বাস্তৱ(- প্ৰদ্যুতজ্যোতি শইকীয়া)


প্ৰথম দৃশ্য ( আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজা )
আমাৰ “ৰেজিমেণ্টটোৱে” মানে আমাৰ “গেংটোৱে” সৰস্বতীৰ প্ৰতিমা নমোৱাৰ কামত লাগি আছো। “গেং” মানে দীপক, নমিতা, শিখা, অচ্যুত্, ধৰ্মেন্দ্ৰ, ফাতিমা, আক্ৰম আৰু মই। মই “স্কোৱাড্ৰন লীডাৰ”। ভাৰালৈ অনা “মিউজিক চিষ্টেমটোত” জুবিনৰ “লেষ্টেট” এটা লগাই দি কাম কৰি আছো। আমি ল’ৰা চাৰিটাই মূৰ্তিটো নমাই বহুৱাবলৈ লওঁতেই হঠাৎ এফালে কাটি হৈ গ’ল। গোটেইকেইটাই একেলগে চিঞৰিলোঁ- পৰিলে ঐ। আক্ৰমে দৌৰি আহি কান্ধ পাতি ধৰিলেহি প্ৰতিমাটো। কোনোমতে নপৰাকৈ ৰ’ল সৰস্বতী দেৱী। আক্ৰমৰ কান্ধখনেও ভালকৈ এসেকা পালে। ছাল এবখলাও গ’ল। সি মোলৈ চাই ক’লে ” মূৰ্ত্তিটো পৰা হ’লে আজি কি যে হ’লহেঁতেন ’’। সেইদিনাই আক্ৰমৰ মন বুজিছিলোঁ। থৰ লাগিছিলোঁ মই।

দ্বিতীয় দৃশ্য (ঈদৰ দিন এটাত)

আকৌ আমাৰ “ৰেজিমেণ্ট”টো গোট খালে। এইবাৰ লগত চাইকেল। তাতে ঈদৰ বন্ধ।কাৰো ঘৰ বাকী ৰখা নাই। প্ৰথম সোমাইছোঁ ফাতিমাহঁতৰ ঘৰত। তাৰ পাচত বাকীবোৰৰ ঘৰত। চাওঁতে চাওঁতে সন্ধিয়াই হ’ল। আক্ৰমহঁতৰ ঘৰতেই বেছি দেৰি হ’ল। খুৰীয়ে এৰিয়েই নিদিয়ে। সন্ধিয়া আক্ৰমে আগুৱাই দিলে অলপ। মাৰৰ ভয়ত হাতত সাৰে ভৰিত সাৰে ঘৰ সোমাইছোঁহি। ককাই গমগমীয়া মাত এটা দি পাছফালৰ পৰা ক’লে, “মুনুকন নহয়নে? ক’ত আছিলি অতপৰ? মাৰে কপাহধূনা দিবলৈ ৰৈ আছে ..যা ”। ভয়ে ভয়ে মাৰ ওচৰলৈ গ’লোঁ। হাতত ৰঙা-পখৰাক শাসন কৰাডাল। যিডাল দেখিলেই মোৰ সৰুপানী চুবলগীয়া অৱস্থা হয়। ফাটমেলা বসুমতী পাতালে লুকাওঁ। “ক’লৈ গৈছিলি? ” পোনপটীয়া প্ৰশ্ন, একেলেথাৰিয়ে খাবলগীয়া মাৰৰ বাবে। ঈ..ই..ঈ…দ…দ খাবলৈ।ভয়তে মাত খোনাখোনি হ’লেই। হেঁ। মাৰ চকু কেইটা অমৰাগুটি হ’ল। আমাৰ বংশৰ কেইজনমান আকৌ বৰ ৰক্ষণশীল। পিঠিত মাৰ পৰাটো খাটাং। দুচৰমান খোৱাত আপত্তি নাই। কিন্তু সেই হালোৱা এচাৰিডাল যে নোৱাৰি আৰু। পিছে মাৰ পিছৰ প্ৰশ্নটোত মোৰহে চকু অমৰাগুটি হ’ল। “আক্ৰমহঁতৰ ঘৰত সোমালিনে?”
তৃতীয় দৃশ্য (জীৱন আৰু ফাতিমাৰ বিয়া)
হুলস্থূল লাগিছে দুইখন গাঁৱত। জীৱনে ফাতিমাক পলোৱাই নিলে। বিহু সন্মিলন চাবলৈ যোৱা ফাতিমা ঘৰলৈ নাহিল। উত্তপ্ত পৰিস্থিতি। কথাৰ খবৰ পায়েই তিতা থৰে “হোষ্টেলৰ” পৰা ঘৰলৈ আহিছোঁ। দুইখন গাঁও উত্তপ্ত লাভা হৈ আছে। জীৱন আমাৰ অনুজ। ফাতিমা লগৰ। এইখন প্ৰেমে তাৰমানে সঁচাকৈয়ে বয়স, জাতি, গোষ্ঠী, ধৰ্ম একোকে নামানিলে। সেইটো আকৌ প্ৰমাণ কৰিলে প্ৰেমে। ৰাতি দিন একাকাৰ কৰা হ’ল। দুইটাকে বিচাৰি আকৌ বিয়াৰ আয়োজনলৈকে। কোনেও আপোচ নকৰে। বহু কষ্টৰ মূৰত সকলো সহমতলৈ আহিল। দিখৌ নৈ এৰিব নোৱাৰি, জাঁজী নৈয়ো এৰিব নোৱাৰি। জীৱনত দেখা একমাত্ৰ বিয়া সেইখন। যিখনত এঘৰত নিকাহ হ’ল আৰু তাৰ পাছত এঘৰত বৈদিক নিয়মত মন্ত্ৰোচ্চাৰণেৰে বিবাহ সম্পন্ন হ’ল। কামবোৰ শেষ হৈ যোৱাৰ পাছত হুমুনিয়াহ এটা ওলাল। এৰা ধৰ্ম-চৰ্মবোৰ মানুহেই তৈয়াৰ কৰি লোৱা অ’। পিছে অবাক হ’লোঁ আক্ৰমৰ কথাতহে- ফাতিমা পলাই যোৱাৰ দিনা মইও আছিলো বিহুত। আকৌ এবাৰ চকু কেইটা ডাঙৰ হ’ল।
অন্তিম দৃশ্য (বৰ্তমান)
দহ দেশ দহ নদীৰ দূৰৈত কিবা হিন্দু মুছলিমৰ কাজিয়া লাগিছে। সেয়া বিয়পিছে বোলে আমাৰ তালৈ। আমাৰ ঘৰটো জ্বলিল।হতাহতৰ সংখ্যা হাজাৰৰ ওপৰত। নিহতই ত্ৰিশতক কেতিয়াবাই অতিক্ৰমিলে। নিখোঁজৰ কথা ক’বই নালাগে। দদাইদেউক হেৰুৱালোঁ। হিতাহিত জ্ঞান হেৰুৱাৰ উপক্ৰম হ’ল। ধুমুহাৰ বেগত কামৰ ঠাইৰ পৰা আকৌ ঘৰ পালোঁহি। তথাপি মানুহবোৰক বুজাব খুজিলোঁ। প্ৰত্যাক্ৰমণে হিংসা বঢ়াব। পৰিবেশ শান্ত ৰখাৰ দৰকাৰ। ৰাইজক সংবিধানে ন্যায় দিব। সভাৰ মাজৰ পৰা দুটামানে চিঞৰি উঠিল “আজি ৰাতিয়েই ন্যায় হ’ব”। ৰাতিপুৱালৈ বাতৰি আহিল। ৰাইজে ৰাতি আমাৰ কথা নুশুনিলে। এইবাৰ ৰছিদহঁতৰ গাঁওখন জ্বলিল। প্ৰেছৰ গাড়ীতে উঠি ওলালোঁ ততাতৈয়াকৈ। ঘৰবোৰৰ পৰা ধোঁৱা ওলায়েই আছে। মানুহবোৰ পলাল। আক্ৰমহঁতৰ ঘৰতো কোনোমতে চিনি উলিয়ালোঁ। আক্ৰম তেতিয়াও পলাই যোৱা নাছিল। জানো, নাযায় সি। পুৰি যোৱা ঘৰটোলৈ চাই আছিল সি। সি বাকীবোৰৰ দৰে তাৰো মাক-দেউতাকক হেৰুৱাৰ খবৰটো ইতিমধ্যে ৰাষ্ট্ৰ হৈছে। গৰম খবৰ পোৱা সাংবাদিক কেইজনৰ কেমেৰাৰ স্ক্ৰীনত পুৰি চাই হোৱা ঘৰবোৰ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ পাব পৰাকৈ বন্দী হ’ল। পিছে মোৰহে তাৰ কান্ধত হাতখন থ’বলৈও সাহস নোহোৱা হ’ল। ঘূৰি চালে সি মোলৈ। চকুপানীৰ লগত এগালমান ক্ষোভ সোমাই থকা যেন লাগিল। সৰুৰ পৰা হৈ যোৱা ঘটনাবোৰ আকৌ মনত পৰিল এফালৰ পৰা … সৰস্বতী পূজাৰ মূৰ্তি কান্ধ পাতি ধৰা …. সিহঁতৰ ঘৰত ঈদ খোৱা … ফাতিমাৰ বিয়া ….। কিবা এটা ক’বলৈও সাহস নোহোৱা হ’ল। আক্ৰম লাহে লাহে আঁতৰিল। মোলৈ চাই যাওঁতে এনেকুৱা লাগিল যেন সি মোক অকলে পোৱা হ’লে খায়েই পেলালেহেঁতেন। এৰা ধৰ্ম-চৰ্মবোৰ মানুহৰ সুবিধাৰ কাৰণেই সৃষ্টি কৰা হৈছে। হুমুনিয়াহ এটা ওলাই আহিল স্বতঃফূৰ্তভাৱে। নিজকে কিবা দোষী দোষী লাগিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!