বাজপেয়ীৰ শব্দ-বাক- নীলিম আকাশ কাশ্যপ

এটা যুগৰ অৱসান ঘটাই বিগত ১৬ আগষ্ট ২০১৮ৰ দিনা ভাৰতৰ আধুনিক ৰাজনীতিৰ এগৰাকী অন্যতম পথিকৃৎ অটল বিহাৰী বাজপেয়ীৰ দেহাৱসান ঘটে। সমগ্ৰ ভাৰত শোকস্তব্ধ হয় যিটো অত্যন্ত স্বাভাৱিক আছিল৷ সমান্তৰালভাৱে অন্ত পৰে ভাৰতীয় ৰাজনীতিৰ ছয় দশকজোৰা চিৰসেউজ পৰিক্ৰমাৰ৷ কৃষ্ণ বিহাৰী বাজপেয়ী আৰু কৃষ্ণা দেৱীৰ সুপুত্ৰ তথা তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱা অটল বিহাৰী বাজপেয়ী যিদৰে ভাৰতৰ আধুনিক ৰাজনীতিৰ এগৰাকী অন্যতম মহীৰূহ আছিল, একেদৰে তেওঁ বিজেপিৰ বাবে আছিল ‘ফাডাৰ ফিগাৰ’৷ ক’ব পাৰি, ভাৰতীয় ৰাজনীতিৰ তেওঁ স্বপ্নদ্ৰষ্টা; দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ স্বপ্নস্ৰষ্টাও আছিল তেওঁ৷ কেৱল এয়াই নহয়, মানুহ হিচাপেও তেওঁ আছিল এগৰাকী নিৰ্ভেজাল ব্যক্তিত্বৰ অধিকাৰী সঁচা মানুহ৷ ৰাজনীতিত বিপক্ষক শত্ৰুজ্ঞান কৰাতকৈ ৰাজনীতিক প্ৰীতিনীতিসদৃশ কৰি বিপক্ষ দলৰ গুণকো স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা বাজপেয়ী এগৰাকী কবিও আছিল৷ তেওঁৰ কাপেৰে সময়ে সময়ে নিগৰিছিল বহুকেইটা কবিতা৷ কেইবাখনো কাব্যগ্ৰন্থৰ ৰচয়িতা অটল বিহাৰী বাজপেয়ীৰ কেইবাটাও কবিতাই ৰাইজৰ মাজত খুব সমাদৰ পাইছিল৷
ভাবি আহ্লাদিত হওঁ যে এই নিঃকিনেও প্ৰকাৰান্তৰে বাজপেয়ীদেৱৰ কবিতাৰ সৈতে সংপৃক্ত হোৱাৰ সুযোগ পাইছিলোঁ৷ কিন্তু কেনেকৈ?

ভাৰতৰ তিনিগাৰাকী প্ৰধানমন্ত্ৰী ক্ৰমে অটল বিহাৰী বাজপেয়ী, বিশ্বনাথ প্ৰতাপ সিং আৰু নৰেন্দ্ৰ মোডীৰ বহুকেইটা কবিতাৰ অনুবাদেৰে গোটাচেৰেক বছৰ পূৰ্বে এখন কাব্য সংকলন প্ৰকাশ পাইছিল৷ ড° ৰুবী বৰাৰ সম্পাদনাত প্ৰকাশিত ‘এই মাটিৰ শপত’ শীষৰ্ক গ্ৰন্থখনৰ কবিতাসমূহ অসমীয়ালৈ অনুবাদ ড° চন্দনা চৌধুৰী বৰুৱা আৰু মই কৰিছিলোঁ৷ স্পষ্টকৈ মনত আছে, সংকলনখনৰ প্ৰস্তাৱ আগবঢ়াই প্ৰকাশকে কৈছিল যে তেওঁ নৰেন্দ্ৰ মোডীৰ গোটাচেৰেক কবিতাৰ অসমীয়া অনুবাদেৰে এখন সংকলন প্ৰকাশ কৰিব বিচাৰে৷ সেইমতে কাম আগবাঢ়িছিল৷ কিন্তু সৰ্বশেষত মোৰ ব্যক্তিগত প্ৰয়াসৰ ফলস্বৰূপে তাত আন দুগৰাকী প্ৰধানমন্ত্ৰীৰ, ক্ৰমে বিশ্বনাথ প্ৰতাপ সিং আৰু অটল বিহাৰী বাজপেয়ীৰ কবিতাও সংকলিত হৈছিল৷ সংযোজন হিচাপে সংকলিত দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ কবিতাসমূহ মোৰ দ্বাৰা অনূদিত হৈছিল৷ সেইমৰ্মে অটল বিহাৰী বাজপেয়ীৰ কবিতাসমূহ খুব আন্তৰিকতাৰে পঢ়িছিলোঁ আৰু হৃদয়ংগম কৰাৰ চেষ্টা কৰিছিলোঁ৷ এতিয়াও পঢ়েঁ৷ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সুঁৱৰি এই ছেগতে পঢুৱৈৰ জ্ঞাতাৰ্থে আগবঢ়াইছোঁ অটল বিহাৰী বাজপেয়ীৰ কাপেৰে নিগৰা দুটা নিৰ্বাচিত কবিতাৰ এই নিঃকিনে কৰা অসমীয়া অনুবাদ৷

১৷ হাৰ নামানো

ভাগি পৰিলেও হাৰ নামানো৷

সত্যৰ সংঘৰ্ষ সত্তাৰ স’তে

ন্যায়ৰ যুঁজ নিৰংকুশৰ স’তে

এন্ধাৰে প্ৰত্যাহ্বান জনায়, আৰু

সূযৰ্ৰ অন্তিম অস্ত হয়৷

নিষ্ঠাৰ বাবে পোহৰ পুতৌহীন

বজ্ৰই পৰক- কিম্বা নাহক কিয়
ভূইকঁপ

এয়াতো সমান হোৱাৰ যুঁজ নহয়

হত্যাৰ আমি প্ৰেমাস্পদ নহয় শত্ৰু
পিছে চণ্ডাল

সকলো অস্ত্ৰৰে সজ্জিত
তেওঁলোক,
লজ্জাহীনো৷

তথাপিও আমি

যুঁজাৰ পণ লৈছোঁ, আগুৱাইছোঁ
খোজ

প্ৰাণপণে কৰিম প্ৰতিকাৰ

সমপৰ্ণৰ দাবী অস্বীকাৰ৷

সমপৰ্ণৰ দাবী অস্বীকাৰ৷

মনৰ পণত

সংপৃক্ত সকলো
ৰ’ব নোৱাৰোঁ

ভাগি পৰিলেও হাৰ নামানো৷

২৷ আহা আকৌ বন্তি জ্বলাওঁ

ভৰ দুপৰীয়া
এন্ধাৰ
সূযৰ্ৰ ছাঁত হেৰায়

অন্তৰাত্মাৰ আকুল আহ্বানত

পুনৰ জ্বলি উঠে

নুমোৱা চাকিগচি,

আহা আকৌ বন্তি জ্বলাওঁ৷

বিশ্ৰাম আমাৰ উদ্দেশ্য নহয়

চকুৰ পৰাই আগুৱায় লক্ষ্য

সাম্প্ৰতিকৰ মায়াজালত

আগত কাইলৈক যাতে নাপাহৰোঁ,

আহা আকৌ বন্তি জ্বলাওঁ৷

আহুতি বাকী অদ্যপি যজ্ঞও
অসম্পূৰ্ণ

আপোনক বিঘিনিয়ে আৱৰে

শেষ জয়ৰ বজ্ৰ সজাবলৈ

আহা আকৌ বন্তি জ্বলাওঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!