ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

‘বেটা দিল মেই লাড্ডু ফুটা’ (নীৰজ শ্বৰফ)

যেতিয়া মই ধুবুৰীৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ পঢ়িবলৈ আহিছিলো তেতিয়া মই মুঠেও অসমীয়া ক’ব নাজানিছিলো ৷ কাৰন তেনেই স্বাভাবিক ৷ ধুবুৰীত মই হয় হিন্দী নহয় বঙালী ভাষাতেই কথা বতৰা পাতিছিলো ৷ মই গুৱাহাটীত পঢ়িবলৈ ওলোৱা দেখি বন্ধুসকলে সুধিলে, ‘‘গুৱাহাটী যাৰহে হ’, আসামীজ কেইছে ব’ল’গে ?’’
মই তেওঁলোকক এষাৰেই উত্তৰ দিলো, ‘‘শিখতে শিখতে শিখ জায়েংগে ৷’’

গুৱাহীটীলৈ আহি অসমীয়া বন্ধুৰ সৈতে ‘বন্ধুত্ব’ কৰোতে মোৰ প্ৰায় দুই বছৰ লাগি গ’ল ৷ সাংঘাতিক সমস্যা মোৰ ৷ নহ’বনো কিয় ? মই অসমীয়াত কথা পাতিবই নোৱাৰো ৷ সেই দুবছৰ মই হিন্দি আৰু অসমীয়া মিহলি কৰি এটা হিংমীয়া (হিন্দী + অসমীয়া) জাতীয় অদ্ভুত ভাষা এটাত কথা পাতো ৷

মই কলেজ হোষ্টেলত নাথাকি এটা ব্যক্তিগত হোষ্টেলত আছিলো ৷ গতিকে সদায়ে ৭ বাজি ১০ মিনিটত ভৰলুমুখত কলেজ বাছখন ধৰিছিলো ৷
উফ ! কি ৰোমান্তিক দিন আছিল ৷ অন্ততঃ ধুবুৰীৰ পৰা অহা ‘মই’টোৰ কাৰনে ৷
এখন ভৰ্তি বাছ আৰু আমি কেইটামান বন্ধু বাছখনৰ ‘ফুটষ্টেপ’ত ওলমি যাওঁ ৷ পুৱা ফেৰফেৰীয়া বতাহে গালে-মুখে মৰম কৰি যায় !
কেনেকৈ বুজাম সেই দিনবোৰৰ কথা ? আজিও মই অনুভব কৰো সেই মন উৰুৱাই নিয়া বতাহজাক !
কলেজত পাছ বেলা সাধাৰনতে ‘প্ৰেক্টিকেল’ নাইবা ‘ৱৰ্কছপ’ থাকে ৷ গতিকে মই সদায়ে লগত এটা মোনাত অলপ কিতাপ আৰু লাগতিয়াল যন্ত্ৰ-পাতি আদি লৈ যাওঁ ৷ বাছত উঠিয়ে মোনাটো দুৱাৰৰ ওচৰতে বহি থকা ছাত্ৰ বা ছাত্ৰী গৰাকীৰ হাতত ধৰাই দি ফেৰফেৰীয়া আমেজ লওঁ ৷
এতিয়া আচল কাহিনী লৈ আহো ৷
কলেজৰ প্ৰেম !
ল’ৰাবোৰৰ মাজত সাধাৰন কথা ৷
কোনাবা নহয় কোনোবা এজনী ছোৱালী ভাল লাগি যায় ৷
তাৰে মাজত আকৌ কোনোবা এটা বৰ বেছি ছিৰিয়াছ হৈ প্ৰেম নিবেদন কৰি দিয়ে ৷ বাকীবোৰে নোৱাৰে তেনে কৰিব ৷ ৰাতি হোষ্টেলত লগৰ কোনোবা অন্তৰঙ্গ এটাৰ সৈতে বহি সুৰাৰ পিয়লাৰ চুমুকৰ সৈতে দুখ ভৰা হুমুণিয়াহ কাঢ়ে ৷

মোৰে এজনী ছোৱালী পচন্দ হৈ গ’ল ৷ পচন্দ হৈ গ’ল বুলি ক’লে ভুল হ’ব ৷ ভাল লাগি গ’ল ৷ মই ইমান ছিৰিয়াছো নাছিলো ৷
আচলতে সেই ছোৱালীজনীক মই প্ৰথম ষান্মাষিকৰ ছাৰ্ভেৰ পৰীক্ষাৰ সময়তে প্ৰথম দেখিছিলো ৷
অপৰূপ সুন্দৰী !
সেই দেখা-দেখিৰ পাছত যেতিয়াৰ তেওঁৰ সৈতে মুখামুখি হওঁ তেতিয়া মোৰ ফালে চাই ধুনীয়া হাঁহি এটা মাৰে ৷ মোৰ মনত উগুল-থুগুল লাগে ৷ মই পাছে কথাটো কাকো কোৱা নাছিলো ৷
ক’মনো আৰু কি ? তাইৰ সৈতে মই একো কথা পাতিয়ে পোৱা নাছিলো ৷ মাথো তাই হাঁহি মাৰে আৰু মই তাৰ সঁহাৰি জনাই হাঁহি মাৰো ৷
এদিন শনিবাৰৰ কথা ৷ আমাৰ ক্লাছ ১২-৪০ত শেষ হ’ল ৷ মই বন্ধু কেইজনমানৰ সৈতে বাছষ্টেন্ড পালো গৈ ৷ বাছ ল’ৰা ছোৱালীৰে ঠাঁহ খাই আছে ৷ ক’তো ভৰি দিবলৈকো ঠাই অকন নাই ৷ কোনোমতে ঠেলা হেঁচা কৰি বাছৰ ভিতৰলৈ সোমালো ৷ ক’ৰবাত লোহা এডাল পায় খামোছ মাৰি ভৰি যেনে তেনে থিয় হৈ ৰ’লো ৷ যথেষ্ট গৰমো আছিল সেই দিনা ৷ এনেতে দেখিলো মই য’ত ঠিয় হৈ আছো তাৰ কাষৰ ছিটতে মোৰ সেই প্ৰেয়সী বহি আছে ৷
চাৰি চকুৰ মিলন হ’ল ৷
তাৰ পাছত সেই ভুবন ভুলোৱা হাঁহি ৷ মোৰ বুকুৰ ঢপঢপণি বাঢ়ি গ’ল ৷ ইমান ওচৰৰ পৰা তাইক বহু দিনৰ পাছত দেখিছো ৷
মোৰ কেনে অৱস্থা হৈছিল কেনেকৈ বুজাও এতিয়া ?
আজি কালি যে এটা বিজ্ঞাপন আহে, ‘‘বেটা দিল মেই লাড্ডু ফুটা ’’ ঠিক তেনেকুৱা অৱস্থা ৷
হঠাতে মোক আচৰিত কৰি সুন্দৰীয়ে হাতখন আগবঢ়াই দিলে ৷
মই ভাবিলো, ‘‘এই ভিৰৰ মাজত তাই মোৰ হাতখন ভৰিব খুজিছে ? বঢ়িয়া ! আজি হাতত ধৰিলো মানে গোটেই জীৱন নেৰো এই হাত ৷’’
এই শপত খাই ময়ো মোৰ হাতখন আগবঢ়াই দিলো ৷
মোৰ বুকুৰ মাজত তেতিয়া হাজাৰ ঘোৰাৰ দৌৰ !
সুন্দৰীয়ে মোক ক’লে, ‘‘নহয় নহয় তোমাৰ বেগটো দিয়া ৷’’

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!