বৰপেটাৰ হোলীৰ বিষয়ে যৎকিঞ্চিত ( ৰণজিত কুমাৰ বৰা )
বৰপেটাৰ হোলীৰ বিষয়ে যৎকিঞ্চিত
ৰণজিত কুমাৰ বৰা
অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী
অসমৰ বৰপেটা ধাম।
চাই যোৱা বাটৰুৱা পৰাণ জুৰাই যোৱা
শুনি যোৱা হৰি গুণ নাম।।
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ উপৰি কেইবাজনো আতাৰ লীলাভূমি বৰপেটাৰ পৱিত্ৰ ছবিখন সঠিকভাৱেই আঁকিছিল কবি শৈলধৰ ৰাজখোৱাই। ভক্তিৰসত গদ গদ হৈ ভক্তয়ো বৰপেটাক লৈ গায় এইদৰে—‘তিনিও ৰাজ্যৰ বন্দনীয়/ থান বৰপেটা’। (তিনি ৰাজ্য বুলি কওতে কোচবিহাৰৰ মধুপুৰ, কামৰূপৰ বৰপেটা আৰু উজনিৰ কমলবাৰী সত্ৰৰ কথা কোৱা হৈছে।) এয়াই বৰপেটা । দ্বিতীয় বৈকুণ্ঠপুৰী, য’ত প্ৰতিদিনে প্ৰতিক্ষণে শুনিবলৈ পোৱা যায় হৰিনামৰ ধ্বনি। কবিৰ ভাষাত—চৌপাশে তালখোল মৃদঙ্গৰ মহাৰোল/থানে থানে হৰি সংকীৰ্তন/ সুখী দুখী পাপী তাপি/ চাই যোৱা কাষ চাপি/মানৱৰ ই মহামিলন।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ভাগৱত আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ বৰ্ণনা অনুসৰি বৃন্দাবনৰ দৌল উছৱ হৈছে কৃষ্ণলীলাৰ মাজেৰে ব্যভিচাৰবিহীন ভক্তিৰসে পূৰ্ণ আনন্দ উছৱ । এই আনন্দৰ মূল আহিলা হৈছে নাম-কীৰ্তন, নৃত্য-গীত, ফাকুৱা । দুই মহাপুৰুষৰ বৰ্ণিত ধৰণে আখৰে আখৰে দৌলৎসৱ উদযাপন কৰে বৰপেটাবাসীয়ে। দৌল উছৱ যেন বৰপেটাবাসীৰ আকুল অপেক্ষা। দৌলৰ বাবে সমগ্ৰ বছৰটোৱে অপেক্ষা হৈ থাকে। হোলীৰ পবিত্ৰ ক্ষণ অহাৰ বহু পূৰ্বৰ পৰা বৰপেটাৰ উছৱটো পালনৰ বাবে প্ৰস্তুতি আৰম্ভ হয় । হাটীয়ে হাটীয়ে চলে হোলী গীত গোৱাৰ আখৰা । হোলীৰ এমাহৰ পূৰ্বেই যেন হোলীয়ে বৰপেটা পদাৰ্পণ কৰে । বুঢ়া, ডেকা, গাভৰু, কিশোৰ, কিশোৰী, বৃদ্ধা সকলোৰে মুখত কেৱল হোলী গীতৰ মূৰ্চনা । গলিয়ে গলিয়ে মুখৰিত হয়—‘আনন্দে আকুল লোক ফাগুৰ উছৱে। চৌভিতি পূৰয় হৰি কীৰ্তন ৰৱে।।’
এইদৰে এদিন হোলী উছৱ আহে। বৰপেটাৰ হোলী উছৱটো পালনত কিছু নিজস্ব পৰম্পৰা, নিয়ম আছে। এইখিনিতে আমি স্পষ্ট হৈ লোৱা ভাল হ’ব যে বৰপেটাৰ হোলী উছৱ মূলতঃ সত্ৰকেন্দ্ৰিক। সেয়ে ইয়াৰ আৰম্ভণি আৰু সমাপ্তিও মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বিখ্যাত সত্ৰখনতেই হয়। হোলীৰ প্ৰথম দিনটোক গন্ধ বা বহ্নুৎসৱ বোলা হয়। অৰ্থাৎ আজি বৰপেটা চহৰ উদুলিমুদুলি কৰি আৰম্ভ হৈছে গন্ধ পৰ্ব। আজি আগবেলা বৰপেটাৰ হাটী (অন্যান্য চহৰৰ পাৰা, কলনিৰ দৰে বৰপেটাত সেইবোৰক হাটী বুলি কোৱা হয়। যেনে গলিয়াহাটী, বৃন্দাবন হাটী, দ’হাটী আদি)ৰ পৰিয়ালসমূহে পবিত্ৰভাৱে কাটি অনা নল, খাগৰি, ইকৰা আদি আনি বৰপেটা সত্ৰৰ চৌহদৰ টুপৰ চোতালত মুঠি মুঠিকৈ জমা কৰে। সেইবোৰেৰে মেজি সজোৱা হয়। বিয়লি দৌলগোবিন্দ আৰু কলীয়া গোসাইৰ মূৰ্তি দুটা সত্ৰৰ মণিকূটৰ পৰা পূব দুৱাৰেদি গায়ন-বায়নসহ উলিয়াই আনি গোবিন্দক মেজি পুৱাবলৈ নিয়ে। পিচে পিচে যোৱা সহস্ৰ সহস্ৰ লোকে হোলীগীতেৰে সত্ৰৰ চৌহদৰ পৰিবেশেই সলনি কৰি দিয়ে। মেজিটো জ্বলাই গোবিন্দক মেজিৰ চাৰিওপিনে সাতপাক ঘূৰোৱা হয়। সকলোৱে গীত জুৰে—‘বাৱে ঢাক ঢোল ভেৰী মৃদংগ খঞ্জুৰি/তাল কৰতাল বাৱে কৃষ্ণকো আৱৰি।। উৰুলি জোকাৰ ৰঙ্গে দেই ঘনে ঘন।/জুমা জুমি কৰি গাৱে কৃষ্ণৰো কীৰ্তন।।’ প্ৰথম থাকৰ পৰা সপ্তম থাকলৈ সাতপাক ঘূৰাই গোবিন্দক দৌলত থাপনা কৰা হয়।
বৰপেটাত এইবেলি চাৰিদিনীয়া দৌল উছৱ উদযাপন হৈছে। গন্ধৰ পিচৰ দুদিন ভৰদৌল। দ্বিতীয়দিনা সত্ৰৰ নৈমিত্তিক নাম-প্ৰসংগত ‘হৰি হৰি পৰমানন্দ প্ৰভূ পীতাম্বৰ’ আৰু ‘হৰি কৰুণা সিন্দু’ এই যুগল দুটা গোৱাৰ পিচত দিনটো হোলী গীত, নৃত্য আদি পৰিবেশন হয়। ইপিনে, সাতখলপীয়া দৌলগৃহত থকা গোবিন্দলৈ ফাকুগুৰি, তেল, ধূপ, চাকি আদি আগবঢ়াই হেজাৰ হেজাৰ ভক্তই আশীৰ্বাদ প্ৰাৰ্থনা কৰে।
বৰপেটাৰ হোলী উছৱৰ আটাতকৈ আকৰ্ষণীয়, বৈচিত্ৰপূৰ্ণ কাৰ্যসূচী ৰূপায়িত হয় অন্তিম দিনাখন। সেইদিনটোত উছৱৰ আনন্দ উপভোগ কৰিবলৈ ৰাজ্যখনৰ লগতে বহিঃৰাজ্যৰো বহুসংখ্যক ভক্তৰ আগমন ঘটে। দিনটোক সুৱেৰি বোলা হয়। সিদিনা দৌলগোবিন্দক দৌলৰ পৰা নমাই সত্ৰৰ মূল নামঘৰৰ কাষতে লাগি থকা জগমোগন ঘৰত ৰখা হয়। সেই সময়ত সত্ৰ চৌহদত কি পৰিবেশৰ উদ্ভৱ হয়, নেদেখাজনৰ বাবে সেয়া আখৰৰ বৰ্ণনাৰে প্ৰত্যক্ষ কৰা সম্ভৱ নহয়। সত্ৰ চৌহদত দলে দলে হোলী গীত গাই, ৰঙে ৰঙে একাকাৰ হয় বৰপেটাৰ ৰাইজ। ইয়াৰ পিচতে দুখন সুদৃশ্য দোলাত তুলি গোবিন্দ আৰু কলীয়া গোসাঁইক হেকতা খুৱাবলৈ সত্ৰৰ পৰা কলবাৰী সত্ৰলৈ নিয়া হয়। হেজাৰ হেজাৰ লোকে সমদল কৰি গীত, বাদ্য কৰি যোৱা সমদলটো যেন পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ পবিত্ৰময় দৃশ্য। ফাকুগুৰি চটিয়াই পৰম উলাহেৰে কৃষ্ণৰ নাম-গুণ গাই আগবাঢ়ে—‘ফাগুখেলে কৰুণাময় এনন্দ কুমাৰ।/দেৱৰো দুৰ্লভ কেলি ফাগুৰ বিহাৰ।’ দলটো উভতি আহোতে সত্ৰৰ ঘাইবাট চ’ৰাত চাৰিডাল ভলুকা বাহেৰে দৌল গোবিন্দৰ প্ৰৱেশত বাধা দিয়ে। বাহ ভঙাৰ পিচতহে দোলা সত্ৰৰ ভিতৰত প্ৰৱেশ কৰে। চাৰিডাল বাহ ভঙাৰো জৰিয়তে কাম, ক্ৰোধ, লোভ, মোহ এই চাৰি প্ৰবৃত্তিক জয় কৰা হয়। সমদলটোৱে সত্ৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰাৰ পিচত দৌলগোবিন্দক মঠৰ চোতালত ৰখা হয়। তাতে অনুষ্ঠিত হয় আন এক পৰ্ব—বোলবলনি বা বোল বচন। সেয়া হৈছে এক ধৰণৰ বাক-বিতণ্ডা। লক্ষ্মীদেৱীক ঘৰত এৰি থৈ কৃষ্ণই ঘুনুচাৰ গৃহত থাকি কিছুদিন কামকেলি কৰাৰ বাবে লক্ষ্মীদেৱীয়ে বাধা দিয়ে। গেবিন্দ অৰ্থাৎ কৃষ্ণই যুক্তিৰে লক্ষ্মীদেৱীক পতিয়ন নিয়াবলৈ চেষ্টা কৰে। পিচত কৰ দি সন্তুষ্ট কৰি শ্ৰীকৃষ্ণই পুনৰ মণিকূটত প্ৰৱেশ কৰে। এইদৰে সামৰণি পৰে শ্ৰীকৃষ্ণৰ দৌল উছৱ। উছৱৰ কেউটাদিন বৰপেটাৰ আকাশ বতাহ হোলীগীত, কৃষ্ণৰ নাম ধ্বনিৰে মুখৰ হৈ থাকে।