পেৰিছ অলিম্পিক ২০২৪ আৰু ভাৰতৰ প্ৰদৰ্শন
লেখক- দীপাঞ্জন কাশ্যপ
ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত ২৬ জুলাইৰপৰা ১১ আগষ্টলৈ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হয়। পূৰ্বতে ১৯০০ আৰু ১৯২৪ চনত দুবাৰকৈ অলিম্পিক আয়োজন কৰা পেৰিছে এইবাৰৰ অলিম্পিক আয়োজনেৰে লণ্ডনৰ পিছত দ্বিতীয়খন চহৰ হিচাপে তিনিবাৰকৈ অলিম্পিক আয়োজনৰ কৃতিত্ব লাভ কৰে। এইবাৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আছিল সুকীয়া তথা আকৰ্ষণীয়। সচৰাচৰ অলিম্পিকৰ মূল ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ বিপৰীতে এইবাৰ ফ্ৰান্সৰ বিখ্যাত ছেইন নদীৰ ওপৰত জাকজমকীয়া উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিভিন্ন যোগদানকাৰী দেশৰ খেলুৱৈক আটকধুনীয়া নাও আৰু সৰু জাহাজেৰে ছেইন নদীয়েদি শোভাযাত্ৰা কৰি অনা হৈছিল আৰু শোভাযাত্ৰাৰ অন্তত তেওঁলোক একত্ৰিত হৈছিল বিশ্ববিখ্যাত আইফেল টাৱাৰৰ সমীপত। তথ্য অনুসৰি ৮৫খন নাৱত প্ৰায় ৬,৮০০ খেলুৱৈ আৰু কৰ্মকতাক কঢ়িয়াই অনা হৈছিল। এনে অভিনৱ প্ৰচেষ্টাৰ বাবে ফ্ৰান্সে সমগ্ৰ বিশ্ববাসীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। আকৰ্ষণীয় আলোকসজ্জাৰ মাজতে লেডী গাগা, চেলিন ডিয়ন, আয়া নাকামুৰা আদিৰ দৰে জনপ্ৰিয় গায়কে অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সামগ্ৰিকভাৱে, আন্তঃগাঁথনি আৰু খেলুৱৈয়ে লাভ কৰা সা-সুবিধাৰ বাবে বিভিন্ন সংবাদ মাধ্যম, নিৰীক্ষক, আৰু ক্ৰীড়া বিশ্লেষকে পেৰিছ অলিম্পিকক সফল হিচাপে ঘোষণা কৰিছে।
২০২২ চনৰ ১৪ নৱেম্বৰত ‘ফ্ৰিজেছ’ক ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিক আৰু পেৰা-অলিম্পিকৰ ‘মাস্কট’ বা শুভংকৰ প্ৰতীক হিচাপে উন্মোচন কৰা হৈছিল। ‘ফ্ৰিজেছ’ হৈছে এযোৰ নৃগোষ্ঠীগত ফ্ৰিজিয়ান টুপী, যি হৈছে স্বাধীনতাৰ ঐতিহাসিক ফৰাচী প্ৰতীক। পেৰিছ অলিম্পিকৰ মূলমন্ত্ৰ আছিল ‘অকলে আমি বেছি বেগেৰে যাওঁ, কিন্তু একেলগে আমি বহু দূৰ আগুৱাই যাওঁ’। এইবাৰ অলিম্পিকত সৰ্বমুঠ ৩২বিধ খেলৰ ৩২৯টা ইভেণ্টৰ খেল অনুষ্ঠিত হয়। ২০১৬ চনৰ ৰিঅ’ আৰু ২০২০ চনৰ লণ্ডন অলিম্পিকত থকা ২৮বিধ প্ৰধান খেলৰ লগতে এইবাৰৰ অলিম্পিকত ব্ৰেকডান্সিং, স্কেটবৰ্ডিং, স্পৰ্ট ক্লাইম্বিং, আৰু ছাৰ্ফিং খেলক অন্তৰ্ভুক্ত কৰা হৈছিল। অলিম্পিকৰ ‘ছুপাৰ-পাৱাৰ’ হিচাপে খ্যাত আমেৰিকা যুক্তৰাষ্ট্ৰই ৫৯২ জন খেলুৱৈৰ সৰ্ববৃহৎ দল প্ৰেৰণ কৰাৰ বিপৰীতে ভাৰতৰ মুঠ খেলুৱৈৰ সংখ্যা আছিল ১১৭ জন। পেৰিছ অলিম্পিকত সৰ্বমুঠ ১০,৫০০ জন খেলুৱৈয়ে ১,০৪৪টা পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতৰ ক্ৰীড়া বিশেষজ্ঞ তথা ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছিল যে ভাৰতীয় দলটোৱে হয়তো এইবাৰ অলিম্পিকত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। বিগত লণ্ডন অলিম্পিকৰ সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰাৰ লগতে তাৰকা খেলুৱৈ পি ভি সিন্ধু, সাত্বিক সাইৰাজ ৰান্ কিৰেড্ডী আৰু চিৰাগ চেট্টী, মীৰাবাঈ চানু, লাভলীনা বৰগোহাঁই, নিখাট জাৰিন, অমিত পংঘল, ভিনেশ ফ’গাট, অংশু মালিক, চিফ্ট কৌৰ চাম্ৰা, মনু ভাকেৰ, ইলাভেনিল ভালাৰিভান, ঐশ্বৰ্যী প্ৰতাপ সিং টোমৰ, দীপিকা কুমাৰী, ধীৰাজ বম্মাদেৱাৰা, ভাৰতীয় হকী দল আদিৰপৰা ভাৰতীয় সমৰ্থকে পদক আশা কৰিছিল যদিও প্ৰকৃততে সেইটো হৈ নুঠিল। তুলনামূলকভাৱে দুৰ্বল প্ৰদৰ্শনেৰে মাত্ৰ এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতে পদক তালিকাৰ ৭১তম স্থানত অৱস্থান কৰিবলগা হয়।
অলিম্পিকত এইবাৰ ভাৰতৰ পদক প্ৰাপ্তিৰ যাত্ৰা আৰম্ভ হয় তৃতীয় দিনা, অৰ্থাৎ ২৮ জুলাইত। বাইছ বৰ্ষীয় শ্বুটাৰ মনু ভাকেৰে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰে। দুদিন পাছতে, অৰ্থাৎ ৩০ জুলাইত, মনুৱে আন এজন উদীয়মান শ্বুটাৰ সৰৱজ্যোৎ সিঙৰ সৈতে যুটি বান্ধি ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় ইভেণ্টত আন এটি ব্ৰঞ্জৰ পদক জয় কৰে আৰু ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰে। উল্লেখ্য যে ভাৰতে স্বাধীনতা লাভৰ পাছত একেখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈত পৰিণত হয় মনু। তদুপৰি সুশীল কুমাৰ আৰু পি ভি সিন্ধুৰ পিছত তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে দুটাকৈ অলিম্পিক পদক জয় কৰাৰ বিশেষ কৃতিত্বও অৰ্জন কৰে মনুৱে। ভাৰতে পেৰিছত তৃতীয়টো পদক লাভ কৰে শ্বুটাৰ বি স্বপ্নিল কুশালেৰ জৰিয়তে। অলিম্পিকৰ পূৰ্বে স্বপ্নিলৰ নাম বিশেষ চৰ্চিত নহ’লেও তেওঁ সৰ্বস্ব উজাৰি দি ৫০ মিটাৰ ৰাইফল-৩ পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰে। এই ইভেণ্টত শ্বুটাৰসকলে এটা ভৰিত ভৰ দি বহি, শুই, আৰু থিয় হৈ তিনিটাকৈ অৱস্থানত শ্বুটিং কৰিব লাগে কাৰণে ইয়াক শ্বুটিঙৰ অন্যতম কঠিন ইভেণ্ট বুলি গণ্য কৰা হয়।
কেইবাদিনৰো অপেক্ষাৰ অন্তত ৮ আগষ্টত ভাৰতবাসীক চতুৰ্থটো পদক উপহাৰ দিয়ে ভাৰতীয় হকী দলে। ব্ৰঞ্জৰ পদকৰ বাবে হোৱা উত্তেজনাপূৰ্ণ খেলত ভাৰতে স্পেইনক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক জয় কৰে। গোটেই প্ৰতিযোগিতাখনত ভাৰতীয় হকী দলে অতি উন্নত মানৰ খেল প্ৰদৰ্শন কৰে আৰু অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন আদিৰ দৰে শক্তিশালী প্ৰতিপক্ষক পৰাস্ত কৰিবলৈ সক্ষম হয়। দুৰ্ভাগ্যবশতঃ ছেমি ফাইনেলত তুমুল প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলত ভাৰত জাৰ্মানীৰ হাতত ২-৩ গ’লৰ ব্যৱধানত পৰাস্ত হয়। ভাৰতৰ হৈ গ’লৰক্ষক পি. আৰ. শ্ৰীজেশ, অধিনায়ক হৰমনপ্ৰীত সিং, অমিত ৰোহিদাস, হাৰ্ডিক সিং আদিয়ে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়ায়। এইবাৰ অলিম্পিকত ভাৰতৰ বাবে একমাত্ৰ ৰূপৰ পদকটো জয় কৰে তাৰকা জেভলিন থ্ৰ’ৱাৰ আৰু আমাৰ সকলোৰে পৰিচিত নীৰজ চোপ্ৰাই। ভাৰতীয় ক্ৰীড়াপ্ৰেমীয়ে বিগত অলিম্পিকৰ দৰে এইবাৰো নীৰজৰপৰা সোণৰ পদক আশা কৰিছিল যদিও পাকিস্তানৰ আৰ্শ্বাদ নাদিমে ৯২.৯৭ মিটাৰৰ বিশাল থ্ৰ’ দলিয়াই নীৰজৰপৰা সোণৰ পদক কাঢ়ি নিয়ে। জীৱনৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ থ্ৰ’ (৮৯.৪৫ মিটাৰ) দলিয়ায়ো নীৰজ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগা হয়। ভাৰতৰ হৈ পেৰিছ অলিম্পিকত শেষৰটো পদক জয় কৰে মল্লযুঁজাৰু অমন সেহৰাৱটে। মল্লযুঁজৰ পুৰুষৰ ৫৭ কেজি ফ্ৰীষ্টাইল শাখাত অমনে ব্ৰঞ্জৰ পদক জয় কৰে। উল্লেখ্য যে পেৰিছ অলিম্পিকলৈ নিৰ্বাচিত হোৱা ভাৰতীয় মল্লযুঁজাৰুসকলৰ ভিতৰত অমনেই একমাত্ৰ পুৰুষ খেলুৱৈ
অতি দুখৰ বতৰা যে কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে (জে.এছ.ডব্লিউ. স্পৰ্টছ, অলিম্পিক গ’ল্ড কুৱেষ্ট, ৰিলায়েন্স ফাউণ্ডেশ্যন, আদি) বিগত সময়ত খেলুৱৈসকলৰ সফলতাৰ বাবে আন্তঃগাঁথনি আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ পাছতো ভাৰতে এইবাৰ এটাও সোণৰ পদক জয় কৰিবলৈ সক্ষম নহ’ল। ভাৰতে ছটা পদক জয় কৰিলেও ক্ষণিকৰ বাবে আন কেইবাটাও পদক হেৰুৱাবলগা হয়, যিটো আছিল অত্যন্ত হতাশাজনক আৰু দুখজনক। অৰ্জুন বাবুটাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত, ধীৰাজ বম্মাদেৱাৰা আৰু অংকিতা ভকতে আৰ্চাৰীৰ মিক্সড দলীয় ইভেণ্টত, মনু ভাকেৰে মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলত, মহেশ্বৰী চৌহান আৰু অনন্তজিৎ সিং নাৰুকাই স্কীটৰ দলীয় ইভেণ্টত, আৰু লক্ষ্য সেনে পুৰুষ বেডমিণ্টনৰ একক শাখাত চতুৰ্থ স্থানত অভিযান সামৰিব লগা হয় আৰু ভাৰতৰ অধিক পদক জয়ৰ আশা নিৰ্বাপিত হয়। মল্লযুঁজাৰু ভিনেশ ফ’গাটে মহিলাৰ ৫০ কেজি ফ্ৰীষ্টাইল শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰি ভাৰতবাসীক সুখৰ বতৰা দিছিল। পিছে সেই সুখ বেছি সময় নিটিকিল। ফাইনেলৰদিনা পুৱা ওজন জোখাৰ সময়ত ভিনেশৰ ওজন নিৰ্ধাৰিত ওজনতকৈ ১০০ গ্ৰাম অধিক হোৱাত আয়োজকে তেওঁক অযোগ্য ঘোষণা কৰে আৰু ফলত ভাৰতে নিশ্চিত পদক হেৰুৱাবলগা হয়। ফাইনেললৈ উন্নীত হোৱাৰ সুবাদত ভিনেশক ৰূপৰ পদক প্ৰদান কৰিব লাগে বুলি ভাৰতীয় অলিম্পিক সংস্থাই Court of Arbitration for Sportত আৱেদন কৰিছিল যদিও ক’ৰ্টৰ ৰায়দান ভিনেশৰ বিপক্ষে যায়। তদুপৰি বক্সাৰ নিশান্ত দেৱে পুৰুষৰ ৭১ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত বিচাৰকৰ পক্ষপাতিত্বমূলক সিদ্ধান্তৰ বাবে পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়। পদক-প্ৰত্যাশী খেলুৱৈৰ তালিকাত আগস্থানত থকা সাত্বিক সাইৰাজ আৰু চিৰাগ, নিখাট, লাভলীনা, মীৰাবাঈ, সিন্ধু আদি ‘হেভিৱেট’ খেলুৱৈয়ে পদকৰপৰা দূৰতে অভিযান সামৰিবলগীয়া হোৱাটো আছিল প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ বাবে অপ্ৰত্যাশিত তথা দুখৰ খবৰ।
সকলো উৎকণ্ঠাৰ মাজতে সাউৎকৈ পেৰিছ অলিম্পিকৰ সমাপ্তি ঘটিল। কিন্তু পেৰিছ অলিম্পিকে ভাৰতৰ ক্ৰীড়াক্ষেত্ৰ আৰু খেলুৱৈসকলৰ কেইবাটাও ঋণাত্মক দিশ উদঙাই দিলে। কমনৱেলথ গেমছ, এছিয়ান গেমছ আদিত দপ্দপাই থাকিলেও অলিম্পিকত পদক জয় কৰিবলৈ সৰহসংখ্যক ভাৰতীয় খেলুৱৈ মানসিকভাৱে যে এতিয়াও শক্তিশালী নহয় সেই কথা জলজল-পটপটকৈ ওলাই পৰিল। ভাৰতীয় খেলুৱৈসকলৰ বাবে কাৰিকৰী প্ৰশিক্ষণৰ লগতে কঠোৰ মানসিক প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা নিশ্চিতভাৱে আছে। তদুপৰি সঠিক পৰিকল্পনাৰে তৃণমূল পৰ্যায়ৰপৰাই প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈক চিনাক্ত কৰি জলপানী সহিতে সঠিক স্থানত শ্ৰেষ্ঠতম প্ৰশিক্ষকৰ তত্ত্বাৱধানত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো দৰকাৰী। আন্তঃগাঁথনিৰ পূৰ্বতকৈ যথেষ্ট উন্নতি হৈছে যদিও গ্ৰাম্য তথা পিছপৰা অঞ্চলত কৰিবলগীয়া এতিয়াও যথেষ্টখিনি আছে। অলিম্পিকৰ নিচিনা বৃহৎ প্ৰতিযোগিতাত এথলেটিক্স, সাঁতোৰ আদি খেলবোৰত যথেষ্টসংখ্যক পদক থাকে আৰু এতিয়াও এই খেলবোৰত ভাৰতীয় খেলুৱৈ বিশ্বৰ আগশাৰীৰ ক্ৰীড়াবিদসকলতকৈ বহু দূৰৈত; অনাগত দিনত এই খেলুৱৈসকলৰ প্ৰদৰ্শন উন্নত কৰিবলৈ সঠিক ব্যৱস্থা লোৱাটো অত্যন্ত জৰুৰী। আশা কৰিম অনাগত দিনত ভাৰতীয় ক্ৰীড়াজগতত আশানুৰূপ পৰিৱৰ্তন আৰু উন্নতি হ’ব, যি লছ এঞ্জেলছ, ২০২৮ আৰু ব্ৰীছবেন, ২০৩২ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পোৱাত অৰিহণা যোগাব।