কবিতা বাৰ্তালাপ: নিবেদিতা হাজৰিকা August 14, 2012 0 Comments (১) মই সুধিলোঁ… একোৱেই খৱৰ নাই ক’ত হেৰাই যোৱা তুমি ? তেওঁ ক’লে… ক’তোৱেই নেহেৰাওঁ মাথোঁ আত্মগোপন কৰোঁ তোমাৰ হৃদয়ত, তোমাক নেহেৰুৱাবলে’ ! (২) এদিন আকাশলৈ চাই আছিলোঁ উদাস চাৱনিৰে… কবিতা এটা উৰি আহিল ইথাৰ তৰঙ্গৰে আৰু ক’লে… আজি বৰ বিষণ্ণ লাগিছে তোমাক !