ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ফেচবুক পেজ আৰু ইয়াৰ প্রয়োজনীয়তা – পুষ্পাঞ্জলী দাস দত্ত

ফেচবুক বৰ্তমান সময়ৰ এক অবিচ্ছেদ্য অংগ। ২০০৪ চনত হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ হাঁহি ধেমালিৰ এক আড্ডাত মাৰ্ক জুকাৰবাৰ্গৰ মনত খেলোৱা এটা ধাৰণাৰ পৰা ফেচবুকে বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান নেওচি আজিৰ এই পৰ্যায় পাইছে। নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ লগত সংযোগ স্থাপনৰ এই মাধ্যমে ইতিমধ্যে বিশ্বৰ অৰ্থনীতিতো এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে।

উদাহৰণ স্বৰূপে আমাৰ মাজৰ বহুতেই ফেচবুকৰ জৰিয়তে বিভিন্ন ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু সফলতা অৰ্জন কৰিছে। এই ক্ষেত্ৰত ফেচবুক পেজৰ যথেষ্ট অৱদান আছে। ফেচবুক পেজ ডিজিটেল মাৰ্কেটিঙৰ এক উল্লেখযোগ্য আহিলা আৰু সমগ্ৰ বিশ্বতে ইয়াক ব্যৱহাৰ কৰি বহুত লোকে সফলতা লাভ কৰিছে।

এইখিনিতে প্ৰশ্ন হয়, কেৱল ব্যৱসায় কৰিবলৈ ফেচবুক পেজৰ দৰকাৰ নেকি?

নহয়। ব্যৱসায়ৰ উপৰিও আপোনাৰ যিকোনো ধৰণৰ প্ৰতিভা, মনৰ ভাব, ভ্ৰমণ, খাদ্যাভ্যাস, কিতাপ আদিৰ কথা পাতিবলৈ ফেচবুক পেজ ব্যৱহাৰ কৰিব পাৰি। আপুনি হয়তো ভাবিব পাৰে যে এই গোটেইখিনি কাম আমি আমাৰ ফেচবুক প্ৰ’ফাইলৰ পৰাও কৰিব পাৰোঁ চোন! তেনে ক্ষেত্ৰত পেজ এটাৰ সৃষ্টি কৰাৰ কি দৰকাৰ?

এই কথাটো বুজিবলৈ আমি ফেচবুকৰ কিছুমান বিশেষ কথা জানি ল’ব লাগিব। আমি আমাৰ টাইমলাইনত কি দেখিম, কোনজন বন্ধুৰ ফটোবোৰ বেছিকৈ দেখিম বা আমাৰ পোষ্টবোৰ কাৰ চকুৰ আগত দাঙি ধৰিব, এই সকলোবোৰ নিৰ্ণয় কৰে ফেচবুকৰ এলগ’ৰিথিম নামৰ এটা চিষ্টেমে। আমি ফেচবুকত কি কৰোঁ, কাৰ লগত ভাবৰ আদান-প্ৰদান বেছি বা কাৰ লগত কম, এই সকলোবোৰ কথা চালি-জাৰি চাই ফেচবুকে আমাৰ টাইম লাইন সজায়।  

স্বাভাৱিকতে আমাৰ পোষ্টসমুহৰ এটা নিৰ্দিষ্ট শতাংশইহে আমাৰ পোষ্টবোৰ দেখে আৰু তাত লাইক বা মন্তব্য দিয়ে। অৰ্থাৎ, আপুনি আপলোড কৰা খাদ্যৰ ভিডিঅ’ মাত্ৰ কেইজনমান বন্ধুৱেহে দেখে। ইয়াৰ উপৰিও যিহেতু আপুনি কেৱল ৫০০০ বন্ধুহে গোটাব পাৰে, যাৰ ফলত আপোনাৰ পোষ্টবোৰে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকিবলৈ বাধ্য।

ইয়াৰ বিপৰীতে ফেচবুক পেজ এখনৰ reach বা মানুহ ঢুকি পোৱা সম্ভাৱনা আৰু শক্তি আপোনাৰ ব্যক্তিগত একাউণ্টতকৈ যথেষ্ট বেছি। উদাহৰণ স্বৰূপে, যদি আপোনাৰ পেজটি ১০০০ মানুহে লাইক কৰিছে, তেন্তে তাৰে ৩০-৮০ শতাংশ মানুহে ইয়াক দেখা পাব। আৰু ইয়াৰ ১০০ শতাংশই হ’ব আপোনাৰ অনুৰাগী।

প্ৰশ্ন হয় কেনেকৈ?  যিহেতু আমি ফেচবুকত কি চাম সেয়া এলগ’ৰিথিমে নিৰ্ণয় কৰে, আপোনাৰ পেজটোৰ বিষয়ত যাৰ ৰুচি আছে তেওঁ আৰু তেওঁৰ বন্ধুসকলে আপোনাৰ পেজটো দেখা পাব।

উদাহৰণ স্বৰূপে যদি আপোনাৰ পেজটো অসমীয়া মেখেলা চাদৰ সম্বন্ধীয় তেন্তে যি সকল মহিলা বা পুৰুষে ইতিমধ্যে মেখেলা চাদৰ সম্বন্ধীয় আন আন পোষ্ট লাইক কৰিছে, তেওঁলোকে আপোনাৰ পেজটো suggested পেজৰ শিতানত দেখা পাই থাকিব।

ক’ৰ’না মহামাৰীৰ এই সময়ত বিশেষকৈ ফেচবুক পেজৰ গুৰুত্ব আৰু বাঢ়ি গৈছে। লকডাউনৰ বাবে যেতিয়া সকলো ব্যৱসায় বাণিজ্য ৰৈ গৈছে আৰু চাকৰিৰ বাবে হাঁহাকাৰ অৱস্থা এটাৰ আমি সম্মুখীন হ’ব গৈ আছোঁ, ফেচবুক অচিৰেই এটা alternate জীৱিকা হিচাপে পৰিগণিত হ’ব।

ফেচবুকে ইতিমধ্যে ইয়াৰ পেজবোৰ monitise কৰাৰ বাবে সুযোগ দিছে, এই সুবিধা ব্যৱহাৰ কৰি বহুতো লোকে অৰ্থ উপাৰ্জন কৰি আহিছে। আপুনি কৰি ভাল পোৱা কামটো ফেচবুক পেজৰ দ্বাৰা প্ৰকাশ কৰি আপুনিও ফেচবুকৰ পৰা লাভান্বিত হ’ব পাৰে।

ইয়াৰ এটা উদাহৰণ উল্লেখ কৰিব খুজিছোঁ। ধৰক আপুনি এজন বিলাহী খেতিয়ক। লকডাউন বা অন্যান্য কিবা কাৰণত আপুনি বিলাহীখিনি বিক্ৰী কৰিব পৰা নাই। আপুনি বিলাহীখিনি পিউৰি আৰু ছচ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। এইখিনি কৰোঁতে বিলাহীখিনি যি যি পৰ্যায়ৰ মাজেৰে আহে, তাৰ কেইটামান ভিডিঅ’ কৰক। তাৰপিছত বিলাহী খেতিৰ বিষয়ে বিতংকৈ পঢ়ক আৰু তাৰ ওপৰত আন কিছুমান ভিডিঅ’ কৰক। গোটেইখিনি গোটাই লৈ এটা চিৰিজ কৰক আৰু পৰ্যায়ক্ৰমে আপোনাৰ ফেচবুক পেজত দিয়ক।  

যেতিয়া আপুনি monitise কৰাৰ পৰ্যায় পাব, ফেচবুকক আবেদন কৰক। উল্লেখযোগ্য যে এই পৰ্যায় পাবলৈ আপোনাক ১০,০০০ ফ’লৌ’ৱাৰ আৰু ৩০,০০০ মিনিট  ভিডিঅ’ ভিউ লাগে। পিছে এয়া টান যেন লাগিলেও অসম্ভৱ নহয়। ভাল কনটেণ্ট এখন পেজৰ মূল উপাদান। আপোনাৰ ভিডিঅ’ বোৰে যদি এটা চাম মানুহক সহায় কৰিব বা উদগনি যোগাব পাৰে, ফেচবুকে আপোনাৰ পেজটো আগবাঢ়ি যোৱাত সহায় কৰে।

ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে ব্লগিং কৰে, তেওঁলোকৰ বাবে ফেচবুক পেজ অপৰিহাৰ্য। ব্লগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ফেচবুক পেজ এক বিশ্বস্ত আহিলা।

গতিকে আহক, ফেচবুকক অকল মনোৰঞ্জনৰ আহিলা বুলি ভবাৰ লগতে এক জীৱিকাৰ মাধ্যম হিচাপে গ্ৰহণ কৰোঁ।

০০০০০

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
সৌৰভ শৰ্মা
3 years ago

বহুত সুন্দৰ লিখনি, পঢ়ি বহু কথা জানিলোঁ।

Copying is Prohibited!