প্ৰেমৰ স্নেপশ্বট আৰু চিগাৰেটৰ পেকেটত কবিতা (সিদ্ধাৰ্থ শৰ্মা)

প্ৰেমৰ স্নেপশ্বট আৰু চিগাৰেটৰ পেকেটত কবিতা

ওৰেটো ৰাতি মদকে খালোঁ

অলপো নিচা নধৰিল

তোৰ প্ৰফাইল পিকচাৰখন দেখিলোঁ

প্ৰেমত মই মাতাল হ’লোঁ।

 

এচেৰেঙা পোহৰে কি জগৰ লগালে?

গালদুখন গুলপীয়া হ’ল

আঁতৰাই দে বৈ অহা চুলিবোৰ

লাজত মুখখন আৰু ধুনীয়া হ’ল।

 

ৰৈ আছোঁনে গৈ আছোঁ

নিবনুৱাৰ জোতাৰ নাই ভৱিষ্যত

এই সময় যেন তোৰ আশ্ৰয়

হামখুৰি খাই পৰে জীৱনযুঁজত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!