প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ- (ড. লোচন শইকীয়া)

মৰম কাক নালাগে? মৰম মোক নালাগে৷ পাইছেনে নালাগে বুলি কোনোবাই কৈ? মৰমৰে বোলে জগত জিনিব পাৰি৷ মৰম, চেনেহ, প্ৰেম, ভালপোৱা যি নামেৰেই নামাতক, নোবোলক এটা সৰু প্ৰশ্ন সুধো৷ আমি প্ৰেম ভালপোৱা এইবোৰ বুজাবলৈ কলিজাৰ ছবিতো কিয় ব্যৱহাৰ কৰোঁ? প্ৰেমত পৰিছে বুজাবলৈ তেজৰঙা হৃদয়ৰ মাজেদি এপাত কাড় সোমাই পাৰ হৈ যোৱা ছবি৷ অৱশ্যেই তেজবিহীন৷ এইয়াতো আৰম্ভণিহে৷ ব্যথিত প্ৰেমৰ ছবিখন কিন্তু এটা তেজ ওলোৱা ভগ্ন হৃদয়ৰ ছবি৷ কোনোবা বিৰহী কবিয়ে স্বপ্ন ভাঙিলে, কলিজাই ভঙা হেন শব্দ শুনা পায়৷

কলিজাই তেজৰ চলাচল নিয়ন্ত্ৰণ কৰি ৰাখে৷ ঠিক যেনেকৈ মানুহে আমৰ কথা বুজিবৰ বাবে চিন্তাৰ প্ৰয়োজন৷ লেঠা সেইখিনিতেই৷ এতিয়া কথা হল, আমি চিন্তা মগজুৰে কৰোঁ নে কলিজাৰে কৰোঁ? নিসন্দেহে চিন্তা মগজুৰ দ্বাৰাহে কৰিব পাৰে৷ বহুতে আকৌ আবেগৰ বশৱৰ্ত্তী হৈ মগজুৰে চিন্তা নকৰি অন্তৰৰ ভিতৰৰ কোনোবা এখিনিৰ পৰা চিন্তা কৰে৷ মগজু শৰীৰৰ মূৰভাগত সুৰক্ষিত অৱস্থাত অৱস্থিত৷ মগজুলৈ তেজৰ লগতে অম্লজান যোগান বন্ধ হলেই মগজুৰ কাম শেষ৷ স্বাস্থ্য বিজ্ঞানে কয়, মগজুৰ কোষবোৰ তেজবিহীন অৱস্থাত খুউব কম সময়ৰ বাবেহে জীয়াই থাকে৷ তেজেই শৰীৰৰ সকলো অঙ্গক প্ৰয়োজনীয় কামবোৰ নিয়ন্ত্ৰণ কৰাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰি আছে৷ সেয়েহে তেজ দান মানেই জীৱন দান৷
এই খন মৰততে কোৱা হয়, প্ৰেম হেনো স্বৰ্গীয়৷ কল্পনা কৰি লোৱা সৰগ এখন আছে নে নাই মই হলে কব নোৱাৰিম দেই৷ সেই কাৰণে মোক বেয়া পালে নহব দেই৷ প্ৰেমে মানুহৰ মন-প্ৰাণ একাকাৰ কৰি পেলায়৷ প্ৰেমৰ পিচতেই জগত বিভোৰ৷ প্ৰেমে অমানুহকো মানুহ কৰিব পাৰে৷ প্ৰেমে মানুহক আকৌ অমানুহো কৰিব পাৰে৷ ৰোমাণ্টিক প্ৰেম যেনেকৈ মায়াপী, তেনেকৈ বুজিব নোৱাৰাকৈও জটিল৷ কতই যে প্ৰেমত পৰি হাবুডুবু খাইছে, তাৰ হিচাবেই নাই৷ কিমান বিৰহী প্ৰেমিকে এই জগতেই ত্যাগ কৰিছে কোনে এইবোৰ খবৰ ৰাখিছে! প্ৰেম হেনো অমৰ৷ অমৰ যদি হয়েই প্ৰেমত আকৌ বিৰহ কিয়?
প্ৰেমৰো ঢেৰ ভাগ, বিভিন্ন নাম৷ পেনপেনীয়া প্ৰেম, শালিকা প্ৰেম, মাতৃ প্ৰেম, পিতৃপ্ৰেম, ভাতৃপ্ৰেম, ভগ্নীপ্ৰেম, বন্ধুপ্ৰেম, বান্ধবীপ্ৰেম, সামাজিক ভাবে স্বীকৃত প্ৰেম, অবৈধ প্ৰেম ইত্যাদি ইত্যাদি৷ প্ৰেমক যি নামেৰেই নামাতক প্ৰেমপ বহু ৰূপ৷
‘প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ …….ঘৰতে আছিলে প্ৰেম৷ ’ আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বৰ্গীয় ভূপেন হাজৰিকাই সুৰ দি গীতেই গাই গৈছে৷ কবি, গীতিকাৰ সকলেও ৰোমাণ্টিক প্ৰেমৰ গাঁথা কিমান যে গুঠিছে তাৰ হিচাব কোনে ৰাখিছে! প্ৰেম সঁচাকৈয়ে বৰ্ণনাই শেষ কৰিব নোৱাৰি৷ মানুহৰ ইতিহাসত লিখা যিমানবোৰ মহাগ্ৰন্থ আছে, সকলোতে প্ৰেমৰ গুণ-গান৷ পৃথিবীৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰেমক লৈ মানুহ মাত্ৰেই মছগুল৷ মনোবিজ্ঞানৰ গুৰু সকলেও প্ৰেমক লৈ বহু পৰীক্ষা-নিৰীক্ষা কৰিছে, তথ্য আগবঢ়াইছে৷ মানুহে কেনেকৈ, কিয় প্ৰেম বিচাৰি হাবাথুৰী খায় সেইবোৰৰ ওপৰত আলোকপাত কৰিছে৷ চৈধ্য ফেব্ৰুৱাৰীৰ দিনতোৰ কথা মই একো নকলেও ৰাইজে জানেই৷ হিয়াৰ ভিতৰৰ কোনোবা এখিনিত কিছুমানৰ উখল-মাখল পৰিবেশ৷
প্ৰেমৰ সম্পৰ্কত ইজন সিজনৰ ওচৰ চাপি যোৱা, আত্মিক(! ) মিলন, ভুলবুজাবুজি, ভাঙোন, বিচ্ছেদ এইবোৰ ঘটি আছে, ঘটিয়েই থাকিব৷ ভালপোৱাজনক মন-শৰীৰ দুয়োটাৰে হেৰুৱা বা বিশ্বাসঘাটকতাৰ পৰিণতিত হিয়া ভঙা নিতৌ ঘটিছে, ঘটিছিল, ঘটিবও৷ গবেষণালব্দ্ধ প্ৰমাণে দেখুৱাইছে প্ৰেমে গভীৰভাৱে মানসিক জগতখনক সাঙুৰি বেদনাদায়ক, হিয়াভঙা, ধ্বংসাৱশেষ পৰ্য্যায়লৈ নিব পাৰে৷ এইয়াইতো Broken heart syndrome৷ প্ৰেমত ঘাত-প্ৰতিঘাত থাকেই৷ পৰিণতিত বিষাদ সৃষ্টি হয়৷ এই বিষাদেই প্ৰেমিক বা প্ৰেমিকাৰ কলিজাৰ কোনোবা নাম নজনা কোনোবা এখিনিত মোচৰ এটা দিয়ে৷ এই মোচৰটোৱে আবেগ সৃষ্টি কৰে৷ আবেগৰ প্ৰভাৱ মগজুত পৰে৷ গভীৰ আবেগিক সংঘাতে মানুহৰ মগজুত কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰি কলিজাতোক উল্লেখযোগ্যভাবেই দুৰ্ব্বল কৰি তুলে৷ ই কেতিয়াবা ইমান প্ৰবল ৰূপ ধাৰণ কৰিব পাৰে যে বুকুৰ কোনোবো এখিনিত বিষ অনুভৱ হয়৷ সেয়েহে কলিজাৰ ছবিটো কাড়পাত সোমাই পাৰ হৈ যোৱা বা কলিজা ফালি পথোৱা ছবিখনত একো ভুল বিচাৰি নাপাওঁ৷ ডাঙৰ কথা এনেকুৱা মূহূৰ্ত্তবোৰ পুৰুষতকৈ স্ত্ৰীৰ ক্ষেত্ৰত বেছি হয়৷ হয়নে বাৰু?
ৰোমাণ্টিক প্ৰেমে মানুহক বহু অভিজ্ঞতাৰ মুখামখি কৰায়৷ মই প্ৰেমত পৰিছোঁ এই বাক্যশাৰীয়ে এজনৰ প্ৰতি ওপজা প্ৰেম আনজৰ প্ৰতি পুৰ্ণ ৰূপত প্ৰকাশ কৰিব পাৰে জানো! প্ৰেমে মানুহৰ কোমল অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু ই সম্পূৰ্ণ মানসিক স্তৰৰ পৰিঘটনা যত আনন্দই পূৰ্ণৰূপত বহি: প্ৰকাশ কৰিব নোৱাৰে৷ প্ৰেমে মানুহৰ হিয়া-মন থৌকি-বাথৌ কৰে৷ কলিজাত তেজৰ প্ৰবাহ খৰ হয়৷ শৰীৰত অদ্ভুত আনন্দ অনুভৱ হয়৷
প্ৰেমৰ স্তৰ বা পৰ্ব বোৰ একোটা খোজৰ দৰে৷ এটা খোজৰ পিচত আৰু এখোজ৷ তাৰ পিচত আকৌ এখোজ৷ এইদৰে আগলৈ৷ প্ৰেমৰ প্ৰাথমিক খোজত উভয়েই উভয়ৰ প্ৰতি আকৰ্ষণ৷ এইতো খোজ দিয়েই মানুহে ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হয়৷ আকৰ্ষণ ক্ষেত্ৰত বিভিন্ন কাৰকে নিজৰ অংশৰ কাম কৰে৷ কাৰকো এটা দুটা নহয়৷ অলেখ হব পাৰে৷ কাৰ কি ভাল লাগে, কিয় লাগে এইবোৰৰ কোনো নিয়ম নীতি নাই৷ বচ ভাল লাগে৷ হিয়াৰ ভিতৰত উখল-মাখল লাগে৷ এনেকুৱা সময়ত শৰীৰত অক্সিটক্সিন, পেনেথাইলএমাইন আৰু ডপামাইন সৃষ্টি হয়৷ এই আটাই কেইবিধৰ কাম এমফিতামাইনৰ দৰে৷ যি মানুহক সচেতন, উত্তেজিত আৰু লগ বিচৰাৰ মানসিকতাৰ সৃষ্টি কৰে৷ লগতে পাৰিপাৰ্শ্চিক পৃথিবীৰ সৰহবোৰ ঘটনাক্ৰম যোগাত্মক যেন লাগিবলৈ আৰম্ভ কৰে৷ আন কথাত বৰং কব পাৰি প্ৰেমত পৰা মানুহৰ মানসিক দৃষ্টিকোণ ঠেক হৈ পৰে৷ ৰব খং নাখাব, ভুলো নুবুজিব৷ এইটো মই কোৱা উক্তি নহয়৷ বৰং কৈছে অভিজ্ঞ মনোবিজ্ঞানী Dr. Rachel Needle যি গৰাকীয়ে South University, West Palm Beach ত clinical psychology and behavioural science পঢ়ায়৷
এইখিনিতে মই আন এজন ব্যক্তিৰো নাম লোৱা উচিত৷ তেখেতৰ নাম Dr. Daniel G. Amen৷ তেখেতৰ বহুল চৰ্চিত কিতাপ The Brain in Love: 12 Lessons to Enhance Your Love Life, ত কৈছে ৰোমাণ্টিক প্ৰেম আৰু মুগ্ধাৱস্থা (infatuation) এই স্থিতি কোনো আবেগৰ কিয়দংশ নহয়, কিয়নো এই প্ৰেমেই উদ্দেশ্যপ্ৰণোদিত ভাবে মানুহৰ মগজুক পৰিচালনা কৰে৷
আন এজন মনোৰোগ চিকিত্সক ড. কেনে গভীৰ ভাবে বিশ্বাস কৰে যে মগজুৱে মানে বা যুক্তিৰ চিন্তাই কয় যে- দুগৰাকী প্ৰেমত পৰা ব্যক্তিয়ে স্বতন্ত্ৰ ভাবেই তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ ফল স্বৰূপতেই একেলগে পাৰ কৰা সময়খিনিত ইজনে সিজনৰ প্ৰতি মোহাচ্ছন্ন আৰু প্ৰেমাকুল হৈ পাৰিপাৰ্শ্চিক জগতখনকো পাহৰি বেলেগ এখন অবাস্তৱ পৃথিবীত উটি-ভাঁহি ফুৰে৷
নতুনকৈ প্ৰথম প্ৰেমত পৰা ব্যক্তিৰ ক্ষেত্ৰত পৃথিবীৰ সকলো সুন্দৰ হৈ উঠে, ইজনে সিজনৰ একো ভুল দেখা নাপায়, সকলো যেন সহনীয়, চলি যাব ঠিক তেনে মনোভাৱ পোষণ কৰে৷ সেয়ে চাগে প্ৰেম অন্ধ বুলি প্ৰায়েই কোৱা শুনা যায়৷ কোৱা হয়, এক যুদ্ধত আৰু এক প্ৰেমত বোলে কোনো ভুল-শুদ্ধৰ বিচাৰৰ প্ৰয়োজন নাই৷ বোলে সকলো শুদ্ধ৷
মনোবিজ্ঞানী Robert Sternberg এ প্ৰেমক তিনিকোণীয়া স্থিতিৰে বিশ্লেষণ কৰিছে৷ এটা কোণ অন্তৰঙ্গতা, দ্বিত্বীয় কোণ প্ৰেমিকক পোৱাৰ হাবিয়াস আৰু তৃত্তীয় কোণত নিজকে প্ৰেমিকৰ ওচৰত অৰ্পণ৷ অন্তৰঙ্গতাই ঘনিষ্টতা ঘটায়৷ ই মিলনৰ হাতবাউলী৷ আকৰ্ষণৰ মাজেদি যৌনতাৰ আবেশ আৰু অৰ্পণৰ সহযোগেদি ক্ষণস্থায়ী বা দীৰ্ঘস্থায়ী ৰূপত ইজনে সিজনক লগ দিয়াৰ, ভগাই লোৱাৰ প্ৰতিশ্ৰুতি আৰম্ভ হয়৷
মানুহৰ উৎপত্তি আৰু বিবৱৰ্ত্তনৰ ওপৰত গবেষণা কৰা চাৰ্লচ ৰবাৰ্ট ডাৰউইন(১৮০৯-১৮৮২)এ, ১৮৩৬ চনৰ পৰা আৰম্ভ কৰি মানুহৰ প্ৰেমক অবিৰত অধ্যয়নৰ বিষয়বস্তু কৰি ১৮৭২ চনত প্ৰেমৰ ওপৰত গৱেষণা কৰি তাৰ অন্তত এখন কিতাপ লিখি প্ৰকাশ কৰিছিল৷ ডাৰউইনৰ গোটেই কিতাপখন হাতী মাৰি ভুৰুকাত ভৰোৱাদি ইয়াত ভৰাব নোৱাৰি৷ সেয়ে তেখেতৰ প্ৰেম সম্বন্ধীয় মতবোৰৰ মাজৰ পৰা দুই চাৰিটা কথা জানি লওঁ৷ তেখেতে কৈছিল “The love for all living creatures is the most noble attribute of man.”
মানুহৰ মনোবিজ্ঞান বিশেষজ্ঞ চিগমাণ্ড ফ্ৰয়েডে প্ৰেমৰ বিষয়ে কি কয় অলপ নকলে এই আলোচনাটিৰ এটা বৃহত্ খুত ৰৈ যায়৷ থোৰতে কওঁ, চিগমাণ্ড ফ্ৰয়েডে প্ৰেমক বিৰহৰ দৃষ্টিৰেহে বিশ্লেষণ কৰিছে৷ সেয়ে আমাৰ ক্ষুদ্ৰ অনুভূতিৰে প্ৰেমৰ বিষয়ে বুজি পোৱা কথাবোৰ অমিল আছে৷ পাশ্চাত্য সাহিত্যত ফ্ৰয়েদক সামাজিক ডাৰউইন বুলি অভিহিত কৰে৷ ইয়াৰ কাৰণো আছে৷ কিয়নো ফ্ৰয়েদৰ ধ্যান-ধাৰণা প্ৰেম সম্বন্ধে বুজা সহজ নহয়৷ যত ফ্ৰয়েদে কৈছে দৰ্শন (Philosophy) অবিহনে সম্যক ধাৰণাবিহীনতাৰে প্ৰেমক বুজা তেওঁৰ পক্ষে সম্ভৱ নহয়৷ তেখেতে নিজৰ instinct theory ক ডাৰউনিজিমৰ তথ্যবোৰৰ প্ৰত্যয়জনক পিচৰ অংশ বুলি নিজে গণ্য কৰিছিল৷ সেয়ে মানুহৰ প্ৰকৃত সামাজিক মনোবিজ্ঞান আৰু সামাজিক আচাৰ-ব্যৱহাৰবোৰকো সম্পৃক্ত কৰি মানুহক আন জীৱবোৰৰ পৰা পৃথক ব্যাখ্যা কৰা বুলি ডাৰউইন আৰু কপাৰনিকান সুত্ৰবোৰক ফ্ৰয়েদে ব্যাখ্যা কৰি ভ্ৰম বুলি আখ্যা দিছিল৷ এই সম্পৰ্কত ভিন্ন আলোচনাৰ থল আছে৷ সেয়ে মই প্ৰেমৰ আলোচনাত ফ্ৰয়েদক অনিচ্ছা বাদ দিছোঁ৷
মোৰ নিজৰ প্ৰেম সম্পৰ্কে এটা কথা কওঁ৷ মোৰ বয়স তেতিয়া খুউব বেছি তেৰ বা চৈধ্য হব৷ আমাৰ পঢ়াশালিতে পঢ়া আমাতকৈ দুই শ্ৰেণী মান তলৰ শ্ৰেণীত এজনী ছোৱালী আছিল৷ দুপৰীয়া পানী খোৱা ছুটীত তাই প্ৰায়ে আমাৰ ঘৰৰ সন্মূখেৰে ছোৱালী জনীৰ সম্বধীয়ৰ ঘৰলৈ আহিছিল৷ ছোৱালী জনীৰ নাম কি মই কোনো দিন নাজানিলোঁ৷ জানিবলৈ আগ্ৰহো কৰা নাছিলোঁ৷ তাই অহালৈ মই খুউব আগ্ৰহেৰে বাট চাইছিলোঁ৷ ছোৱালীজনীৰ মূখখন মই খুউব বেছি দুবাৰ কি তিনি বাৰহে দেখিছিলোঁ৷ যেতিয়াই আহে মই ছোৱালী জনীৰ মুখলৈ চাবলৈ সাহসেই গোটাব নোৱাৰিছিলোঁ৷ মোৰ আজিও মনত আছে, মই ছোৱালীজনীয়ে পিন্ধা মোজা যোৰৰ ৰং আৰু তাইৰ ভৰি দুখন দেখিলে তাইক মই আজিও চিনি পাম৷ এইয়াতো প্ৰেম নহয়৷ এইয়া আছিল মোহাচ্ছন্নতা৷ অথচ মই সেই পাদ যুগল আজিও পাহৰা নাই৷ এই মোহাচ্ছন্নতাই মোৰ ডেকা বয়সত মোৰ মানসিকতাত বাঙালী চিনেমাৰ অপৰ্ণা সেনৰ দৰে নাৰীৰ প্ৰতি মোহাচ্ছন্ন কৰি ৰাখিছিল৷ কোৱা শুনিছোঁ, সেই বয়সত মই নজনাকৈ মোক বোলে কোনোবাই ভালো পাইছিল৷ বুকু ফাটি যায়, মূখ নোখোলে৷ ইফালে প্ৰেম প্ৰেম বুলি মইয়ো জগতে ঘূৰিলোঁ৷ ঘৰতে আছিলে প্ৰেম৷ মই বুৰ্ব্বকে দহ বছৰীয়া চিঠিৰ সম্পৰ্ক এটাক মই নিজে বুজি নোপোৱা বাবেই স্বৰ্গীয় প্ৰেমৰ সমাধি ৰচিলোঁ৷ বেচেৰী ছোৱালীজনীয়ে কোনতো লাজেৰে বাৰু নিজৰ মূখ খন খোলে!
সামৰণীত ডাৰউইনৰ কথাৰেই কওঁ “How odd it is that anyone should not see that all observation must be for or against some view if it is to be of any service৷
পাঠক, আপুনিও মানুহ৷ প্ৰেম পিয়াসী মন এটা আপোনাৰো আছে৷ নাই নেকি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments