ব'হাগ (নিবেদিতা‬ হাজৰিকা)

নামি অহা হ’লে এজাক
মূষলধাৰ বৰষুণ
ধুই নিলেহেঁতেন কাহানিও নুবুজা
মনৰ অনামী বিষাদ!

বৰষুণৰ গান শুনি
আকৌ এবাৰ জীপাল হ’লোঁহেঁতেন
তোমাৰ অনুভৱেৰে;
 
জানো, তোমাৰ বুকুতো সেই
একেই যন্ত্ৰণা!!
 
দেওলগা সময়ৰ
অমোঘ আহ্বান নেওচিও তুমি
গুণগুণাব খোজা বসন্তৰ গান
আৰু মই
পখালিব খোজোঁ দুখবোৰ
তোমাৰ বুকুৰ
সেউজীয়া বৰষুণ জাকত।
 
ক্ৰমশ: বাঢ়ি যাব ধৰিছে
এই যন্ত্ৰণা বিলাস;
ব’হাগ,
তুমি অহালৈ বাট চাই চাই!!!
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!