প্রেমত নুফুলিল শতদল, প্রেমত নুঘুৰিল ভূ-মণ্ডল… (মনজিৎ)


সোমবাৰে তুমি দেখা দিলা
এড এজ এ ফ্রেন্ড হৈ
তোমাক দেখি বুকুৱেদি শিৰ শিৰাই
পীৰিতিৰ সোৱণশিৰী গ’ল বৈ ।।

মংগলবাৰে মংগল হ’ব ভাবি
পঠালো ফ্রেন্দ ৰিকুৱেষ্ট
দুৰু দুৰু বুকুত তোমাৰ ছবিকে
কৰি লৈ কপি পেষ্ট ।।

বুধবাৰে তুমি মাউচ ক্লিকক সদয় কৰি
মোৰ অনুৰোধ একচেপ্ট কৰিলা
আলফুলে আহি মোৰ ফ্রেন্দলিষ্টৰ
ফ্রী মেম্বাৰচীপ লৈ ইচপিচিয়েল হৈ পৰিলা ।।

বৃহস্পতি বাৰে চুপতি মাৰাৰ অশাৰে
তোমাক ইষ্টাইলত “ হাই “ বুলি ক’লো
অপেক্ষাৰ অন্তহীন আমেজসনা আৱেগেৰে
তোমাৰ ৰিপ্লাইলৈ বাট চাই ৰ’লো ।।

শুকুৰে বুকুৰ ধপধপনিতে পাৰ কৰিলে
দিনটোৰ প্রতিটো পল অনুপল
মোৰ ‘হাই’ তোক ‘হায় হায়’ বুলি ভাবিলা চাগৈ
সেয়ে নেপালো ৰিপ্লাইঅৰ মিঠা ফল ।।

শনিৰ পুৱা টানি ধৰা চকু মোহাৰি দেখোঁ
মেচেজবক্সত ৰঙা গোলাপ হেন নটিফিকেছন
খুলি চাই তোমাৰ ডালিমগুটীয়া আখৰ দেখি
থৌকি বাথৌ উলাহত মতলীয়া মোৰ মফচলীয়া মন ।।

দেওবাৰে বন্ধ লৈ ৰঙচুৱা ৰিপ্লাইক চেলিব্রেট কৰিবলে
খুলিলোঁ ৰঙীণ বটল আৰু ভাজিলোঁ হাঁহ কোমোৰা
পিছে পিছদিনা তোমাৰ টাইম লাইনত পাক মাৰোতে দেখিলো
ইন এন ৰিলেচনশ্বিপ উইট চাটৌপ চন্দ্র সৌকাধৰা ।।

(দিল ৱহী বেঠ গেয়া
বন্ধ নে ফিৰ সে ধৌকা দিয়া ।)

এনেকৈয়ে প্রতিবাৰে ট্রেইলৰ দেখায়েই
খতম হয় মোৰ প্রেমৰ প্রতিখন বোলছবি
আধৰুৱা প্রেমৰ বাকী ডোখৰ বিচাৰোঁতে বিচাৰোঁতে হৈ ৰ’লো আজিও
বিষাদৰ বেদনাত শেঁতা পৰি যোৱা বিৰহী বৰলা কবি ।।

সপ্তাহ যোৰা চেষ্টাৰ পিছতো
থাকিলোঁ হৈ তৃষ্ণাতুৰ নাপালোঁ এটুপি জল
এইবাৰো প্রেমতো নুফুলিল শতদল
চাল্লা এইবাৰো প্রেমত নুঘুৰিল ভূ-মণ্ডল… ।। “

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!