বিভীষিকাৰ তপ্ত পৰশ ~ (স্যামন্ত কুমাৰ গোস্বামী)

ক্রাইম ব্রাঞ্চৰ অফিছাৰ বিক্রম চেতিয়াৰ গাড়ীখন ঠাইটুকুৰাত ৰ’লহি। ঘোপমৰা অন্ধকাৰ। ধাৰাষাৰ বৰষুণ। মাজে মাজে চৌদিশ জোকাৰি পেলোৱা দুই এটা প্রচণ্ড বিজুলী ঢেৰেকনি। ৰেইনকোটটো গাত সুমুৱাই লৈ টুপীটো মূৰলৈ টানি ল’লে তেওঁ। ৰাস্তাত ঠায়ে ঠায়ে বোকা-পানী। ঠাইখিনিত বিজুলী সংযোগো নাছিল। গাড়ীৰ হেডলাইটৰ পোহৰত কিছুদূৰ যোৱাৰ পিছত টর্চটো উলিয়াই লৈ দুই এখোজকৈ আগবাঢ়িল তেওঁ। ক্ষন্তেকৰ বাবে বিজুলীয়ে চৌদিশ পোহৰাই তুলিছে। ক’ৰবাত ভেকুলীয়ে টোৰটোৰাইছে। ৰাস্তাটোৰ একাষে দুই-এটা জুপুৰি ঘৰ। আনটো ফালে জংঘল এখন। এঠাইত গঞাই জুম বান্ধিছে। কনিষ্টবল দুজনে ভীৰ ঠেলি বিক্রমক আগবঢ়াই নিলে। তলমূৱাকৈ পৰি আছে দেহটো। কাষত তেজৰ ডোঙা। টর্চৰ পোহৰেৰে চাৰিওকাষে কিছুদূৰলৈ চাই ল’লে তেওঁ। নাই, খোজৰ চিন, গাড়ীৰ চকাৰ চিন বা তেনে কোনো চিন নেদেখিলে। হয়তো বৰষুণে কিছু চিন ইতিমধ্যেই নাইকিয়া কৰি পেলাইছে। মৃতদেহটোৰ ডিঙিত দ’ আঘাতৰ চিন; এটা অংশ কামুৰি নিয়াৰ দৰে। যেন কোনো বন্য জীৱইহে আক্রমণ কৰিছিল ! কোনোমতেই মানুহে কৰা হত্যাকাণ্ড যেন নালাগে। কিন্তু কোনো মাংসভোজী জীৱই আক্রমণ কৰিলে নাখাই এনেদৰে এৰি যাব কিয়? অসংখ্য প্রশ্নই জুমুৰি দি ধৰিলে বিক্রমৰ মগজুত।

: কোনোবাই দেখিছিলনে?
: নাই ছাৰ। এনে ধুমুহা-বৰষুণত সকলো ঘৰৰ ভিতৰতেই আছিল বুলি কৈছে এওঁলোকে।
: আই চি ।
মৃতদেহটো পোষ্টমর্টেমৰ বাবে পঠিয়াবলৈ কৈ বিক্রম নিজৰ গাড়ীখনলৈ আগবাঢ়িল।

********************

“কিবা ক্লু পালেনে বৰুৱা?” চাব-ইঞ্চপেক্টৰ বৰুৱাক উদ্দেশ্যি বিক্রমে সুধিলে।
: নাই ছাৰ। আনকি মানুহজন কোন সেইটোৱেই চিনাক্ত হোৱা নাই।
: পোষ্টমর্টেমত কোনো মেটেল ৱেপন ইউজ কৰা নাই বুলি কোৱা হৈছে। মই ঠিকেই সন্দেহ কৰিছিলোঁ। আচলতে আঘাতলৈ চাই সঠিককৈ কোৱাটোও দিগদাৰ। বডিটো দেখি দাঁত বা নখৰ আঘাত যেনহে লাগিছিল।
এনেতে ফোনটো বাজিল।
: ………
: কি?? ক’ত?
: ……………
: আপুনি তাতেই থাককচোন অলপ সময়। গৈ আছোঁ।
“জল্‌দি ব’লক। আকৌ মার্ডাৰ !” কৈয়েই লগে লগে গাড়ীখনলৈ আগবাঢ়িল বিক্রম ।
চাব-ইঞ্চপেক্টৰ বৰুৱাৰ লগত দুয়ো গাড়ীৰে গৈ ঠাইখিনি পালেগৈ। আগৰ ঠাইখিনিৰপৰা অলপ আগত। একে ধৰণেই হত্যা হৈছে। এইবাৰ ডিঙিৰ লগতে বুকুতো আঘাতৰ চিন। ডিঙিৰ এচোৱা এৰুৱাই নিয়া হৈছে । কাষত তেজে কৰাল মাৰিছে । বুকুত ঠিক জন্তুৰ আঁচোৰৰ দৰে আঁচোৰ । চকু দুটা ডাঙৰকৈ মেল খাই আছে। যেন মৃত্যুৰ আগতে যথেষ্ট কষ্ট পাইছিল, তেনে লাগে। গোটেই মুখমণ্ডলত ভয়ৰ ভাব স্পষ্টকৈ বিৰিঙি আছে ।
“ফোন কোনে কৰিছিল আপোনালোকৰ?” বিক্রমৰ প্রশ্নত এজন বয়সস্থ লোক আগুৱাই আহিল। “আপুনি ব’লকচোন মোৰ লগত। চিন্তা নকৰিব, আপোনাৰ কোনো অসুবিধা নহয়।”

************************

পিছদিনা, একে ঠাইতে ।
বিক্রমৰ লগতে এটা সশস্ত্র পুলিচ বাহিনী। সকলোৰে হাতত উদ্যত বন্দুক। আঙুলি ট্রিগাৰত। সকলো নিতাল-নিস্তব্ধ। এনেতে এটা খচ্‌মচনিৰ শব্দ শুনিবলৈ পালে বিক্রমে। সকলোকে কৈ থোৱা আছিল যিয়েই নহওক, হত্যা নকৰিবলৈ। লুকাই থকা ঠাইৰপৰা ওলাই নিশব্দে সন্তর্পণে এখোজ-দুখোজকৈ আগবাঢ়িল তেওঁ শব্দটোৰ পিনে। কিন্তু এনেতে সকলো নিস্তব্ধ হৈ পৰিল।

হঠাৎ পিছপিনে কিছু দূৰত এটা বিকট চিঞৰ। সকলো সেইপিনে দৌৰিলে। দূৰৰপৰা দেখিলে এটা কায়া। এজন মানুহক ডিঙিত ধৰি দাঙি ধৰিছে সি। মানুহজনে ধৰফৰাইছে, নিজকে এৰুৱাবৰ আপ্রাণ চেষ্টা কৰিছে, টেটুফালি চিঞৰিবৰ চেষ্টা কৰিছে, কিন্তু ডিঙিত চেপি ধৰা বাবে মাতটো ভালদৰে ওলাই অহা নাই। বিক্রমে চিঞৰিলে “হেণ্ড্‌চ আপ !” নাই, তাৰ কোনো কেৰেপেই নাই সেইপিনে। “মই তিনিলৈ গণিম। এৰি দে জল্‌দি।” কৈ উঠিয়েই মনে মনে পোহনীয়া কুকুৰ ৰকিক ফুচফুচাই ক’লে “গ’ !” প্রকাণ্ড এলচিচিয়ান কুকুৰটোৱে মুহুর্ততে দৌৰি গৈ তাৰ ভৰিত কামুৰি ধৰিলে। কিন্তু তাৰ কোনোফালেই যেন ভ্রুক্ষেপ নাই। ঠিক শিকাই থোৱাৰ দৰেই পিছমুহুর্ততে ৰকিয়ে জপিয়াই কায়াটোৰ হাতৰ এঠাইত কামুৰি এবখলা এৰুৱাই আনিলে। ডিঙিত ধৰি দাঙি ধৰি থকা মানুহজন ইতিমধ্যে নিস্তেজ হৈ পৰিছিল। দেহটো ঠেকেচ্‌কৈ মাটিত পেলাই দিলে সি। সকলো হতভম্ব হৈ চাই থাকিল। তাৰপিছত সি লাহে লাহে এখোজ-দুখোজকৈ পিছলৈ খোজ দিবলৈ আৰম্ভ কৰিলে। তেতিয়াও কামোৰ এৰি নিদিয়া কুকুৰটোৰ ডিঙিটো এইবাৰ সি মোটোকাই ধৰিলে। তেনেতে বিক্রমৰ পিষ্টলে গৰজি উঠিল। সোঁ আৰু বাওঁ দুয়ো ভৰি ভেদ কৰি পাৰ হৈ গ’ল দুটা গুলী। নাই, তথাপিও সি যেন কোনো কষ্টই পোৱা নাই। আনকি এটা চিঞৰ বা আর্তনাদো শুনা নগ’ল। ইপিনে আন্ধাৰৰ বাবে পুলিচৰ দলটোৰ ভালেখিনি অসুবিধা হৈছিল। কায়াটো লাহেকৈ জংঘলৰ পিনে আগবাঢ়িবলৈ লওঁতেই বিক্রমে সকলোকে আদেশ দিলে “ফায়াৰ !” কেইবাজাঁই গুলী তাৰ বুকু-পেট ভেদ কৰি পাৰ হৈ গ’ল। সকলো পিছে পিছে দৌৰিলে । কিন্তু হঠাৎ সি আন্ধাৰৰ সুযোগ লৈ অদৃশ্য হৈ গ’ল। কাষতে ছটফটাই পৰি আছিল ৰকি। পেলাই থৈ যোৱা মানুহজনৰ ওচৰলৈ আহি বিক্রমে দেখিলে – মানুহজনৰ তেতিয়াও মৃত্যু হোৱা নাই। দীঘল দীঘলকৈ উশাহ লৈছে। কিবা এটা যেন ক’বৰ চেষ্টা কৰিছে; ক’ব পৰা নাই।
“হয় হয় কওক – কোন আছিল তেওঁ?” বিক্রমে সুধিলে।
মানুহজনে হাতৰ ভঙ্গিমাৰে কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিছে। এনেতে হঠাৎ দেহটো নিথৰ হৈ পৰিল। ৰকিৰ ওচৰলৈ আহি বিক্রমে দেখিলে তাৰ ইতিমধ্যে মৃত্যু হৈছে। মৰমৰ কুকুৰটোৰ মূৰত এবাৰ হাত বুলাই দিলে তেওঁ। তাৰ মুখত লাগি আছে কামুৰি অনা সৰু মঙহ এটুকুৰা। তেওঁ ইংগিতেৰে সেই টুকুৰাটো ল’বলৈ ক’লে চাব-ইঞ্চপেক্টৰ বৰুৱাক। গোটেই পুলিচ বাহিনীয়ে ওচৰে পাজৰে বিচাৰি চলাথ লগালে, কিন্তু হত্যাকাৰীৰ কোনো শুংসুত্রই পোৱা নগ’ল।
বাকী সকলোকে যাবলৈ নির্দেশ দি তেওঁ ৰাতিটো গাড়ীতেই থাকিল। বৰষুণ এজাক আৰম্ভ হ’ল এনেতে। মৰমৰ ৰকিৰ দেহটো দাঙি আনি গাড়ীৰ ভিতৰত থ’লে তেওঁ। তাৰ চকুত তেতিয়াও যেন সেই গৰাকীৰ প্রতি নিষ্ঠাৰ ভাবটো। কুকুৰটোৰ মেল খাই থকা চকু দুটা জপাই দিলে বিক্রমে। পুনৰ এবাৰ গোটেই গাতে হাত ফুৰাই দিলে তাৰ।

*****************

ৰাতিপুৱা চৰাইৰ কাকলিত বিক্রমৰ টোপনি ভাঙিল। কাষত তেতিয়াও সৰু কেচুৱাটোৰ দৰে যেন শুইহে আছে ৰকি। তাৰ দেহটো সমাধিস্থ কৰাৰ বাবে তেওঁ ওচৰৰ জংগলৰ ভিতৰলৈ কিছুদূৰ সোমাই গ’ল। লুংলুঙীয়া বাট। গছৰ পাতবোৰৰ ফাঁকে ফাঁকে সূর্য্যৰ কিৰণ সোমাইছেহি। দূৰৈত অকমান মুকলি ঠাই। এনেতে আকাশৰ পৰা শগুণ কেইটামান নামি অহা দেখিলে তেওঁ। দূৰৈত মাটিত পৰি আছে এটা শগুণৰ জাক। মাজত কিবা এটা। বোধহয় কিবা মৃত জীৱৰ দেহ খাইছেহি। কিন্তু অলপ মনযোগেৰে চাওঁতে তেওঁ যিটো দৃশ্য দেখিলে, তেওঁৰ ৰোম ৰোম শিহৰিত হৈ উঠিল। সেইটো কোনো জীৱ-জন্তুৰ দেহ নহয়, মানুহৰহে দেহ। শগুণজাকক ভয় খুৱাবলৈ ওচৰতে পৰি থকা শিল এটা বুটলি ল’লে তেওঁ। তেনেতে তেওঁ যি দেখিলে তাক সপোন নে দিঠক বিশ্বাস কৰিবলৈ টান পালে। সেই শগুণে খাই থকা দেহটোৱে লৰচৰ কৰিছে। যেন উঠি বহিবলৈহে চেষ্টা কৰিছে। দুটামানে শগুণে ভয়তে উৰা মাৰিলে। আন দুটামান সাহসী শগুণে এবাৰ খুটিয়াই চায় আৰু পিছুৱাই যায়। কিন্তু দেহটোৱে অকণো কষ্ট পোৱা যেন নালাগিল। বিক্রমে নিজকে এবাৰ চিকুটি চালে। নাই, সপোন নহয় ! ভালকৈ লক্ষ্য কৰি তেওঁ দেখিলে দেহটোৰ মুখ, ডিঙি আৰু হাতৰ মঙহবোৰ প্রায় এৰাই গৈ মাজে মাজে জঁকাটো দেখা গৈছে। নাড়ী ভুৰিবোৰ ওলাই কিছু অংশ মাটিত লাগিছে। দুই এচপৰা মঙহ অ’ত ত’ত ওলমি আছে। তাকে খাবলৈ শগুণবোৰে হেঁতা-ওপৰা লগাইছে। বতাহত ভাঁহি আহিছে পচা মঙহৰ গোন্ধ; এৰা, পচা নৰমাংসৰ গোন্ধ ! বিক্রমে পিষ্টলটো খামুচি ধৰিলে।

এনেতে এটা কঁপনি। গাটো জিকাৰ খাই উঠিল বিক্রমৰ। অ’হ নাই, ভাইব্রেচনত ৰখা ফোনটোৰ কঁপনিহে ! ফোনটো ৰিচিভ কৰাৰ বাবে নিজক লুকুৱাবলৈ লওঁতেই মাটিত পৰি থকা কিহবাত পিচল খালে তেওঁ। এটুকুৰা অর্ধগলিত মাংসপিণ্ড ! তাত কিবাবোৰে কিল্‌বিলাই ফুৰিছে। এনেতে চৰাই এটাই তেওঁৰ মুখৰ আগেদিয়েই চোঁ মাৰি আহি সেইটুকুৰা থপিয়াই নিলে। বুকুখন চিৰিংকৈ গ’ল বিক্রমৰ। কোনোমতে নিজকে লুকুৱাই লৈ ফোনটো ৰিচিভ কৰিলে তেওঁ। সিমূৰত এটা কঁপা কঁপা কণ্ঠস্বৰ “ছাৰ, মোক বচাওক। সি মোক মাৰি পেলাব !”
: কোন আপুনি? ক’ৰপৰা কৈছে? কোনে মাৰিব বিচাৰিছে আপোনাক?
: …………….
ফোনটো কাটি দি তেওঁ দেখিলে সেই দেহটো নাই । শগুণবোৰৰ দুটামানে মাটিত পৰি ৰোৱা কিবাবোৰ বুটলি খাইছে।

******************************

সেই বিশেষ ব্যক্তিজনৰ ঘৰত……
“মোৰ নাম ৰাজীব চৌধুৰী । চাৰিদিন আগৰ কথা । সিদিনা ৰাতি আমি পাঁচজন বন্ধু কেবা বছৰৰ মূৰত লগ হৈছিলোঁ । ৰাজু বোলাজনে বাৰে বাৰে সোনকালে ঘৰ যাবলৈ বিচাৰি আছিল…..
->->->->

: আব্বে, ইয়াৰ ইমান জল্‌দি কেলেই যাব লাগে বে?
: দেৰী কৰিলে ঘৈণীয়েকে খেদিব বে ইয়াক বাঢ়নী লৈ!
আটাইকেইজনে সমস্বৰে হাঁহিলোঁ । চবৰে অলপ অলপ নিচা লাগিছিল ।
: নহয় বে, মই এনেয়ো ঘৰত ইয়ালৈ আহিম বুলি কৈ অহা নাছিলোঁ । আৰু ইন্‌হেলাৰটোও পাহৰিছো আনিবলৈ ।
: যাবি ৰহ ! আমি থৈ আহিম তোক । টেনচন নল’বি । ঐ, পেগ এটা বনা আৰু।

কিছুপৰ পিছত ৰাজুৱে হঠাৎ উশাহ লোৱাত কষ্ট পাবলৈ ধৰিলে। তাতে ইন্‌হেলাৰটোও নাই। আমি কেইজনমানে তাক গাড়ীত উঠাই উভতিবলৈ ল’লোঁ। ৰাজুৱে যিমান পাৰে কষ্টৰে উশাহ ল’বৰ চেষ্টা কৰি আছিল। কিন্তু ক্রমাৎ তাৰ উশাহ ঘন হৈ আহিবলৈ ধৰিলে। সকলো ভয়ত জ্বৰ ঘামে ঘামিবলৈ ধৰিলে। আমি মূল চহৰৰ পৰা দূৰৰ এটা ফার্মহাউচত লগ হৈছিলোঁ দেখি আস্পাতালো নাছিল ওচৰত। কোনোৱে কি কৰিব ঠিৰ কৰিব পৰা নাছিলোঁ। ইতিমধ্যে ৰাজুৰ দেহটো প্রায় নিথৰ হৈ পৰিছিল। উশাহ নিশাহো প্রায় বন্ধ হোৱাৰ দৰেই হৈ পৰিছিল।
কিছুসময় সকলো নিশ্চুপ, কাৰো মুখত এটাও শব্দ নাই। ৰাজুলৈ চালোঁ। তাৰ উশাহ নিশাহ লোৱা বন্ধ হৈছে। এক অজান ভয়ে আবৰি ধৰিলে। ক’ৰবাত এটা ফেঁচাৰ কুৰুলি। চিগাৰেট এটা জ্বলাই ললোঁ। এনেতে মোৰ মনত পৰিল – আমাৰ মাজৰ বিপ্লব বোলাজনে দুই এটা মেজিক-শ্ব’ কৰিছিল। তাৰ শ্ব’বোৰৰ প্রধান আকর্ষণ আছিল হিপ্‌নোটিজ্‌মৰ দ্বাৰা কাৰোবাক নিজৰ বশীভূত কৰি সেই ব্যক্তিজনে নিজে নিবিচৰা কাম কিছুমান কৰি দেখুওৱাটো। আমাকো কেতিয়াবা দেখুৱাইছিল সেই খেলটো। ৰাজুৰ দেহটো চুই চালোঁ। শৰীৰৰ উত্তাপ তেতিয়াও আছিল। আশাৰ দৃষ্টিৰে বিপ্লবলৈ চালোঁ।

“বিপ্লব, তই এবাৰ চেষ্টা কৰি চাবি নেকি?” অনুৰোধৰ সুৰত কলোঁ তাক।
: মই? কি কৰিব লাগে মই?
: নহয় মানে তই হিপ্‌নোটিজ্‌মেৰে কিবা কৰিব পাৰিবি নেকি?
: তহঁতে মোক ভগবান বুলি ভাবিছ নেকি? মৰা মানুহ এটা হিপ্‌নোটিজ্‌মেৰে জীয়াই দিম মই !
: নহয় নহয়, আমি তেনেকৈ ভাবিছোঁ যদিও সি আচলতে বাচি থাকিবও পাৰে। হয়তো আৰু কিছুসময় পিছত নাথাকিবগৈ। চা, তাৰ গাটো এতিয়াও গৰমে আছে।
: পাগল হৈছ নেকি? সেইটো জাষ্ট ষ্টেজত দেখুওৱা মেজিক ট্রিক এটাহে, সঁচা নহয় নহয় !
: কিন্তু তই হিপ্‌নোটিজ্‌মেৰে কাৰোবাৰ মাইণ্ড কন্ট্র’ল কৰিব পৰাটোতো সঁচা। যদি ই এতিয়াও বাচি আছে, তই সেইখিনি তো পাৰিবি কৰিব। ট্রাই কৰি চা না প্লিজ ! তাতে ঘৰত ইয়াৰ ঘৈণীয়েক আৰু অকমাণি জীয়েকজনী আছে; জানই দেখোন। আৰু আমিয়েই ইয়াক জোৰ কৰি ৰাখি থৈছিলোঁ। ইয়াৰ কিবা এটা হ’লে গোটেইকেইটা ফচিম।

কিবা ভাবি সি ৰুমটোৰ সকলো লাইট নুমুৱাই লৈ ৰাজুৰ মূৰৰ কাষত মমবাতি তিনিডাল জ্বলালে। আমি তিনিটাক অকমান পিছলৈ যাবলৈ কৈ চকুহাল মুদি ৰাজুৰ কঁপালত এবাৰ হাত ফুৰালে আৰু কৈ উঠিল “মই মাত্র এটা কামেই কৰিব পাৰোঁ, যদিহে প্রাণ এতিয়াও বাকী আছে, মই তাৰ সৈতে একাত্ম হ’বৰ চেষ্টা কৰিব পাৰোঁ আৰু মোৰ মানসিক শক্তিৰে কিছু সময়ৰ বাবে শৰীৰটো জীৱন্ত যেন দেখুওৱাৰ চেষ্টা কৰি চাব পাৰোঁ।” আমাৰ সকলোৰে মুখ কেইখন উজ্জ্বল হৈ পৰিল।
“মই চেষ্টা কৰি চাওঁ। পিছে মই খুব বেছি কেইঘন্টামানৰ বাবেহে এই মনঃসংযোগ ৰাখিব পাৰিম। কিন্তু কামটো বহুত ৰিস্কি। মই এতিয়ালৈকে কৰা হিপ্‌ন’টিজ্‌ম কেইমিনিটমানৰ বাবেহে কৰিছিলোঁ আৰু একেবাৰে সুস্থ মানুহৰ ক্ষেত্রতহে কৰিছিলোঁ যাৰ শৰীৰটো চলাই ৰাখিবলৈ অন্ততঃ মই কোনো মানসিক কষ্ট কৰিব লগা হোৱা নাছিল…..”

সি বহুত কিবাকিবি কৈ আছিল যদিও আমাৰ কাণত পিছৰখিনি কথা ভালদৰে সোমোৱা নাছিল। এনেতে ৰাজুৰ পকেটত থকা মোবাইলটো বাজি উঠিল। চাই দেখোঁ তাৰ ঘৈণীয়েকে কৰিছে। ৰিচিভ কৰাৰ সাহস নহ’ল। ৰিং হৈ হৈ কাটি গ’ল। অলপ পিছত আৰু এবাৰ। অকমান পিছতে আকৌ বাজি উঠিল ফোনটো। সাহস কৰি ময়েই শেষত ৰিচিভ কৰিলোঁ “বৌ, সি অকমান ওলাই গৈছে। আমি এই যাবলৈ ওলাইছোৱেই। চিন্তা নকৰিব।” মাতটো যিমান পাৰোঁ সহজ যেন দেখুৱাই কথাখিনি কৈ ফোনটো কাটি দিলোঁ।

সকলো ইতিমধ্যে অধৈর্য্য হৈ পৰিছিল। আমি বিপ্লবক সোনকালে যি পাৰে কৰিবলৈ অনুৰোধ কৰি থকাৰ পিছতো সি অনর্গল কিবা কিবি বুজায়েই থাকিল আমাক।
“…কিন্তু এতিয়া হয়তো মই কিবা এটা কৰিব পাৰিলেও একেটা কাম কৰিবলৈ গৈ মই ফিজিকেলি আৰু মেন্টেলি ইমানেই ৱিক হৈ যামগে’ যে মনঃসংযোগ স্থাপন কৰাৰ লগে লগেই মোৰ শৰীৰটো অৱশ হৈ ঠিক মৃত শৰীৰৰ দৰে হৈ পৰিব। আৰু এই কেইঘন্টা শেষ হোৱাৰ পিছত তহঁতে আহি……”

“তই নিজৰ কাম কৰ জল্‌দি, বকবকাই থাকিব নালাগে ! ইফালে আমাৰ হালত খাৰাব হৈ আছে সি আৰু লেকচাৰ দি আছে !” আমাৰ মাজৰে এজনে অতিষ্ঠ হৈ উঠি গৈ ক’লে। বিপ্লবে লাহেকৈ চকুহাল বন্ধ কৰিলে। লাহে লাহে তাৰ গাৰ ৰং শেঁতা পৰি আহিবলৈ ধৰিলে আৰু এটা সময়ত শৰীৰটো ঢলি পৰিল। আমি ৰাজুলৈ চালোঁ। সি তেতিয়াও আগৰদৰেই আছে। সকলো কিংকর্তব্যবিমূঢ় ! এনেতে হঠাৎ ৰাজুৱে চকু মেলিলে আৰু লাহে লাহে উঠি বহিল। সকলো আনন্দত অধীৰ হৈ তাক ঘৰত থবলৈ গলোঁ।

ঘৰ গৈ পাই দুৱাৰ খোলাৰ লগে লগেই সিহঁতৰ পোহনীয়া কুকুৰ মিকিয়ে ভুকিবলৈ ধৰিলে। আনদিনা সদায় দুৱাৰমুখলৈ দৌৰি আহি কুঁকুৱাই ৰাজুৰ ভৰিত শুই পৰি মৰমৰ আবদাৰ কৰা মিকিয়ে সেইদিনা যেন তাক খাইহে পেলাব। সকলো আচৰিত। কোনোমতে তাক আঁতৰাই নিয়া হ’ল। ৰাজু গৈ নোপোৱাত তাৰ কণমানি জীয়েকজনী তেতিয়াও টোপনি যোৱা নাছিল কাৰণ তাৰ কোলাত মূৰ থৈহে টোপনি যোৱা অভ্যাস কণমানিজনীৰ। সেইদিনা পিছে সি কোলাত লোৱাৰ লগে লগে তাই কান্দিবলৈহে আৰম্ভ কৰিলে।

লাহে লাহে তাৰ আচাৰ-ব্যৱহাৰত অস্বাভাৱিকতা স্পষ্ট হৈ পৰিল। চকুহাল মেলা থাকে যদিও এনেহে লাগে যেন কোনোবাই জোৰকৈ মেল খুৱাইহে দিছে। চকু দুটা ঢেলঢেলকৈ বগা। চকুৰ নিমিষ নাকাঢ়ে কেতিয়াও। কথা কয় কিন্তু আগৰদৰে নহয়। সেই মৰমীয়াল ভাবটোও নাই। ঘৈণীয়েকৰ চকুত তাৰ অস্বাভাবিকতা স্পষ্ট হৈ ধৰা দিলে। পিছদিনা ৰাতিপুৱা ঘৈণীয়েকে তাৰ গা বেয়া বুলি ভাবি কঁপালত হাত দি দেখে যে গাটো দেখোন তেনেই চেঁচা !
আমি তেতিয়াহে ভালদৰে বুজিলোঁ বিপ্লবে আচলতে আমাক কি বুজাব বিচাৰিছিল। সি ৰাজুক প্রাণ দান দিয়া নাছিল। তাৰমানে? ৰাজু জীৱিত নহয় ! কেৱল বিপ্লবৰ মানসিক শক্তিয়ে দেহটো চলাই ৰাখিছে। সি উশাহ নিশাহ নলয়, দেহত তেজ চলাচল নকৰে, চকুৰ নিমিষ নাকাঢ়ে, দেহৰ ৰং ঢেলা বগা, সর্বশৰীৰ চেঁচা।

ইমান সময়ে আমি বিপ্লবৰ কথা পাহৰিয়েই গৈছিলোঁ। উধাতু খাই দৌৰিলোঁ সেই ফার্মহাউচলৈ। দেখিলোঁ বিপ্লবৰ শৰীৰটো তেতিয়াও তাতেই পৰি আছে। কেবাবাৰো মাতিলোঁ, গাত ধৰি জোকাৰি দিলোঁ – নাই কোনো সাৰসুৰ নাই। কিবা পচিবলৈ ধৰা যেন গোন্ধ এটা নাকত লাগিলহি। চাগে বিপ্লবৰ দেহটোৰেই….! মনত পৰিল সি আমাক কোৱা শেষ কথাখিনি “আৰু এই কেইঘন্টা শেষ হোৱাৰ পিছত তহঁতে আহি……” বাকীখিনি আমি ক’বলৈ সুবিধাই নিদিলোঁ। আমাৰ তেতিয়াহে ভয় লাগিবলৈ ধৰিলে। কিন্তু কৰিব পৰাকৈ আমাৰ হাতত একো নাছিল।
আৰু তাৰ পিছত এটা এটাকৈ আমি গোটেইবোৰকে সি…..!
<-<-<-<- বিক্রমে কথাখিনি শুনি এটা দীঘল হুমুনিয়াহ কাঢ়িলে। দেহটো শগুণে খোৱা দৃশ্যটো তেওঁৰ চকুৰ সন্মুখত ভাঁহি উঠিল। মানে পিছলৈ ক্রমাৎ দেহটোৰ পচন আৰম্ভ হ’বলৈ ধৰিলে আৰু শগুণে বোধহয় সেইটো মৃতদেহ বুলি ভাবিয়েই...! “অলপ সাবধানে থাকিব আপুনি। মই আহিম বাৰু আকৌ।” কৈয়েই বিক্রম খৰখেদাকৈ ওলাই গ’ল। ********************* অমাৱস্যাৰ ৰাতি। ঘোপমৰা অন্ধকাৰ। দুৱাৰত ঢকিওৱাৰ শব্দ। “কোন?” ৰাজীৱ চৌধুৰীয়ে ভিতৰৰ পৰা সুধিলে। কিন্তু কোনো উত্তৰ নাই। কিছুসময় কোনো শব্দ নাই । কাণপাতি শুনিবলৈ চেষ্টা কৰিলে কিবা শুনিবলৈ পায় নেকি। পুনৰ ঢকিওৱাৰ শব্দ। কেৰেক...পিছপিনৰ পুৰণি দুৱাৰখন খোল খোৱাৰ শব্দ। তেওঁৰ বুকুৱে ধান বানিবলৈ ধৰিলে। লাহে লাহে নিজকে যিমান পাৰি লুকুৱাই লৈ পিছপিনলৈ খোজ ল’লে তেওঁ। আকৌ সেই একে ধৰণৰ শব্দ দুৱাৰখনৰ। পিছে একো নেদেখিলে, বতাহতহে মেল খাইছিল চাগে। খৰখেদা কৰোতে দুৱাৰখন বন্ধ কৰিবলৈকে পাহৰিছিল তেওঁ। কোনোমতে সাহস গোটাই দুৱাৰখন জপালে। এনেতে পুনৰ সন্মুখৰ দুৱাৰত টোকৰ। ক’ৰবাত কুকুৰ এটাই ৰাউচি জুৰি উঠিল। লাহেকৈ কাষৰ এখন খিৰিকী মেলি চাবলৈ চেষ্টা কৰিলে তেওঁ, কিন্তু একো নদেখিলে। অকমান বেছিকৈ মেলি জুমি চাওঁতেই পিছপিনৰ পৰা কিবা এটাই ডিঙিত চেপি ধৰিলেহি। তেওঁ এৰুৱাবলৈ পার্য্যমানে যত্ন কৰিলে, কিন্তু সেই চেপা ক্রমাৎ টান হৈহে যাবলৈ ধৰিলে। হাতেৰে চুই চাই তেওঁ অনুভৱ কৰিলে, চেপি ধৰা সেই হাত দুখনতচোন মঙহৰ চিনচাবেই নাই; কেবল হাড়হে ! ইতিমধ্যেই উশাহ ল’ব নোৱাৰি তেওঁ ধৰফৰাবলৈ আৰম্ভ কৰিছিল। এনেতে পিছপিনে গাড়ী ৰোৱাৰ শব্দ। তাৰপিছতে এটা শিশুৰ আধাফুটা মাত শুনিবলৈ পালে তেওঁ। ডিঙিৰ চেপাটো ক্রমাৎ ঢিলা হৈ গৈ এটা সময়ত এৰ খালে। দীঘল দীঘলকৈ উশাহ কেইটামান ল’লে তেওঁ। গাড়ীৰ হেডলাইটৰ পোহৰত দেখিলে তেওঁৰ ঠিক পিছপিনে থিয় হৈ থকা নৰকংকালটো। কিছু দূৰৈত ৰাজুৰ ছোৱালীজনী কোলাত লৈ বিক্রম। কংকালটোৱে যেন কিবা এটা ক’বলৈ বিচাৰিছে। কিন্তু মাতৰ সলনি হাড়ে হাড়ে খুন্দা খোৱা কট্‌কট্‌ শব্দহে শুনা গ’ল। দুখোজ আগুৱাই গৈ হাতখন আগবঢ়াই দিলে ছোৱালীজনীক এবাৰ চুই চাবৰ বাবে। কিন্তু কণমানিজনীয়ে ভয়ত চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। লগে লগে হাতখন পিছুৱাই আনিলে সি। কণমানিজনীয়ে বিক্রমক সাবটি ধৰি আধাফুটা মাতটিৰে ক’লে “মই ইয়াত নাথাকোঁ। মোক লৈ ব’লা ইয়াৰ পৰা!” বিক্রমে কংকালটোক উদ্দেশ্যি চিঞৰি ক’লে “শুন, তই যদি ৰাজু হয়, তেনেহ’লে এবাৰ এইফালে চা – তোৰ নিজৰ ছোৱালীজনীয়েই আজি তোক চাবলৈ নিবিচাৰে। আৰু যদি তই বিপ্লৱ, তেনেহ’লে এই সকলোবোৰৰ বাবে দায়ী তই।” কংকালটো দুখোজ পিছুৱাই গ’ল। আকৌ যেন কিবা এটা ক’বলৈ বিচাৰিলে কিন্তু আগৰদৰে হাড়ে হাড়ে খুন্দা খোৱা শব্দহে শুনা গ’ল। কণমানিজনীয়ে তেতিয়াও বিক্রমক জোৰকৈ সাৱটি ধৰি উচুপি উচুপি কান্দি আছে। বিক্রমে তাইৰ মূৰত দুবাৰমান মৰমেৰে হাত বুলাই দিলে। অকমান পিছতে মূৰ তুলি চাই তেওঁ দেখিলে কংকালটো নাই। সি থিয় হৈ থকা ঠাইখিনিত পৰি আছিল ছোৱালীজনীৰ জোখৰ এটা সৰু ফুটফুটীয়া ফ্রক। ☠☠☠☠☠☠☠☠☠☠☠☠☠ বি. দ্র: কাহিনীভাগ কাল্পনিক । কিহবাৰ সৈতে সাদৃশ্য অনিচ্ছাকৃত । --**--

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!