প্ৰেম নৈ (ৰিদিপ কুমাৰ নাথ)
গৈ গৈ ৰৈ
য’ত পাম এখনি চিলা
নীলা
চিঙে যদি সূতা
যোৰা লগাই দিবাবৈ বৈ নৈ
ভটিয়াই গৈ
শুকান হ’লে নীলা
এৰি থৈ যঁতৰ
আঁচল পাৰি দিবাকৈ কৈ কৈ
হিয়া ঢালি লৈ
য’ত থাকিব নিদ্ৰা
মৰম সানি লৈ
প্ৰেম উপচাই দিবাবৈ গৈ ৰৈ
থাকে যদি শেলুৱৈ
নাথাকিলে চৈ
দিবা মাথো কৈ
অশ্ৰুকণা দিবা
নীলা এচামুচ ল’বাথাকিম আমি গৈ
নৈ হৈ বৈ