বৰাকৰ পাৰে পাৰে, দিয়ুঙৰ তীৰে তীৰে –মঙ্গল সিং ৰংফাৰ

অগ্ৰজপ্ৰতীম অৱসৰপ্ৰাপ্ত প্ৰাক্তন সহকৰ্মী বৰুৱাদাই সিদিনা ফোন কৰি সুধিছিল – আপুনি বোলে এতিয়া বৰাক আছে-থাকি কেনেকুৱা পাইছে? মই ইয়াত থাকি সন্মুখীন হোৱা সমস্যাবোৰৰ কথা ক’লোঁ৷ বৰুৱাদাই ক’লে – মোৰ চাকৰি জীৱনত বৰাক ভেলীত প’ষ্টিং নহ’ল-আক্ষেপ থাকি গ’ল৷ তেখেতক হেনো বৰাকত চাকৰি কৰি যোৱা অৱসৰপ্ৰাপ্ত বিষয়া এজনে কৈছিল-অসমৰ বিষয়া-কৰ্মচাৰী সকলে চাকৰি জীৱনত বৰাক ভেলীত যদি প’ষ্টিং হোৱা নাই তেনেহ’লে তেওঁলোকৰ চাকৰি জীৱন অসম্পূৰ্ণ!

ব্ৰহ্মপুত্ৰ উপত্যকাৰ চিনিয়ৰ বিষয়া- কৰ্মচাৰী সকলে কোৱা শুনিছিলো-যদি কাম শিকিব বিচৰা বৰাক ভেলীলৈ যাবা৷ কিন্তু এতিয়া শিকিবলগীয়া সেই কৰ্ম সংস্কৃতি দেখা নাপালোঁ বৰাকত৷ যিয়ে বৰাকত চাকৰি কৰা নাই তেওঁলোকে ইয়াৰ সমস্যাৰ বিষয়ে উপলব্ধি কৰিব নোৱাৰিব৷ কাৰণ ইয়াত নিত্য নতুন সমস্যাৰ সৃষ্টি হয় আৰু সেইবোৰ জটিল আৰু প্ৰত্যাহ্বানমূলক৷ কাছাৰৰ ডিচি ডঃলক্ষ্মনন ছাৰে এবাৰ কৈছিল- মই যদি মোৰ এটা চকু অলপ সময়ৰ বাবে জপাই(মুদি) দিও-তেনেহ’লে সেয়াও কাঢ়ি নিব! তাৰমানে – সদা সতৰ্ক হৈ নাথাকিলে আপুনি বিপদত পৰাতো নিশ্চিত!

সুদীৰ্ঘ ২৩ বছৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পাহাৰীয়া জিলা দুখনত চাকৰি কৰাৰ পিছত বৰাক উপত্যকালৈ বদলি হৈ আহিছোঁ৷ বহুতেই মোৰ বদলিৰ কথা শুনি কৈছিল-আপুনি তাত থাকি কষ্ট পাব৷ বহুত সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ কোনেও বৰাকৰ বিষয়ে ভাল মন্তব্য কৰা নুশুনিলোঁ৷ বৰাকলৈ অহাৰ আগতে ৰংবং তেৰাং ছাৰক লগ কৰিব যাওঁতে ছাৰে কিন্তু মোক উৎসাহ দি কৈছিল- নতুন ঠাইলৈ বদলি হৈছা-ভালহে, যোৱা বৰাক চাই আহাগৈ- তাৰ বাসিন্দা, ভাষা, সমাজ-সংস্কৃতিৰ বিষয়ে জানিব পাৰিবা-তোমাৰ নতুন অভিজ্ঞতা হ’ব৷ মোৰ আত্মীয় এগৰাকীয়ে অভয় দি কৈছিল- বেয়া মানুহ সকলো ঠাইতে থাকে- সেইদৰে ভাল মানুহো সকলোতে পাবা৷ চিন্তা নকৰিবা!

বৰাক উপত্যকাক কাৰ্বি সকলে “বৰাক আথই” বুলি কৈ আহিছিল৷ কাৰ্বি সকলৰ লোকগীত আৰু লোকগাঁথাত ‘বৰাক আথই”ৰ উল্লেখ পোৱা যায়৷ জনশ্ৰুতিৰ মতে চীনদেশৰ পৰা বাৰ্মা (ম্যানমাৰ) পাৰ হৈ মণিপুৰেদি বহু শতিকাৰ আগতে কাৰ্বি সকলে অসমলৈ প্ৰব্ৰজন কৰোঁতে বৰাকত বসতি স্থাপন কৰিছিল৷ বৰাকত থকা সুখৰ স্মৃতিবোৰ কাৰ্বি সকলে এতিয়াও লোকগীত আৰু লোকগাঁথাত কঢ়িয়াই লৈ ফুৰিছে৷ বৰাকৰ সাৰুৱা উপত্যকাত নদন-বদন শস্য-খেতিৰ কথা সুঁৱৰি কাৰ্বি সকলে “মিনু কিকুৰ” পূজাত ভগৱানৰ পৰা আশীৰ্বাদ বিছাৰি এইদৰে গায়- “ দেই আৰনাম

জ’, লা লখী ল’মে কেঁচান

আন ছ’ছে মিনু মিকান চান দেই

বৰাক আমিনু বেন থত

কলং আমিনু বেন থত

লা আবৰ লা আকান দেই আৰনাম! ”

অৰ্থাৎ হে ভগৱান, আমাক বৰাক আৰু কলঙত হোৱাৰ দৰে প্ৰতি বছৰে আমাৰ খেতিৰ শস্যবোৰ ওপচাই দিয়া!

লামডিঙৰ পৰা পাহাৰৰ ২১টা সুৰংগ পাৰ হৈ ৰেলেৰে এদিন ওলালোঁগৈ-পূৰ্ব পুৰুষসকলৰ প্ৰাচীন বসতি স্থান “বৰাক আথই” লৈ৷ শিলচৰ ৰেল ষ্টেশ্চনত মোৰ বাবে ৰৈ আছিল পুলক দাস-আমাৰ অফিচৰ গাণনিক৷ দাস বাবুৱে মোক ক’লে- আপুনি পাহাৰৰ পৰা আহিছে-আপুনি আমাৰ আলহী৷ কিবা অসুবিধা পালে ক’ব-আমি আছোঁ৷ বৰাকৰ বাসিন্দা আমৰেই বেটছমেট বন্ধু সৰোজে মোৰ হোটেল ৰুমলৈ আহি লগ কৰি গ’ল-বৰাক তথা অফিচৰ বহুতো খুটিনাটি কথাবোৰ কৈ গ’ল৷

বৰাকত আহি আকৌ ভাষাৰ সমস্যাত পৰিলোঁ৷ মানুহৰ লগত কথা-বতৰা আৰু ভাবৰ আদান-প্ৰদানত অসুবিধা পালোঁ৷ তেওঁলোকে অসমীয়া ভাষা ক’বলৈ টান পায় বা নকয়৷ বুজি হয়তো পায়৷ মোৰ ক্ষেত্ৰতো একে- বাঙালী ক’ব নোৱাৰিলেও কিছু কিছু বুজি পাওঁ৷ সেয়ে প্ৰায়ে ভঙা ভঙা বাঙালী আৰু হিন্দীতে চলাই দিওঁ৷ ডিমা হাচাও জিলাত থাকোতেও মোৰ এই সমস্যা হৈছিল৷ কাৰণ ডিমা হাচাওতো অসমীয়া ভাষাৰ সলনি “হাফলং হিন্দী” হে চলে৷

ভঙা ভঙা অসমীয়া কথাৰে মোৰ লগত কথা পাতি থকা এগৰাকী বাঙালী যুৱকে ক’লে- আগতে আসামত থাকোঁতে অসমীয়া ক’ব পাৰিছিলোঁ-কিন্তু ইয়াত অসমীয়া নচলে-গতিকে পাহৰি গ’লো৷ মোৰ দাদা এজন গুৱাহাটীত থাকে-তেওঁলোকে ঘৰতো অসমীয়া ভাষাই কয়-ইয়াত আহিলে বাঙালীহে কবলৈ টান পায়৷

বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত থিয় হৈ আছে এক প্ৰাচীৰ-বৰাইল পৰ্ব্বতমালা আৰু মেঘালয়ৰ পাহাৰ৷ দুই উপত্যকাৰ মানুহৰ মাজত নাই কোনো সুচল যোগাযোগ ব্যৱস্থা- ফলত সহজে সম্পৰ্ক স্থাপন কৰা সম্ভৱ নহয়৷ হয়তো তাৰ বাবে মানসিক দূৰত্বও বাঢ়ি গৈছে৷ ইয়াৰ বাসিন্দা সকলে ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাব খুজিলে-অসমলৈ যাম বুলিহে কয়৷ মুঠতে বৰাক উপত্যকা এখন সুকীয়া পৃথিৱী- অন্ততঃ সৰ্বসাধাৰণৰ বাবে৷

বৰাকবাসীৰ এই পৃথকতাবাদী মনোভাবৰ বাবে মূলসুঁতি অসমৰ এচাম মানুহে কাছাৰক অসমৰ কেঞ্চাৰ বুলি কবলৈও কুণ্ঠাবোধ কৰা নাই৷ অসমৰ মানচিত্ৰৰ পৰা বৰাকক আঁতৰাই থব লাগে বুলিও অসমৰ কিছুমান বুদ্ধিজীৱী সকলে মন্তব্য কৰাও দেখা যায়৷

এদিন অফিচৰ বাহনখন বেয়া হোৱা বাবে কৰ্মস্থানৰ পৰা শিলচৰ চহৰলৈ শ্বেয়াৰ টেক্সি এখনত আহি আছিলোঁ৷ যাত্ৰীসকলৰ মাজত নানা ধৰণৰ আলোচনা আৰু টিপ্পনী চলি আহিছিল৷ তাৰে এজনে পাৰ হৈ অহা ঠাইবোৰৰ নামৰ অৰ্থৰ বিষয়ে প্ৰশ্ন সুধি সুধি আহিছিল৷ মাজতে এগৰাকী মহিলাই সুধিলে- কাছাৰ নামটো কেনেকৈ হ’ল?

এখন ঠাইৰ নামৰ সৈতে সেই অঞ্চলৰ ইতিহাস জড়িত হৈ থাকে৷

ডেকা ল’ৰা এজনে কলে- কাছাৰ নামটো কছাৰী সকলৰ পৰা হৈছে৷ কাছাৰখন পূৰ্বতে বৰ্মন কছাৰী সকলৰ ৰজাই শাসন কৰিছিল-এইখন বৰ্মন সকলৰ ঠাই৷ বৰাকত ডিমাছা সকল বৰ্মন বুলিহে পৰিচিত আৰু জনাজাত৷ বৰ্মন কছাৰী সকল হ’ল বৰাকৰ খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ৷ এই ঐতিহাসিক সত্যটো বহুতেই নাজানে বা স্বীকাৰ কৰিব নোখোজে৷ অৱশ্যে বৰাকত এনে দুই এজন ব্যক্তিক লগ পাইছো- তেওঁলোকে অসমৰ বুৰঞ্জী জানে-সেয়ে কাছাৰখন বৰ্মনসকলৰ ঠাই বুলি স্বীকাৰ কৰে৷

কাছাৰৰ বৰ্মন কছাৰী সকলৰ বিষয়ে জানিবলৈ হ’লে অতীতলৈ ঘূৰি যাব লাগিব৷

ডিমাছা কছাৰী সকল হ’ল বৃহৎ বড়ো-কছাৰী জনগোষ্ঠীৰেই এটা অংশ৷ ডি-মানে পানী, মা-মানে বৃহৎ আৰু ছা-মানে সন্তান৷ অৰ্থাৎ ডিমাছা মানে বৃহৎ নদীৰ সন্তান৷ আহোমসকলৰ অসম আগমনৰ আগতে ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ উজনিলৈকে বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলে বসবাস আৰু শাসন কৰিছিল৷ সেয়ে উজনি অসমৰ নদী সমূহৰ নাম ‘ডি’ ৰে আৰম্ভ হয়-দিহিং, দিবাং, দিখৌ ইত্যাদি৷ শক্তিশালী যুঁজাৰু জাতি আহোমসকলে স্থানীয় বাসিন্দা কছাৰীসকলক পৰাস্ত কৰি পশ্চিম- দক্ষিণ অঞ্চললৈ খেদি পঠিয়াই৷ ডিমাছা কছাৰী ৰজাই পিছত ডিমাপুৰত ( ৮৩৫-১৫৩৬ খৃষ্টাব্দ ) ৰাজধানী পাতি ৰাজ্য শাসন কৰিছিল৷ কিন্তু আহোম সৈন্য সকলে ডিমাপুৰ ৰাজধানীখনো ১৫৩৬ চনত আক্ৰমণ কৰি ধ্বংস কৰি পেলায়-ফলত ডিমাছা কছাৰী ৰজাই মাইবাঙত( ১৫৪০-১৭৫৭ ) আহি ৰাজধানী স্থাপন কৰে৷ মাইবাঙৰ পৰা পিছত তেওঁলোকে বৰ্তমান কাছাৰৰ খাছপুৰত ( ১৭৫৭-১৮৩০) ৰাজধানী স্থাপন কৰি বৰাক উপত্যকালৈকে ৰাজ্য বিস্তাৰ কৰে৷ ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৬ কছাৰী ৰাজ্যখনো বৃটিছ ইষ্ট ইণ্ডিয়াৰ হাতলৈ গুছি যায়৷ খাছপুৰত ৰাজধানী থাকোঁতে ৰজা কৃষ্ণ চন্দ্ৰ হাচনুচাই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত ডিমাছা প্ৰজাসকলেও হিন্দু ধৰ্ম আঁকোৱালি লয়- এই নতুন কৈ হিন্দু ধৰ্ম গ্ৰহণ কৰা কাছাৰৰ ডিমাছাসকলকে বৰ্মন কছাৰী বুলি অভিহিত কৰা হয়৷

১৯৪৭ চনত ভাৰত আৰু পাকিস্তানৰ দেশ বিভাজনৰ সময়ত চিলেট জিলাৰ কৰিমগঞ্জ মহকুমাৰ চাৰিখন থানা কাছাৰ জিলাত অন্তৰ্ভুক্ত হয়৷ তেতিয়াৰ পৰাই বৰাক উপত্যকাত বাঙালীৰ প্ৰাধান্য বৃদ্ধি পায় আৰু প্ৰব্ৰজনকাৰীয়ে লাহে লাহে দখল কৰি লয় সমগ্ৰ কাছাৰ৷ খিলঞ্জীয়া বৰ্মন, কছাৰীসকল কালক্ৰমত সংখ্যালঘুত পৰিণত হয়৷

প্ৰব্ৰজনকাৰীসকলৰ বৈশিষ্ট্য হ’ল- মানুহবোৰ যথেষ্ট কৰ্ম উদ্যমী, কষ্ট সহিষ্ণু অৰু আগ্ৰাসী স্বভাবৰ হয়৷ ফলত বেপাৰ বাণিজ্যৰ পৰা খেতি বাতিলৈকে সকলোতে তেওঁলোকৰ দখলত৷ আনকি চাকৰি আৰু চৰকাৰৰ উন্নয়নমূলক কাম-কাজতো তেওঁলোকে অংশ গ্ৰহণ কৰিবলৈ লৈছে৷ ফলত সৃষ্টি হৈছে – প্ৰতিযোগিতা, সংঘাত, কাজিয়া, অভিযোগ- প্ৰতি অভিযোগ৷ সকলোৱে নিজকে প্ৰতিষ্ঠা কৰিব খোজে এই নতুন ঠাই খনত৷

কৰ্মক্ষেত্ৰত সমস্যা সকলোতে থাকে৷ কিন্তু বৰাকৰ যি সমস্যা হয়তো সেয়া ব্ৰহ্মপুত্ৰ উপত্যকাত বা পাহাৰীয়া জিলাত নাই৷ যদি চাকৰি জীৱনত বৰাকত চাকৰি কৰা অভিজ্ঞতা পোৱা নাই তেনেহ’লে সেই চাকৰি জীৱন অসম্পূৰ্ণ – ঠিকেই কৈছিল বিষয়াজনে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments