বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ নামসমূহৰ তালিকা (হিমজ্যোতি তালুকদাৰ)
বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ নামসমূহৰ বিষয়ে জানিবলৈ এখন তালিকা প্ৰস্তুত কৰিলোঁ। বিভিন্ন উত্সৰ লগতে তালিকাখন প্ৰস্তুত কৰোঁতে ‘অসমৰ জনগোষ্ঠীয় লোকখাদ্য’ নামৰ গ্ৰন্থখনৰ সহায় লোৱা হৈছে। জনগোষ্ঠীভেদে বিভিন্ন খাদ্যৰ পৰিচয়
1. পা এ’ম্ – পাতত দিয়া মাছ (টাইফাকে)
2. ন’ চৌম – বাঁহগাজৰ টেঙা (টাইফাকে)
3. পা হেইং – শুকান মাছ (টাইফাকে)
4. খাওপুক – তিল আৰু বৰা চাউলেৰে তৈয়াৰী এক পিঠা (টাইফাকে)
5. অ’মা বেদৰ – লফা শাকেৰে গাহৰি মঙহ (বড়ো)
6. চবাইদাও ইংখ্ৰী – কুকুৰাৰ মঙহ (বড়ো)
7. ই:কুং – বাঁহ গাজ (মিচিং)
8. নাখাম – শুকান মাছ (গাৰো)
9. মেয়া মচেং – খৰিচা (গাৰো)
10. দেংৰেং ফিটা – ভাপত দিয়া পিঠা (গাৰো)
11. সেৰেকা – নিচাযুক্ত পানীয় (ঠেঙাল কছাৰী)
12. য়ে:কতাক্ ৰা:নাম্ – ডাঙৰ টুকুৰাৰ গাহৰিৰ মঙহৰ সৈতে ঔটেঙা বা বিলাহীৰ আঞ্জা (মিচিং)
13. পে:ৰেদ অয়িং – মাটিমাহৰ তৰকাৰি (মিচিং)
14. পুৰাং আপিন –টোপোলা ভাত (মিচিং)
15. আপং – নিচাযুক্ত পানীয় (মিচিং)
16. হান্তী – নিচাযুক্ত পানীয় (চাওতাল)
17. চিনজিল – কুকুৰাৰ মঙহ (চাওতাল)
18. চুলিয়া ভাত – বৰা চাউলৰ জলপান (তিৱা)
19. আৰিয়া – মাছ শুকুৱাই খোৱা (তিৱা)
20. মুইদং – গাহৰিৰ শুকান ভজা মঙহ (তিৱা)
21. চু – নিচাযুক্ত পানীয় (গাৰো)
22. মি – ভাত (গাৰো)
23. ৱাকবেএন – গাহৰিৰ মঙহ (গাৰো)
24. কাচা – নিচাযুক্ত পানীয় (হাজং)
25. বিচি ভাত – বৰা চাউলেৰে তৈয়াৰী ভাত (হাজং)
26. হৰবংইছি – নিচাযুক্ত পানীয় (কাৰ্বি)
27. হান চি – খৰিচা (কাৰ্বি)
28. ভত্তা খাওয়া – কচু, আলু, বেঙেনা আদিৰ পিতিকা (ৰাজবংশী)
29. চুজে – পানীয় (দেউৰী)
30. চ্চুঁচ্চাঁ – শুকান মাছ (দেউৰী)
31. চ্চিঁয়া জুবুৰা – মাছৰ আঞ্জা (দেউৰী)
32. চ্চুচ্চু জুবুৰা – বিভিন্ন মঙহৰ আঞ্জা (দেউৰী)
33. চেৱা মক – বৰা চাউলৰ জলপান (দেউৰী)
34. উজুয় মক – চুঙাত চাউল দি সিজোৱা ভাত (দেউৰী)
35. দিবি জুবুৰা – মাটি মাহৰ তৰকাৰি (দেউৰী)
36. নাফলাং – শুকান মাছ (তিৱা)
37. জু – নিচাযুক্ত পানীয় (তিৱা)
38. মাইচা – ভাত (ডিমাচা)
39. হন চামলাই – মাংস আৰু চাউলৰ গুড়ীৰ আঞ্জা (ডিমাচা)
40. জৌ – নিচাযুক্ত পানীয় (ডিমাচা)
41. নাপ্ হালাম – মাছৰ চাটনি (ডিমাচা)
42. পা চাও –সৰু মাছৰ শুকান ভাজি (খামতি)
43. পাকাত চৌম – লাই শাকৰ টেঙা আঞ্জা (টাইফাকে)
44. নৌ পিং – খৰিকাত দিয়া মঙহ (টাইফাকে)
45. মায় মাচি – মাৰ ভাত (ৰাভা)
46. এমফৌ অনলা – পলুৰ আঞ্জা (বড়ো)
47. জৌ – নিচাযুক্ত পানীয় (বড়ো)
48. বিচি ভাত – বৰা চাউলৰ ভাত (হাজং)
49. ছ্যাকা – খাৰ (ৰাজবংশী)
50. খাওনিং – ভাত (খামতি)