দেশৰ ক্ৰীড়া জগতত অসমৰ অৱদান

লেখক- দীপাঞ্জন কাশ্যপ

খেলৰ কথা ওলালেই উত্তেজনা অৱশ্যম্ভাৱী৷ এনেকুৱা হয়তো খুব কম মানুহহে ওলাব যাৰ কোনো খেলৰ প্ৰতি ৰাপ নাই আৰু খেলজগতৰ কোনো বিশেষ খেলুৱৈৰ প্ৰতি আকৰ্ষিত হোৱা নাই বা প্ৰেমত পৰা নাই৷ ‌ বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ কথা ওলালেই অলেখ বিখ্যাত খেলুৱৈৰ নাম নিমিষতে মনলৈ আহে৷ কোনো এক নিৰ্দিষ্ট সময়ত এচাম খেলুৱৈয়ে এনেকুৱা দুৰ্দান্ত প্ৰদৰ্শন কৰে যে তেওঁলোক কিম্বদন্তিত পৰিণত হয়৷ তেনে খেলুৱৈৰ তালিকাখন ইমানেই দীঘলীয়া যে নাম লৈ শেষ কৰিব নোৱাৰি৷ পেলে, মাৰাডোনা (ফুটবল), ডন‌ ব্ৰেডমেন, ভিভ ৰিচাৰ্ডছ (ক্ৰিকেট), কাৰ্ল লিৱিছ, চাৰ্গেই বুবকা, ওচেইন বল্ট (এথলেটিক্স), মাৰ্গাৰেট ক’ৰ্ট, মাৰ্টিনা নাভ্ৰাটিলোভা, ষ্টেফি গ্ৰাফ, ৰড লেভাৰ, ৰ’জাৰ ফেডাৰাৰ (টেনিছ), মাৰ্ক স্পিটজ, মাইকেল ফেল্পছ (সাঁতোৰ), মহম্মদ আলী (বক্সিং), গেৰী কাস্পৰ’ভ, ববী ফিচাৰ (দবা), পিটাৰ গেড, লীন ডান (টেবুল টেনিছ) আদি তেনে কিছু মহান খেলুৱৈৰ অন্যতম৷ ভাৰতীয় খেলুৱৈয়েও বিভিন্ন সময়ত দলীয় বা ব্যক্তিগত শাখাত ঐতিহাসিক প্ৰদৰ্শন কৰি দেশবাসীক গৰ্বিত কৰি আহিছে৷ কোনে বাৰু পাহৰিব পাৰিব হকীত ভাৰতৰ স্বৰ্ণিল অতীতৰ কথা! স্বাধীনতাৰ পিছৰে পৰা কি দমনীয় প্ৰদৰ্শন; অলিম্পিকত স্বৰ্ণ জয়ৰ ভাৰতীয় অভিলেখ আজি পৰ্যন্ত অক্ষত আছে৷ কাৰণো বাৰু মনলৈ নাহিব ধ্যানচাঁদ, বলবীৰ সিং আদি মহান খেলুৱৈৰ নাম! সুনীল গাভাস্কাৰ, কপিল দেৱ, শচীন তেণ্ডুলকাৰ (ক্ৰিকেট), বিশ্বনাথন আনন্দ (দবা), বাইচুং ভূটীয়া, আই এছ বিজয়ন (ফুটবল), লিয়েণ্ডাৰ পেজ, মহেশ ভূপতি (টেনিছ), মিল্‌খা সিং, কাৰ্ণাম মালেশ্বৰী, অঞ্জু ববী জৰ্জ, বিজেন্দৰ সিং, নীৰজ চোপ্ৰা (এথলেটিক্স) আদি খেলুৱৈয়ে ভাৰতৰ কোটি কোটি জনগণক কিমান বাৰ গৰ্বিত হোৱাৰ সুযোগ দিলে আমি হিচাপ ৰাখিছোনে? মনত নথকাটোৱে স্বাভাৱিক৷ বিভিন্ন প্ৰতিযোগিতাত তেওঁলোকে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আমাক অনেকবাৰ গৰ্বিত হোৱাৰ সুযোগ প্ৰদান কৰিছে৷ কোনো এক বিশেষ খেলত কোনজন বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি বিভিন্ন সময়ত বিভিন্ন জনে প্ৰশ্নৰ অৱতাৰণা কৰে৷ কিন্তু প্ৰায় সৰহ সংখ্যক খেলতেই শ্ৰেষ্ঠ খেলুৱৈ এজন বাছনি কৰাটো অত্যন্ত দুৰূহ কাম৷ কিয়নো বিভিন্ন দশকৰ সা-সুবিধা, প্ৰতিদ্বন্দ্বী খেলুৱৈ তথা অন্যান্য আনুষংগিক কথাবোৰ যুক্তিসহকাৰে গ্ৰহণ কৰিলে কোনেও এজন নিৰ্দিষ্ট খেলুৱৈক বিশ্বশ্ৰেষ্ঠ বুলি ঘোষণা কৰাটো সহজসাধ্য নহয় অথবা গ্ৰহণযোগ্য নহ’বও পাৰে৷ তদুপৰি বিভিন্ন জনৰ দৃষ্টিত শ্ৰেষ্ঠ খেলুৱৈৰ নিৰ্বাচনো পৃথক৷
অসমৰ খেলুৱৈৰ বাৰু বিশ্ব আৰু ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত অৱদান কেনেকুৱা? – কথাটো নিশ্চিতভাৱে আলোচনা কৰি চোৱাৰ থল আছে৷ সামগ্ৰিকভাৱে চাবলৈ গ’লে ভাৰতৰ আগশাৰীৰ ৰাজ্য হাৰিয়ানা, মহাৰাষ্ট্ৰ, পঞ্জাৱ, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ, ‌ অবিভক্ত অন্ধ্ৰ প্ৰদেশ আদিৰ তুলনাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যৰ নাম উজলাই তোলা খেলুৱৈৰ সংখ্যা যথেষ্ট সীমিত৷ অৱশ্যে এইটোও কোৱাটো নিষ্প্ৰয়োজন যে পূৰ্বতে আন্তঃগাঁথনি আৰু ৰাজ্যৰ সামগ্ৰিক পৰিৱেশ ক্ৰীড়াক্ষেত্ৰৰ অনুকূল নাছিল৷ তাৰে মাজতে ভালে সংখ্যক খেলুৱৈয়ে নিজৰ কষ্ট আৰু একাণপতীয়া সাধনাৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ লগতে ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছিল৷ পূৰ্বৰ তুলনাত যোৱা প্ৰায় এক দশক ধৰি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত যথেষ্ট ইতিবাচক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ নিঃসন্দেহে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা খেলুৱৈৰ সংখ্যাও বৃদ্ধি পাইছে৷
আমাৰ ৰাজ্যৰ যিসকল খেলুৱৈয়ে নিজৰ অধ্যৱসায়েৰে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছে তেওঁলোকৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব টালিমেৰণ আওৰ৷ অবিভক্ত অসমৰ নগা পাহাৰৰ চাংকি গাঁৱত (বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত) ১৯১৮ চনত জন্মলাভ কৰা আওে ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰিছিল৷ স্বাধীনতাৰ পিছত ভাৰতে প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰা ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল আও৷ লগতে তেওঁ ভাৰতীয় দলৰ পতাকা বহন কৰিছিল৷ তেওঁ অসমৰ অতিকে পুৰণি মহাৰাণা ক্লাবৰ হৈ খেলাৰ উপৰি বিখ্যাত মোহন বাগান দলৰ অধিনায়কৰ দায়িত্বও পালন কৰিছিল৷ ২০০২ চনত মোহন বাগানে তেওঁৰ নামত ‘‘মোহন বাগান ৰত্ন’’ বঁটা প্ৰৱৰ্তন কৰি আৰু আজীৱন সদস্য পদ প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰে৷ পৰৱৰ্তী সময়ত গিলবাৰ্টচন চাংমা, বাবুল ফুকন আদিৰ দৰে বিখ্যাত খেলুৱৈয়ে অসমৰ ফুটবলৰ মান বহুখিনি ওপৰলৈ নিবলৈ সক্ষম হৈছিল৷ চাংমাই চাকৰিসূত্ৰে অসম পুলিচ ফুটবল দলৰ নিয়মীয়া সদস্য হোৱাৰ উপৰি অসমৰ হৈ যথেষ্ট সংখ্যক খেলত অৱতীৰ্ণ হৈছিল৷ চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ সাতবাৰকৈ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ অসম ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্বতো আছিল৷ তেওঁ অসম পুলিচ দলৰ হৈ বৰদলৈ ট্ৰফী, এ টি পি এ শ্বিল্ড, কেপ্টেইন এন এম গুপ্তা ট্ৰফী আদিৰ লগতে অসম দলক প্ৰতিনিধিত্ব কৰি ১৯৮১ চনৰ সন্তোষ ট্ৰফী জয় কৰিছিল৷ ২০১৩ চনত ইণ্ডিয়ান চুপাৰ লীগ (আই.এছ.এল.)ৰ আৰম্ভণিৰ পিছত ভাৰতীয় ফুটবলৰ মানচিত্ৰ যথেষ্ট সলনি হয়৷ দুৰ্গা বড়ো, এলেন দেউৰী, হৰিচৰণ নাৰ্জাৰী, প্ৰজ্ঞান গগৈ, পাৰ্থিৱ গগৈ, প্ৰজ্ঞান মেধি আদি খেলুৱৈয়ে আই.এছ.এল.ত খেলাৰ সুযোগ লাভ কৰে৷ ইয়াৰ ভিতৰত হৰিচৰণ নাৰ্জাৰীয়ে ভাৰতীয় ফুটবল দলৰ হৈয়ো সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ মহিলা ফুটবলত অপূৰ্ণা নাৰ্জাৰীয়ে ভাৰতীয় দলক নেতৃত্ব দিয়াৰ উপৰি গ’ল কৰিবলৈও সক্ষম হৈছে৷
অসমৰ ক্ৰীড়াক্ষেত্ৰৰ কথা আলোচনা কৰিলে পুলিন দাসৰ নাম ল’বই লাগিব৷ অসমৰ ক্ৰীড়াক্ষেত্ৰত তেওঁ অতি সন্মানীয় ব্যক্তি আছিল৷ ১৯৪৮ চনত প্ৰথমবাৰলৈ ৰঞ্জি ট্ৰফী খেলা অসম ৰাজ্যিক দলৰ তেওঁ সদস্য আছিল৷ পিছলৈ তেওঁ অসম ক্ৰিকেট সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক হৈছিল৷ ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া সাংবাদিক হিচাপেও তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ অসমত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত কৰা প্ৰথমখন ষ্টেডিয়াম নেহৰু ষ্টেডিয়াম নিৰ্মাণৰ সময়তো তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল৷ পৰৱৰ্তী সময়ত অসমৰ যিকেইজন ক্ৰিকেট খেলুৱৈয়ে বিভিন্ন সময়ত ক্ৰীড়া বিশ্লেষক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তাৰ ভিতৰত ৰাজেশ বৰা, গৌতম দত্ত, জাৱেদ জামান, নিশান্ত বৰদলৈ, শুভ্ৰজিত শইকীয়া, আবু নেছিম আহমেদ আদি অন্যতম৷ আবু নেছিমে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (আই.পি.এল.) আৰু চেম্পিয়নছ লীগ টুৱেণ্টী-২০ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ দৰে আগশাৰীৰ দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল৷ আই.পি.এল.ৰ লগতে অনুৰ্ধ্ব-১৯ ভাৰতীয় দলকো নেছিমে প্ৰতিনিধিত্ব কৰিছিল৷ বিগত কেই বছৰমানৰ পৰা ৰিয়ান পৰাগে ক্ৰীড়া বিশেষজ্ঞ তথা অনুৰাগীৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছে৷ ৰিয়ানক অসমৰ জনগণৰ আগত নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই৷ আই.পি.এল.ত ৰাজস্থান ৰয়েলছ দলৰ হৈ ৰিয়ানে ইতিমধ্যে পঞ্চাছতকৈও অধিক খেল খেলাৰ অভিজ্ঞতাৰে পুষ্ট৷ তদুপৰি সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে আই.পি.এল.ৰ অৰ্ধ শতক অৰ্জনৰ অভিলেখ ৰিয়ানৰ নামতে আছে৷ সদ্যসমাপ্ত চৈয়দ মুস্তাক আলী ট্ৰফী আৰু দেওধৰ ট্ৰফীত ৰিয়ানে দুৰ্দান্ত প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ একেদৰে মহিলা ক্ৰিকেটত জিণ্টিমণি কলিতা আৰু উমা চেত্ৰীৰ নাম ল’বই লাগিব৷ জিণ্টিমণি কলিতা বৰ্তমানলৈ মহিলা আই.পি.এল. দলত অৰ্ন্তভুক্ত হোৱা অসমৰ একমাত্ৰ খেলুৱৈ৷ তদুপৰি ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা উমা চেত্ৰী অসমৰ একমাত্ৰ ক্ৰিকেট খেলুৱৈ৷ ২৩ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য হিচাপে উমাই স্বৰ্ণ পদকো জয় কৰিবলৈ সক্ষম হৈছিল৷
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নাম নোলোৱাকৈ অসমৰ ক্ৰীড়া ক্ষেত্ৰ অসম্পূৰ্ণ৷ ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাৰ উপৰি প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰিছিল৷ এছিয়ান গেমছত সোণৰ পদক জয় কৰা তেওঁ প্ৰথমজন অসমীয়া৷ সেই বছৰে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় আৰু এই বঁটা জয় কৰা প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰে৷ অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত তেখেতৰ জন্মদিনটো ‘অভীৰুচি ক্ৰীড়া দিৱস’ হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে৷ একেদৰে মহিলা শাখাত তৈয়বুন নিচাই ডিছকাছ থ্ৰ’ত ১৯৭৪ চনত ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী হোৱাৰ লগতে অনেক আগশাৰীৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পাবলৈ সক্ষম হৈছিল৷ ২০১৮ চনত অনুৰ্ধ্ব-২০ বিশ্ব চেম্পিয়নশ্বিপত ৪০০ মিটাৰত সোণৰ পদক জয় কৰি হিমা দাসে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ নিজৰ সুন্দৰ ফৰ্ম অটুট ৰাখি জাকাৰ্টা এছিয়ান গেমছত মহিলা ৪০০ মিটাৰ ৰিলে আৰু মিক্সড ৪০০ মিটাৰ ৰিলেত সোণৰ পদক জয় কৰাৰ উপৰি ৪০০ মিটাৰ একক শাখাত হিমাই ৰূপৰ পদক জয় কৰিছিল৷ খেলুৱৈ জীৱনৰ সুন্দৰ আৰম্ভণি ঘটালেও বৰ্তমান হিমাই আঘাতজনিত সমস্যাৰে যুঁজি আছে৷ তৎসত্ত্বেও ৪০০ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ হিমাৰ নামতেই অক্ষত আছে৷ হিমা অৰ্জুন বঁটা জয় কৰা অসমৰ পঞ্চম গৰাকী খেলুৱৈ৷ পুৰুষৰ ১০০ আৰু ২০০ মিটাৰত অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় অভিলেখধাৰী৷ সদ্যসমাপ্ত হাংঝৌ এছিয়ান গেমছতো অম্লানে যোগদান কৰিছিল৷
সাঁতোৰত মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰীষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ ১৯৯৩ চনত হংকঙত অনুষ্ঠিত সপ্তম এছিয়া পেচিফিক চেম্পিয়নশ্বিপত মিঠু বৰুৱাই ভাৰতৰ হৈ দুটা সোণৰ, দুটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ এলভিছ আলী হাজৰিকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক পদক লাভ কৰা আন এগৰাকী বিখ্যাত খেলুৱৈ৷ বিগত কিছু বছৰ ধৰি এলভিছে ‘চেনেল চুইমাৰ’ হিচাপে বিশেষ স্বীকৃতি লাভ কৰিছে৷ তেওঁ ইতিমধ্যে ইংলিচ চেনেল, কাটালিনা চেনেল আদি সাঁতুৰি বিশেষ সাফল্য লাভ কৰিছে৷ বৰ্তমান সময়ত শিৱাংগী শৰ্মা, আস্থা চৌধুৰী আৰু বিক্ৰম চাংমায়ে সাঁতোৰত যথেষ্ট সম্ভাৱনা দেখুৱাইছে৷ তিনিওজন সাঁতোৰবিদে সদ্য সমাপ্ত গোৱা নেচনেল গেমছতো পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ শিৱাংগী শৰ্মাই অলিম্পিয়ান মান্না পেটেলকে আদি কৰি দেশৰ আগশাৰীৰ সাঁতোৰবিদক বিগত দুই-তিনি বছৰত একাধিকবাৰ পৰাস্ত কৰিছে৷
বেডমিণ্টনত দীপাংকৰ ভট্টাচাৰ্য্যৰ দৰে অলিম্পিয়ান আমাৰ ৰাজ্যৰ পৰা ওলাইছে৷ দীপাংকৰ বেডমিণ্টনৰ একক শাখাত তিনিবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু দুবাৰৰ ৰাণাৰ্ছ আপ৷ বৰ্তমান ভাৰতীয় বেডমিণ্টনৰ আগশাৰীৰ প্ৰশিক্ষক পুলেলা গোপীচান্দ‌ সহিতে সেই সময়ৰ দেশৰ আন শীৰ্ষ বাছনিপ্ৰাপ্ত খেলুৱৈসকল দীপাংকৰৰ হাতত ধৰাশায়ী হৈছিল৷ তদুপৰি ১৯৯২ চনৰ বাৰ্চিলোনা আৰু ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত দীপাংকৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ কৃষ্ণা ডেকাৰজায়ো কম সময়ৰ বাবে হ’লেও যথেষ্ট সম্ভাৱনা দেখুৱাইছিল৷ আনকি বিশ্ব বেডমিণ্টনৰ অন্যতম শীৰ্ষ খেলুৱৈ ছাইনা নেহৱাল কৃষ্ণাৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল৷ বৰ্তমান অস্মিতা চলিহাই বেডমিণ্টনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি আছে৷ ক’বলৈ গ’লে ছাইনা আৰু সিন্ধুৰ পিছতে অস্মিতা ভাৰতৰ তৃতীয় স্থান প্ৰাপ্ত খেলুৱৈ আৰু বিগত প্ৰায় দুবছৰ ধৰি বিশ্ব ৰেংকিঙত পঞ্চাছৰ আশে-পাশে তেওঁ অৱস্থান কৰি আছে৷
টেবুল টেনিছত মনালিছা বৰুৱাই ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছিল৷ মনালিছা ৰাষ্ট্ৰীয় টেবুল টেনিছ প্ৰতিযোগিতাৰ চাব-জুনিয়ৰ ছোৱালী বিভাগত প্ৰথম ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু চাব-জুনিয়ৰ ছোৱালী, ছোৱালী, আৰু মহিলাৰ ছিংগলছৰ ৰাষ্ট্ৰীয় খিতাপ বিজয়ী প্ৰথমগৰাকী খেলুৱৈ৷ ১৯৮৭ চনত দ্বিতীয় গৰাকী অসমীয়া খেলুৱৈ হিচাপে মনালিছাই অৰ্জুন বঁটা লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত অনল কাশ্যপেও ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল আৰু দলীয় আৰু ব্যক্তিগত শাখাত এটাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল (তাৰে এটা সদ্যসমাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়াত জয় কৰা)৷
আৰ্চাৰী বৰ্তমান দেশজুৰি জনপ্ৰিয় হ’লেও প্ৰায় ডেৰ-দুই দশক পূৰ্বে খেলবিধ সাধাৰণ মানুহৰ মাজলৈ ইমান সহজতে সোমাব পৰা নাছিল৷ তেনে সময়তে জয়ন্ত তালুকদাৰে আৰ্চাৰী ৰিকাৰ্ভৰ ব্যক্তিগত তথা দলীয় শাখাত ৰাষ্ট্ৰীয় ক্ৰীড়া, এছিয়ান গেমছ, বিশ্ব কাপ আৰু বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক জয় কৰিবলৈ সক্ষম হৈছিল৷ সমসাময়িক বহু খেলুৱৈয়ে অৱসৰ ল’লেও জয়ন্তই বৰ্তমানেও খেলা অব্যাহত ৰাখিছে৷ জয়ন্ত তালুকদাৰে তৃতীয় গৰাকী অসমীয়া হিচাপে অৰ্জুন বঁটা লাভ কৰিছিল৷ বৰ্তমান হিমানী বড়ো, টুটুমণি বড়ো আদি খেলুৱৈয়ে যথেষ্ট সম্ভাৱনা দেখুৱাইছে৷
বক্সিঙৰ ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলে কল্পনা চৌধুৰী, প্ৰণামিকা বৰা আদি খেলুৱৈক বাটকটীয়া বুলিব পাৰি৷ তেওঁলোকে সীমিত সুবিধাৰেই ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পদক পৰ্যন্ত আজুৰি আনিবলৈ সক্ষম হৈছিল৷ শিৱ থাপাই ২০১২ চনত সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ হিচাপে লণ্ডন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল৷ একেদৰে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰিছিল যদিও অপ্ৰত্যাশিত পৰাজয়েৰে অনুৰাগীক নিৰাশ কৰে৷ ২০১৭ চনত চতুৰ্থ গৰাকী অসমীয়া হিচাপে শিৱই অৰ্জুন বঁটা লাভ কৰে৷ শিৱই বিশ্ব বক্সিং চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপ, আৰু এছিয়ান গেমছকে আদি কৰি বহুতো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰি গৌৰৱ কঢ়িয়াই আনিছে৷ লাভলীনা বৰগোহাঁইৰ কথা দুনাই কোৱাৰ প্ৰয়োজন নাই৷ লাভলীনা হৈছে অলিম্পিকত পদক জয় কৰা প্ৰথম গৰাকী আৰু অৰ্জুন বঁটা বিজয়ী ষষ্ঠ গৰাকী অসমীয়া খেলুৱৈ৷ অলিম্পিকৰ উপৰি এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান চেম্পিয়নশ্বিপতো পদক জয় কৰি লাভলীনাই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰাবলৈ সক্ষম হৈছে৷
২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত লন বলত সোণৰ পদক জয় কৰি নয়নমণি শইকীয়া ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয়৷ একে বছৰতে সপ্তম তথা বৰ্তমানলৈ অন্তিম গৰাকী অসমীয়া হিচাপে নয়নমণিয়ে অৰ্জুন বঁটা লাভ কৰে৷ এছিয়ান লন বল চেম্পিয়নশ্বিপত তেওঁ বৰ্তমানলৈ তিনিটাকৈ পদক জয় কৰিবলৈ সক্ষম হৈছে৷ সদ্যসমাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়াতো তেওঁ পদক জয় কৰিছে৷
ওপৰত উল্লিখিত খেলুৱৈসকলেই যে অসমৰ ক্ৰীড়াজগত জিলিকাই তুলিছে তেনে নহয়৷ আন বহুতো খেলুৱৈয়েও বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে পদক বুটলিবলৈ সক্ষম হৈছে৷ শ্বুটিঙত বিগত চাৰি-পাঁচ বছৰত হৃদয় হাজৰিকাই জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত একাধিক পদক জয় কৰিবলৈ সক্ষম হৈছে৷ প্ৰিয়া দেৱীয়ে হাংঝৌ এছিয়ান গেমছত ভাৰতীয় চেপাক টাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিছিল৷ বৰ্তমান অসমত খেলৰ পৰিৱেশ পূৰ্বতকৈ যথেষ্ট সলনি হৈছে৷ আন্তঃগাঁথনিৰ লগতে অন্যান্য সা-সুবিধাৰ আমূল পৰিৱৰ্তন ঘটিছে৷ চৰকাৰেও ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ ফলত ৰাজ্যৰ খেলজগতত নতুন সম্ভাৱনা সৃষ্টি হোৱাৰ বাট মুকলি হৈছে৷ আশা কৰিম ভৱিষ্যতে অসমৰ অনেক খেলুৱৈয়ে ভাৰত তথা বিশ্বৰ মানচিত্ৰত নিজৰ শক্তিশালী উপস্থিতিৰ উমান দিবলৈ সক্ষম হ’ব৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!