ফান্দ: ৰাজীৱ ৰঞ্জন

ফান্দ

ভাৱানুবাদ: ৰাজীৱ ৰঞ্জন

বেৰৰ ফুটাটোৰে মূৰটো উলিয়াই নিগনিটোৱে খেতিয়কজনে হাতত লৈ অনা টোপোলাটোলৈ চালে। নিশ্চয় কিবা খোৱা বস্তুৱেই হ’ব। কিন্ত তাৰ সকলো আশাত পানী পৰিল যেতিয়া খেতিয়কজনে টোপোলাটোৰ পৰা উলিয়াই আনিলে এখন নিগনি ধৰা ফান্দ।

নিগনিটো লগে লগে বাহিৰলৈ ওলাল আৰু ঘৰৰ পাছফালে ৰখা কুকুৰাটোৰ ওচৰ পালেগৈ। উধাতু খাই অহা নিগনিটোক দেখি কুকুৰাটোৱে সুধিলে কি হ’ল। নিগনীটোৱে চিঞৰিলে “ঘৰৰ ভিতৰত এখন নিগনি ধৰা ফান্দ আছে, নিগনি ধৰা ফান্দ আছে”।

কুকুৰাটোৱে শান্তভাবে ক’লে “চোঁৱা, নিগনি ধৰা ফান্দ যিহেতু সমস্যাটো তোমাৰ। আৰু তুমিয়েই সমাধান কৰিব লাগিব। কিন্তু এইটোত মোৰ ভাবিবলগীয়া বা কৰিবলগীয়া একো নাই”।

বিষণ্ণ মনেৰে এইবাৰ নিগনিটো দৌৰিল গৰালত থকা গাহৰিটোৰ ওচৰলৈ। “ঘৰৰ ভিতৰত এখন নিগনি ধৰা ফান্দ আছে, নিগনী ধৰা ফান্দ আছে”।
গাহৰিটোৱে নিগনিটোলৈ চালে আৰু ক’লে, “হেঃ, মই কি কৰিম ভাই? তোমাৰ কাৰণে ফান্দ পাতিছে, অলপ সাবধানে থাকিবা আৰু। মই বাৰু তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ ওচৰত”।

এইবাৰ নিগনিটো গ’ল ওচৰতে বান্ধি থোৱা ছাগলীটোৰ ওচৰলৈ। সিও একেদ’ৰেই তাক নিৰাশ কৰিলে। কোনোৱে একো ভাল উপদেশ নিদিয়াত দুখমনেৰে নিজৰ ভাগ্যক ধিয়াই নিগনিটো ঘৰৰ বেৰৰ ভিতৰত থকা তাৰ গাঁতটোত সোমালগৈ।

মাজনিশা মস্ত শব্দ এটা ফান্দখন বন্ধ হৈ গ’ল। কিবা এটা ফান্দত পৰিল। খেতিয়কৰ পত্নী আন্ধাৰে মুন্ধাৰে আহি ফান্দখনৰ ওচৰ পালেহি। কিন্তু ফান্দত লাগি পৰিছিল এডাল বিষাক্ত সাপৰ নেজডাল। সাপটোৱে মানুহগৰাকীৰ ভৰিতে খোঁট মাৰি দিলে। ঘৈনীয়েকৰ চিঞৰত খেতিয়কজন উঠি আহি সাপডাল দেখিলে আৰু কোবাই মাৰি পেলালে। ঘৈনীয়েকক লৈ তেওঁ গ’ল ওচৰৰে কবিৰাজৰ ওচৰলৈ। কবিৰাজে কিবা কিবি অলপ দৰৱ সানি মেলি খেতিয়কজনক ঘৈনীয়েকক আৰামত ৰাখিবলৈ উপদেশ দি পঠিয়াই দিলে। সাপৰ বিষ লাহে লাহে মানুহগৰাকীৰ শৰীৰত বিয়পিবলৈ আৰম্ভ কৰিলে। বিষত লাহে লাহে জ্বৰ উঠিল। খেতিয়কজনে ঘৈনীয়েকৰ অৱস্থা দেখি মাংসৰ চুপ অলপ ৰন্ধাৰ কথা ভাবিলে। কথামতেই কাম। পাছফালে বান্ধি থোৱা কুকুৰাটোক মাৰি গৰম চুপ ৰান্ধি তেওঁ ঘৈনীয়েকক খুৱাই দিলে। তিনিদিন মান হ’ল। খেতিয়কজনৰ সম্বন্ধীয় আৰু পত্নীৰ ফালৰো বহুকেইজন লোক আহি ওলাল খবৰ ল’বলৈ। ইমানবোৰ মানুহে খবৰ ল’বলৈ কষ্ট কৰি আহিছে। খেতিয়কজনে ভালকৈ এসাঁজ খুৱাওঁ বুলি ভাবি ঘৰৰ ছাগলীটোকে মাৰি সকলোকে এসাঁজ খুৱালে। এসপ্তাহ মান পাছত খেতিয়কৰ পত্নী ঢুকাল। শ্ৰাদ্ধ আদি পাৰ হোৱাৰ পছত গাঁৱৰ সকলোকে মাতি গাহৰিটোকে মাৰি ভোজ এটা খুৱাই খেতিয়কে জ্ঞাতি সংগ ল’লে। এই সকলোবোৰ বেৰৰ ফুটাটোৰে নিৰবে চাই থাকিল নিগনিটোৱে।

————————————————————————————————

দেখাত সৰু যেন লাগিলেও সমস্যা এটা আহি পৰিলে সমস্যাটোত পৰাজনেহে উপলব্ধি কৰিব পাৰে তাৰ গুৰুত্ব আৰু গভীৰতা। কোনোবা এজন যেতিয়া বিপদত পৰে, সমস্যাৰ সন্মুখীন হয়, উপলুঙা নকৰি, অকণমান হৃদয়াংগম কৰি সমস্যাটোৰ সমাধান চিন্তা কৰিলে আমাৰ নো কি ক্ষতি হ’ব পাৰে? কি ঠিক কাইলৈ আমিওটো বিপদত পৰিব পাৰোঁ? ভূপেনদাই এনেয়ে জানো গাই গৈছে: “দূৰ্বল মানুহে যদি, জীৱনৰ কোবাল নদী, পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি?”

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!