বিয়াঘৰ (প্ৰতিম প্ৰতাপ বৰুৱা)
দৰজাখন দুফালকৈ খুলি অপূৰ্ব খৰধৰকৈ মোৰ অকলশৰীয়া একোঠালীয়া ঘৰটোলৈ সোমাই আহিল । নতুনকৈ চাকৰি লৈ গাঁও যেন লগা এই সৰু চহৰখনত থিতাপি লোৱা মোৰ এবছৰ হোৱাই নাই । নতুনকৈ হোৱা বন্ধুকেইজনৰ মাজত অপূৰ্ব অন্যতম । মাক-বাপেকৰ এটিয়ে ল’ৰা । গ্ৰেজুৱেট হৈ বহুতদিন ঘৰতে বহি আছিল সি । কেইমাহমান আগতে পুলিচত চাকৰি পাই, ট্ৰেইনিং কৰি আহি, নিজৰ চহৰখনতে কনিষ্টবল হৈছেহি । মোৰ ঘৰত সোমায়েই ক’লে – “অ’ই, কি কৰি আছ’ ?” মই বোলো – “আহ্ আহ্, বহ । চাইকেলখন তলা মাৰি থৈ আহিছনে ?” সি ক’লে – “বাদ দে তলা চলা । মই ডাঙৰ কাম এটা কৰিলোঁ । কালি ৰাতি জেউতীক পলুৱাই আনিলোঁ । ভিনদেউৰ ঘৰত ৰাতিটো থাকি এতিয়া তোৰ ওচৰলৈ আহিছোঁ । ঘৰত দেউতা গৰম হৈ আছে । তই কি কৰিব পাৰ কৰ ।” তাৰ কথা শুনি চক খাই উঠিলোঁ । এবাৰ বিড়ি খাই ধৰা পৰোঁতে দেউতাকে তাক গুৰুলা-গুৰুলকৈ পিটিছিল বুলি সি এদিন নিজেই কৈছিল, কথাষাৰ মনত পৰি গ’ল । মই ক’লোঁ – “হে ভগৱান ! কি ক’লি ? জেউতী মানে…” । সি ক’লে – “অ’ সেইজনীয়েই । তোক যে কৈছিলোঁ, সেই এল পি স্কুলত চাকৰি কৰে যে । তাইৰ ঘৰত দিগদাৰি নাই, মোৰহে দিগদাৰ । ৰাতিপুৱাই ভিনদেউ আমাৰ ঘৰলৈ গৈছিল, দেউতাই মোক পালে কাটিম বুলি কৈছে হেনো । এতিয়া তই কিবা এটা কৰ । মই ঘৰো এৰিব নোৱাৰোঁ, জেউতীকো এৰিব নোৱাৰোঁ” – কথাষাৰ কওঁতে তাৰ চকু চলচলীয়া হ’ল । মই ক’লোঁ – “ৰ’চোন, ভাবিবলৈ দে । কৰিম কিবা এটা । ব’ল নহ’লে, দুইটা তহঁতৰ ঘৰলৈ যাওঁ ।” সি হাত-ভৰি জোকাৰি ক’লে – “নাই নাই, মই নাযাওঁ, তই যা ।” তাক পঠিয়াই মই ওলালোঁ সিহঁতৰ ঘৰলৈ । চাইকেলখন ঘূৰাই সিহঁতৰ জেওৰাত আওঁজাই থলোঁ যাতে কেনেবাকৈ পলাব লগা হ’লে লাফ মাৰি উঠি পলাব পাৰোঁ । ঘৰখনত থম থম পৰিৱেশ । মই গলখাকৰী এটা মাৰি সোমাই যাওঁতেই অপূৰ্বৰ মাক- দেউতাক দুয়ো ওলাই আহিল । “দাইটি ভালনে” – মোৰ মাতষাৰ শুনিয়ে দাইটি গৰম হ’লেই – “কিহৰ ভাল অ’, কিহৰ ভাল । দেখা নাই, এটাই মিৰি এজনী আনি মোৰ নাক-কাণ কাটিছে । ঘৰ সোমাবলৈ নিদিওঁ তাক মই আৰু তোক আগতেই কৈ দিছোঁ তাৰ হৈ ওকালতি কৰিবলৈ নাহিবি । তোৰো পিঠি ফালিম বাপ্পেৰে ।” দাইটিৰ খং দেখি মই মুখেৰে একো নকৈ টুল এখনত বহি ল’লোঁ । চিন্তা কৰিছোঁ কি কোৱা যায় । লাহকৈ বৌটিক ক’লোঁ – “এতিয়া যি হ’ল, হ’ল আৰু । সেইবুলি ল’ৰাটো এৰি দিব নোৱাৰি নহয় । তাক এৰি আপোনালোকে থাকিব পাৰিব জানো ?” মোৰ কথাষাৰ শেষ নহ’লেই, দাইটিয়ে ক’লে – “সেইবুলি মই মিৰি এজনীক বোৱাৰী কৰিব নোৱাৰোঁ । ক’ত মৰে মৰকগৈ, ঘৰ সোমাব নোৱাৰে সি ।” এইবাৰ মই পোনে পোনে দাইটিক অলপ টানকৈয়ে ধৰিলোঁ – “এ কিনো মিৰি মিৰি কৰি থাকে । মিৰি, আহোম এইবোৰ কি কথানো ? চব একে মানুহহে । আৰু কুকুৰ-শৄগাল-গদৰ্ভৰো আত্মা ৰাম বুলি আপোনালোকে নিজে নামঘৰত গাই থাকে দেখোন । গায় নে নাগায় ?” দাইটি অলপ মনে মনে ৰোৱা দেখি মই আকৌ আৰম্ভ কৰিলোঁ – “আপোনালোকে এৰি দিলে অপূৰ্বই কি কৰিব ? টাউনত ভাৰা ঘৰ লৈ থাকিব । মানুহে কাক বেয়া বুলিব ? আপোনালোকক ! আৰু আপোনালোকে সিহঁতহালক এৰি থাকিব পাৰিব ? ভাত খাব পাৰিব, ৰাতি শুব পাৰিব ? পাৰিবনে নোৱাৰে ?” কথা শুনি বৌটিয়ে কান্দিয়ে দিলে । মই নৰ’লোঁ, আকৌ আৰম্ভ কৰিলোঁ – “আৰু মিচিং ছোৱালী হ’ল পিছে কি হ’ল ? তাইক মই দেখিছোঁ – যিহে ধুনীয়া, আপোনালোকৰ ঘৰখন জিলিকি থাকিব । ইফালে চাকৰিও কৰে । বোৱাৰীয়েক মাষ্টৰনী বুলি সন্মানটো কাৰ বাঢ়িব ? আপোনালোকৰহে বাঢ়িব ! দিচাংমুখত মিতিৰ এঘৰ হৈছে ভালহে হৈছে । গৈ পাইছে নে কেতিয়াবা দিচাংমুখলৈ ?” অলপ সময় মনে মনে থাকি দাইটিয়ে ক’লে – “সেইবুলি একো নিয়ম চিয়ম নকৰাকৈ কেনেকৈ আনো ছোৱালীজনী ?” হঠাৎ পৰিৱেশটো সুখৰ হৈ পৰিল । মই ক’লোঁ – “কৰক আক’ কি কি নিয়ম কৰিব খুজিছে । খং কৰি লাভ নাই । অপূৰ্বই একো বেয়া কাম কৰা নাই । লগৰ ভকত দুজনমানক মাতি কথাটো পাতক । মই এতিয়া যাওঁ । জেউতী ভিনদেউহঁতৰ ঘৰতে থাকক এতিয়া, অপূৰ্বক এইকেইদিন ময়ে ৰাখিম ।” বৌটিয়ে ক’লে – “নাযাবি ৰ’ । জলপান এটা খাই যা ।” দাইটিয়েও ক’লে – “জলপান খাই যাবি আৰু এটা কাম কৰিবি । যাওঁতে সেই সিমূৰৰ নন্দক মই মাতিছোঁ বুলি ক’বি । সি আকৌ আজিকালি বিয়াঘৰৰ ৰভা দিয়া কামটো কৰে ।”……….
আপোনাৰ এই উচ্চ মানদণ্ডৰ চিন্তা-ধাৰাৰ লিখনিটোৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ । এনে উৎসাহজনক লিখনিবোৰে আমাৰ সমাজ-খনৰ ভেদা-ভেদ বোৰ কিঞ্চিত হ‘লেও আতঁৰাবলৈ সমৰ্থ হ‘ব বুলি মোৰ দৃঢ় বিশ্বাস ।