কনচেং: ৰ’দালিসপোন বৰগোহাঁই

দুপৰীয়া চিফুং নবজাবি
তোৰ প্রেমত
বাৰে বাৰে পৰিবলৈ মন যায়
কনচেং
দুপৰীয়া চিফুং নবজাবি
নগা পাহাৰ সাৰ পাব
নাগিনীবোৰৰ বুকুত
মাদল বাজিব ।
কনচেং
নৈৰ পাৰত দুপৰীয়া
চিফুং নবজাবি
দেওলগা ঘাটটোৱে সাৰ পাব
আকৌ হেৰাব
কাৰোবাৰ বুকুৰ পোৱাল মণি
কনচেং
তই চিফুং বজালে
সোৱণশিৰী বলিয়া হয়
আৰু বাউলী হয় ৰহেদৈ ।
কনচেং
নৈৰ পাৰত
দুপৰীয়া চিফুং নবজাবি দেই
(তই চিফুঙত সুৰ দিলে
এবাতি আপং খাবলৈ মন যায়।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!