পুৰণি অসমীয়া গীতৰ “আধুনিকীকৰণ”

দৈনন্দিন:
(খণ্ড:২)
প্ৰসংগ: পুৰণি অসমীয়া গীতৰ “আধুনিকীকৰণ” (Remix!!) :

লেখিকা : মিতালী বৰ্মন

প্ৰথমে জানি ল’ব লাগিব ‘আধুনিক’, ‘আধুনিকতা’ আৰু ‘আধুনিকীকৰণ’ মানে কি? ‘আধুনিক’ মানে ‘নতুন/নবীন’, ‘আধুনিকতা’ মানে ‘নতুনত্ব/নবীনত্ব’ আৰু ‘আধুনিকীকৰণ’ মানে হ’ল ‘নবীনীকৰণ বা পুৰণি এটাক নতুনকৈ সজাই-পৰাই তোলা’৷
সুৰীয়া অসমীয়া ভাষাৰ কবি-গীতিকাৰ-গায়কসকলে প্ৰাণৰ পৰশেৰে ঢৌৱাই অসমৰ সংগীতজগতখনো ছন্দে-সুৰে মূৰ্চ্ছনাময় কৰি থৈ গৈছে৷ গুৰুদুজনাৰ কথা নকলোঁৱেই যেনিবা, বিষ্ণু-জ্যোতিৰ পৰা আৰম্ভ কৰি কতজনে অসমীয়া সংগীতৰ বৰপথাৰখন চহকী কৰি থৈ গৈছে সতকাই আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰি৷ কিমান ভাল লাগে, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্তই গোৱা এফাকি গীতৰ কলি শুনিলে৷ জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু ড. নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ কথা….. আস্ মন মুহি যায়৷ দীপালি বৰঠাকুৰৰ কণ্ঠত “সোণৰ খাৰু নালাগে মোক” শুনিলে অজানিতে ভৰি আহে দুনয়ন!! “পকাধানৰ মাজে মাজে সৰু সৰু আলি” আৰু দেও পাৰি উমলি-জামলি কটোৱা অভিন্ন শৈশৱ!! কিন্তু হৃদয়ৰ মণিকোঠাত সযতনে সাঁচি ৰখা এই গীতবোৰতো যেতিয়া তথাকথিত ‘আধুনিকীকৰণ’ৰ প্ৰলেপ সানি দিয়া হয়, সঁচাকৈ খুব অশান্তি লাগে৷
এবাৰ এই প্ৰসংগতে মোৰ বাইদেউ এজনীৰ লগত কথা পাতিছিলোঁ৷ মোক বাইদেৱে কৈছিল, তেওঁ হেনো “ৰিমিক্স” গীতবোৰ খুব ভাল পায়৷ মোক সুধিছিল “তুমিনো কিয় ইমান বেয়া পোৱা?” এক চেকেণ্ডো অপব্যয় নকৰাকৈ কৈ চিধা-চিধিকৈ কৈ দিছিলোঁ “চোৱা বা, আশী বছৰীয়া আইতা এগৰাকী এনেয়ে ধুনীয়া৷ বয়স আৰু অভিজ্ঞতাই আইতাগৰাকীক আৰু ধুনীয়া কৰিছে৷ এতিয়া সেই আইতাজনীক যদি আমি গাভৰু সজাবলৈ গৈ টিকটিককৈ “মেক-আপ” এসোপা সানি দিওঁ, অসজা নালাগিবনে?” এই উত্তৰ পাই তেওঁৰ আৰু “ৰিমিক্স” গীতৰ প্ৰতি থকা পীৰিতি উৰি গ’ল ৷ ইয়াৰ মাজতে এনেকৈ কোৱা মানুহো ওলাইছে যে আজিৰ নৱ-প্ৰজন্মই আমাৰ পুৰণি গীতবোৰ নাজানে৷ গতিকে কিছুমান গায়কে সেইবোৰ নতুনকৈ গাই আমাক ‘উপহাৰস্বৰূপে’ আগবঢ়াইছে৷ তাতনো আপত্তি কিহৰ?? হয়, আপত্তি নিশ্চয় আছে৷ ধৰি লোৱা হ’ল, আপোনাৰ এটা চোলা আছে৷ বহুদিন হ’ল আপুনি চোলাটো পিন্ধা নাই বা কিবা কাৰণত চোলাটোৰ কথা পাহৰি আছে৷ এদিন আপোনাৰ আলমাৰিটো চিজিল লগাই থাকোতে আপোনাৰ ভণ্টি বা মায়ে চোলাটো পাই আপোনাৰ হাতত দিলে৷ এতিয়া বাৰু সেইটোক আপুনি ‘উপহাৰ’ বুলি ক’ব নেকি? যিটো বস্তু আগৰে পৰা আপোনাৰেই তাক বহুদিনৰ মূৰত পালেওতো সি আপোনাৰে, নহয় জানো? মোৰ বোধেৰে একেখিনি কথাকে গীতৰ ক্ষেত্ৰতো ৰিজাব পাৰি৷
আধুনিকীকৰণৰ নামত অযথা হৈ-হাল্লা কৰি অনাহকত এসোপা বাজানাৰ প্ৰয়োগ কৰি সেই অমিয়া-মাধুৰীসনা গীতবোৰ অশ্ৰব্যহে কৰি তোলা হয় যেন (প্ৰতিযোগিতাৰ দৌৰাত্ম্য)৷ বিশ্বাস কৰক, অলপতে দীপালি বৰঠাকুৰৰ “সোণৰ খাৰু নালাগে মোক” গীতটিৰ remix-টো শুনিলোঁ আৰু সেইটো শুনি তাৰ পাচত এঘণ্টামান ক’ত গৈ, কি কৰি মোৰ frustration বাহিৰ কৰিব পাৰি ভাৱি আছিলোঁ৷ অকল সেইটোৱেই নহয়, আপোনালোকেও ভাবি চাওকচোন “এইখনি গাঁও বুকুৰ আপোন” গীতটিত গাঁও এখনৰ যি সৰল প্ৰতিচ্ছবিৰ অথবা “পোহনীয়া চৰাইটি উৰিলে” গীতটিত যি আলসুৱা-আকলুৱা ভাৱৰ প্ৰকাশ হৈছে, তাকো যদি নতুনকৈ কেচিঅ’, ড্ৰামচেট আদিৰ সংগতত গাই কোনোবাই আমালৈ ‘উপহাৰ’ আগবঢ়াই কেনে লাগিব পাৰে (আপোনালোকেও এই গীতকেইটিৰ remix শুনিছে যদি কথাখিনি আৰু ভালকৈ বুজি পাব)!! বাথৰুমত গান গোৱা আমাৰ দৰে যদু-মধুবোৰৰ কথা বাদ দিয়ক, প্ৰথিতযশা আৰু স্বনামধন্য শিল্পীয়েও যে remix-ৰ ৰমৰমীয়া বেহাত নামি পৰিছে? প্ৰচাৰ লাভ কৰিবলৈ কিছুমান শিল্পীয়ে এনে কৰিব পাৰে, কিন্তু প্ৰতিষ্ঠিতজনকতো ৰাইজে এনেয়ে চিনি পায়, আদৰ কৰে৷ তেন্তে?
ৰক্ষণশীল মই নহয়৷ নতুনক হেঁপাহেৰে আদৰি লোৱাত কাহানিও মই কাৰ্পণ্য নকৰোঁ৷ কিন্তু নবীনীকৰণৰ নামত যিবোৰ কথা-কাণ্ড চলি আছে, ই বাৰু সঁচা অৰ্থত নবীনীকৰণনে? আজিকালি কেতিয়াবা সন্দেহ হয়— নে ময়েই পিচ পৰি আছোঁ, ‘আধুনিকীকৰণ’ৰ প্ৰকৃত অৰ্থ ময়েই বুজি পোৱা নাই নেকি? ময়েই মিলাব পৰা নাই নেকি খোজ সংগীত জগতত আধুনিকৰ পৰশত আধুনিকীকৰণ হোৱা আধুনিকতাৰ লগত!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!