বুদ্ধক দুচকু খুলি দিলোঁ (- জ্যোতিময় দত্ত )
পুৰণি নাদৰ কপি থকা পানীত ন-জোনে
মুখখন চাওঁতে
এন্ধাৰে ক’লা দাগ কাটি দিছিল চকুৱে-চকুৱে
ৰাতিৰ নগ্নতাই খুলি আছিল
স্বপ্নহাৰা বুকুৰ কাপোৰ
পোৰামাটিৰ দেৱালয়ত
মূৰ্তিৰ ভাও দিছিল ঈশ্বৰে
জ্বলি আছিল ৰঙা হৈ ভোকাতুৰ চকুবোৰ
শতিকাৰ সোঁতে সোঁতে গৈ আমি
হেৰুৱাই আছিলোঁ মিনাকৰা প্ৰাচীন দিন-ৰাতি
হেৰুৱাইছিলোঁ আমি সাঁচিপাতৰ পাঠ
আৰু
বুদ্ধক দুচকু খুলি দিছিলোঁ এটা এটাকৈ ।
সুন্দৰ..!