বসন্ত (শান্তনু চাংমাই)

 

 

তোমাৰ কোঁহে কোঁহে বয় বসন্তৰ নিজৰা

প্ৰেমৰ কবিতা, আলিংগনৰ উৰ্মিমালা
পাতবাহাৰ, হাচনাহানা, গুলমোহৰ …..

নীৰৱ দুই ওঁঠত অধীৰ আকুলতা
অচল সময়, অচল বিৰক্তিৰ পৰিসীমা
তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আজি হেপাঁহৰ জীয়াসুঁতি……

তোমাৰ কোঁহে কোঁহে বয় বসন্তৰ নিজৰা
প্ৰেমৰ কবিতা, আলিংগনৰ উৰ্মিমালা
পাতবাহাৰ, হাচনাহানা, গুলমোহৰ……

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!