পূজনীয় মাতৃ সমীপেষু (- নয়নজ্যোতি হালৈ)

পূজনীয় মাতৃ সমীপেষু
(ছোৱালী ভ্ৰূণ হত্যাৰ প্ৰতিবাদত)
– নয়নজ্যোতি হালৈ৷
_____________________
মা’ তুমি মোক মাৰি পেলাবা নেকি
দেউতাৰ আদেশpregnant-number-1-sara-zimmerman
সৰলতাৰে গ্ৰহণ কৰি?
মা’ মই বাৰু বাকৰ ঔৰষত
জন্মিলো নেকি ছোৱালী হৈ?
মোৰ চেহেৰা তোমাৰ দৰে মা’
সেইজনৰ বাবে তোমাৰ ভয় ইমান
যিজন পূজনীয় পিতৃৰ নামত এজন চয়তান
সেই সকল আত্মীয়-কুটুমে মোক মাৰিবলৈ ওলাইছে
যিসকলে মাতৃৰ অন্তৰবেদনা কেতিয়াও নুবুজে,
নে সেইখন সমাজক ভয় কৰা?
যিখনত নাৰীৰ কেঁচা দেহ
পানীৰ দৰত হয় বেচা-কিনা
মা’ ভাবি চোৱা সেইসকল পিতৃ-মাতৃৰ কথা
যিসকলে পিতৃ-মাতৃত্ব অৰ্জনৰ বাবে কত বছৰ অপেক্ষা কৰি আছে,
ইশ্বৰক বিচাৰি
মন্দিৰে-মছজিদে ঘূৰিছে,
তোমালোককতো ভগৱানে চাইছে
দয়া কৰিছে
ছোৱালী বুলি কিয় তিৰস্কাৰ কৰা?
এবাৰ হ’লেও মোক জীৱন দান দি বুকুৰ উম দিয়া৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!