ব্যস্ততা আৰু আমি —ইন্দুমণি বৰুৱা
জীৱন আৰু ব্যস্ততা ইটোৰ লগত সিটোৰ এৰাব নোৱাৰা সম্পৰ্ক আৰু সময় দুয়োটাৰে মাজৰ যোগসূত্ৰ৷ এডাল সাঁকোৰ দৰে৷ এই সাঁকোৱেদি বগুৱা বাই আমি প্ৰত্যেকেই জীৱনৰ পাছত দৌৰিছোঁ৷ সেই দৌৰত সমতা ৰক্ষা কৰিবলৈ যাওঁতে সময়বোৰ বৰ ব্যস্ততাপূৰ্ণভাৱে অতিবাহিত কৰিবলগীয়া হৈছে৷ আমি আবদ্ধ হৈ পৰিছোঁ এটা বৃত্তৰ মাজত৷
আজিৰ পৃথিৱীত সকলো ব্যস্ত নিজৰ কেৰিয়াৰ অথবা নিজ নিজ আকাংক্ষাসমূহ পূৰণ কৰাৰ স্বাৰ্থক লৈ৷ নিজৰ পৰিয়ালৰ বাহিৰে কাৰো আহৰি নাই আনৰ কথা ভাবিবলৈ অথবা আনক সহায় কৰিবলৈ৷ আবেগ-অনুভূতিসমূহ যেন জড়তালৈ ৰূপান্তৰিত হৈছে৷ আমি সকলো দৌৰিছোঁ কেৱল সাফল্য তথা বস্তুবাদী জীৱনৰ দিশে৷
এটা কথা ঠিক যে অত্যধিক উচ্চাকাংক্ষা তথা বস্তুবাদী চিন্তা-ধাৰাই মানুহৰ মন আৰু মানসিকতাৰ পৰিৱৰ্তন আনে৷ আমি যেন সকলোবোৰ যান্ত্ৰিক হৈ পৰিছোঁ৷ হেৰাই গৈছে মানৱতা আমাৰ মাজৰ পৰা৷ পাহৰি গৈছোঁ আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অনুভৱবোৰৰ কথা৷ পাহৰি গৈছোঁ আত্মীয় সম্পৰ্কবোৰৰ কথা৷ জীৱনৰ প্ৰতিটো ক্ষণৰ সুখ, আনন্দবোৰ হেৰুৱাই পেলাইছোঁ এই অকাৰণ ব্যস্ততাৰ বাবে৷ প্ৰথমতে আমি মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰা উচিত৷ জীৱন বৰ অনুপম৷ আচলতে অনুভৱ আৰু উপলব্ধিয়ে জীৱনটোক অধিক মোহনীয় কৰি তোলে৷ আজিৰ প্ৰজন্মৰ বহুতেই জীৱনৰ অৰ্থ উপলব্ধি কৰিব নিবিচাৰে৷ তেওঁলোকৰ বাবে জীৱনটো কেৱল বাহ্যিকতাৰ জোখ-মাখ মাত্ৰ৷
সময় বৰ মূল্যৱান৷ ই এনে এক সম্পদ যাক এবাৰ হেৰুৱালে পুনৰ ঘূৰাই পাব নোৱাৰি৷ প্ৰকৃততে জীৱন সময় নামৰ ধাতুৰে নিৰ্মিত৷ গতিকে আমি সময়ৰো অপচয় কৰিব নোৱাৰোঁ৷ বহু ভাল লগা কাম কেতিয়াবা সময়ৰ অভাৱত কৰিব নোৱাৰা হৈছোঁ৷ কিয় আমি ব্যস্ততাৰ মাজতে সুৰুঙা উলিয়াই নিজকে জী’বলৈ শিকা নাই? পাহৰি গৈছোঁ ফুল, তৰা, পখিলাৰ কথা৷ আচলতে এই ব্যস্ততাৰ মাজতে জীৱনটো সুন্দৰভাৱে আগুৱাই নিব পৰাটো এটা কলা৷
এটা কথা ঠিক যে প্ৰকৃতিৰ স’তে আত্মীয়তাই মানুহৰ মন পবিত্ৰ আৰু প্ৰফুল্ল কৰে৷ আচলতে আমি সৰু সৰু কামবোৰৰ মাজত সুখ আৰু আনন্দ বিচাৰিব জানিব লাগিব৷ প্ৰাৰ্থনা আৰু প্ৰকৃতিৰ স’তে আত্মীয়তাই মনলৈ আত্মবিশ্বাস কঢ়িয়াই আনে৷ আধ্যাত্মিকভাৱে চহকী কৰে মন৷ আমি বাস কৰা সমাজখনৰ লোকসকলৰ প্ৰায়ভাগৰেই মনবোৰ উচ্চাকাংক্ষী, বস্তুবাদী মনোভাৱৰ৷ আচলতে এটা ভাল ঘৰ, উচ্চ পদবীৰ এটা চাকৰি, দামী গাড়ী, অত্যাধুনিক জীৱনশৈলীৰ প্ৰতি সকলো মানুহৰে আকৰ্ষণ আছে৷ আৰু এইবোৰ হাচিল কৰিবৰ বাবে মানুহে অহৰহ প্ৰচেষ্টা চলাই আহিছে৷ ফলস্বৰূপে মানুহে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হৈছে৷ ফলত মনত ঈৰ্ষা আৰু কপটতাই স্থান পাইছে৷ সেয়ে মানুহৰ মনবোৰ সংকুচিত আৰু হিংসুক, উগ্ৰ প্ৰকৃতিৰ হৈ পৰিছে৷ সহনশীলতা, ধৈৰ্য্য, মানবীয়তা আদিৰ দৰে গুণবোৰ লোপ পাই আহিবলৈ ধৰিছে৷ আচলতে সকলোবোৰ যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত উপবিষ্ট হৈছে৷ তাতে আকৌ অত্যধিক বিলাসপ্ৰিয় স্বভাৱ আৰু ইজি মণিৰ প্ৰৱণতাই যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে৷ আচলতে বিভিন্ন ধৰণৰ অপৰাধ জনিত ঘটনা সংঘটিত হোৱাৰ ইও এক অন্যতম কাৰণ৷
অত্যধিক ব্যস্ততাই মানুহৰ মনবোৰ কোঙা কৰি পেলায়৷ সেয়ে আমি আমাৰ প্ৰিয় সময়খিনি পৰিয়াল তথা আত্মীয়-স্বজনৰ স’তে কটাবলৈ চেষ্টা কৰা উচিত৷ ই ভাবিব নোৱাৰা ধৰণে মনলৈ সজীৱতা কঢ়িয়াই আনে৷ সেয়ে আমি যিকণ আজৰি সময় পাওঁ সেইখিনি সুন্দৰভাৱে অতিবাহিত কৰিব লাগে৷ আমাক ব্যস্ততাও লাগে৷ ব্যস্ততাই মনবোৰ প্ৰফুল্ল কৰি তোলে৷ কিন্তু অত্যধিক ব্যস্ততা কিন্তু স্বাস্থ্য, মন আৰু আত্মা, তিনিওৰে বাবে ক্ষতিকাৰক৷ গতিকে জীৱনৰ অতীত অথবা ভৱিষ্যতৰ কথা চিন্তা কৰি লাভ নাই আমি মাত্ৰ বৰ্তমানৰ সময়খিনিহে উপভোগ কৰিব লাগে৷
মানুহ আশাবাদী৷ সেয়েহে ব্যস্ততাই কোঙা কৰিলেও সুখৰ পাছৰ দুখখিনিৰ কথা নাভাবি দুখৰ পাছত লাভ কৰা সুখখিনিৰ কথাহে ভাবিব লাগে৷ এনে মনোভাৱে মানুহৰ মন পুলকিত আৰু আনন্দিত কৰাৰ লগতে হতাশা আৰু দুশ্চিন্তাক মষিমূৰ কৰিব পাৰে৷ আহক আমি সকলোৱে ফুল-তৰাৰ স’তে মিতিৰালি পাতি জীৱনটো উপভোগ কৰোঁ৷ উদযাপন কৰোঁ আহক সুখ আৰু আনন্দৰ মুহূৰ্তবোৰ॥