প্ৰেম (নিবেদিতা হাজৰিকা )
প্ৰেম
-নিবেদিতা হাজৰিকা
তুমি মোৰ আকাশৰ জোন হৈয়ে থাকা
তোমাৰ হৃদয়খন চুই চাবলে
নহয় প্ৰয়োজন মোক, এটি বিশেষ দিনৰ
মন গ’লেই তোমাৰ জোনাকৰ বৰষুণত তিতিম
মন গ’লেই সুবাসিত হ’ম তোমাৰ উশাহৰ সুগন্ধিৰে
কি যে এক ভাললগা সময়
মোৰ শূণ্যতাবোৰ ভৰাই তোলা তোমাৰ সেই
শব্দৰ মুকুতামালা
অনুভূতিৰ স্তৰে স্তৰে বাজি আছে এতিয়াও
তোমাৰ মোৰ হৃদয়ৰ চিৰসেউজ সমলয়
এতিয়াও তোমাৰ বুকুৰ দুখবোৰে
ৰাতি গাৰুত মুখ গুজি কান্দিলে
মোৰ হৃদয়েৰে বিষাদবোৰ নৈ হৈ বয়
তুমি হাঁহিলে মোৰ পদুলিত
সোণাৰুৰ হালধীয়াবোৰে ব্যাকুল হৈ গায়
জীৱ্নৰ গান
সন্ধিয়াবোৰে আঁতৰাই থয় দুখৰ ছেলেং
তোমাৰ সান্নিধ্যত ৰাতিবোৰে উন্মোচন কৰে
মোৰ মনৰ দুৱাৰ
স্বপ্নবোৰ বিভোৰ হয় পূৰ্ণ জোনৰ বৈভৱত
আৰু
পুৱাবোৰে স্মৃতিৰ পিৰালিত বহি গুণ গুণাই থাকে
প্ৰেমৰ এটি গীত ।