বুলবুল কেন চিং – নয়নমণি হালৈ
কলেজত মই যেতিয়া ‘হাউ গ্ৰীণ ৱাজ মাই ভেলী’ উপন্যাসখন পঢ়িছিলোঁ, তাৰ কেইটামান পৃষ্ঠাই মোক অদ্ভুতভাৱে শিহৰিত কৰি তুলিছিল৷ সেইকেইটা পৃষ্ঠাত উপন্যাসৰ নায়ক সদ্যযৌৱনপ্ৰাপ্ত ‘হিউ’ৰ কিশোৰী প্ৰেমিকাজনীক ভাল লগা, তাইৰ সৈতে কথা পতা, চুই চোৱা আৰু এদিন শাৰীৰিক সম্পৰ্ক কৰি তাৰ মনলৈ অহা অনুভূতিৰ বৰ্ণনাৰে সেইকেইটা পৃষ্ঠা ভৰি আছিল৷ মই অবাক হৈ পৰিছিলো, এয়া দেখোন মোৰেই কথা, মোৰ চুবুৰীয়া লগৰজনৰ কথা, মোৰ গাঁওৰ প্ৰতিজন কিশোৰৰ কথা৷ সাত সাগৰ সিপাৰৰ ‘ৱেলচ’ নামৰ প্ৰদেশ এখনৰ এজন ল’ৰাৰ মাজত মোৰ চুবুৰীৰ প্ৰতিজন ল’ৰাৰ এনে অদ্ভুত সাদৃশ্য কিদৰে সম্ভৱ! পিচত মই অনুভৱ কৰিছিলো যে এয়া আচলতে পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰৰ প্ৰতিজন কিশোৰৰ কথা৷ পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰৰ প্ৰতিজন মানুহেই উপন্যাসখনৰ মাজত ক’ৰবাত নহয় ক’ৰবাত নিজক বিচাৰি পাব৷ পৃথিৱীৰ চুকেকোণে আজিও ‘হাউ গ্ৰীণ..’ জনপ্ৰিয় হৈ থকাৰ এইটোৱেই একমাত্ৰ কাৰণ৷
‘বুলবুল কেন চিং’ চিনেমাখনেও পৃথিৱী ঘূৰিছে৷ ‘ভিলেজ ৰকষ্টাৰে’ও ঘূৰিছিল৷ ‘ভিলেজ ৰকষ্টাৰে’ অস্কাৰৰ দুৱাৰমুখ টুকুৰিয়াইছিল৷ ’বুলবুলে’ আজি আন্তৰ্জাতিক চিনেৰসিকৰ পৰা প্ৰশংসা বুটলিছে, পুৰস্কৃতও হৈছে৷ কাৰণ কি? এনে কি আছে এই চিনেমা দুখনত যাক দেশ-বিদেশৰ চিনেপণ্ডিতসকলে সমাদৰ দেখুৱাইছে? মোৰ বোধেৰে এটাই- সেয়া পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰৰ প্ৰতিজন মানুহৰ জীৱনৰ কোনোবা নহয় কোনোবা এটা পৃষ্ঠা এই চিনেমা দুখনত উদ্ভাসিত হৈ উঠিছে৷ সেয়ে ‘ভিলেজ ৰকষ্টাৰ’ বা ‘বুলবুল কেন চিং’ অসমৰ চিনেমা হৈও সি অসমৰ হৈ থকা নাই, সি হৈ পৰিছে ইউনিভাৰ্চেল, সি হৈ পৰিছে পৃথিৱীৰ৷ সেয়ে হয়তো ‘বুলবুলে..’ আন্তৰ্জাতিক স্তৰতো আজি নিজৰ সবল উপস্থিতি ঘোষণা কৰিছে৷ ইয়াত অবাক হবলগীয়া একো নাই৷
‘বুলবুল কেন চিং’ৰ মাজত মই ‘হাউ গ্ৰীণ..’ৰ ‘হিউ’ক দেখিবলৈ পাইছিলো, তাৰ কিশোৰী প্ৰেমিকাজনীক দেখিবলৈ পাইছিলোঁ, মোক দেখিছিলো, মোৰ চুবুৰীৰ প্ৰতিজন কিশোৰক দেখিবলৈ পাইছিলো৷ এয়াই চিনেমাখনৰ সবাতোকৈ ডাঙৰ সাফল্য৷ মোৰ গাঁওৰ গাতে লাগি থকা হাইস্কুলখনৰ নাম আছিল ‘বালভৱন’, কিন্তু এটা সময়ত আমি চেঙেলীয়াবোৰে তাৰ নাম দিছিলো ‘প্ৰেমভৱন’৷ কোনে কাক ভাল পায়, সেয়া আমাৰ কিশোৰ বয়সত এটা ডাঙৰ চাঞ্চল্য আছিল৷ ভালপোৱা নথকাজনৰ জীৱনেই যেন বৃথা৷ স্কুলখনৰ কিমান ল’ৰাছোৱালীয়ে এই ভালপোৱাৰ বাবেই চেকনিৰ কোব খাব লগা হৈছিল, কিমানৰ যে চিঠি ৰাজহুৱা হৈছিল, তাৰ সীমা সংখ্যা নাছিল৷ ‘বুলবুল..’ত দেখা পোৱা স্কুলখন যেন এই স্কুলখনেই৷
সদ্যযৌৱনপ্ৰাপ্ত এগৰাকী কিশোৰ বা কিশোৰীৰ মনোজগতখন বৰ দ্ৰুতগতিত সলনি হৈ যায়, যিদৰে সলনি হৈ যায় ঋতু৷ প্ৰতিটো ঋতু যে সলনি হয়, প্ৰতিটো ঋতুই যে প্ৰকৃতিৰ ৰং আৰু ৰূপ সলনি কৰি থৈ যায়, প্ৰকৃতিৰ প্ৰতিটো ৰঙেই যে জীৱন উদযাপনৰ সীমাহীন বৈভৱ, এই কথা গাঁওত থকা মানুহতকৈ কোনেও ভালকৈ অনুভৱ কৰিব নোৱাৰে৷ জোনাক উবুৰি খাই পৰা কেঁচা আলিবাট, ঘিটমিটিয়া আন্ধাৰ ৰাতি, কেৰাচিন তেলৰ চাকিৰ পোহৰ, তলভৰি থকা চম্পাফুলৰ সুগন্ধি, বাৰিষাৰ জেপজেপীয়া পথাৰ, থোক মেলা ধান, মাছৰ উজান.., প্ৰকৃতিৰ এই অপৰূপ সম্ভাৰ যাৰ হাতৰ কাষতেই থাকে, তেওঁ জীৱন উদযাপন নকৰি কৰিব কোনে? গতিকে জীৱন উদযাপন কৰাৰ বয়সে বাটচৰা পাওঁতেই কিশোৰ বা কিশোৰী এগৰাকী তন্ময় হৈ পৰে, বিমুগ্ধ হৈ পৰে৷ এই তন্ময়তা, এই আকুলতাই যেন প্ৰেম৷ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ, এয়া যেন প্ৰকৃতিৰ চিৰন্তন এটি ৰূপ৷ এনে প্ৰেম আৰু প্ৰকৃতি অতি বাংময় হৈ ধৰা দিছে ‘ৰীমা দাস’ৰ ‘বুলবুল কেন চিঙ’ত৷
এগৰাকী কিশোৰী ‘বুলবুল’, তাইৰ বান্ধৱী, সিহঁতহালৰ প্ৰেমিক আৰু প্ৰেমৰ মধ্যস্থতাকাৰী (যাক আমি পিয়ন বুলি কৈছিলো) এজন বন্ধুৰ কাহিনীয়ে ‘বুলবুল কেন চিঙ’ৰ মূল সম্পদ৷ প্ৰকৃতিৰ সীমাহীন সম্ভাৰেৰে ভৰপূৰ এখন ক্ষুদ্ৰ পৃথিৱীৰ দৰে গাঁওখন আৰু সিহঁতহালৰ বয়সে সলনি কৰোৱা মনৰ পৃথিৱীখন সমান্তৰালকৈ চিনেমাখনত আগবাঢ়ি গৈছে৷ প্ৰকৃতিয়ে কাৰো কথাত তাৰ ৰূপ সলনি নকৰে, প্ৰকৃতিয়ে নিজস্ব গতিৰেই চিৰন্তন চলি থাকে৷ মানুহৰ মনোজগতখনো কাৰো কথা মতে নচলে, সি চলে তাৰ নিজস্ব প্ৰকৃতিৰে৷ কাৰ এনে সাহস যি প্ৰকৃতিৰ এই আহ্বান উপেক্ষা কৰে! চিনেমাৰ নায়িকা বুলবুলেও অস্বীকাৰ কৰা পৰা নাছিল এনে আহ্বান৷ কিন্তু নিজৰ মনৰ আহ্বান শুনিবলৈ গৈয়ে তাই মুখামুখি হয় ৰূঢ় বাস্তৱৰ৷
শৈশৱ, কৈশোৰৰ বহু ঘটনাই জীৱনটোলৈ চাপ পেলাই থৈ যায়৷ এনে এটা ঘটনাৰ বাবেই ‘বুলবুল’ৰ বান্ধৱীজনীয়ে চিৰদিনলৈ হেৰাই যোৱাৰ পথ বিচাৰি লয়৷ কিন্তু ধুমুহা বতাহেও টলাব নোৱাৰা দুখীয়া গাঁওখনৰ দৰে বুলবুলেও যেন প্ৰচণ্ড এজাক ধুমুহাৰ পিচতো আশাৰ নতুন পথ এটা বিচাৰি লয়৷ প্ৰচণ্ড নিৰাশাবাদৰ মাজতো ‘আশাবাদ’ আৰু প্ৰকৃতিৰ জয়গান ‘ৰীমা দাস’ৰ চিনেমাৰ অন্যতম বৈশিষ্ট্য৷ ‘অৰ্ন্তদৃষ্টি’, ‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘বুলবুল..’ৰ মাজতো সেই আশাবাদেই চালিকা শক্তি হৈ পৰিছে৷ চিনেমা সমাপ্তিও হৈছে এই আশাবাদতেই৷ জীয়েকক হেৰুৱাই পেলোৱা মাতৃগৰাকীয়ে ‘বুলবুল’ৰ মাজতে নিজক জীয়েকক বিচাৰি লৈছে আৰু অভয়বাণী দিছে ‘পৃথিৱীৰ সকলো মানুহৰে কথা শুনি থাকিলে জীৱনটো ধ্বংস হৈ যাব, নিজৰ মনটোৰ কথা শুনিবি’৷ এইষাৰ কথাই গোটেই চিনেমাখনৰ বক্তব্য হৈ পৰিছে৷
কোনো ধৰণৰ নাটকীয়তা নথকা, মেকআপ নথকা, কেমেৰাৰ কাৰচাজি অথবা কৃত্ৰিমতা নথকা ‘বুলবুল..’ এখন সম্পূৰ্ণৰূপে ‘ৰ’ মেটেৰিয়েল’ চিনেমা৷ গতিশীল কাহিনীয়ে এখন্তেকো চিনেমাখনৰ পৰা দৰ্শকক বিচলিত কৰা নাই৷ কাহিনীৰ পৰিকাঠামো ‘ভিলেজ ৰকষ্টাৰ’তকৈ অধিক শক্তিশালী আৰু সুনিৰ্মিত৷ অভিনয়ৰ ক্ষেত্ৰত মই এশৰ ভিতৰত এশ নম্বৰ দিম ছোৱালীসুলভ আচৰণৰ বাবে ‘লেডীজ’ নাম পোৱা বুলবুলৰ বন্ধুজনক৷ অডিচন লৈয়ো এনে অভিনেতা পোৱাটো হয়তো বহু চিত্ৰনিৰ্মাতাৰ কাৰণে সম্ভৱ নহয়৷ কিছুদিন আগতে মানবেন্দ্ৰ ৰনহাং চৌধুৰীৰ “তৃতীয়” নাটকখন চাইছিলো৷ তৃতীয় লিংগৰ ব্যক্তিৰ সমস্যাক লৈ কৰা নাটক আছিল সেইখন৷ সেই গোটেইখন নাটকৰ মূল বক্তব্যক দৰ্শকক বুজাবলৈ ‘বুলবুল..’ৰ পৰিচালক ‘ৰীমা দাসে’ সময় লৈছে মাত্ৰ এটা মিনিট৷ ‘মইতো কিবা নিজে ইচ্ছা কৰি এনে হোৱা নাই, ভগৱানে জন্ম দিছে মোক, মই কি কৰোঁ’- এনে সংলাপ পৃথিৱীৰ প্ৰতিজন তৃতীয় লিংগৰ ব্যক্তিৰ মৰ্মবাণী বুলিলেও বঢ়াই কোৱা নহব৷ এনে বহুত সৰু সৰু কথা চিনেমাখনত হৈ উঠিছে বিশ্বজনীন৷ শ্মশানৰ পৰা নাতিদূৰৈত জুম পাতি ৰোৱা তিৰোতাজাক, হৰিবোল দিয়া আদবয়সীয়া মানুহজন, শ্মশানৰ জুইকুৰা, শেষ দৃশ্যাংশৰ নদী আৰু আকাশৰ ফ্ৰেমিং এইবোৰ ৰীমা দাসৰ যেন একো একোখন কোটিটকীয়া ‘পেইণ্টিং’৷ এনে চিনেমাই বিদেশৰ জুৰী বোৰ্ডক পাগল নকৰিব কিয়!
মোৰ দৃষ্টিত ‘বুলবুল কেন চিং’ পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ৰ পিচতেই এখন সৰ্বোত্তম চিনেকৰ্ম৷ প্ৰসিদ্ধ চিত্ৰনিৰ্মাতাসকলে কেতিয়াও তেওঁলোকৰ চিনেমাৰে দৰ্শকক ‘মেচেজ’ দিব নোখোজে৷ আমাৰ আকৌ বহু দৰ্শকে চিনেমাত কিবা ‘মেচেজ’ বিচাৰে৷ ‘বুলবুল কেন চিঙ’ৰ পৰা ‘মেচেজ’ আপুনি নিজেই বিচাৰি উলিয়াই লব লাগিব আপোনাৰ বীক্ষণ ক্ষমতাৰে৷ ‘ৰীমা দাস’ৰ সাৰ্থকতাও তাতেই৷
শেষত এটাই কথা, ‘বুলবুল কেন চিং’ চাবলৈ আপুনি এজন সাংঘাতিকভাৱে অনুভৱী আৰু সংবেদনশীল লোক হবই লাগিব, অন্যথা আপুনি ‘বুলবুল কেন চিং’ চাই বিশেষ একো নোপোৱাটোৱেই স্বাভাৱিক৷
■ ■