বনৌষধি শাক নৰসিংহ আৰু মানিমুনিৰে ৰন্ধা ব্যঞ্জন ( মনীষা বৰা হালৈ )

 

A1norohinho_monisha

 

 

উপকৰণঃ

১। নৰসিংহ আৰু মানিমুনি মিক্সিত পেষ্ট বনায় ল’ব।

২। আলু এটা বয়ল কৰি ল’ব।( বয়ল আলুটো পিটিকি পানীত মিহলাই ল’ব।)

৩। মাছ নিমখ হালধি সানি ল’ব।

৪। তেল

৫। পাচফোৰণ আধা চামুচ।

৬। নিমখ সোৱাদ অনুযায়ী

৭। হালধি

৮। অকণমান জিৰা গুৰি

প্ৰণালীঃ

কেৰাহিত তেল দি মাছ অলপ ভাজি ল’ব। মাছ নমাই সেই তেলতে পাচফোৰণ দি ভাঙি লোৱা আলুখিনি দি উতল আহিলে নিমখ হালধি দি নৰসিংহ আৰু মানিমুনি পেষ্টটো দি দিব। তাতে ভজা মাছখিনি দি অকণমান জিৰা গুৰি দি ঢাকি থব। ৫ মিনিট পাছত নমাই পৰিবেশন কৰক। এই পেষ্টটো সৰহকৈ কৰি ফ্ৰীজত থৈ দুই তিনি দিন খাব পাৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!