ফেৰিৱালা–মূলঃ হেলাল হাফিজ অনুবাদঃ ছা-হা-বা হাৰ্টি

কষ্ট লাগিব কষ্ট
নানান ধৰণৰ কষ্ট আছে
কষ্ট লাগিব কষ্ট!

ৰঙা কষ্ট নীলা কষ্ট কেচাঁ হালধীয়া ৰঙৰ কষ্ট
শিলত হেঁচা খোৱা সেউজীয়া ঘাহঁনিৰ বগা কষ্ট,
পোহৰৰ মাজত আন্ধাৰৰ কষ্ট
“মাল্টি-কালাৰ” কষ্ট আছে
কষ্ট লাগিব কষ্ট।

ঘৰৰ কষ্ট পৰৰ কষ্ট, চৰাই আৰু পাতৰ কষ্ট
চকুৰ বুকুৰ নখৰ কষ্ট,
এজন মানুহ খুব নীৰৱে নষ্ট হোৱাৰ কষ্ট আছে
কষ্ট লাগিব কষ্ট।

প্ৰেমৰ কষ্ট ঘৃণাৰ কষ্ট নদী আৰু নাৰীৰ কষ্ট
অনাদৰ আৰু অৱহেলাৰ তুমুল কষ্ট,
ভুল ৰমণী ভালপোৱাৰ
ভুল নেতাবোৰৰ জনসভাৰ
হাইড্ৰ’জেনত দুটা জয়ধ্বনি নষ্ট হোৱাৰ কষ্ট আছে
কষ্ট লাগিব কষ্ট।

দিনৰ কষ্ট ৰাতিৰ কষ্ট
ৰাস্তাৰ আৰু ভৰিৰ কষ্ট
অসাধাৰণ কৰুণ সুন্দৰ কষ্ট ফেৰিৱালাৰ কষ্ট
কষ্ট লাগিব কষ্ট।

মোৰ অবিহনে আৰু কোনে দিব
আচল শুৱনি কষ্ট,
কাৰনো পুৰিছে জনমৰ পৰা এনে কপাল
মোৰ দৰে কিমানজনৰ আৰু
চব হৈছে নষ্ট,
আৰু কোনে দিব মোৰ দৰে হৃষ্টপুষ্ট কষ্ট।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!