তেওঁ -(নীলাভ সৌৰভ)

????????????????????????????????????????তেওঁ তেওঁৰ ঢৌতে ওফোন্দ ধৰা নদী
মোৰ বুৰ যায় সোণালী শইচ
তেওঁৰে মোৰে একেখন পথাৰ
তেওঁ প্ৰকৃতি
হাল-কোৰ মোৰ হ’লে ৰূপ-ৰং, গছ আৰু গুটি তেওঁৰ ৰীতি
তথাপি
তেওঁ বাঢ়ি থাকে ফেনে-ফোটোকাৰে
পোহনীয়া শালিকীয়ে জানে
তেওঁৰ ভোক লাগিলে মোৰ ভঁৰাল উদি
তেওঁ নাজানে নে
মই খেয়ালি মানুহ
মানুহ মানুহৰে দেৱ-দেৱী
চকু-কাণ নিদি
কিয় বাঢ়ে নদী
মাটি চহোৱাৰ পৰাই মোৰ ঘাম সৰে
আকাশে তেওঁৰ হৈ কাম কৰে
তেওঁ নেভাৱে নে গছ হাউলি পৰিলে
মই মৰি যাওঁ যদি ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!