পৰিবৰ্তন
লেখক- নাজিয়া হাচান
: হেৰা, তুমি মানুহজনী বহুত সলনি হৈ পৰিছাহে। ঘৰৰ কামবোৰত তোমাৰ আগৰ দৰে মনোযোগ একেবাৰে নাই। মাজে মাজে তুমি অকলে অকলে বহি কিবা গভীৰ ভাবনাত বিভোৰ হৈ থকাও দেখিছোঁ। টি.ভিত আজিকালি তুমি চিৰিয়েল চিনেমাবোৰো নোচোৱাই হ’লা। বাতৰি চেনেলবোৰতহে তোমাৰ আজিকালি বেছি মনোযোগ। কিবা টেনশ্যন-সেঞ্চনত আছা নেকি হে তুমি? ―মানুহজনীয়ে একো উত্তৰ নিদিলে।
: হেৰা, তোমাৰ নিজৰো ফিল এটা হোৱা নাইনে; তোমাৰযে কথা-বতৰা, স্বভাৱ-চৰিত্ৰৰ বৃহৎ এটা পৰিবৰ্তন ঘটিছে? ―ৰহমান চাহাবে এইবাৰ আৰু বেছি উৎকণ্ঠাৰে ৰহমাননীক সুধিলে।
: একো ফিল-চিল হোৱা নাই মোৰ। আপুনি কিহত জানো মোৰ পৰিবৰ্তন দেখিলে আপুনিয়েই জানে; বৰ্তমান মই মোক পৰিবৰ্তন কৰিবলৈ চেষ্টাহে চলাই আছোঁ। কিন্তু হৈ উঠা নাই। ―ৰহমাননীয়ে চিন্তিত গধুৰ নয়নেৰে চাহাবলৈ চাই উত্তৰ দিলে।
: মানে?
: মানে এই দেশ-দুনীয়াৰ ৰাস্তা, পদূলিৰপৰা আৰম্ভ কৰি সকলো নীতি-নিয়ম, সা-সিদ্ধান্তবোৰ চকুত পৰাকৈ চকুৰ পলকতে পৰিবৰ্তন হৈ পৰে। বেয়া দিনবোৰ গৈ তৎক্ষণাত ভাল দিন আহে। ভাল দিনবোৰ গৈ আকৌ ঘূৰি ঘূৰি সেই বেয়া দিনেবোৰেই আহি পৰে! পিছে, মইহে মোৰ কাম-কাজবোৰ কামত লগাকৈ ভাল কিবা পৰিবৰ্তন কৰিবলৈ ল’লে কোনো পৰিবৰ্তন নঘটে! মাথোঁ এন্ধাৰ; পোহৰ নাহে।
: অহ! তুমিনো আক’ কি কাম-কাজৰ পৰিবৰ্তন কৰি পোহৰ আনিব বিচাৰিছা?
: হাৰে! তাহানিৰপৰা মই মোৰ সেই একেই গতি-বিধিৰেই চলি আছোঁনে নাই? ঘৰৰ কাম-কাজতেই হওক, কথা-বতৰাতে হওক বা দেখা শুনাতে হওক! মানুহে নিজক অলপ হ’লেও পৰিবৰ্তন কৰিব লাগেনে নাই? আপুনিতো নিজৰ বহুত পৰিবৰ্তন ঘটালে! সেই আগৰ মানুহটো আৰু এতিয়াৰজনৰ মাজত আকাশ-পাতাল হেন পাৰ্থক্য হয়নে নহয়?
: হেৰা, মোৰনো কি পৰিবৰ্তন হোৱা দেখিলা? কিবা যদি পৰিবৰ্তন দেখিছা সেয়া কিন্তু তোমাৰ কাৰণেহে হৈছে চাগে!
: কি কয়! আপুনিয়েইচোন নিজৰ ইচ্ছাৰে আপোনাৰ সেই তাহানিৰ কাণ ঢকা চুলিখিনি কাটি, কাণ উলিয়াই ৰখা হ’ল! ফ্লেট, বাংলো, মল, দলংবিলাক সাজিবলৈ গৈ গছ-গছনিবোৰক কাটি-মেলি তহিলং কৰি মানুহে আজিকালি পৰিবেশৰ যিদৰে ভয়ানক পৰিবৰ্তন কৰি পেলাইছে; আপুনিও ঠিক তেনেকৈয়ে আগৰ কিচকিচিয়া দাড়ি গোঁফবোৰো চুচি-কাটি চাফা কৰি চেহেৰাৰ এক অদ্ভুত পৰিবৰ্তন ঘটাই পেলাইছে! ইয়াত মোৰনো কি অৰিহণা আছিল? ―মানুহজনীৰ বাক্যত ৰহমান চাহাব কিছু গম্ভীৰ হ’ল। চাহৰ সৈতে মালপোৱা খোৱা হাতখন ধুবলৈ লৈ বেচিনৰ ওপৰত লাগি থকা আইনাখনত নিজক তেওঁ অলপ ভালকৈয়ে নিৰীক্ষণ কৰাত লাগিল।
: মোলৈ চাওক; মইতো নিজক পৰিবৰ্তন কৰাৰ প্ৰয়াস কৰি থাকোঁতে থাকোঁতে জীৱনৰ আধা দফায়ে গুচি গল! আজিও সেই পুৰণি খুচুৰা পইচা কিছুমানৰ লেখিয়াই মোৰ জীৱন পৰিক্ৰমা। খাদ্যভাসো তাহানিৰপৰা আজিলৈকে প্ৰিয় সেই ভাত কাঁহীয়েই! সময়ৰ গতিত মানুহে নিজক অলপ হ’লেও পৰিবৰ্তন কৰিব নালাগে নেকি? মোবাইলটোৱেও নিজক আপডেট কৰিবলৈ চিঞৰি থাকেনে নাথাকে?
: উম। যি হওক দেৰিকৈ হ’লেও চকুহালযে তোমাৰ খুলিল আক’!
: চকু খুলিলেই নহ’ব নহয়; মোক সঁহাৰিও লাগিবটো।
: সঁহাৰি! কাৰ সঁহাৰি? কিহৰ সঁহাৰি?
: আপোনাৰ সঁহাৰি আকৌ!
: আচ্ছা! কোৱা তেন্তে, মই কোন ক্ষেত্ৰত তোমাক সঁহাৰি জনাব লাগে?
: মই এটা ক্লাউড কিটছেন খুলিব বিচাৰিছোঁ।
: অ। ভাল ভাবিছা। আগবাঢ়া।
: কেনেকৈ আগবাঢ়িম? প্ৰতিবাৰ মই এই সিদ্ধান্তভাগ লোৱাৰ মনস্থ কৰিলেই সমাজত কিছুমান অদ্ভুত পৰিবৰ্তন ঘটি যায় নহয়! এই বোলে আন্দোলন, এই বোলে নোট বন্দী; এই বোলে বানপানী! এইবিলাক। পিছে এইবাৰ কোনো পৰিবৰ্তনক মই পোহৰ আনিব খোজা পথটোক হেঙাৰ হ’বলৈ নিদিওঁ।
: অ। এই কথাও ভাল ভাবিছা। আগবাঢ়া।
: হেৰি! কি আগবাঢ়া? কেনকৈ আগবাঢ়িম? কৈছোঁ নহয়, আপোনাৰ সঁহাৰি লাগিব বুলি। মই অকলে সেই পোহৰ আনিব নোৱাৰিম। এই কথাটো ভাবিয়েইতো এইকেইদিন মই মহা চিন্তাত আছোঁ..।
: হেৰা, কি ক’বলৈ বিচাৰিছা খোলাখুলি নোকোৱা কিয়হে? —চাহাবৰ কথা শুনি মানুহগৰাকী চকীখন টানি চাহাবৰ একেবাৰে কাষত গৈ বহিল।
: শুনক, সকলো ক্ষেত্ৰতে ধনেইটো মেইন, হয়নে নহয়?
: হয়।
: পিছে, আমাৰ দৰে ঘৰ গৃহিনীবোৰৰ ফিলবিলাক ঘৰৰ গৃহস্থবোৰে যে বুজিবলৈ অকণমানো চেষ্টায়ে নকৰে সেই কথা গম পাইনে নাপায়?
: নাপাওঁ।
: অ নাপায়; আৰু সেই কাৰণেই আমি গৃহিণী কিছুমানে গৃহস্থৰপৰা মাজে মাজে পকেট মাৰি মাৰি হাত ধন গোটাব লগাত পৰোঁ বুইছে?
: কি কোৱা? —ৰহমান চাহাব আচৰিত হ’ল। চকীখনত তেওঁ আগতকৈ কিছু চিধা হৈ বহি সুধিলে।
: অ। আপোনাৰ পকেট মাৰি গোটোৱা তেনে হাত ধন মোৰ হাততো গোট খাইছিল জানে? আৰু সেইখিনিৰেই মই মোৰ সপোনটো পোহৰ কৰিব বিচাৰিছিলোঁ গম পাইছেনে?
: নাই পোৱা।
: পাব। এইটো লওক। এইটো মোৰ হাত ধনৰ টোপোলা। —ডাইনিং টেবুলৰ চকী এখনত কিছু ক্ষণ আগত আনি লুকুৱাই থৈ দিয়া টকাৰ টোপোলাটো মানুহজনীয়ে গপচত চাহাবলৈ আগুৱাই দি ক’লে।
: হেৰা! এইবোৰ দেখোন……! —পাঁচশ টকাৰে ভৰা টোপোলাটো দেখি চাহাবৰ চকু কপালত উঠিল।
: উম। এইবোৰ নচলা টকা। মই লুকুৱাই গোটাই থাকোঁতে থাকোঁতে এই টকায়ে এতিয়া চৰকাৰে বন্ধ কৰি দিলে! এতিয়া আপুনি এইখিনি মোক সলনি কৰি আনি দিয়ক। ধনৰ অবিহনে মই মোৰ পোহৰৰ বাট মুকলি কৰিম কেনেকৈ? মোৰ কাম-কাজৰ পৰিবৰ্তন হ’ব কেনেকৈ?
: হেৰা! পোহৰৰ বাটত আগুৱাই যাবলৈ হ’লে আৰু আগতেই তুমি ওলাই আহিব লাগিছিল আক’! মানে এই ধন মোৰ হাতত সময় থাকোঁতেই তুমি গতাব লাগিছিল নহয়! সময়ৰ কাম সময়ত কৰিলে পোহৰৰ বাটত কেতিয়াও কোনো বাধা নাহে!
: সময় থাকোঁতে কেনেকৈনো কওঁ! আপোনাৰেই পকেট মাৰি গোটোৱা টকা নহয় নেকি কিবা! লাজ লাগিছিল আকৌ লগে লগে ক’বলৈ! টকাখিনি এতিয়া সলাব পৰা যাবনে নাই সেইটো কওক।
: ভাগ্য ভাল যে আৰু মাত্ৰ দুটা দিন আছে বাৰু। কিন্তু বেংকত ভিৰ বহুত হ’ব পাৰে। মোৰ এটা দিন লাগি যাব পাৰে।
: হয়নে?
: হেৰা! সপোন ঠিকে দেখিছা। ভাল কৰ্মৰে নিজক পৰিবৰ্তন কৰিব বিচাৰিছা। পিছে, নিজক পৰিবৰ্তন কৰিবলৈ এইবুলিও পন লোৱা যে সময়ৰ কাম সময় থাকোঁতেই তুমি কৰিবা! দেশৰ উন্নতিত তোমালোক মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, পোহৰ আনিব পৰাৰো পূৰ্ণ ক্ষমতা আছে। মইতো হান্দ্ৰেড পাৰ্চেণ্ট এই কথাত হয়ভৰ দিওঁ। ৰ’বা, কালিলৈ বেংকলৈ গৈ চাওঁ বাৰু…।
—টকাৰ টোপোলাটো চুই চুই চাহাবে ক’লে। চাহাবৰ কথাখিনি শুনি মানুহজনীৰ মনটো ক্ষণটোতে আনন্দেৰে ভৰি পৰিল।
: হেল্ল’ ৰূহী কিটচেন হয়নে?
: হয়।
: মোৰ ঘৰলৈ আজি পঞ্চাশটা নিৰামিষ খাদ্যৰ পেকেট পঠাব পাৰিবনে? মোৰ ঘৰত পূজা এভাগ ৰাখিছোঁ।
: হয়। ঠিক আছে। আপুনি মেনুখন চাই কি কি লাগিব লিষ্টখন হোৱাটছএপ কৰিব।
: বাৰু। —শ্ৰীমতী ৰহমানৰ আজি দুটাকৈ অৰ্ডাৰ আছে। এটা দুপৰীয়াৰ পূজাৰ বাবে নিৰামিষ আহাৰৰ আৰু এটা জন্মদিনৰ বাবে ৰাতি আমিষ আহাৰৰ।
: হেৰা! চাহ একাপ পোৱা যাবনে? —শ্ৰীমান ৰহমানে টি ভি চাই থকাৰ পৰায়ে মানুহজনীক ক’লে।
: পাব পাব। দুই মিনিট ৰওক। —সহায় কৰা মানুহ দুগৰাকীৰ সৈতে অৰ্ডাৰত অহা কামবোৰত শ্ৰীমতী ৰহমান ব্যস্ত থকাৰ মাজতে ক’লে।
: এয়া লওক আপোনাৰ ইলাচী দিয়া গাখীৰৰ চাহ। —চাহকাপ হাতত লৈ চাহাবে মানুহজনীৰফালে কিছু ক্ষণ থৰ হৈয়ে চাই ৰ’ল।
: উৱা! কি হ’ল? মোলৈ একেবাৰে থৰ দৃষ্টি নিক্ষেপ কৰিলে যে আজি?
: তোমাৰ ব্যস্ততাখিনি দেখি আজিৰপৰা দহ বছৰ আগৰ সময়খিনিলৈ মনত পৰিছে হে। আছেনে তোমাৰ সেই কথা মনত? —চাহকাপত শোহা মাৰি চাহাবে মানুহজনীক সুধিলে।
: ই আই! কিযে কথা সোধে আৰু নহয় আপুনিও! সেইকথানো আৰু পাহৰা যাবনে কিবা! নিজৰ পৰিবৰ্তনক লৈ কিমান যে সুখী এতিয়া মই, আপুনি কি বুজিব! মই এতিয়া বিশেষ দিনবোৰত আপোনাক উপহাৰ কৰিবলৈ আপোনাৰ পকেট মাৰিবলগীয়া নহয়। এতিয়া মই মোৰ নিজা উপাৰ্জনেৰেই আপোনাক বিশেষ দিনবোৰত উপহাৰ দিব পাৰোঁ ন! সমাজৰ সৎ কামবোৰৰ বাবেও আজি আমি দুয়োয়ে মিলি বৰঙনি আগবঢ়াব পাৰোঁ। মোৰ নিজা এক পৰিচয় আছে।‘ৰূহী কিটচেন’ নামৰ ক্লাউড কিটচেনটো মোৰ বাবে এটা বহুত ডাঙৰ সপোন আছিল। এই সপোনটো পূৰ্ণ হোৱাত আজি মই ব্যস্ত থকাৰ উপৰি ইমানযে আনন্দিত!
: উম। তোমাৰ দৰে পৰিবৰ্তনৰ সপোন সমাজৰ সকলো লোকেই যেন দেখক। সকলোৱেই যেন সততাৰে পোহৰৰ বাট মুকলি কৰি আগুৱাই যাওক। টকা পইছাৰ মানুহে সৎ ব্যৱহাৰ শিকক—চাহাবৰ কথাত মানুহজনীৰ মুখখন উজলি উঠিল। মনতে নিৰাকাৰজনক তেওঁ ধন্যবাদ জনাই পুনৰ কামত ব্যস্ত হৈ পৰিল।
