পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
৷৷পৰিশিষ্ট-১৷৷
৷৷সহস্ৰনাম-বৃত্তান্ত৷৷
৷৷প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
কি কৰিলো কি কৰিলো ভকতি নকৰি৷
অন্তকে পাইলেক আসি১৭৪ ৰক্ষা কৰা হৰি৷৷১৷৷
পদ ৷৷
নকৰিলো শিৰে মাধৱক নমস্কাৰ৷
ইটো মাথা গোট মোৰ ভৈল মহাভাৰ৷৷
কৰ্ণ দুই আছন্তে নুশুনিলো হৰি কথা৷
দোগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা৷৷১৷৷
জিহ্বা মোৰ আছন্তে নলৈলো ৰামনাম৷
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম৷৷
নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ৷
সম্যকে জানিলো দুয়ো আখি অন্ধকূপ৷৷২৷৷
যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ ভাসে পাখি৷
হৰিৰূপ নেদেখিলো পাইলো তেহ্ন আখি৷৷
হৰিপদ তুলসীৰ নলৈলোহো ঘ্ৰাণ৷
জীৱন্তে মৰিলো নাসা ভাঠিৰ সমান৷৷৩৷৷
পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ৷
প্ৰভুৰ পূজাক নকৰিলো একবাৰ৷৷
কৃষ্ণকৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ৷
ইটো হস্ত বাহু মৃতক শৱৰ৷৷৪৷৷
পাৱ দুই আছন্তে নগৈলো ক্ষেত্ৰস্থান৷
মোৰ পাৱ ভৈল বৃক্ষ শিফাৰ সমান৷৷
হা হা দয়াময় মোৰ কি কৰিলা গতি৷
এভো তুৱা নাম লৈতে হৌক মোৰ মতি৷৷৫৷৷
কৰ্ম্মদোষে যিবা জন্ম হোৱৈ সংসাৰত৷
তাতো নছাড়োক চিত্ত তুৱা চৰণত৷৷
সদায়ে ঘোষোক ৰামনাম মোৰ মুখে৷
সংসাৰ সাগৰ তেৱে তৰো মহাসুখে৷৷৬৷৷
সকল জগত তযু মায়ায়ে মোহিত৷
তোহ্মাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত৷৷
পুত্ৰ দাৰা নিহলে বান্ধিলে দুয়ো ভৰি৷
মৰন্তে আছন্ত তবু নোবোলওঁ হৰি৷৷৭৷৷
দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো৷
তোহ্মাক নেসেৱি বৃথা জনম গোৱাইলো৷৷
নিচিন্তিলো একবাৰ তোহ্মাৰ চৰণ৷
তৰু বন জীয়ে যেন আহ্মাৰ জীৱন৷৷৮৷৷
বিষয়ত ভোল হুয়া কৰিলোহো ভোগ৷
তাৰ ফলে শৃগাল শ্বানৰ ভৈলো যোগ৷৷
ভৱ তৰিবাক যোগ্য লভিলো শৰীৰ৷
বিষয় বাতাসে পায়া কৰিলে অস্থিৰ৷৷৯৷৷
কৰে টলবল দেহা কেনে হুইবো পাৰ৷
এভো দাস বুলি মোক কৰিয়ো উদ্ধাৰ৷৷
সুকবি শেখৰ তুৱা দাসৰ যে দাস৷
কাতৰ কৰোহো দিয়ো চৰণত বাস৷৷১০৷৷
৷৷দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম জগবন্ধু ত্ৰাহি গোপাল৷
দাস উদ্ধাৰিয়ো দীনদয়াল৷৷২৷৷
পদ৷৷
কৃষ্ণৰ চৰণে কৰি প্ৰণাম৷
পদ্মপুৰাণৰ সহস্ৰ নাম৷৷
আমি বিৰচিবো কীৰ্ত্তন আৰ৷
শুনি পাতকৰ হুয়ো নিস্তাৰ৷৷১১৷৷
হৰিনামে পাই সংসাৰ পাৰ৷
সমস্ত শাস্ত্ৰৰ এহিসে সাৰ৷৷
পুৰাণ ভাৰত আগম যত৷
বেদ বেদান্তৰো এহিসে তত্ত্ব৷৷১২৷৷
শুনিয়ো হৰিনাম কেন ভাল৷
সম্যকে পাতকৰ যমকাল৷৷
যতেক ব্ৰত দান যজ্ঞ কৰ্ম্ম৷
সিজান্ত হৰিনামে মহাধৰ্ম্ম৷৷১৩৷৷
কৰান্ত বিষয়ত বিৰকতি৷
মিলান্ত কৃষ্ণত প্ৰেম ভকতি৷৷
মায়াবন্ধ ছোড়ি জ্ঞানক দেন্ত৷
অন্তকালে বিষ্ণুপদক নেন্ত৷৷১৪৷৷
কৃষ্ণত নৰ যেৱে গৈল লীন৷
তেৱেসে হৰিনাম উদাসীন৷৷
এহি সাত কাম গণি লৈয়োক৷
জানিয়া হৰিনাম ভাৱিয়োক৷৷১৫৷৷
নিন্দুকৰ নিন্দা নুশুনি কাণে৷
হৰিৰ নাম লৈবা সাৱধানে৷৷
স্বৰ্গখণ্ড পদ্মপুৰাণ চাই৷
বুলিলো নিশ্চয় আমি বুজাই৷৷১৬৷৷
চাৰিয়ো বেদৰ তত্ত্ব উদ্ধাৰি৷
থৈলন্ত হৰিনাম সাৰ কৰি৷৷
সকল জগত হৈবে মুকুত৷
সিহেতু মাধৱে কৰি গুপুত৷৷১৭৷৷
থাপিলা হৰিনাম ঠাৱে ঠাৱে৷
বৈষ্ণৱগণেসে বিচাৰি পাৱে৷৷
মুকুতিকো এৰি নাৰদ ঋষি৷
হৰিনাম লৈয়া আতি হৰিষি৷৷১৮৷৷
ফুৰন্ত মাধৱৰ গুণ গাই৷
বোলন্ত হৰি বিনে গতি নাই৷৷
দুষ্টচিত্তো যদি বোলয় হৰি৷
সিওজনে মহাপাতকে তৰি৷৷১৯৷৷
বৈকুণ্ঠে যাইতে ভৈলা কাছপাৰ৷
কোটি পুৰুষকো কৰি উদ্ধাৰ৷৷
হেন হৰিনাম নলৱৈ নৰে৷
আত্মঘাত কৰি মিছাতে মৰে৷৷২০৷৷
পাৰ্ব্বতীত হৰে কহিলা আক৷
ব্ৰহ্মায়ো কহিলন্ত দেৱতাক৷৷
হৰিনাম বিনে নাহিকে আন৷
পুৰাণে বিচাৰি দেখা প্ৰমাণ৷৷২১৷৷
সুকবি শেখৰে কহে নিশ্চয়৷
কেহো নকৰিবা আত সংশয়৷৷
জানিয়া মিছা আন যত কাম৷
সদায়ে ঘুষিয়োক ৰাম ৰাম৷৷২২৷৷
৷৷তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
হৰি গোৱিন্দ অৰৱিন্দলোচন ৰাম৷
মোৰ মুখে নছাড়োক ৰামকৃষ্ণ নাম৷৷৩৷৷
পদ৷৷
আছিলা নাৰদ ঋষি ব্ৰহ্মাৰ সভাত৷
বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ তাত৷৷
পিতৃমুখে বেদৰ আছিলা অৰ্থ শুনি৷
পাছে পৃথিৱীক লাগি আসিলন্ত মুনি৷৷২৩৷৷
বিষ্ণুত ভকত ঋষি বিষ্ণুতেসে ধ্যান৷
সদায়ে বিষ্ণুত পৰে নভাষন্ত আন৷৷
হাতে বীণা ধৰি মাধৱৰ গুণ গান্ত৷
মাধৱৰ গুণ নাম লোকত শুনান্ত৷৷২৪৷৷
ফুৰন্ত পৱিত্ৰ কৰি তিনিয়ো লোকত৷
অনন্তৰে চলি গৈলা ঋষি সমাজত৷৷
নৈমিষাৰণ্যত আছে ঋষিৰ সমাজ৷
ৰঙ্গে তৈতে প্ৰৱেশ ভৈলন্ত ঋষিৰাজ৷৷২৫৷৷
দেখিলা ব্ৰাহ্মণসৱে নাৰদ আসিলা৷
গাৱ চালি আসন আনিয়া তাঙ্ক দিলা৷
আতিশয় হৰিষে কৰিলা নমস্কাৰ৷
হেন প্ৰশ্ন কৰিলন্ত জগততে সাৰ৷৷২৬৷৷
বিনা দান ব্ৰত যজ্ঞ তীৰ্থকো নাচৰি৷
সমস্তে পাতক তৰৈ কোন কৰ্ম্ম কৰি৷৷
সুখে পুৰুষৰ কেনমতে হোৱৈ গতি৷
কহিয়ো ৰহস্য কথা আহ্মাত সম্প্ৰতি৷৷২৭৷৷
আৰো এক প্ৰশ্ন আমি কহিবো তোহ্মাত৷
কিহেতু শঙ্কৰে তপ কৰন্ত সাক্ষাত৷৷
আপুনি ঈশ্বৰ তিনি জগততে সাৰ৷
তান কাক চিন্তিবাক আছে অধিকাৰ৷৷২৮৷৷
মুখে কিবা জপন্ত ধিয়ান্ত কিবা মনে৷
কহিয়োক গুৰু আৰু শুনো ৰঙ্গমনে৷৷
হেন শুনি নাৰদৰ মনে ৰঙ্গ ভৈলা৷
পৰম ৰহস্য কথা কহিবাক লৈলা৷৷২৯৷৷
ভাল কথা তুমিসৱে পুছিলা সাম্প্ৰত৷
এহি কথা পাৰ্ব্বতী পুছিলা শঙ্কৰত৷৷
যোগ ধ্যানে শঙ্কৰ আছন্ত কৈলাসত৷
দেখিলন্ত পাৰ্ব্বতী শিৱৰ ঘোৰ ব্ৰত৷৷৩০৷৷
নাহিকে বসন গাৱে দিশ পৰিধান৷
ভস্মধূলাসকলে অঙ্গৰ ভৈল ম্লান৷৷
শিৰে আতি প্ৰকট বিকট জঁটাভাৰ৷
গাৱে সৰ্পগণ দেখিবাক চমৎকাৰ৷৷৩১৷৷
হৰিনাম জপন্ত চিন্তন্ত অহৰ্নিশি৷
হেন দেখি পাৰ্ব্বতীও পুছিলা হৰিষি৷৷
স্বামী তুমি সকল দেৱৰ মুখ্য দেৱ৷
তোহ্মাক সমস্ত দেৱগণে কৰৈ সেৱ৷৷৩২৷৷
তোহ্মাক সেৱন্ত সদা চন্দ্ৰ সূৰ্য্য বিধি৷
তযু বৰদানে সমস্তৰে ভৈল সিদ্ধি৷৷
তোহ্মাৰ নাহিকে জন্ম মৰণ সংস্কাৰ৷
তযু মহিমাৰ কেহো নপাৱন্ত পাৰ৷৷৩৩৷৷
হেন দেৱে কাহাক ধিওৱা নিৰন্তৰ৷
কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ৷৷
কিবা মন্ত্ৰ জপা তুমি কহিয়ো আহ্মাত৷
পৰম কৌতুকে মই পুছিলো তোহ্মাত৷৷৩৪৷৷
তোহ্মাৰ পৰম প্ৰিয়তম ভাৰ্য্যা আমি৷
ৰহস্য কথাক কহিয়োক মোক স্বামী৷৷
দ্বিজ কবিশেখৰে কহিলা হেন সাৰ৷
হৰিনাম লৈয়া সৱে হুয়োক নিস্তাৰ৷৷৩৫৷৷
৷৷চতুৰ্থ কীৰ্ত্তন৷৷
ঘোষা৷৷
হে কৰুণাসিন্ধু ভকতবন্ধু কৰিয়ো নিস্তাৰ৷
কেনে হঞো সংসাৰৰ পাৰ৷৷৪৷৷
পদ৷৷
পাৰ্ব্বতীৰ বাক্য শুনি হৰ৷
পাচে হেন দিলন্ত উত্তৰ৷৷
শুনিয়ো পাৰ্ব্বতী মোৰ বাণী৷
ভাল তুমি পুছিলা কাহিনী৷৷৩৬৷৷
ইটো কথা পৰম গুপুত৷
কহিবাক নুহিকে যুগুত৷৷
তুমি মোৰ প্ৰাণপ্ৰিয় জায়া৷
তাতেসে কহিবে মোৰ দায়া৷৷৩৭৷৷
সত্য যুগ আছিল পূৰ্ব্বত৷
সৱে ভৈল হৰিৰ ভকত৷৷
সৱাৰো ভৈলেক শুদ্ধমতি৷
কৃষ্ণৰেসে চৰণত ৰতি৷৷৩৮৷৷
হৰি পাদপদ্মে হৃদি থৈয়া৷
ফুৰৈ মাধৱৰ নাম লৈয়া৷৷
শুনৈ কৃষ্ণকথা মাত্ৰ কাণে৷
হৰিপূজা কৰৈ সাৱধানে৷৷৩৯৷৷
জানি হৰি নামেসে নিস্তাৰ৷
হৰিনাম লৈয়া হোৱে পাৰ৷৷
ইহলোকে ভুঞ্জয় ভুকুতি৷
পৰলোকে লভয় মুকুতি৷৷৪০৷৷
যিটো গতি ইন্দ্ৰ আদি দেৱে৷
নপাৱন্ত কৰ্ম্ম কৰি কেৱে৷৷
সিটো গতি পাৱৈ হৰি স্মৰি৷
কিছু আন পুণ্যক নাচৰি৷৷৪১৷৷
মোৰ বাক্য শুনি দেৱগণ৷
সমস্তৰে বুদ্ধি ভৈল ছন৷৷
আগম পুৰাণ বেদ শুনি৷
নিশ্চয় নপান্ত মনে গুণি৷৷৪২৷৷
সকল শাস্ত্ৰৰ ভিন্ন মত৷
নপাৱন্ত কেৱে তাৰ তত্ত্ব৷
দেৱগণে নপাৱন্ত পাৰ৷
মনুষ্যে জানিবে কিবা তাৰ৷৷৪৩৷৷
দেয় তুলাপুৰুষ দানক৷
অশ্বমেধ যজয় অনেক৷৷
বাৰাণসী প্ৰয়াগত স্নান৷
গয়াত পিতৃক পিণ্ডদান৷৷৪৪৷৷
কৰৈ কায়ক্লেশ ঘোৰ ব্ৰত৷
বেদপাঠ নছাড়ৈ সতত৷৷
তপ জপ ধৰ্ম্ম ভূতদায়া৷
আনো সৱে পুণ্য আচৰিয়া৷৷৪৫৷৷
যোগ ধ্যান ব্ৰত তত্ত্ব জানি৷
নপাৱৈ গতিক একো প্ৰাণী৷৷
হৰিনাম লৱৈ মাত্ৰ মুখে৷
সিটো গতি পাৱৈ মহাসুখে৷৷৪৬৷৷
থাকৈ পুত্ৰ দাৰা সমন্বিতে৷
পৰহিংসা কৰয় সততে৷৷
নধৰয় ব্ৰহ্মচৰ্য্য ব্ৰত৷
নজানয় একো জ্ঞান তত্ত্ব৷৷৪৭৷৷
এড়িলেক আপোনাৰ ধৰ্ম্ম৷
নকৰৈ বেদৰ যত কৰ্ম্ম৷৷
কেৱলে কৃষ্ণৰ নাম লৱৈ৷
মুকুতিক মহাসুখে পাৱৈ৷৷৪৮৷৷
কিনো হৰিনামৰ মহিমা৷
কোনে কহি পাইবে তাৰ সীমা৷৷
আতপৰে ধৰ্ম্ম নাহি আন৷
ৰামনাম সদা কৰা পান৷৷৪৯৷৷
৷৷পঞ্চম কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম কৃপা কৰা গোপাল ভজিলো তুৱা পাৱে৷
সংসাৰ সাগৰ তৰো তুৱা নাম নাৱে৷৷৫৷৷
পদ৷৷
পাৰ্ব্বতীত শঙ্কৰে কহিলা নিষ্ঠ কৰি৷
হৰিৰ নামেসে জানা সংসাৰক তৰি৷৷
সৰ্ব্বক্ষণে হৰিগুণ নামক ভাৱিবা৷
হৰিনাম বিনা চিত্ত আনত নিদিবা৷৷৫০৷৷
সিজে পুণ্যচয় হৰিনামৰ লগত৷
পাসৰিলে লাগ লৱৈ পাতক সমস্ত৷৷
যত পুণ্যচয় হৰিনামৰ কিঙ্কৰ৷
তাক পাসৰিলে পাপ হোৱৈ বহুতৰ৷৷৫১৷৷
পাচে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণে৷
মনুষ্যৰ পাপ নাই বিষ্ণুক স্মৰণে৷৷
যতেক মনুষ্য কেৱে নুপূজৈ দেৱক৷
হৰি স্মৰি ভৈল সৱে হৰিৰ সেৱক৷৷৫২৷৷
মনত গুণন্তদেৱে কৰি হৃদিখেদ৷
কেনমতে হৰিৰ ভকতি হোৱৈ ছেদ৷৷
আহ্মাক নুপূজৈ কেৱে পৃথিৱী মণ্ডলে৷
আহ্মাক ছড়ায়া সৱে বৈকুণ্ঠক চলে৷৷৫৩৷৷
নপাওঁ যজ্ঞভাগ আমি দেৱ ভৈলো কিক৷
আহ্মাৰ দেৱতা পদ আছে ধিক ধিক৷৷
আৱে হেন বোলো সৱে দেৱগণ আসা৷
সৱে মিলি মাধৱক কৰোহো উপাসা৷৷৫৪৷৷
শঙ্কৰে বোলন্ত মই কৃষ্ণতো অধিক৷
হৈবো বুলি মনে কৰো তানে ভকতিক৷৷
যতেক ত্ৰিদশ কোটি দেৱ আছে মানে৷
বিষ্ণুক পূজিবে লাগিলেক থানে থানে৷৷৫৫৷৷
ৰহোক আহ্মাৰ ভিক্ষা মনুষ্য লোকত৷
দিয়োক জীৱিকা প্ৰভু ভৈলোহো ভকত৷৷
যজ্ঞভাগ ভুঞ্জিবাক নপাওঁ আমি কেৱ৷
ৰাখিয়ো জীৱিকা তযু পাৱে কৰো সেৱ৷৷৫৬৷৷
ত্ৰিদশৰ ভকতিত তুষ্ট ভৈলা হৰি৷
আগতে দিলন্ত দেখা দিব্যৰূপ ধৰি৷৷
পৰম মধুৰ মূৰ্ত্তি কোটি সূৰ্য্য সম৷
মুখে মৃদু হাস্য জগতৰে মনোৰম৷৷৫৭৷৷
চতুৰ্ভুজ শঙ্খ-চক্র-গদা-পদ্মপাণি৷
দেৱক সম্বোধি হেন বুলিলন্ত বাণী৷৷
তুষ্ট ভৈলো আমি কৰিবোহো উপকাৰ৷
আপুনি মনুষ্য হৈয়া হৈবো অৱতাৰ৷৷৫৮৷৷
তোমৰাসৱক পূজা কৰিবো বিশেষ৷
তেৱেসে পূজিবে নৰে পায়া উপদেশ৷৷
দেৱক পূজিবো যজ্ঞ কৰিবো বহুত৷
তেৱে মোৰ নামধৰ্ম্ম হৈবেক গুপুত৷৷৫৯৷৷
এহি বুলি ত্ৰিদশক ভকত বৎসলে৷
বহুবিধ ৰূপ ভৈলা পৃথিৱী মণ্ডলে৷৷
ৰঘুকুলে ৰামচন্দ্ৰ ভৈলা অৱতাৰ৷
যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ৷৷৬০৷৷
শ্ৰাদ্ধে পিতৃগণক কৰিলা মন তোষ৷
ব্ৰাহ্মণকো দান দিয়া কৰিলা সন্তোষ৷৷
দ্বাপৰ যুগত যদুকুলে অৱতৰি৷
কৃষ্ণৰাম ৰূপে পৃথিৱীৰ ভাৰ হৰি৷৷৬১৷৷
দেৱ ব্ৰাহ্মণক পূজা কৰিলা অশেষ৷
সকল জগতে লৈল কৃষ্ণ উপদেশ৷৷
কৃষ্ণৰ প্ৰসাদে ভৈল দেৱৰ সম্পত্তি৷
বোলা হৰি হৰি আৱে হৌক সদগতি৷৷৬২৷৷
৷৷ষষ্ঠ কীৰ্ত্তন৷৷
ঘোষা৷৷
ভাই ৰামনাম জপ ভাই ৰামনাম জপ৷
ইহাৰ সমান নুহি তন্ত্ৰ মন্ত্ৰ তপ১৭৫৷৷৬৷৷
পদ৷৷
শুনিয়ো পাৰ্ব্বতী মঞি পূজিলো হৰিক৷
মনে হেন হৈবে সাধো কৃষ্ণতো অধিক৷৷
বহুবিধ ভকতি কৰিলো বাহিৰত৷
সদায় নুগুচৈ মোৰ কপট চিত্তত৷৷৬৩৷৷
কহিলো পাৰ্ব্বতী হৃদয়ৰ কথা ভাঙ্গি৷
নুগুচিল অহঙ্কাৰ মাধৱক লাগি৷৷
যদ্যপি কৰিলো মই কপট ভকতি৷
তথাপিতো তুষ্ট ভৈলা ত্ৰিজগত পতি৷৷৬৪৷৷
কিনো দয়াময় প্ৰভু ভকত বৎসল৷
কপট সেৱাত মোৰ কৰিলা কুশল৷৷
দিব্যৰূপে দেখা মোক দিলন্ত মাধৱে৷
চাহিলো নয়ন ভৰি পৰম উৎসুকে৷৷৬৫৷৷
দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ৷
পাছে নাৰায়ণে মোক বুলিলা বচন৷৷
মোত কৰি তোহ্মাতে অধিক হৈবে মান৷
যেনমতে হৈবে তাৰ কহিবো কাৰণ৷৷৬৬৷৷
তোহ্মাক পূজিবো মই পৃথিৱীক গৈয়া৷
তযু যশ বঢ়াইবো তোহ্মাতে বৰ লৈয়া৷৷
দ্বাপৰ যুগত আদি ত্ৰেতাৰ অন্তত৷
অৱতাৰ হৈবোহো আপুনি জগতত৷৷৬৭৷৷
আহ্মাৰ বচনে তুমি হেন কৰিয়োক৷
শাস্ত্ৰ কৰি মনুষ্যৰ লোভ বঢ়ায়োক৷৷
আগমত দেখায়োক সংসাৰৰ সুখ৷
তাক দেখি হোৱৈ যেন আহ্মাত বিমুখ৷৷৬৮৷৷
আহ্মাৰ ভকতি পন্থ সৱে হৌক ছন৷৷
আন দেৱ পূজাত সৱাৰো হৌক মন৷৷
আগম দেখায়া কৰা আহ্মাক গুপুত৷
তেৱেসে প্ৰজাৰ পুষ্টি হৈবেক বহুত৷৷৬৯৷৷
মাধৱৰ বাক্য হেন শুনিলোহো আমি৷
পাছে ভয় হুয়া হেন বুলিলো প্ৰণামি৷৷
সহস্ৰেক ব্ৰহ্মবধ যদি কৰৈ নৰে৷
তোহ্মাৰ সেৱায়ে তাকো তৰিবাক পাৰে৷৷৭০৷৷
যদিবা তোহ্মাক প্ৰভু কৰে অহঙ্কাৰ৷
সিটো পাতকৰ আৱে নেদেখো নিস্তাৰ৷৷
শত কোটি কল্প মানে নৰকত পচৈ৷
কদাচিটো সিটো মহাপাতক নুগুচৈ৷৷৭১৷৷
কি কৰি পৱিত্ৰ মঞি হৈবো নাৰায়ণ৷
সেই উপদেশ দিয়া পাতকনাশন৷৷
যদি হেন তোহ্মাক আগমে কৰো ছন৷
তেৱে মোৰ হুইবেক পাতক অমোচন৷৷৭২৷৷
মাধৱে বোলন্ত শুনা শঙ্কৰ সম্প্ৰতি৷
মোৰ নাম লৈলে পাপ যাইবে অধোগতি৷৷
সহস্ৰেক নামে মোৰ পাতক তৰিবা৷
সৱাতো অধিক তুমি মোৰ প্ৰিয় হৈবা৷৷৭৩৷৷
কৰৈ মোৰ নামে তিনিলোকক পৱিত্ৰ৷
মুকুতি পদক দেই আত কোন চিত্ৰ৷৷
মোৰ নাম লৈলে মোৰ চৰণক পাৱে৷
পৰম ঐশ্বৰ্য্য দেওঁ যাক যিবা ভাৱে৷৷৭৪৷৷
জানিবা শঙ্কৰ মোৰ বাক্য নুহি মিছা৷
মোৰ নাম লৈলে পাইবা মনে যেন ইছা৷৷
সহস্ৰেক নাম পাছে আহ্মাৰ আগত৷
কহিলা সকলে হৰি কৰিয়া বেকত৷৷৭৫৷৷
শুনিলো প্ৰভুৰ মুখে সহস্ৰেক নাম৷
ধৰিলো নিশ্চয় কৰি পূৰ্ণ ভৈল কাম৷৷
সেহি সহস্ৰেক নাম জপো মঞি মনে৷
কহিলো ৰহস্য তুমি ভাৰ্য্যাৰ কাৰণে৷৷৭৬৷৷
ৰত্নাকৰ কন্দলি কহিলা যেন সাৰ৷
ৰামনাম বিনা নাই সংসাৰ নিস্তাৰ৷৷
জানিয়া যতনে মাধৱৰ নাম ধৰা৷
ৰামনাম ভাৱিয়া সংসাৰ সুখে তৰা৷৷৭৭৷৷
৷৷ সহস্ৰনাম-বৃত্তান্ত সমাপ্ত৷৷১৷৷