ব’হাগ (সুকন্যা ৰাজনন্দিনী)
দেওধনী ছেওত
বৰদৈচিলা নাচে,
ডাৱৰ ক‘লা চুলিৰ
ভাঁজে ভাঁজে বিজুলীয়াই
বহাগৰ আকাশ…….
চেনেহীৰ সপোন এটাই
বিহুৱান হৈ মেৰাই ধৰে,
ঘূৰি ব’হাগলে’ চেনাইৰ সপোন ভাগে….
থন্
থন্
থন্
থন্
“শহুৰৰ পদুলি উদুলি–মুদুলি”
মটৰত উঠি
শিৱ গোঁসাই আহে,
ভগা সপোনবোৰ
ঢোলটোতে সুমুৱাই
চেনাইয়ে দেওধনী মাতে;
গাঁৱত যিমানটা গৰুবাট, চেনাইৰ সিমান মৰম;
চেনেহীয়ে বাৰু কিয় নুবুজে???
ভগা ঢোলটো বুকুত লৈ
চেনাই শুই পৰে,
জয় পৰে
এশ এটা সপোনৰ মালিতা,
বিহুৰ পথাৰত
সাধু হৈ পৰি ৰয় চেনাইৰ বুকুভগা কান্দোন………