বিষ্ণু ৰাভাৰ গীতৰ শিল্পী : হিমজ্যোতি তালুকদাৰ

বিষ্ণু ৰাভাৰ গীতৰ শিল্পী

হিমজ্যোতি তালুকদাৰ

বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ গীত সমূহ বিভিন্ন সময়ত বিভিন্ন শিল্পীয়ে পৰিবেশন কৰি আহিছে। কিন্তু আমাৰ বহুতেই হয়তো এই গীতসমূহৰ মূল শিল্পী সকলৰ বিষয়ে জ্ঞাত নহয়। ত্ৰিশ আৰু চল্লিশ দশকতেই বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ গীতসমূহ প্ৰথম বাণীবদ্ধ কৰা হৈছিল।

তলত ৰাভাদেৱৰ কেইটিমান গীত প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা শিল্পীসকলৰ নাম উল্লেখ কৰা হ’ল। –

উলাহেৰে নাচি বাগি : শিল্পী – ভূপেন হাজৰিকা (দহ বছৰ বয়স)
কাষতে কলচী লৈ : শিল্পী – ভূপেন হাজৰিকা (দহ বছৰ বয়স)
টিলাই টিলাই ঘূৰিফুৰে : শিল্পী – প্ৰফুল্লবালা বৰুৱা
কুৰুৱা বতাহে অ’ : শিল্পী – প্ৰফুল্লবালা বৰুৱা
অ’ ৰংপুৰীয়া জী : শিল্পী – প্ৰফুল্লবালা বৰুৱা
গুৰু মোৰ শংকৰ : শিল্পী – প্ৰফুল্লবালা বৰুৱা আৰু বিষ্ণু প্ৰসাদ ৰাভা
নাৱৰ ভৰষা নাই : শিল্পী – প্ৰফুল্লবালা বৰুৱা আৰু বিষ্ণু প্ৰসাদ ৰাভা
ৰৈ ৰৈ কেতেকী বিনাঅ’ : শিল্পী – সাধনা বৰুৱা (ছয় বছৰ বয়স)
দেহা লাহি ৰাইজাই ফুলৰ নাচোন চাই : শিল্পী – সাধনা বৰুৱা (ছয় বছৰ বয়স)
বিলতে হালিছে ধুনীয়া পদুমী : শিল্পী – মমতা বৰুৱা (চাৰি বছৰ বয়স)
জোনবাই এ’ তৰা এটি দিয়া : শিল্পী – মমতা বৰুৱা (চাৰি বছৰ বয়স)
লুইতৰ পাৰৰে ৰূপহী পখিলী : শিল্পী – মমতা বৰুৱা (চাৰি বছৰ বয়স)
ফুলকুঁৱৰীৰ ৰস চুমি লৈ : শিল্পী – গিৰিজা বৰুৱা
উটি যা ৰূপালী নাওঁ : শিল্পী – গিৰিজা বৰুৱা
অ’ অসমীয়া ডেকা দল : শিল্পী – কমল নাৰায়ণ চৌধুৰী
জয়া নাই : শিল্পী – কমল নাৰায়ণ চৌধুৰী
মোৰ জীৱনৰ আকাশতে : শিল্পী – কমল নাৰায়ণ চৌধুৰী
কিবা যেন নাই আজি নাই : শিল্পী – কমল নাৰায়ণ চৌধুৰী
নাহৰ ফুলে নুশুৱায় : শিল্পী – কমল নাৰায়ণ চৌধুৰী আৰু নিৰুপমা হাজৰিকা (সুদক্ষিণা শৰ্মা)
লগন উকলি গ’ল : শিল্পী – কমল নাৰায়ণ চৌধুৰী
বিশ্বৰ ছন্দে ছন্দে : শিল্পী – কমল নাৰায়ণ চৌধুৰী আৰু নিৰুপমা হাজৰিকা (সুদক্ষিণা শৰ্মা)
পৰজনমৰ শুভ লগনত : শিল্পী – কমল নাৰায়ণ চৌধুৰী
মোৰ কবিতাৰ ছন্দ লাগি : শিল্পী – দিলীপ শৰ্মা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!