বেতালে ক’লে – দেৱজিৎ কলিতা
বেতালে ক’লে সকলো শূন্য
ৰাতি কুকুৰে ভুকিলে যিমানখিনিলৈ শুনি
তাৰ বাহিৰে সকলো শূন্য৷
এই শূন্যতে আমাৰ চকুলোৰ মাজেৰে
ৰেলগাড়ী চলে
শূন্যতে বেংছটা এটা গজি উঠে
চকু মুদিলে
মোৰ মনটোৱে যিটো পুখুৰীত
জোবোৰা মাৰি আহে
তাৰ বাহিৰে সকলো শূন্য
শূন্যতে সকলোবোৰ৷
লগ পোৱা, বিদায় বেলা বেহেলাৰ তাঁৰ ছিগা
পিঠা ভগোৱা সেই বান্দৰটোও শূন্যৰ মাজতে
ক্ৰিকেট খেলি থাকোতে বলটো গৈ য’ত পৰে
সেই এৰাবাৰীৰ বাহিৰে সকলো শূন্য৷
শূন্য ভৰিৰ তলৰ মাটি৷ ৷