পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন

৷৷পৰিশিষ্ট-২৷৷

৷৷উৰেষা-বৰ্ণন৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

জয় জয় জগন্নাথ প্ৰণামো ৰাম৷৷৭৷৷

পদ৷৷

নমো নামো জগন্নাথ ভকতৰ নিধি৷

হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি৷৷

উৰেষাৰ কীৰ্ত্তনক শুনিয়ো লোকাই৷

শঙ্কৰে ৰচিলা ব্ৰহ্ম পুৰাণক চাই৷৷৭৮৷৷

মুনিগণে ব্ৰহ্মাত পুছিলা প্ৰণিপাত৷

ক্ষেত্ৰৰ মহিমা আৱে কহিয়ো আহ্মাত৷৷

কিবা হেতু ইন্দ্ৰদ্যুম্ন ৰাজা শুদ্ধচিত্তে৷

কৰিলন্ত অশ্বমেধ উৰেষাপুৰীতে৷৷৭৯৷৷

বন্ধাইল অদ্ভূত দৌল আশ্চৰ্য্য মহিমা৷

ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইলা প্ৰতিমা৷৷

কিবা হেতু দৌলত থাপিলা নৰেশ্বৰ৷

সমস্তে বৃত্তান্ত কহিয়োক সৃষ্টিকৰ৷৷৮০৷৷

ব্ৰহ্মায়ে বোলন্ত শুনা মুনিগণ যত৷

আছিল অৱন্তীপুৰী মালৱ দেশত৷৷

তাহাৰ মহিমা মই কি কৈবো সম্প্ৰতি৷

ইন্দ্ৰৰ নগৰ যেন দুতি অম্ৰাৱতী৷৷৮১৷৷

সেহি নগৰত ইন্দ্ৰদ্যুম্ন মহাৰাজা৷

ধৰ্ম্মপথে থাপিলন্ত পৃথিৱীৰ প্ৰজা৷৷

দানী মানী সত্যবাদী সৰ্ব্ব গুণাকৰ৷

প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ৷৷৮২৷৷

পৃথিৱীত নাহি ৰাজা তাহান সমান৷

যজিল বিবিধ যজ্ঞ দিলা মহা দান৷৷

সুৱৰ্ণ মাণিক গ্ৰাম গজ বাজী ৰথ৷

নিৰন্তৰে বিপ্ৰৰ পূৰিলা মনোৰথ৷৷৮৩৷৷

এহিমতে পৃথিৱীক পালন্ত নৃপতি৷

দিনেক তাহান হেন উপজিলা মতি৷৷

কোন কৰ্ম্মে আৱে আৰাধিৱো জগন্নাথ৷

এহি বুলি শাস্ত্ৰ বিচাৰিলা নৰনাথ৷৷৮৪৷৷

আগম পুৰাণ বেদ বেদান্ত যতেক৷

গুৰু মুখে জানিলন্ত তত্ত্বক প্ৰত্যেক৷৷

মুকুতি ইছায়ে এড়িলন্ত ভ্ৰান্তি জ্ঞান৷

কিমতে আৰাধো হৰি মনে কৰে ধ্যান৷৷৮৫৷৷

নাহিকে নিস্তাৰ আউৰ মাধৱত পৰে৷

শঙ্খ চক্র গদা পদ্ম যাৰ চাৰি কৰে৷৷

পদ্মপত্ৰ সম চাৰু লোচন আয়ত৷

গলে বনমালা শোভৈ কৌস্তুভ কণ্ঠত৷৷৮৬৷৷

শিৰত কিৰীটি কৰে কঙ্কণ কেয়ূৰ৷

মকৰ কুণ্ডল জ্বলে পাৱত নূপুৰ৷৷

শ্যামল শৰীৰ পীত বস্ত্ৰে কৰৈ কান্তি৷

হিয়াত প্ৰকাশৈ আতি শ্ৰীবৎসৰ পান্তি৷৷৮৭৷৷

হেন মাধৱক আৱে আৰাধো কিমতে৷

এহি বুলি বাঝ ভৈলা নগৰৰ হন্তে৷৷

ভণিল শঙ্কৰে কৃষ্ণচৰণত ধৰি৷

সমজ্যাৰ সৰ্ব্বজনে বোলা হৰি হৰি৷৷৮৮৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ৷৷৮৷৷

পদ৷৷

ৰাজা যান্ত মন্ত্ৰী পাত্ৰ পুৰোহিত৷

চতুৰঙ্গ দলে লাগ লৈলেক ত্বৰিত৷৷

অসংখ্যাত ৰথ যূথেযূথে যায় চলি৷

বাৰু খাণ্ডা ধৰি ধাৱে যত মহাবলী৷৷৮৯৷৷

সীমাসংখ্যা নাহি লগে লড়ে যত ঘোড়া৷

প্ৰমত্ত হস্তীৰ কোনে কহিবেক ওৰা৷৷

কৰ্ণে তাল মাৰে শুনি ঘণ্টাৰ আস্ফাল৷

প্ৰজাৰ ভিৰত যেন যায় ভূমিচাল৷৷৯০৷৷

অন্তেষপুৰত যত নাৰীগণ মানে৷

ৰাজাৰ লগত যায় বহুবিধ যানে৷৷

দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু৷

বেঢ়ি বীৰগণ যায় কৰে ধৰি ধনু৷৷৯১৷৷

বাজে বাদ্য বিৱিধ টবল টমকিল৷

যতেক বৃত্তিয়া মানে লগতে লড়িল৷৷

তেলী মালী শিলাকুটী বণিয়া সূতাৰ৷

চৰ্ম্মকাৰ চঁড়াল কমাৰ কুম্ভকাৰ৷৷৯২৷৷

চিত্ৰকাৰ কংসাৰ কুন্দাৰ বৈদ্য যত৷

অনেক কায়স্থ যায় ৰাজাৰ লগত৷৷

নট ভাট নৰ্ত্তকী গায়ন অপৰ্য্যন্ত৷

বিপ্ৰগণ নৃপতিৰ লগত চলন্ত৷৷৯৩৷৷

পৃথিৱীত যতেক বৃত্তিয়াগণ আছে৷

চৌত্ৰিশ জাতিয়ো যায় নৃপতিৰ পাছে৷৷

পিতৃ আগ কৰি যেন চলে পুত্ৰচয়৷

এহিমতে গৈল ইন্দ্ৰদ্যুম্ন মহাশয়৷৷৯৪৷৷

পাইলন্ত দক্ষিণ সাগৰৰ গৈয়া তীৰ৷

ঢউগণ নাচে যেন অগাধ গম্ভীৰ৷৷

হৰিৰ শয়ন স্থান নদনদী পতি৷

যাক দৰশনে পায় পৰম মুকুতি৷৷৯৫৷৷

আছৈ ভয়ঙ্কৰ মৎস্য কছপ বহুল৷

কুম্ভীৰ মগৰ মৎস্যে কৰৈ হুলস্থল৷৷

সৰ্ব্ব পাপহৰ ৰম্যকৰ তীৰ্থৰাজ৷

দেখিয়া বোলন্ত ৰাজা ঐত মোৰ কাজ৷৷৯৬৷৷

কৰিলা নিৱাস পায়া মনোহৰ স্থানে৷

দেখিয়া তহিত পৃথিৱীৰ গুণমানে৷৷১৭৯

বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত৷

নানাবিধ পক্ষী ৰাৱ তেজৈ সুললিত৷৷৯৭৷৷

বিচিত্ৰ বিৱিধ মৃগগণ চড়ৈ তাতে৷

অনেক দন্তাল আছে নন্দন বনতে৷৷

চাৰু সৰোবৰক পঙ্কজে আছৈ ৰঞ্জি৷

ৰাজহংসে ভূঞ্জৈ তাত মৃণাল উভঞ্জি৷৷৯৮৷৷

পৰ্ব্বত যতেক আছৈ দেখি মনোহৰ৷

উচ শিখৰৰ পৰা বহৱৈ নিৰ্ঝৰ৷৷

তেজৈ নাদ কোকিলে ময়ূৰে কাঢ়ৈ ৰাৱ৷

বৃক্ষে পথুকক যেন দেয় হাতবাৱ৷৷৯৯৷৷

দীৰ্ঘে দশ যোজন পথালি পাঞ্চ সীমা৷

কি কহিবো সিটো মহা ক্ষেত্ৰৰ মহিমা৷৷

পৰম আশ্চৰ্য্যময় মনোহৰ থান৷

ইন্দ্ৰদ্যুম্ন নৃপতি দেখিলা বিদ্যমান৷৷১০০৷৷

দুনাই মুনিগণে পাছে পুছিলা ব্ৰহ্মাত৷

পূৰ্ব্বত প্ৰতিমা কিয় নাছিল তথাত৷৷

কৰিয়ো সংশয় ছেদ প্ৰভু প্ৰজাপতি৷

বোলা হৰি হৰি পাপ যাউক অধোগতি৷৷১০১৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম ৰাম বোলা তাৱে৷

যমে নতুধৰে যাৱে৷৷৯৷৷

পদ৷৷

ব্ৰহ্মায়ে বোলন্ত শুনিয়ো কথা৷

যি কাৰ্য্যে প্ৰতিমা নাছিল তথা৷৷

পূৰ্ব্বত মেৰুৰ শিখৰে হৰি৷

বসিয়া আছন্ত আনন্দ কৰি৷৷১০২৷৷

প্ৰণামি জানুশিৰে লক্ষ্মী মাৱে৷

কৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে৷৷

কোন কৰ্ম্মভূমি মনুষ্য লোকে৷

সদায়ে আক নেৰৈ দুঃখে শোকে৷৷১০৩৷৷

কোন কৰ্ম্মে পাৱে সংসাৰ পাৰ৷

কহিয়ো মোত কিবা ধৰ্ম্ম সাৰ৷৷

কৰুণা আছে দাসী বুলি যদি৷

গুচায়ো আমাৰ সংশয় ছেদি৷৷১০৪৷৷

মাধৱে বোলন্ত শুনিয়ো প্ৰিয়া৷

আহ্মাৰ কথাত কৰিয়ো হিয়া৷৷

আছে মহাক্ষেত্ৰ কৈলো তোহ্মাত৷

পুৰুষোত্তম নামে প্ৰখ্যাত৷৷১০৫৷৷

সংসাৰক তৰৈ তাত নিৱাসে৷

হোৱয় সিদ্ধি আতি অপ্ৰয়াসে৷৷

কীৰ্ত্তনতে যাৰ পাপ পলাই৷

তিনিও লোকে তাৰ সম নাই৷৷১০৬৷৷

নজানৈ তাক দেৱ সিদ্ধ মুনি৷৷

গুপুত কৰিয়া আছো আপুনি৷৷

আজিসে তোহ্মাত কৰো বেকত৷

শুনা সাৱধানে তাৰ মহত৷৷১০৭৷৷

ব্ৰহ্মাক মহাপ্ৰলয়ৰ অন্তে৷

স্ৰজিলো নাভিকমলৰ হন্তে৷৷

উপজি মোতে পাছে সৃষ্টিকৰে৷

স্ৰজিল চৰাচৰ নিৰন্তৰে৷৷১০৮৷৷

জগত নিৰ্ম্মিয়া কৰিলা ধ্যান৷

তেখনে তান ভৈলো বিদ্যমান৷৷

সজল মেঘ শৰীৰৰ কান্তি৷

হিয়াত প্ৰকাশৈ শ্ৰীবৎসপান্তি৷৷১০৯৷৷

তনুক ৰঞ্জৈ আতি পীত বস্ত্ৰ৷

হাতত চক্র ধৰি আছে অস্ত্ৰ৷৷

কমললোচন মুখ প্ৰসন্ন৷

দেখি ব্ৰহ্মা উঠি দিলা আসন৷৷১১০৷৷

অক্ষতে অৰ্ঘ্যে পূজি প্ৰজাপতি৷

কৰিলা আহ্মাক অনেক স্তুতি৷৷

ব্ৰহ্মাক পাছে দিলো সমিধান৷

কি কাৰ্য্যে আহ্মাক কৰিলা ধ্যান৷৷১১১৷৷

হেন শুনি ব্ৰহ্মা মাতিলা পাছে৷

কোন মুখ্য সাধ্য লোকৰ আছে৷৷

বিনা যজ্ঞ যোগ ব্ৰত নিয়ম৷

নকৰি তপ তীৰ্থ পৰিশ্ৰম৷৷১১২৷৷

পাইবেক মহাসিদ্ধি অপ্ৰয়াসে৷

কহিয়ো আহ্মাত জগনিৱাসে৷৷

কোন বা উত্তম ক্ষেত্ৰ তোহ্মাৰ৷

বোলা হৰি হৰি তৰা সংসাৰ৷৷১১৩৷৷

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷

গোপাল গৰুড়কেতু প্ৰণামো চৰণে৷

নিয়োক নিস্তাৰি হৰি পশিলো শৰণে৷৷১০৷৷

পদ৷৷

হেন শুনি দিলো পাছে ব্ৰহ্মাক উত্তৰ৷

মোহোৰক্ষেত্ৰৰ কথা শুনা সৃষ্টিকৰ৷৷

জগততে কৰি মঞি যিহেতু উত্তম৷

সি কাৰণে নাম মোৰ পুৰুষোত্তম৷৷১১৪৷৷

ভৈলো সিটো ক্ষেত্ৰে মঞি আপুনি সাক্ষাত৷

পুৰুষোত্তম নামে ক্ষেত্ৰ তাতেসে প্ৰখ্যাত৷৷

বিনা যজ্ঞ দান তপ যোগৰ যুগুতি৷

চাৰিও বৰ্ণক দেয় ভুকুতি মুকুতি৷৷১১৫৷৷

সিটো মহাক্ষেত্ৰ দশ যোজন প্ৰকট৷

দক্ষিণ সাগৰ তীৰে আছৈ সিদ্ধ বট৷৷

যাৰ ছায়া পৰশনে হোৱৈ মহোদয়৷

দৰশন মাত্ৰে ব্ৰহ্মহত্যা হোৱৈ ক্ষয়৷৷১১৬৷৷

প্ৰদক্ষিণ কৰি যিটো কৰৈ নমস্কাৰ৷৷

মোৰ থান পাৱৈ কৰি পুৰুষ উদ্ধাৰ৷৷

প্ৰলয়তো নাহি সিটো বটৰ বিনাশ৷

সেই থানে বটৰ উত্তৰ দিশপাশ৷৷১১৭৷৷

দিব্য দৌল আছে তাৰ কি কৈবো মহিমা৷

বৈদুৰ্য্যৰ আছে তাত আহ্মাৰ প্ৰতিমা৷৷

অপ্ৰয়াসে তাকে চাই পাৱৈ মহোদয়৷

পাপী নৰো চলি যায় বিষ্ণুৰ নিলয়৷৷১১৮৷৷

হেন দেখি১৮৩ যম ৰাজা কৰিলা গমন৷

বটৰ নিকটে মোক পাইলা দৰশন৷৷

প্ৰণামিয়া শিৰে বুলিলন্ত স্তুতিবাণী৷

নমো নমো জগন্নাথ দেৱ চক্রপাণি৷৷১১৯৷৷

নমো নমো জ্যোতিঃফল দেৱ সনাতন৷

সৰ্ব্বব্যাপী পুৰুষ পৰম নিৰঞ্জন৷৷

বহুবিধ স্তুতি কৰি কৰন্ত প্ৰণাম৷

মঞি বোলো যম কহ সাধো কোন কাম৷৷১২০৷৷

যম ৰাজা বোলে ইটো ক্ষেত্ৰ মাজে সাৰ৷

ইন্দ্ৰনীলময় আতে প্ৰতিমা তোহ্মাৰ৷৷

পাপী বা অপাপী তাক অপ্ৰয়াসে চাৱে৷

তোহ্মাৰ প্ৰসাদে স্থান শ্বেতদ্বীপে পাৱে৷৷১২১৷৷

মোৰ অধিকাৰ ভৈল সকলে লুপুত৷

হেন জানি প্ৰতিমাক কৰিয়ো গুপুত৷৷

পাছে ময়ো যমৰায়ৰ বচনত থাকি৷

পুতি থৈলো প্ৰতিমাক বালুকায়ে ঢাকি৷৷১২২৷৷

পাছে ইন্দ্ৰদ্যুম্নে তৈতে অশ্বমেধ যজি৷

কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্ত্তি সাজি৷৷

দিব্য দৌল বান্ধি যেনমতে পূজিলন্ত৷

লক্ষ্মীত কহিলা হৰি সকল বৃত্তান্ত৷৷১২৩৷৷

ব্ৰহ্মাত পুছিলা মুনিসকলে দুনাই৷

ক্ষেত্ৰে গৈয়া কি কৰিলা ইন্দ্ৰদ্যুম্ন ৰায়৷৷

কহিয়ো হৰিষে শুনোহো পাছ কথা৷

বোলা ৰাম ৰাম জন্ম নকৰিয়ো বৃথা৷৷১২৪৷৷

৷৷পঞ্চম কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰি ৰাম হৰি ৰাম ঘুষিয়ো ভাই৷

পাপ সাগৰে আন গতি নাই৷৷১১৷৷

পদ৷৷

বোলন্ত ব্ৰহ্মা শুনা সমুদায়৷

ক্ষেত্ৰক পাইল ইন্দ্ৰদ্যুম্ন ৰায়৷৷

দেখিল স্থান আতি অনুপাম৷

আছন্ত তীৰ্থ মহানদী নাম৷৷১২৫৷৷

লোকৰ কৰিয়া পাপ উপান্ত৷

দক্ষিণ সাগৰক বহি যান্ত৷৷

গঙ্গাৰ সমান তীৰ্থ বিশেষ৷

দুয়ো কুলে আছৈ অনেক দেশ৷৷১২৬৷৷

হৃষ্টপুষ্ট লোক তৈত সদায়৷

বসনে ভূষণে ভূষিত কায়৷৷

বেদবিদ বিপ্ৰ আছৈ অপাৰ৷

প্ৰত্যহে অগ্নিহোত্ৰ সিজৈ তাৰ৷৷১২৭৷৷

সদায় নুগুচৈ শাস্ত্ৰ আলাপ৷

বেদধ্বনি শুনি পলাৱৈ পাপ৷৷

ক্ষেত্ৰত আছয় যত নাৰীগণ৷

সৱাৰো গাৱে শোভৈ আভৰণ৷৷১২৮৷৷

আয়ত লোচন পদ্মৰ পাসি৷

নুগুচৈ মুখত ঈষত হাসি৷৷

ৰূপে বিদ্যাধৰী সম সাক্ষাত৷

কৰন্ত লয়লাসে আয়াযাত৷৷১২৯৷৷

অনেক তপস্বী তপ আচৰৈ৷

সন্ন্যাসীসৱে বসি ধ্যান কৰৈ৷৷

ব্ৰহ্মচাৰীসৱো ভ্ৰমন্ত তথা৷

ক্ষেত্ৰৰ কহিবো কত ব্যৱস্থা৷৷১৩০৷৷

পৰম দুৰ্ল্লভ ক্ষেত্ৰক পাই৷

গুণন্ত পাছে ইন্দ্ৰদ্যুম্ন ৰায়৷৷

ঐত আৰাধিবো বিষ্ণুক আমি৷

পৰমপুৰুষ জগতস্বামী৷৷১৩১৷৷

তাহান পৰম ক্ষেত্ৰ প্ৰকট৷

তহিতে আছে কল্পবৃক্ষ বট৷৷

যাক পূজি পাৱৈ জন্মৰ সীমা৷

নাহিকে বিষ্ণুৰ ঐত প্ৰতিমা৷৷১৩২৷৷

বান্ধিবো দৌল কৰি মহাযত্ন৷

একস্থান কৰি সুৱৰ্ণ ৰত্ন৷৷

যজিবো যজ্ঞ দিয়া মহাদান৷

হোৱন্ত হৰি যেন বিদ্যমান৷৷১৩৩৷৷

থাপিবোহো দৌলে তাঙ্ক আপুনি৷

এহিমতে ৰাজা মনত গুণি৷৷

আনিয়া দৈৱজ্ঞ বিপ্ৰ প্ৰধান৷

নিৰ্ণয় কৰিলা দৌলৰ থান৷৷১৩৪৷৷

শুভ দিন শুভ যোগ বিচাৰি৷

থৈলন্ত পূৰ্ণ কুম্ভ শাৰী শাৰী৷৷

বৱাইলা মাঙ্গল্য বাদ্য অনেক৷

বেদক ঘোষন্ত বিপ্ৰ যতেক৷৷১৩৫৷৷

পূজিয়া পৱিত্ৰ কৰিয়া থান৷

দিলন্ত ৰাজা পাছে অৰ্ঘ্য দান৷৷

মিলিল উৎসৱ ক্ষেত্ৰক ভৰি৷

পলাওক পাপ বোলা হৰি হৰি৷৷১৩৬৷৷

৷৷ষষ্ঠ কীৰ্ত্তন৷৷

ঘোষা৷৷

জয় গোৱিন্দ দয়াশীল জয় জগন্নাথ৷

মাধৱ প্ৰণামো ভূমিত থৈয়া মাথ৷৷১২৷৷

পদ৷৷

অনন্তৰে ইন্দ্ৰদ্যুম্ন ৰাজা ৰাজেশ্বৰ৷

কলিঙ্গপতিক মাতি দিলন্ত উত্তৰ৷৷

বিন্ধ্য পৰ্ব্বতক যাহা ৰাজাগণ লই৷

ভদ্ৰতৰ শিলাক শকটে আনা বই৷৷১৩৭৷৷

দৌল সাজি দেৱতাক থাপিবো সম্প্ৰতি৷

হেন শুনি চলি গৈল কলিঙ্গ নৃপতি৷৷

মন্ত্ৰীক মাতিয়া পাছে ৰাজা আদেশয়৷

চাৰিও দিশক লাগি পাঞ্চা দুতচয়৷৷১৩৮৷৷

আনোক হাঙ্কাৰি ৰাজাগণ নিৰন্তৰ৷

চতুৰঙ্গ সেনা লৈয়া আসোক সত্বৰ৷৷

ৰাজৰ আদেশ কহি পৰ্য্যটিল দূত৷

চাৰিও দিশৰ ৰাজা আসিল বহুত৷৷১৩৯৷৷

হেন দেখি ইন্দ্ৰদ্যুম্ন মহা তুষ্টমন৷

সৱ নৃপতিক চাহি বুলিলা বচন৷৷

ইটো মহাক্ষেত্ৰ ভূমি মুকুতি কাৰণ৷

আতে অশ্বমেধে যজিবোহো নাৰায়ণ৷৷১৪০৷৷

বান্ধি দৌল দেৱ থাপিবোহো যেন বিধি৷

কেনমতে মোৰ ইটো কাৰ্য্য হোৱৈ সিদ্ধি৷৷

তুমিসৱ হোৱা আৱে সহায় আহ্মাৰ৷

হৈবো বুলি সৱেও কৰিলা অঙ্গীকাৰ৷৷১৪১৷৷

সুৱৰ্ণ মাণিক মণি মুকুতা অপাৰ৷

গজ বাজী ৰথ যতেক সম্ভাৰ৷৷

ভক্ষ্য ভোজ্য যজ্ঞত লাগিবে যত যত৷

দিল ৰাজাগণে ইন্দ্ৰদ্যুম্নৰ আগত৷৷১৪২৷৷

দেখি ৰাজা ৰত্নময় যজ্ঞৰ সম্ভাৰ৷

আনিলন্ত বিপ্ৰ ঋষি তপস্বী অপাৰ৷৷

উপাধ্যায় আচাৰ্য্য সদস্য পাত্ৰঝাক৷

দেখি পুৰোহিতক বুলিলা ৰাজা বাক৷৷১৪৩৷৷

বিপ্ৰ ঋষিগণ সমে চলিয়োক তুমি৷

নিৰ্মিয়োক সৱে গৈয়া মহাযজ্ঞ ভূমি৷৷

শুনি পুৰোহিত গৈয়া অনেক যতনে৷

সাজিলন্ত বেদীখণ্ড সুৱৰ্ণ ৰতনে৷৷১৪৪৷৷

ৰত্নময় প্ৰাসাদ সজাইলা একশত৷

সুৱৰ্ণ ৰচিত স্তম্ভ লগাইল গৃহত৷৷

ঠাই ঠাই পোতাইলন্ত বৃহত তোৰণ৷

মণি মুকুতাৰ মালা কৰি আভৰণ৷৷১৪৫৷৷

ব্ৰাহ্মণক লাগি গৃহ সজাইল অপাৰ৷

ভক্ষ্য ভোজ্য পঞ্চামৃত মিলাইল সম্ভাৰ৷৷

অনেক নৃপতি ব্ৰাহ্মণৰ ধৰৈ আল৷

স্বৰ্গক লন্দ্ৰিল গৈয়া বাদ্যৰ ঘঞ্চাল৷৷১৪৬৷৷

সুৱৰ্ণ বিনাই আন নাহিকে ভাজন৷

দেখি ইন্দ্ৰদ্যুম্নৰ আনন্দ ভৈল মন৷৷

আৰম্ভিল যজ্ঞ যেন বিধি ব্যৱহাৰ৷

হৰি হৰি বুলি তৰা দুৰ্ঘোৰ সংসাৰ৷৷১৪৭৷৷

৷৷সপ্তম কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰি গোৱিন্দ কৃষ্ণ জয় জগন্নাথ৷৷১৩৷৷

পদ৷৷

যজন্ত বেড়ি যত ব্ৰহ্মঋষি৷

কৃষ্ণক অৰ্চন্ত ৰাজা হৰিষি৷৷

কৰিলন্ত হোম কোটি প্ৰমাণ৷

ৰথ গজ বাজী দিলন্ত দান৷৷১৪৮৷৷

কোটি কোটি ৰথ গ্ৰাম নগৰ৷

দাসী দাস ধেনু বৃষ বিস্তৰ৷৷

যেহি লাগে খোজে যতেক প্ৰজা৷

নাহিকে নেদো নোবোলন্ত ৰাজা৷৷১৪৯৷৷

পুৰিল মনোৰথ সমস্তৰ৷

হৃষ্টপুষ্ট ভৈল সমস্তে নৰ৷

সকল ঋষিক বোলন্ত বাণী৷৷

প্ৰত্যেক্ষ যাৱে নোন্ত চক্রপাণি৷৷১৫০৷৷

প্ৰৱৰ্ত্তাৱা তৱে যজ্ঞ আমাৰ৷

এহি বুলি দান দেন্ত অপাৰ৷৷

কোনে কৰিবেক দানৰ সীমা৷

যজ্ঞৰ পৰম দেখি মহিমা৷৷১৫১৷৷

বিস্ময় ভৈল সুৰাসুৰ নাগে৷

উৎসৰ্গি ঘোড়া পাছে মহাভাগে৷৷

পুত্ৰগণ মাতি দিলা আদেশ৷

যজ্ঞৰ হয় ৰাখা দেশে দেশ৷৷১৫২৷৷

থানে থানে ৰচি সুৱৰ্ণ ৰত্নে৷

বিষ্ণুৰ দৌলক সজাইল যত্নে৷৷

কৰিল কৰ্ম্ম যত ৰাজসুত৷

বান্ধিল দৌল আতি অদভুত৷৷১৫৩৷৷

ৰাজায়ো দৌলক সুসাঙ্গ কৰি৷

চিন্তন্ত সদায়ে নিদ্ৰাক এড়ি৷৷

কিমতে বিষ্ণুৰ দেখা সাক্ষাত৷

বিষ্ণুৰ প্ৰতিমা পাইবো কোথাত৷৷১৫৪৷৷

কিমতে আৱে আৰাধিবো হৰি৷

প্ৰতিমা থাপো দৌলে কেন কৰি৷৷

একোমতে তুষ্টি নাহিকে মন৷

নকৰে নৃপতি স্নান ভোজন৷৷১৫৫৷৷

পৰম চিন্তায়ে আকুল ভৈলা৷

বিষ্ণুক পাছে অৰ্চিবাক লৈলা৷

পঞ্চৰাত্ৰবিধি কৰিয়া পূজা৷

কৰন্ত স্তুতি ইন্দ্ৰদ্যুম্ন ৰাজা৷৷১৫৬৷৷

নমো বাসুদেৱ মোক্ষ কাৰণ৷

সংসাৰত মোক কৰা তৰণ৷৷

নমো মাধৱক দৱাঁয়া মাথ৷

ত্ৰাহি ত্ৰাহি বিষ্ণু জগতনাথ৷৷১৫৭৷৷

ত্ৰাহি নৰসিংহ দৈত্যসংহাৰী৷

যিমতে আনিলা ভূমি উদ্ধাৰি৷৷

সেহিমতে মোক কৰা উদ্ধাৰ৷

বৰাহ বিষ্ণুক নতি আহ্মাৰ৷৷১৫৮৷৷

বলদেৱ আদি মূৰ্ত্তি যতেক৷

গৰুড় প্ৰমুখ্যে অঙ্গ অনেক৷৷

সৱাকো কৰো মঞি নমস্কাৰ৷

হৰি হৰি বুলি হুয়ো নিস্তাৰ৷৷১৫৯৷৷

৷৷অষ্টম কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰি ত্ৰাহি কৰুণাসিন্ধু৷

গোৱিন্দ জগতবন্ধু৷৷১৪৷৷

পদ৷৷

মায়াতেসে দেখয় বিৱিধ পৰিছেদ৷

স্বৰূপত তোহ্মাৰ নাহিকে কিছু ভেদ৷৷

চৈতন্যস্বৰূপ ব্যাপি এক নিৰঞ্জন৷

তোহ্মাক বুলিবে দ্বৈত কোন অজ্ঞজন৷৷১৬০৷৷

নিশ্চল নিৰ্ম্মল সূক্ষ্মৰূপ যিটো স্বামী৷

দেৱে যাক নজানন্ত কেনে জানো আমি৷৷

অপৰ তোহ্মাৰ ৰূপ যাৰ ভূজ চাৰি৷

পীত বস্ত্ৰে শোভে শঙ্খ চক্র গদাধাৰী৷৷১৬১৷৷

পিন্ধি আছা ৰত্নময় কুমুতাৰ হাৰ৷

হিয়াত শ্ৰীবৎস গলে বনমালা যাৰ৷৷

সেহিসে মূৰ্ত্তিক আৰাধন্ত দেৱগণে৷

তাকেসে ভকতজনে চিন্তে সৰ্ব্বক্ষণে৷৷১৬২৷৷

বিষয়সাগৰে মজো কমললোচন৷

ভকত অভয়দাতা কৰিয়ো মোচন৷৷

তুমি ব্যতিৰেকে আন নেদেখো কাৰণ৷

শ্ৰীমধুসূদন প্ৰভু হুয়োক প্ৰসন্ন৷৷১৬৩৷৷

নানাবিধ ব্যাধি জড়া শোকে মোক পীড়ৈ৷

কৰ্ম্মপাশে বদ্ধ ভৈলো লোভ মোহ নেড়ৈ৷৷

সংসাৰসাগৰে জল বিষয়ৰ ক্লেশ৷

ইন্দ্ৰিয় আৱৰ্ত্ত গ্ৰাহ ভৈল ৰাগদ্বেষ৷৷১৬৮৷৷

শোকতৃষ্ণাউৰ্মিক দেখন্তে চমৎকাৰ৷

অত্যন্ত চঞ্চল অণুমাত্ৰো নুহি সাৰ৷৷

মায়ায়ে মোহিল হেন সংসাৰত আতি৷

চিৰকালে ভ্ৰমো প্ৰভু হুয়া নানা জাতি৷৷১৬৫৷৷

লভিলোহো জন্ম প্ৰভু অসংখ্য প্ৰমাণ৷

পঢ়িলোহো বেদশাস্ত্ৰ অনেক পুৰাণ৷৷

অসন্তোষ সন্তোষকো লভিলো অপাৰ৷

ক্ষয় বৃদ্ধি উদয়কো পাইলো বাৰম্বাৰ৷৷১৬৬৷৷

সংযোগ বিয়োগ শত্ৰু-মিত্ৰ বান্ধৱৰ৷

দেখিলো সংসাৰে পিতৃ-মাতৃক বিস্তৰ৷৷

সুখ দুঃখ অনুভৱ ভৈল অসংখ্যাত৷

পাইলো পুত্ৰ ভ্ৰাতৃ জ্ঞাতি অনেক ইহাত৷৷১৬৭৷৷

বিষ্ঠা মূত্ৰে পচিলো নাৰীৰ উদৰত৷

গৰ্ভবাস দুঃখ প্ৰভু পাইলো নানামত৷৷

জানিলোহো দুঃখ শিশু যুৱা বৃদ্ধকালে৷

মৰণপীড়াক প্ৰভু জানিলোহো ভালে৷৷১৬৮৷৷

যমপুৰে যেন দুঃখ পাইলো সমস্তকে৷

জানিলো যাতনা যেন চৌৰাশী নকৰে৷৷

কৃমি কীট হস্তী ঘোৰা মৃগ বৃক্ষ পক্ষী৷

গৰু উট মহিষ পশুক যত দেখি৷৷১৬৯৷৷

দ্বিজ শূদ্ৰ ধনী দুখী তপস্বী যতেক৷

ৰাজা ৰাজভৃত্য আনো মনুষ্য অনেক৷৷

সৱাৰো গৃহত বাৰে বাৰে ভৈলো জাত৷

অনেকৰ ভৈলো প্ৰভু ভৃত্য অসংখ্যাত৷৷১৭০৷৷

হওঁ কতো দৰিদ্ৰ ঈশ্বৰ অধিকাৰী৷

কতো মোক মাৰৈ কতো ময়ো আছো মাৰি৷৷

মঞি আনি কাটো কতো মোক ধৰি কাটে৷

ভণিল শঙ্কৰে ৰাম ৰাম বোলা ঝাণ্টে৷৷১৭১৷৷

৷৷নৱম কীৰ্ত্তন৷৷

ঘোষা৷৷ ও হৰি প্ৰভু জগন্নাথ

নিস্তাৰ কৰা দাৰুণ সংসাৰে৷

কৃষ্ণৰ চৰণ ছাড়ি আন গতি

নেদেখো হামাৰে৷৷১৫৷৷

পদ৷৷ পিতৃ মাতৃ ভ্ৰাতৃ ভাৰ্য্যাৰ সংযোগে

কতোহো মিলৈ সন্তোষ৷

তাহাৰ বিয়োগে কতো শোকে কন্দো

পায়া কতো অসন্তোষ৷৷

দেৱ মনুষ্যত পশু পতঙ্গত

জগত মধ্যত স্বামী৷

চৈধ্যয় ভুৱনে হেন থান নাহি৷

যৈক নতু যাওঁ আমি৷৷১৭২৷৷

কতো নৰকত থাকো কদাচিত

স্বৰ্গক কৰোহো গতি৷

মনুষ্যলোকত থাকো কতোবেলা

পশুৰো হওঁ সঙ্গতি৷৷

জলযন্ত্ৰ চক্রে জৰীবদ্ধ হুয়া

খণ্ড ঘট যেন মতে৷

কতো উৰ্দ্ধগতি কতো অধ যাই

কতোহো থাকো মধ্যতে৷৷১৭৩৷৷

কৰ্ম্মে বদ্ধ হুয়া সংসাৰ চক্রত

এহিমতে ভগৱন্ত৷

ভ্ৰমো চিৰকাল কদাচিতো মঞি

দুঃখৰ নেদেখো অন্ত৷৷

শোক মোহ তৃষ্ণা আকুল কৰয়

ভৈলো আতি অচেতন৷

কিবা কৰো আৱে একোকে নজানো

তোহ্মাত লৈলো শৰণ৷৷১৭৪৷৷

তোহ্মাৰ ভকত হওঁ যেৱে মঞি

জগন্নাথ কৃপা কৰা৷

সংসাৰসাগৰে মজিলো মাধৱ

আমাক প্ৰভু উদ্ধাৰা৷৷

তুমি ব্যতিৰেকে নাহি বন্ধু আন

যি মোৰ চিন্তা কৰয়৷

তুমি হেন যদি নাথ পাওঁ প্ৰভু

কহিতো নাহিকে ভয়৷৷১৭৫৷৷

তুমি জগদ্ধাতা তোহ্মাৰ চৰণে

ভকতি নভৈল যাৰ৷

তাৰ কুল শীল বিদ্যা ব্যৰ্থ সৱে

কি কৰে জীৱন ছাৰ৷৷

যিটো মোহ হুয়া তোহ্মাক নিন্দয়

অসুৰ স্বভাৱ পাই৷

উপজি উপজি নৰকত পড়ৈ

তাহাৰ নিস্তাৰ নাই৷৷১৭৬৷৷

যৈতে যৈতে গৈয়া জন্ম লভো মঞি

আপুন কৰ্মৰ গতি৷

তৈতে তৈতে হৰি তোহ্মাৰ চৰণে

থাকোক দৃঢ় ভকতি৷৷

দেৱাসুৰ নাগে তোহ্মাক আৰাধি

পাইলেক পৰম সিদ্ধি৷

জানিয়া তোহ্মাক নুপূজিবে কোনে

তুলি ভকতৰ নিধি৷৷১৭৭৷৷

স্তুতি কৰিবাক নাৱাৰে তোহ্মাক

ব্ৰহ্মা আদি দেৱজাক৷

মনুষ্য বুদ্ধিয়ে কেনমতে মঞি

কৰিবো স্তুতি তোহ্মাক৷৷

যিটো মূঢ়ভাৱে কৰিলোহো স্তুতি

তাকো ক্ষমিয়োক মোক৷

যদি অপৰাধ কৰৈ তথাপিতো

ক্ষমা কৰৈ সাধু লোক৷৷১৭৮৷৷

হেন জানি প্ৰভু হুয়োক প্ৰসন্ন

তোহ্মাৰ ভকত আমি৷

ভক্তিভাৱে যিটো কৰিলোহো স্তুতি

সাঙ্গ হৌক সৱে স্বামি৷৷

প্ৰভু বাসুদেৱ তোহ্মাৰ চৰণে

কৰো মঞি নমস্কাৰ৷

আন কাম এড়ি বোলা হৰি হৰি

পুৰুষ হৌক উদ্ধাৰ৷৷১৭৯৷৷

৷৷দশম কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰি গোৱিন্দ দয়াময় মুৰাৰি ৰাম৷

মুখে মোৰ নছাড়োক কৃষ্ণ বিষ্ণু নাম৷৷১৬৷৷

পদ৷৷

ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ৷

ভৈলন্ত গৰুড়ধ্বজ স্তোত্ৰত প্ৰসন্ন৷৷

দিলন্ত ৰাজাক মনবাঞ্ছিত সকল৷

কাৰুণ্য স্তোত্ৰৰ আৱে শুনা যেন ফল৷৷১৮০৷৷

হৰিক পূজিয়া যিটো নিতে কৰৈ স্তুতি৷

তাহাৰ হৈবেক জানা অৱশ্যে মুকুতি৷৷

ত্ৰিসন্ধ্যাত পঢ়ৈ যিটো স্তোত্ৰ শ্ৰেষ্ঠতৰ৷

ধৰ্ম্ম অৰ্থ কাম মোক্ষ পাৱৈ নিৰন্তৰ৷৷১৮১৷৷

যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক৷

পাপ ছাড়ি সিও যায় বিষ্ণুৰ স্থানক৷৷

যিটো দুষ্ট শঠে কৰৈ বেদক লুপুত৷

তাত নকহিবা স্তোত্ৰ পৰম গুপুত৷৷১৮২৷৷

বিষ্ণু ভকতক আক দিবা উপদেশ৷

কহিলো কাৰুণ্যস্তৱ তোহ্মাত নিঃশেষ৷৷

দেৱ মাধৱক ধ্যান কৰৈ যিটো নিত৷

বিষ্ণুত প্ৰকাশৈ যেন অগনিত ঘৃত৷৷১৮৩৷৷

মহাযজ্ঞ বিদ্যাদানে কোন কাৰ্য্য কৰৈ৷

মহাউগ্ৰতপ কৰি মিছাতেসে মৰৈ৷৷

জগতৰ গুৰু মোক্ষদাতা নাৰায়ণ৷

তাহান নকৰৈ যিটো শ্ৰৱণ কীৰ্ত্তন৷৷১৮৪৷৷

সি সি ধন্য সি সি শুদ্ধ সেহিসে পণ্ডিত৷

যজ্ঞ তপ গুণে সি সি শ্ৰেষ্ঠ অখণ্ডিত৷৷

সি সি সত্যবাদী দাতা জ্ঞাতা জগতত৷

যাহাৰ ভকতি আছৈ কৃষ্ণ চৰণত৷৷১৮৫৷৷

হেন স্তুতি কৰি ইন্দ্ৰদ্যুম্ন মহাৰায়৷

ভূমিত পৰিল বস্ত্ৰ কুশক বিছাই৷৷

মহাচিন্তাৱিষ্ট হুয়া কৰিল শয়ন৷

কেনমতে হৈব মোৰ কৃষ্ণদৰশন৷৷১৮৬৷৷

হেন মনে চিন্তি নিদ্ৰা গৈল নৃপবৰ৷

স্বপ্নত ৰাজাক দেখা দিলা দামোদৰ৷৷

জগত গুৰুক ৰাজা দেখিলা সাক্ষাতে৷

আঠ অস্ত্ৰ ধৰি আছা আঠখান হাতে৷৷১৮৭৷৷

শঙ্খ চক্র গদা পদ্ম চাৰু বাৰূ অসি৷

সাৰেং বাণ১৮৮ ধৰি আছা গৰুড়ত বসি৷৷

যেন নীল বৈদুৰ্য্য শৰীৰে কৰে কান্তি৷

হৃদয় মধ্যত জ্বলে শুক্ল লোম পান্তি৷৷১৮৮৷৷

পীত বস্ত্ৰে শোভৈ তনু কটিত মেখলা৷

কণ্ঠত কৌস্তুভ শোভৈ গলে বনমালা৷৷

কিৰীটি কুণ্ডল হাৰ কেয়ূৰ কঙ্কণ৷

সৰ্ব্বাঙ্গে প্ৰকাশৈ মহাৰত্নৰ ভূষণ৷৷১৮৯৷৷

নূপুৰে ৰঞ্জিয়া আছে পাদপদ্ম দুই৷

যাক দেখি ধ্যানত ভকত সুখী হুই৷৷

প্ৰসন্ন বদনে জ্বলে কমললোচন৷

যাক দৰশনে হোৱে পাতকমোচন৷৷১৯০৷৷

যুগান্তৰ সূৰ্য্য যেন আছন্ত প্ৰকাশি৷

ৰাজাক বুলিলা হেন বাণী হৰি হাসি৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি৷

বোলা হৰি হৰি সৱে হৌক সদগতি৷৷১৯১৷৷

৷৷একাদশ কীৰ্ত্তন৷৷

ঘোষা৷৷

জয় হৰি গোপাল৷

জগন্নাথ কৃপাল৷৷১৭৷৷

পদ৷৷

সাধু সাধু মহাৰাজ৷

সাৰ্থক তোমাৰ কাজ৷৷

যজ্ঞ দানে ভক্তিভাৱে৷

তুষিলা আমাৰ পাৱে৷৷১৯২৷৷

কৰা অনুশোচ বৃথা৷

জানিলো তোমাৰ কথা৷

প্ৰতিমা থাপিবা ঐত৷

শুনা তাক পাইবা যৈত৷৷১৯৩৷৷

ৰজনী প্ৰভাতে বীৰ৷

যাইবা সাগৰৰ তীৰ৷৷

বৃক্ষক দেখিবা পাছে৷

জল থল মাজে আছে৷৷১৯৪৷৷

ঢউ লাগি সাগৰৰ৷

নকম্পন্ত তৰুবৰ৷৷

হাতত পৰশু লৈয়া৷

একলে দেখিবা গৈয়া৷৷১৯৫৷৷

ছেদিবা নিঃশঙ্কমতি৷

প্ৰতিমা সাজিবা তৈতি৷৷

নিচিন্তিবা মহাৰথ৷

হৈব সিদ্ধি মনোৰথ৷৷১৯৬৷৷

ৰাজাক প্ৰবোধ কৰি৷

অন্তৰ্দ্ধান ভৈলা হৰি৷৷

দেখি স্বপ্ন বিপৰীত৷

ভৈল ৰজা সচকিত৷৷১৯৭৷৷

বিষ্ণুমন্ত্ৰ জপ কৰি৷

হৰিক মনত ধৰি৷৷

ৰজনী কৰিয়া ক্ষয়৷

উঠি পাছে মহাশয়৷৷১৯৮৷৷

সাগৰত কৰি ম্নান৷

দিলন্ত বিৱিধ দান৷৷

নিত্যকৰ্ম্ম সাঙ্গ কৰি৷

হাতত পৰশু ধৰি৷৷১৯৯৷৷

হৰিক স্মৰিয়া বীৰ৷

লড়ি গৈলা ধীৰে ধীৰ৷৷

নাহিকে সাৰথি ৰথ৷

একেশ্বৰে মহাৰথ৷৷২০০৷৷

পাইলা তীৰ সাগৰৰ৷

দেখিলন্ত তৰুবৰ৷৷

নাহি তাৰ নাম জাতি৷

থূলন্তৰ উচ আতি৷৷২০১৷৷

মঞ্জাঠিৰ বৰ্ণ সম৷

দেখি আতি মনোৰম৷৷

পড়িয়া জলৰ কাছে৷

যেন সুখে সুতি আছে৷৷২০২৷৷

বিষ্ণুৰ বৃক্ষক পাই৷

আনন্দিত মহাৰায়৷

কৃষ্ণৰ কিঙ্কৰে ভণে৷

হৰি বোলা সৰ্ব্বজনে৷৷২০৩৷৷

৷৷দ্বাদশ কীৰ্ত্তন৷৷

ঘোষা৷৷

ভাই ৰাম কহ ৰাম কহ ৰামমন্ত্ৰ সাৰ৷

তপ জপ যজ্ঞ যোগে সিদ্ধি নাহি আৰ৷৷১৮৷৷

পদ৷৷

তীক্ষ্ণতৰ পৰশু উচায়া হাত উড়ি৷

ছেদিলন্ত আনন্দে বৃক্ষৰ আগ গুড়ি৷৷

দুই ফাল কৰিবাক চাহন্তে নৃপতি৷

আসিলন্ত হৰি বিশ্বকৰ্ম্মায়ে সহিতি৷৷২০৪৷৷

দিব্য গন্ধমালা পিন্ধি ধৰি বিপ্ৰৰূপ৷

ৰাজাক বোলন্ত ঐত কি কৰাহা ভূত৷৷

কি কাৰ্য্যে ছেদিলা ইটো মহা তৰুবৰ৷

নিৰ্জ্জন স্থানত কেনে থাকা একেশ্বৰ৷৷২০৫৷৷

শুনিয়া নৃপতি তাসম্বাক চাইলা পাছে৷

যেন চন্দ্ৰ সূৰ্য্য দুয়ো প্ৰকাশন্তে আছে৷

নমস্কাৰ কৰি ৰাজা বুলিলা বচন৷

শুনিয়োক দুয়ো গুৰু মোৰ প্ৰয়োজন৷৷২০৬৷৷

মাধৱক আৰাধিবে মোৰ ভৈল মতি৷

সাজিবোহো দাৰুময়ী প্ৰতিমা সম্প্ৰতি৷৷

স্বপ্নত আদেশ মোক দিলা নাৰায়ণ৷

কহিলো তোমাৰ আগে স্বৰূপ বচন৷৷২০৭৷৷

হেন শুনি বিপ্ৰৰূপধাৰী চক্রপাণি৷

তুষ্ট হুয়া নৃপতিক বুলিলন্ত বাণী৷৷

ধন্য ধন্য ৰাজা বুদ্ধি উত্তম তোহ্মাৰ৷

সংসাৰ সাগৰে আত কিছু নাহি সাৰ৷৷২০৮৷৷

যেন জল বুদবুদ তিলে হোৱৈ ছন্ন৷

বিষ্ণু আৰাধিতে তযু সম্পজিল মন৷৷

কিনো ভাগ্যৱতী সসাগৰা বসুমতী৷

যাহাৰ পালক ভৈলা আপুনি নৃপতি৷৷২০৯৷৷

আসিয়োক ঐক এৰি সাগৰৰ তীৰ৷

তৰুতলে আমি সৱে থাকো মহাবীৰ৷৷

এহেন্তে ব্ৰাহ্মণ বিশ্বকৰ্ম্মা সমগুণী৷

এখনে দিবন্ত সাজি প্ৰতিমা আপুনি৷৷২১০৷৷

হেন শুনি এড়ি ৰাজা সাগৰৰ তট৷

তৰুতলে ৰৈলা চাপি বিপ্ৰৰ নিকট৷৷

পাছে বিশ্বকৰ্ম্মাক বুলিলা হৰি বাণী৷

সাজি তিনি প্ৰতিমা এখনে দিয়া আনি৷৷২১১৷৷

কৃষ্ণ বলভদ্ৰ আৰ সুভদ্ৰা ভগিনী৷

যাৰ যেন লক্ষণ নিৰ্মিয়ো ভিনি ভিনি৷৷

শুনি বিপ্ৰৰূপী বিশ্বকৰ্ম্মা গৈলা লড়ি৷

তিনিৰো প্ৰতিমা তেতিক্ষণে দিলা গঢ়ি৷৷২১২৷৷

প্ৰথমে নিৰ্ম্মিলা বলভদ্ৰ শুক্লকায়৷

আৰকত আখি ফণা শিৰত শুহায়৷৷

গাৱে নীল বস্ত্ৰ কৰ্ণে এগোটা কুণ্ডল৷

এক হাতে গদা আউৰ হাতত মূষল৷৷২১৩৷৷

কৃষ্ণক নিৰ্মিলা তনু মেঘসম জ্বলে৷

পদ্মসম লোচন শ্ৰীবৎস বক্ষঃস্থলে৷৷

গাৱে পীত বস্ত্ৰ অস্ত্ৰ চক্র আছে কৰে৷

যাক দৰশনে জগতৰে পাপ হৰে৷৷২১৪৷৷

সাজিলা সুভদ্ৰা তনু সুৱৰ্ণ গৌৰাঙ্গ৷

ৰত্নময় অলঙ্কাৰে প্ৰকাশে সৰ্ব্বাঙ্গ৷৷

দিব্য বস্ত্ৰে আবৃত উন্নত তন দুই৷

বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই৷৷২১৫৷৷

৷৷ত্ৰয়োদশ কীৰ্ত্তন৷৷

ঘোষা৷৷

কমলাকান্ত কৰা কৃপা কৰুণাসাগৰ৷৷১৯৷৷

পদ৷৷

ক্ষণেকতে সাজিল প্ৰতিমা৷

দেখি ৰাজা পৰম মহিমা৷৷

বুলিলাহা বিস্ময়ে বচন৷

নোহো নৰ তোৰা দুয়োজন৷৷২১৬৷৷

কিবা তোৰা দুয়ো সূৰ্য্য শশী৷

ব্ৰহ্মা ৰুদ্ৰ কিবা আছা আসি৷৷

নজানোহো স্বৰূপ সাক্ষাত৷

কৈয়ো সত্যে শৰণ তোহ্মাত৷৷২১৭৷৷

শুনি বিষ্ণু বুলিলা বচন৷

নোহো ব্ৰহ্মা ৰুদ্ৰ আন জন৷৷

মঞি হৰি জগত ঈশ্বৰ৷

মোতে আছৈ যত চৰাচৰ৷৷২১৮৷৷

বেদান্ততো মোকেসে কহৱৈ৷

মোক স্মৰি পাতক দহৱৈ৷৷

তুষ্ট হুয়া দেখা দিলো আগে৷

লৈয়ো বৰ ৰাজা যেহি লাগে৷৷২১৯৷৷

স্বপ্নতো নেদেখৈ পাপী মোক৷

তুমি মোৰ মহাভক্ত লোক৷৷

যতেক পূজিলা নাহি লেখা৷

তাতেসে তোমাক দিলো দেখা৷৷২২০৷৷

শুনি ৰাজা তনু লোমাঞ্চিত৷

কৰৈ স্তুতি পড়িয়া ভূমিত৷৷

লক্ষ্মীকান্ত তোহ্মাক প্ৰণাম৷

তনু যাৰ জ্বলৈ মেঘশ্যাম৷৷২২১৷৷

কৰে শঙ্খ চক্র পদ্ম গদা৷

তুমি শ্ৰীৰ নিৱাস সৰ্ব্বদা৷৷

সুতি থাকা ভুজঙ্গ শয্যাত৷

তুমি ব্ৰহ্ম ব্যাপক সাক্ষাত৷৷২২২৷৷

তুমি সূক্ষ্ম নিৰ্ম্মল নিৰ্গুণ৷

সৃষ্টি স্থিতি লয়ত নিপুণ৷৷

মোক্ষপদ জগত ঈশ্বৰ৷

কৰো পড়ি প্ৰণাম বিস্তৰ৷৷২২৩৷৷

দুনাই দুনাই কৰো নমস্কাৰ৷

কৰা প্ৰভু আমাক উদ্ধাৰ৷৷

তুমি দিয়া ভুকুতি মুকুতি৷

কৰো সেৱা এহিসে যুগুতি৷৷২২৪৷৷

দুনাই ৰাজা পৃথিৱীত পৰি৷

বিষ্ণুক বোলন্ত কৰ যুৰি৷৷

ঋষিগণ দেৱাসুৰ বল৷

যত যোগী সন্যাসীসকল৷৷২২৫৷৷

যিটো পদ সদা কৰৈ ধ্যান৷

ইছা তাক তৈতে দিয়া স্থান৷৷

মাধৱে বোলন্ত এহি হোক৷

অন্তকালে পাইবা গৈয়া মোক৷৷২২৬৷৷

নকৰিবা সংশয় ইহাত৷

নিষ্ঠ কৰি বুলিলো তোহ্মাত৷

কৃষ্ণৰ কিঙ্কৰে এভু ভণে৷

হৰি হৰি বোলা সৰ্ব্বজনে৷৷২২৭৷৷

৷৷চতুৰ্দ্দশ কীৰ্ত্তন৷৷

ঘোষা৷৷

কৃষ্ণ মুৰাৰি ৰাম কৰো পৰিয়া প্ৰণাম৷

মোৰ মুখে নছাড়োক হৰি হেন নাম৷৷২০৷৷

পদ৷৷

নৱ শতাধিক দশ হাজাৰ বৎসৰ৷

অখণ্ডে ভুঞ্জিয়ো ইটো ৰাজ্য নৃপবৰ৷৷

পাছে মোৰ পৰম পদক পাইবা তুমি৷

থাকিবে তোমাৰ কীৰ্ত্তি যাৱে থাকে ভূমি৷৷২২৮৷৷

যাৱে চন্দ্ৰ সূৰ্য্য থাকৈ সপত সাগৰ৷

ভ্ৰমিবে তোহ্মাৰ যশ ত্ৰৈলোক্য ভিতৰ৷৷

যজ্ঞ-অৱশেষ যত জল অনুপাম৷

হুইবে তীৰ্থ ইন্দ্ৰদ্যুম্ন-সৰোবৰ নাম৷৷২২৯৷৷

আত স্নান কৰিয়া যাইবেক ইন্দ্ৰ থানে৷

একৈশ পুৰুষ উদ্ধাৰিবে পিণ্ডদানে৷৷

অপেস্বৰা গন্ধৰ্ব্বে কৰিবে নৃত্যগীত৷

চৈধ্য ইন্দ্ৰ পড়ে মানে থাকিবে তহিত৷৷২৩০৷৷

হদৰ নৈঋত কোনে আছে সিদ্ধ বট৷

দিব্য মণ্ডপেক আছে তাহাৰ নিকট৷

বহুবিধ পুষ্পবনে সদায় আবৃত৷

পতাকা তোৰণ ধ্বজদণ্ডে অলঙ্কৃত৷৷২৩১৷৷

আষাঢ়ৰ শুক্লা পঞ্চমীত আমাসাক৷

সেহি মণ্ডপতে ৰথ থৈয়া বেশ্যাজাক৷

উৎসৱে বিঞ্চিবে চামৰক কৰে ধৰি৷

যতি সিদ্ধ সন্ন্যাসী থাকিবে তুতি কৰি৷৷২৩২৷৷

আহ্মাক দেখিয়া যিটো প্ৰণামে তহিত৷

মহাৰঙ্গে বঞ্চিবেক বিষ্ণুৰ পুৰীত৷৷

দিব্য দশ হাজাৰ বৎসৰ থাকি তৈত৷

চতুৰ্ব্বেদী ব্ৰাহ্মণ হৈবেক আসি ঐত৷৷২৩৩৷৷

হৈবেক শ্ৰীমন্ত কোটি ধনৰ ঈশ্বৰ৷

ৰজাক সম্বুধি এহিমতে দিয়া বৰ৷৷

বিশ্বকৰ্ম্মে সহিতে ভৈলন্ত অন্তৰ্হিত৷

দেখি নৃপতিৰ তনু ভৈল লোমাঞ্চিত৷৷২৩৪৷৷

কৃতকৃত্য ভৈল দেখি হৰিৰ মহিমা৷

ৰথে তুলি লৈয়া গৈলা তিনিৰো প্ৰতিমা৷৷

অনেক মাঙ্গল্য বাদ্যভাণ্ড বাৱৈ ছানি৷

বিপ্ৰগণে আগত কৰন্ত বেদধ্বনি৷৷২৩৫৷৷

বিচিত্ৰ পৱিত্ৰ স্থানে প্ৰতিমা থৱাইলা৷

শুভ তিথি শুভ ক্ষণে প্ৰতিষ্ঠা কৰাইলা৷

দিলা দান দক্ষিণা ঋত্বিজ আচাৰ্য্যক৷

ৰত্ন ধন ধান্য দিলা আনো ব্ৰাহ্মণক৷৷২৩৬৷৷

এহিমতে প্ৰতিষ্ঠা কৰিয়া বিধিৱত৷

থাপিলা প্ৰতিমা নিয়া বিচিত্ৰ দৌলত৷৷

উত্তৰত কৃষ্ণ বলভদ্ৰ দক্ষিণত৷

সুভদ্ৰাক থৈলা নিয়া দুহানো মধ্যত৷৷২৩৭৷৷

পূজিলন্ত গন্ধে ধূপে নানা উপহাৰে৷

সুৱৰ্ণ মুকুতা মণিবস্ত্ৰ অলঙ্কাৰে৷৷

দিলন্ত আসন গ্ৰাম নগৰ অশেষ৷

দাসী দাস উৎসৰ্গিয়া দিলন্ত বিশেষ৷৷২৩৮৷৷

জগন্নাথ থাপি ৰাজা পূৰি মনোৰথ৷

ভুঞ্জিলন্ত অকণ্টক ৰাজ্য মহাৰথ৷৷

অন্তকালে এড়ি ইটো উত্তম সম্পদ৷

সুখে পাইলা বিষ্ণুৰ পৰম যিটো পদ৷৷২৩৯৷৷

ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ৷

কহিলো ক্ষেত্ৰৰ ইটো যতেক লক্ষণ৷৷

বুলিয়োক আন কিবা শুনিবাক বাঞ্ছা৷

বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইছা৷৷২৪০৷৷

৷৷পঞ্চদশ কীৰ্ত্তন৷৷

ঘোষা৷৷ও ভাই ভাবিয়ো ৰাম চিন্তিয়ো ৰাম

ৰামনাম জোনো ছাড়া৷

ৰামকৃষ্ণ নাম অস্ত্ৰক ধৰিয়া

পাপ বিপক্ষক তাড়া৷৷২১৷৷

পদ৷৷ দুনাই মুনিগণে ব্ৰহ্মাত পুছন্ত

কহিয়ো ক্ষেত্ৰৰ বিধি৷

কোন সময়ত ক্ষেত্ৰত যাত্ৰাক

কৰিলে হৈবেক সিদ্ধি৷

কৃষ্ণ দৰশনে কোন ফল হোৱৈ

তাকো কহিবাক লাগে৷

হেন শুনি ব্ৰহ্মা কহিবে লাগিলা

ঋষি-সমূহৰ আগে৷৷২৪১৷৷

কুৰুক্ষেত্ৰে গৈয়া নিৰাহাৰ হুয়া

পৰম তপে যুগুত৷

ইন্দ্ৰিয়ক দমি একপদে থাকে

বৰিষ শত অযুত৷৷

যিটো জ্যৈষ্ঠ মাস শুক্লা দ্বাদশীত

কৃষ্ণৰ মুখকমল৷

দেখে উপৱাসে সিটো নৰে পাৱে

তাহাতো অধিক ফল৷৷২৪২৷৷

পঞ্চ তীৰ্থ কৰি যিটো দ্বাদশীত

কৃষ্ণমুখ দেখে যাই৷

অপ্ৰয়াসে সিটো বিষ্ণুপুৰী পাৱে

দুনাই পতন নাই৷৷

হেন জানি যত্নে জ্যৈষ্ঠত যাত্ৰাক

কৰিবা সমস্ত নৰে৷

পঞ্চ তীৰ্থ কৰি বিষ্ণুক দেখিবা

ধৰ্ম্ম নাহি আত পৰে৷৷২৪৩৷৷

বিদূৰতে থাকি যিটো প্ৰতিদিনে

কৃষ্ণৰ কীৰ্ত্তন কৰে৷

আতি অপ্ৰয়াসে বিষ্ণুপুৰী পাৱে

শুদ্ধ হুয়া সিও নৰে৷৷

কৃষ্ণৰ যাত্ৰাক কৰে যিটো নৰে

পৰম ভকতিভাৱে৷

সমস্ত পাতক দূৰ কৰি সিও

বিষ্ণুৰ পুৰীক পাৱে৷৷২৪৪৷৷

মাধৱৰ ধ্বজ- দণ্ডক যি নৰে

দেখয় দৌল উপৰে৷

ভূমিত পৰিয়া প্ৰণাম কৰিয়া

পাপ সাগৰক তৰে৷৷

আত পৰে শুনা পঞ্চ তীৰ্থ বিধি

যেন ফল স্নান দানে৷

ভণিল শঙ্কৰে শুনা সৱে নৰে

হৰি বোলা সাৱধানে৷৷২৪৫৷৷

৷৷ ষোড়শ কীৰ্ত্তন৷৷

ঘোষা৷৷ হৰি ৰাম হৰি ৰাম ৰঘুনাথ হে৷

ৰাম ৰাম নছাড়োক মুখে না হে৷৷২২৷৷

পদ৷৷ মাৰ্কণ্ডেয় হদে গৈয়া উত্তৰক মুখ দিয়া

হেন মন্ত্ৰ কৰিবে উচাৰ৷

শুদ্ধ হুয়া ক্রোধ জিনি বুৰ দিয়া বাৰ তিনি

শুনিয়োক যেন মন্ত্ৰ তাৰ৷৷

সংসাৰ সাগৰে মগ্ন পাপগ্ৰস্ত অচেতন

মোত পৰে নাই দুৰাচাৰ৷

প্ৰভু ভগনেত্ৰহাৰী ত্ৰাহি ত্ৰাহি ত্ৰিপুৰাৰি

তোহ্মাৰ চৰণে নমস্কাৰ৷৷২৪৬৷৷

নমো শিৱ মহা শান্ত সমস্ত পাপৰ অন্ত

স্নান কৰো মাৰ্কণ্ডেয় হদে৷

মোৰ যত পাপচয় নিৰন্তৰে হোক ক্ষয়

প্ৰণাম কৰোহো তযু পদে৷৷

নাভি মাত্ৰ জলে নামি বিধিৱতে দেৱ ঋষি

তিলোদকে কৰিব তৰ্পণ৷

স্নান অৱসানে পাছে শিৱৰ দৌলেক আছে

তাক লাগি কৰিব গমন৷৷২৪৭৷৷

তিনি প্ৰদক্ষিণ কৰি পূজি মূল মন্ত্ৰ পঢ়ি

শিৱৰ লিঙ্গক একমতি৷

পৰিয়া প্ৰণাম কৰি উঠি পুটাঞ্জলি ধৰি

কৰিব হৰক হেন তুতি৷৷

নমো নমো ত্ৰিনয়ন শিৰে শশী বিভূষণ

প্ৰভু বিৰূপাক্ষ মহাদেৱ৷

তুমি বিনা নাহি আন কৰা মোক পৰিত্ৰাণ

তোমাৰ চৰণে কৰো সেৱ৷৷২৪৮৷৷

কহিলো তহিৰ কথা হেন মন্ত্ৰ পঢ়ি তথা

দশ অশ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!