ব্যস্ততা -(ৰক্তিম শৰ্মা)
আহৰি নথকা এখন জগতত
তোমালোক ব্যস্ত
প্ৰতিটো পলেই মূল্যবান তোমালোকৰ
মই বেফিকিৰ, কৰ্মহীন বা সময়ৰ ডিঙি চেপা জল্লাদ।
মোৰ বাবে সময় মাত্ৰ মোৰ নহয়
সেয়ে তোমালোকৰ বাবে
জীৱন ঘড়ীৰ কাঁটাবোৰ মই আজুৰি পেলাই দিলোঁ কেতিয়াবাই
সেই কাঁইটবোৰত উজুটি খাওঁ
আজি ৰাজপথ জুৰি
মোৰ ৰক্তাক্ত ভৰিৰ তলুৱাৰ তেজ ৰঙা ছাপ।