বেদুইন (প্ৰিন্স অবিনাশ)
শব্দহীন আজি মোৰ
জীৱন-পুস্তিকাৰ প্ৰতিটো পৃষ্ঠা!
কিদৰে ভৰুণ কৰি তুলিম ??
তুমিহীনতাৰে জীয়াই থাকিবলে’
খুব কষ্ট হৈছে মোৰ!
শিমলুৰ ৰঙা পাহিবোৰেও
ৰঙীন কৰিব পৰা নাই আজি
মোৰ ভগ্ন-অশান্ত মন!
কিবা যেন উৰুঙা-উৰুঙা,
উদাসী এক মন…
উস!
আজি তুমিহীনতাৰে জীয়াই থাকিবলে’
সঁচাই খুব কষ্ট হৈছে মোৰ….!!
জনাতো নাছিলোঁ, প্ৰেমত পৰিলেই
পিন্ধিব লাগিব দুখৰ পোছাক!
ককবকাই থাকিব লাগিব বিষাদৰ নৈত…
হৃদয়খন বিক্ৰী কৰিব লাগিব বিষাদক….!!