বিদায়ৰ শেষ ষ্টপেজ (জ্যোতির্ময় দত্ত)
বিদায়ৰ শেষ ষ্টপেজ
জ্যোতির্ময় দত্ত
ঢৌ উতলিছিল সিদিনা চকুত
যিদিনা নৈৰ পানীবোৰক বতাহে
মোৰ বুকুলে’ বোৱাই দিছিল নিৰৱে
মাৰঘাট খহিছিল
তুমিও খহিছিলা গাঁঠি থোৱা ভাবনাত
সিদিনা খেৰসুঁতিৰ এৰালছিগা গৰুবোৰো
উটি গৈছিল বলিয়া বানত
মোৰ খেতিডৰাতো মাছে ঘোলোকিছিল
বাঢ়নি পানীৰ ঢৌত
য’ত মোৰ কপালৰ ঘামবোৰে
কাৰেং সাজি থৈছিল
উটি গৈছিল পিতাইদিনীয়া জুপুৰী, আঁঠুমোৰৰ সপোন
পানীপিয়া চৰাইৰ মাতবোৰো তিতি আছিল
সেই নিশাৰ বৰষুণত
মেথনিমৰা শাৰী শাৰী টঙীঘৰবোৰো পিছলি পৰিছিল
তোমাৰ সেন্দুৰীয়া দিন, মোৰ কজলা ৰাতি এটাত
আৰু
গড়াখহনীয়াৰ শেষত
মই সৰ্বহাৰা হৈছিলোঁ
য’ত একাকাৰ হৈছিল মোৰ জীৱন আৰু যন্ত্ৰণা