পেৰডি স্পেচিয়েল

 

এইবাৰ কেইটিমান পেৰডি গান আগবঢ়োৱা হৈছে। ইয়াৰে কিছুমান প্রচলিত। ৰচয়িতাৰ নাম আচলতে অজ্ঞাত। কিছুমান এই গ্রুপৰ সদস্য সকলে নতুনকৈ ৰচনা কৰিছে। এইখিনি ৰচনাৰ উদ্দেশ্য পোণপটীয়াকৈয়ে ৰস সৃষ্টি, আৰু একো নহয়। অসমীয়া ভাষাত ৰস ৰচনা আৰু ব্যংগ ৰচনাৰ একোটা নিজস্ব ইতিহাস আছে, কিন্তু ননচেঞ্চ ৰচনা খুবেই কম। এই শিতানতেই ননচেঞ্চ ৰচনাৰ প্রতি আমি আমাৰ আগ্রহ প্রকাশ কৰিছোঁ।

 

পেৰডি স্পেচিয়েল ১

Gunindra Nath

 

মই এটি গাধাবৰ
মই এটি গাধাবৰ
কামত এলাহ
শুই উঠাত এলাহ
ধিতিঙালি কৰো বৰ
মই এটি গাধাবৰ
মই এটি গাধাবৰ …ৰ ..ৰ

 

 

পেৰডি স্পেচিয়েল ২

Satyakam Dutta

 

(ডেডিকেতেড তু জিতুল সোনোৱাল -২)
যদি কেতিয়াবা বৰলে,
আহি কামোৰেহি নিৰলে,
কিয় লেপি দিবা মলমেৰে,
তুমি জানো জানা…
তেপি দিবা পুঁজবোৰ,
তেহে হ’ব বিষ দূৰ,
তুমি জানো জানা…আ আ আ আ.. আ আ আ আ..

 

পেৰডি স্পেচিয়েল ৩

Top of Form

InduKalpa Saikia

শহুৰৰে চোতালতে
শাহুআয়ে পেচাব কৰে
তাতে মই যাওঁ পিচলি (ই ই ই)…..
ৰঙতে নাছে খুলশালী (ই ই ই)..
মাতে মোক ভিনদেউ বুলি…….

 

পেৰডি স্পেচিয়েল ৪

 

Ridip Kumar Nath

অহাবেলি বহাগতে
খুলশালীয়ে বিয়া পাতে
বিয়ালৈ মোকেই নামাতে
এতিয়াহে বুজোঁ মই
এতিয়াহে বুজোঁ মই
মিছাতে মাতে ভিনদেউ বুলি (ই ই ই)…..

শহুৰৰে চোতালতে……..

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!