস্থাও একেই৷ প্ৰতিবছৰে স্কুলৰ পৰিৱেশ দিৱসত কৈ অহা হয় যদিও আজি মোৰ শ্ৰেণীৰ আধাখিনি ছাত্ৰ-ছাত্ৰীয়ে যাদৱ পায়েঙৰ বিষয়ে নাজানো বুলি ক’লে৷ মনটো বেয়া লাগি গ’ল৷ সেয়ে ঘৰলৈ আহি কথাবোৰ লিখি গ’লোঁ৷ ‘পিপলাণ্ট্ৰি’ৰ বিষয়ে ইণ্টাৰনেটত সব কথাই জানিব পাৰি৷ মই সেই উদ্দেশ্যে কথাখিনি লিখা নাই৷ কাৰণ তেনেধৰণে লিখা-মেলা কৰাৰ মোৰ অভ্যাস বা অভিজ্ঞতা নাই৷ মই মাত্ৰ বিছাৰিছোঁ, এনেধৰণৰ বিষয়বোৰৰ আলোচনা হোৱাটো যাতে অসমখন পুনৰ সেউজীয়া কৰিব পাৰি৷ ভৱিষ্যত প্ৰজন্মৰ বাবে আন নহ’লেও অকণমান মুকলি বতাহকে যদি ৰাখি যাব পৰা যায়!

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!