বাট বিচৰাৰ খেল – চামচুল হক

কি খেল খেলিছা
হেৰাই যোৱাৰ উভতি অহাৰ ঠাইতে পাকঘূৰণি খোৱাৰ
হেৰুৱাই পোৱা পাই হেৰুউৱা

ক’ৰপৰা আহিল মেধা পৰীক্ষাত লেধা এজন
পিছলৈ চোৱা পিছল খাই পৰা খোজেপতি উজুটি খোৱা
নাইনে দুচকু আগলৈ চোৱাৰ

থোৱা এইখন পাজল
চাহৰ পিয়লাত মুখ দিওঁগৈ ব’লা
জেৰক্স কৰি লওঁ দৰকাৰী পাতকেইখিলা

ওহোঁ
পৰীক্ষাগাৰত চলি আছে ভঙা-গঢ়া
এইবাটে ফল-ফুলৰ প্ৰজেক্টটো ললা যেতিয়া
চোৱাচোন লিৰিকি-বিদাৰি
লাগিব পাৰে গিলি থব
টেঙাখিনিও লোণ দি
সেইবুলি আদবাটৰপৰা ক’ত যোৱা উলটি

এপদ এপদ কৰি নিজকে ভঙাই
হেৰুউৱা যদি বাট কোনোবা অজান ঘোঁকটত
চকুহালি তোমাৰ লগতে ৰাখিবা
হেৰাই যোৱাৰ স্মৃতিৰে
মই তাতেই গৈ তোমাক লগ দিম
তেজে ঘামে ৷

( পুৰণি প্ৰান্তিক আলোচনীৰ পাতৰপৰা )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!