পৰিসমাপ্তি (মনোজ ডেকা)
মই কৈছিলোঁ – জীৱন বাটত একেলগে খোজ কাঢ়িম দিয়া
তুমি কৈছিলা – মন গ’লে পথ সলাই ল’ম, যিমান দূৰ সম্ভৱ সিমানকণহে
মই কৈছিলোঁ – মোৰ হাত এৰি নিদিবা
তুমি কৈছিলা – যিদিনা আনৰ বাবে জেতুকা সানিম,
অনামিকা আঙুলিত বাখৰ পিন্ধিম, তেতিয়া ??
মই কৈছিলোঁ – মই মৰি যাম
তুমি কৈছিলা – মৃত্যু প্ৰাকৃতিক
মই কৈছিলোঁ – তুমিবিহীনতাত অসহায় হৈ উঠিব সময়
তুমি কৈছিলা – সেয়ে সাহসী হোৱা
মই কৈছিলোঁ – তোমাৰ চুলিৰ বতাহতে মোৰ সাহসৰ উশাহ
তুমি নাথাকিলে ক‘ত জিৰাৱহি সি !!
তুমি নিৰৱে আছিলা !!
মই কৈছিলোঁ – দুহাত খুলি দিছোঁ ৷ যোৱা যদি এতিয়াই যোৱা,
স্মৃতিৰ বুৰঞ্জী চুটি হ‘ব !