বাবা ৰামদেৱ বনাম কাৰ্টুন — অৰ্ণৱ জ্যোতি মহন্ত

 

বাবা ৰামদেৱ আৰু কাৰ্টুন চেনেলসমূহৰ মাজৰ শত্ৰুতা দীৰ্ঘদিনীয়া৷ ৰামদেৱ স্বামীৰ মতে শিশুক কাৰ্টুন দেখুওৱাটো স্বাস্থ্য আৰু শিশুৰ মনঃতাত্বিক দিশটোৰ বাবে অত্যন্ত ভয়াবহ৷ তেওঁ বহুটো লাইভ শ্ব’ত ইমান পৰ্য্যন্ত কৈছিল যে “যি সকল অভিভাৱকে নিজৰ সন্তানক কাৰ্টুনৰ সন্মুখত বহাই নিজ কামত ব্যস্ত হৈ পৰে তেওঁলোকৰ সন্তানসকল একো একোটা কাৰ্টুনত পৰিণত হয়৷ তেওঁলোকৰ শিশুসকল অৱসাদ, ডিপ্ৰেচন, নিদ্ৰাহীনতা আৰু ৰক্তহীনতা আদিত ভোগে আৰু কেতিয়াবা কাৰ্টুনৰ দৰেই আচৰণ কৰে!”
আমি সৰ্বসাধাৰণ মানুহে প্ৰায়েই কোনো বৈজ্ঞানিক বিশ্লেষন নকৰাকৈ এনে ধৰণৰ কিছু বাবা, স্বামী, আচাৰ্য্য আদিৰ কথা মানি লওঁ৷ এই ধৰক, স্বয়ম্ভু আচাৰ্য পংকজ পাঠকৰ কথাই ক’লো- যাৰ মেঠি গুটি “চোবাই চোবাই” খোৱা বিধানৰ অভাৰ ড’জৰ বলি হৈ বহু লোক হস্পিটালত চিকিৎসাধীন হ’ব লগা হৈছিল৷ ঠিক তেনেদৰেই পৰিয়ালৰ বহুলোকৰ ভয়ংকৰ হস্তক্ষেপত এসময়ত আমি লুকাই চুৰকৈ কাৰ্টুন চাবলগিয়া হৈছিল৷ কিন্তু এই ক্ষেত্ৰত পিতৃ-মাতৃৰ পৰা আমি কোনো ধৰণৰ বাধা বা হস্তক্ষেপৰ সন্মুখীন হ’ব লগা হোৱা নাছিল আৰু প্ৰতিজন অভিভাৱকলৈ অনুৰোধ যে এনেধৰণৰ বিজ্ঞান প্ৰযুক্তিৰ পৰা হাজাৰ যোজন দূৰৈৰ বাবা, মহাত্মাৰ কথা শুনি নিজৰ শিশুটিক উদাসীন নকৰিব৷ মনত ৰাখিব, আপুনি হাঁহিবলৈ বহু কাৰণ আছে কিন্তু আপোনাৰ ব্যস্ততাই একক কৰি পেলোৱা আপোনাৰ শিশুটিৰ?
আপোনাক যদি সুধো- পৃথিৱীৰ আটাইতকৈ ভাল লগা শব্দটো কি? তেন্তে নিশ্চয় আপোনাৰ মনৰ কোনোবা এটা কোণত “হাঁহি” নামৰ শব্দটোৱে চটফটাবলৈ আৰম্ভ কৰিব৷ জনপ্ৰিয় গায়ক লোকনাথ গোস্বামী দেৱেও গাই গৈছে “হাঁহিৰে জীৱন সুন্দৰ কৰা, চকুৰ পানীৰে নহয়”, আকৌ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব পাপনদাৰ মতে “হাঁহি এটি পিন্ধিলোৱা, অনেক হাঁহি বিয়পিব৷” তেন্তে আমি আমাৰ কণমানিটোৰ ওঁঠৰ হাঁহিকণ এটা বেপাৰী বাবাৰ কথা শুনি কিয় কাঢ়ি লওঁ?
আহক কাৰ্টুন চোৱাৰ উপকাৰিতা সমূহক অলপ বৈজ্ঞানিক ভাৱে বিশ্লেষণ কৰোঁ!
১) মানুহে যেতিয়া হাঁহে, cortisol, epinephrine আদিৰ দৰে stress hormone ৰ নিঃসৰণৰ মাত্ৰা কমি যায়৷ যাৰ ফলত অৱসাদ দূৰ হয়, ৰামদেৱে কোৱাৰ দৰে অৱসাদগ্ৰস্ত নহয়৷
২) Cortisol ৰ নিঃসৰণৰ মাত্ৰা কমি যোৱাৰ লগে লগে serotonin নিঃসৰণৰ মাত্ৰা বাঢ়ি যায় যিয়ে শিশুৰ সৃষ্টিশীলতাৰ বৃদ্ধি কৰে৷
৩) হাঁহিলে মস্তিষ্কই endorphin নিঃসৰণ কৰে যিয়ে বিষ-ব্যাধি নিৰ্মূল কৰে৷
৪) হাঁহিয়ে T – Cell ৰ সক্ৰিয়তাৰ মাত্ৰা বৃদ্ধি কৰি মানুহৰ দেহত এণ্টিবডিৰ সংখ্যা বৃদ্ধি কৰে যাৰ ফলত আমাৰ দেহে বেমাৰৰ বিৰুদ্ধে ভালদৰে যুঁজিব পাৰে৷
৫) ২০০০ চনৰ এটি বৈজ্ঞানিক অধ্যয়নৰ মতে যি মানুহে হাঁহিব নাজানে বা স্ফুৰ্টিবান নহয় বা বেছিভাগ সময় গোমোঠা মাৰি থাকে তেনেলোকৰ হৃদৰোগ হোৱাটো ৮০% নিশ্চিত৷
৬) হাঁহিলে ইতিমধ্যে কোৱাৰ দৰে বিভিন্ন অৱসাদ হ’ৰমনৰ নিঃসৰণৰ মাত্ৰা কমে যিয়ে Depression ৰ মাত্ৰা কমায়৷
৭) হাঁহিয়ে মেলাট’নিন হৰম’ন ৰ নিঃসৰণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে যাক জীৱৰ টোপনিৰ বাবে দায়বদ্ধ বুলি কোৱা হয় বা ইয়াক sleeping hormone বোলা হয়৷
৮) হাঁহিয়ে oxytocin নিঃসৰণৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰে যি মানুহক সামাজিক কৰাত তথা যৌন স্বাস্থ্য নিয়ন্ত্ৰণত সহায় কৰে৷
৯) প্ৰফুল্ল মনৰ মানুহৰ মুখমণ্ডলত সদায় এক বিশেষ জ্যোতি বা glaze দেখা যায়৷ যাৰ কাৰণ হৈছে নিয়ন্ত্ৰিত pituitary গ্ৰন্থি৷
১০) হাঁহিয়ে মানুহৰ স্নায়ৱিক তন্ত্ৰটোকো সুস্থ তথা শক্তিশালী কৰি ৰাখে৷
সদৌ শেষত এটাই কথা ক’ব খুজো যে কুকুৰ, মেকুৰীকে ধৰি ইতৰ প্ৰাণীবোৰেও মনৰ ভাৱাবেগ প্ৰকাশ কৰে তেন্তে নিজকে নিজেই জীৱ শ্ৰেষ্ঠ বুলি ঘোষণা কৰিও এটি হাঁহি পিন্ধি ল’বলৈ কিহৰ ইমান ভেম হে! হাঁহিবলৈ, কাৰোবাক মিঠা মাত এষাৰ দিবলৈ গাঁঠিৰ ধন ভাঙিব নালাগে৷ আৰু যদি তাকে কৰিব নোৱাৰে তেন্তে আহক! কাৰ্টুন চাওক ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!