প্ৰেম – লিপিকা গগৈ
বাউলি ৰাধা ঐ
তোৰ বাবেই খোলা থাকিল
কানাইৰ হৃদয়ৰ দ্বিতীয়খন দুৱাৰ
আৰু তোৰ অন্তেষপুৰত…
ৰৈ ৰৈ বাজি থাকিল
গৰখীয়া বাঁহীৰ কৰুণ সুৰ৷
ৰুক্মিণীৰ হৰণত
কঁপিছিল নে তোৰ হিয়া?
নে আজলী নাৰী হৈ
কানাইৰ মোহত মুগ্ধ হিয়াত
বিশ্বাসৰ শলিতা জোৰকৈ জ্বলিছিল!
তোৰ ত্যাগৰ সেই বিশ্ববন্দনাত
আজিও আছে শত শত ৰাধিকা নাৰী৷
কপালত ৰাঙলী তিলক আঁকি
আজিও আছে হাজাৰজনী ৰুক্মিণী৷
মনিষীয়েও কয় “সকলো থকাৰ পাছতো হৃদয়ৰ দ্বিতীয়খন দুৱাৰ কিয় খুলি যায়!”
এই প্ৰশ্নৰ উত্তৰেই স্বয়ং কানাই৷