পুণ্য তীৰ্থ তাৰালাংচু- মনোজ কুমাৰ ডেকা
তাৰালাংচু’ৰ বিষয়ে আমাৰ অনেকেই একো নাজানে৷ তাত আচৰিত হ’বলগীয়া বিশেষ একো নাই৷ কিন্তু, এটা জনগোষ্ঠীৰ সংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত যেতিয়া তাৰালাংচু’ই এক ভূমিকা পালন কৰে, তেতিয়া আমি তাক জনা উচিত৷ তাৰালাংচু অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী কাৰ্বি সকলৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ এতিয়া৷ সেয়ে কওঁ তাৰালাংচু পুণ্যতীৰ্থ৷ বা, পুণ্যতীৰ্থ তাৰালাংচু৷
ডিফু’লৈ আৰু ৭কি.মি. থাকোতেই আপুনি ঢুকি পাব তাৰালাংচু’ক৷ ইয়াতেই আছে “কাৰ্বি পিপলছ হল!“ সৰু বৰ টিলাৰে সেউজীয়া তাৰালাংচু’ৰ মুঠ মাটিকালি, ১০৮৬ বিঘা৷ অশান্ত অতৃপ্ত মন প্ৰাণ খন্তেকতে শাঁত পেলাব পৰা কাৰ্বি পিপলছ হল আপুনি এবাৰলৈ হলেও চোৱা উচিত৷ তাৰ বাবে আপোনাক এগাল টকা সিকা নালাগে৷ জনশতাব্দী’ত ডিফু’লৈ ১৫০/- টকা৷ এজনৰ৷ অথচ, এই অকণমান অৰ্থ খৰচ কৰিলেই আপুনি শুনিবলৈ পাব কাৰ্বি জনগোষ্ঠীৰ প্ৰাণৰ আকুতি৷ শুনিব পাৰিব গান৷ শুনিব পাৰিব সুৰ৷ অসমৰ কলম্বাছ’ বুলি প্ৰখ্যাত জনগোষ্ঠীটোৱে বছৰি তেওঁলোকৰ সংস্কৃতিৰ পোহাৰ পাতে তাত৷ তালৈ গলে আপুনি কাৰ্বি’ৰ হিয়াৰ ঠিকনা বিচাৰি পাব৷ তেওঁলোকৰ পৰিছয় লিপি বিচাৰি পাব তাৰালাংচু’ত৷
কাৰ্বি সংস্কৃতিৰ মূল স্তম্ভটোক অক্ষত ৰূপত থিয় কৰাই ৰাখিছে “কাৰ্বি কালচাৰেল ছোচাইতি“ (Karbi Cultural Society: KCS )য়ে৷ আকৌ কাৰ্বি কালচাৰেল ছোচাইতি’ক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে, চন্দ্ৰ সিং ক্ৰ’ই৷ তেখেত কে চি এছ’ৰ সভাপতি৷ কাৰ্বি সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে কিছু বছৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাই তেওঁক প্ৰদান কৰিছিল, পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা সোঁৱৰণি বঁটা৷
প্ৰতিবছৰে তাৰা লাংচু’ত অনুষ্ঠিত হয় কাৰ্বি য়ুথ ফেষ্টিভেল বা কাৰ্বি যুৱ মহোৎসৱ৷ তাত উপস্থিত থাকিলে বুজিব, সচেতন কাৰ্বি সমাজে কেনেকৈ বুকুৰ উমেৰে সজাই ৰাখিছে নিজৰ সাংস্কৃতিক৷ কেনেকৈ তাক লালন পালন কৰিছে৷ ডেকাৰ পৰা বৃদ্ধলৈ সকলোৱে গুৰি পৰুৱাৰ দৰে বিৰাট শৃংখলতাৰে প্ৰদৰ্শন কৰে নিজৰ সংস্কৃতি৷ অনুশীলন কৰে তেওঁলোকে৷ নিজৰ সমৃদ্ধ সাংস্কৃতিক বৈশিষ্ট, ৰীতি নীতি, পৰম্পৰা, সাজ পাৰ, খাদ্য একোকেই হেৰাই যাব নিদিবলৈ প্ৰতিজ্ঞাবদ্ধ কাৰ্বি জনতাৰ, ডেকা- ডেকেৰীৰ এনে অনুশীলনে আপোনাক এই ভূ খণ্ডত জন্ম লোৱাৰ সাৰ্থকতাক মনত পেলাই দিব৷
আন এটি গুৰুত্ত্বপূৰ্ণ কথা হ’ল, তাৰালাংচু এতিয়া মাথো কাৰ্বি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰদৰ্শন বা অনুশীলনৰ ক্ষেত্ৰ হৈ থকা নাই৷ কে চি এছ’ৰ মহানুভৱতাৰ বাবেই তাৰালাংচু’ত এতিয়া ৰাভা, বড়ো, মিছিং, হাজং, চাহ জনগোষ্ঠী বা ডিমাছা, মাৰ আদি এশ এটা জনগোষ্ঠীয়ে প্ৰদৰ্শন কৰে নিজৰ নিজৰ সংস্কৃতি৷ উভতাৰ সময়ত তেওঁলোকে ঘৰলৈ লৈ যায় মিলনৰ পবিত্ৰ অনুভৱ৷ তেওঁলোকে “লং মিৰ জেং“ আৰু “চেং মিৰ জেং“ নামৰ মুকলি মঞ্চত প্ৰদৰ্শন কৰে নিজৰ কৃষ্টি৷ নিজৰ সংস্কৃতি৷ আমি কাৰ্বি জনগোষ্ঠীৰ এনে মনোভাৱক বুজা উচিত৷ মোৰ চোতাললৈ আপোনাক মই মাতিলেহে আপুনি মোক মাতিব! নহয়নে!
অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী নিজস্ব বৈশিষ্ট্যৰে উজ্জ্বল৷ প্ৰজ্বল৷ সেয়ে সন্মান দিব লাগিব, আঁকোৱালি লব লাগিব৷ তাকেই কৰিছে কে চি এছ’এ৷
কাৰ্বি ৰজা হাৰ সিং ৰংহাং’ৰ উপস্থিতিত হেজাৰবিজাৰ কাৰ্বি ডেকা গাভৰু বা আবাল বৃদ্ধ বণিতাই ৰোঙকেটন বা পৰম্পৰাগত শোভাযাত্ৰাত অংশ লোৱাটো চাবলগীয়া৷ কাৰ্বি জনগোষ্ঠীৰ মুখত মাত বা গীতমাত দিয়া দেৱতা দুগৰাকী, লং মিৰ জেং আৰু চেং মিৰ জেঙৰ নামত উৎসৰ্গিত মঞ্চ কাৰ্বি যুৱ মহোৎসৱৰ সময়ত কঁপি চেংপি’ৰ চেওত! পিনী, পেককে চেলেং পৰিহিত কাৰ্বি নাৰীয়ে আজিও পাহৰা নাই চিনটো’ক৷ যিয়ে তেওঁলোকক কপাহ প্ৰদান কৰিছিল, সূতা কাটিব, তাঁত ব’ব৷
প্ৰকৃতিৰ সন্তান কাৰ্বি সকলক বুজিবলৈ ওলাওক তাৰা লাংচু’লৈ৷ পুণ্যতীৰ্থলৈ৷
☆★☆