ভণ্ডামি আৰু গোড়ামিক সম্পূৰ্ণকৈ দলিওৱা সম্ভৱনে? – ময়ূৰ বৰা

আপুনি আৰু মই — আমাৰ দুয়োজনৰ ব্য‌ক্তিগত জীৱন আৰু সামাজিক জীৱনৰ আচৰণবোৰ ভিন্ন৷ সামাজিক ৰুচিবোধক অক্ষুণ্ণ ৰখাৰ বাবে এনে ভিন্নতা এটা পৰ্যায়লৈকে কেৱল কাম্য‌ই নহয়, বৰং প্ৰয়োজনীয়‌ও৷ ধৰি ল‌ওক আপুনি আপোনাৰ শোৱনি কোঠাত কিবা এখন কিতাপ পঢ়াত ব্যস্ত৷ সময় দেওবাৰৰ দুপৰীয়া৷ সপ্তাহটোৰ ব্যস্ততাৰ মাজত সুৰুঙা উলিয়াই লোৱা এইখিনি সময় আপোনাৰ বাবে অমূল্য৷ তেনে সময়তে আপোনাৰ দুৱাৰৰ কলিং বেলটো বাজি উঠিল৷ এক বুজাব নোৱৰা বিৰক্তিৰ ভাবে আপোনাৰ মনটো ঘেৰি ধৰিলে৷ অলপ হয়তো আপোনাৰ খঙো উঠিছে৷ কোননো আহিল এই ভৰ দুপৰীয়া? কিন্তু মোৰ বিশ্বাস, শোৱনি কোঠাৰ পৰা আপুনি যেতিয়া ড্ৰয়িং ৰূমৰ মাজেৰে মূল দুৱাৰখন খুলিবলৈ আগবাঢ়িব, বাহ্যিকভাৱে আপুনি আপোনাৰ মুখাৱয়ৱত তীব্ৰ বিৰক্তিৰ ভাৱ নেদেখুৱায়৷ কাৰণ আপোনাৰ মনৰ মাজত হয়তো আপোনাৰ অজ্ঞাতসাৰেই বৈ আছে এক ৰুচিশীল জীৱনবোধৰ নিজৰা৷ সেইবাবেই হয়তো আপুনি হাঁহিমুখেৰেই দুৱাৰখন খুলি দি আগন্তুকক সম্ভাষণ জনাব৷
সমগ্ৰ দৃশ্যপটটো খুব technically নিৰীক্ষণ কৰিলে আপোনাক কোনোবাই ভণ্ড বুলিও ক’ব পাৰে৷ কিন্তু তেনে ভণ্ডামি জানো প্ৰয়োজনীয় নহয়? ঘৰলৈ অহা অতিথিক (অসময়ত আহিলেও) অভদ্ৰ আচৰণ কৰি বদনামী হোৱাতকৈ আপুনি জানো সামান্য ভণ্ডামিৰে আশ্ৰয় নলʼব? ব্যক্তিগতভাৱে আপুনি সেই আশ্ৰয় ল’ব নে নল‌য় মই নাজানো৷ কিন্তু মই জানো এটা সময়লৈকে অসমীয়া সমাজত তেনে ভণ্ডামি মিশ্ৰিত ভদ্ৰতা আছিল আৰু সেই ভণ্ডামিক অতিথিজনে ধৰিব পৰা নাছিল৷ এটা ৰুচিশীল জাতি হিচাপে পৰিচয় গঢ় লৈ উঠাত তেনে ভণ্ডামি আছিল আমাৰ এক দৰকাৰী আধাৰ৷ যোৱা দুটামান দশকত অৱশ্যে দৃশ্যপটটো সলনি হৈছে৷ টেলিভিছন ইণ্টাৰনেট আৰু স্মাৰ্টফোন খুঁচৰিবলৈ বেছি ভাল পোৱা একাংশ অসমীয়াই নিজৰ মন-মননৰ ভিতৰলৈ বেছিকৈ জুমি নোচোৱা হ’ল৷ তথাপি অতিথিপৰায়ণতা আৰু সামাজিক আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰত আমি অসমীয়াবোৰ ভাৰতৰ আনবোৰ জাতিতকৈ পিছপৰা নাই৷
কিন্তু মনৰ গোড়ামি আৰু ৰক্ষণশীলতাৰ ক্ষেত্ৰত আমি কেতিয়াবা ভণ্ড হ’ব নোৱাৰোঁ৷ বহু ক্ষেত্ৰত নানা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে ব্যক্তিগত জীৱনত আমি যিমান গোড়া সামাজিক জীৱনত তাতকৈ বেছি গোড়ামি প্ৰদৰ্শন কৰি আমাৰ বহুতে তৃপ্তি লাভ কৰে৷ তেনে গোড়ামি আপোনাৰ বা মোৰ ধৰ্মৰ বাবে হ’ব পাৰে আৰু হ’ব পাৰে আমাৰ জন্মকুল, দেহৰ বৰণ বা আৰ্থিক অৱস্থাক লৈও৷ গোড়ামিৰ মূল ক্ষয়ংকৰী বৈশিষ্ট্যটো হ’ল ই আমাৰ সমাজৰ বাবে দৰকাৰী ভণ্ডামিখিনিকো ভাঙি ধ্বংসস্তূপত পৰিণত কৰে৷ অপ্ৰয়োজনীয় ভণ্ডামিক আপুনিও ভাল নাপায়, ময়ো নাপাওঁ৷ প্ৰয়োজনীয় ভণ্ডামিক হয়তো আমি ৰিজাব পাৰোঁ কেৰাহীত মাছ ভাঁজোতে ব্যৱহাৰ কৰা জোখৰ তেলখিনিৰ লগত৷ তেল খোৱা বেয়া, কিন্তু মাছ ভাজিবলৈ হ’লে কিছু তেলৰ প্ৰয়োজন৷
গোড়ামিয়ে যেতিয়া ভণ্ডামিক নিশ্চিহ্ন কৰি আমাৰ জীৱনৰ মাজলৈ প্ৰৱেশ কৰে, বহু মানৱীয় অনুভূতি ছাৰখাৰ হৈ যায়৷ সেয়েহে যিকোনো ধৰণৰ গোড়ামিয়েই দৰাচলতে সুস্থ মানৱীয় চিন্তাৰ পৰিপন্থী৷ তথাপি আপুনি বা মই জানো যে সমাজৰ বহু ডাঙৰ মানুহ (মূলতঃ ৰাজনীতিক) সামাজিকভাৱে যিমান ৰক্ষণশীল, ব্যক্তিগত জীৱনত সিমান ৰক্ষণশীল নহয়৷ আমি বুজি পাওঁ যেতিয়া সুব্ৰমনিয়ন স্বামীৰ দৰে বিজেপি নেতাই ধৰ্মীয় সংখ্যালঘুসকলৰ বিৰুদ্ধে যেতিয়া তীব্ৰ বিষোদগাৰ কৰি উঠে, তেওঁৰ আচৰণ আচলতে ভণ্ডামিৰে আৱৰা৷ শিৱসেনাৰ প্ৰয়াত নেতা বাল থাকৰেৰ মুছলিম বিদ্বেষৰ কথা সমগ্ৰ দেশে জানে৷ কিন্তু সুব্ৰমনিয়ন স্বামীৰ কন্যা আৰু বাল থাকৰেৰ ভতিজীক বিয়া কৰাইছে ইছলাম ধৰ্মাৱলম্বী যুৱকে৷ বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানিৰ ভতিজী ছোৱালীৰো বিয়া হৈছে মুছলিম লোকৰ সৈতে৷ আনহাতে আন তিনি বিখ্যাত বিজেপি নেতা এম জে আকবৰ, মুখতাৰ আব্বাছ নাকভী আৰু ছাহনাৱাজ হুছেইনৰ পত্নীকেইগৰাকীও হিন্দু ধৰ্মাৱলম্বী৷
কিন্তু অলপ আগতে উল্লেখ কৰাৰ দৰে কাৰোবাৰ ব্যক্তিগত জীৱন যদি সামাজিক জীৱনৰ দৰেই গোড়া হৈ পৰে, তেনেহলে তাৰ পৰিণাম ভয়ংকৰ হয়৷ ই কাৰোবাৰ জীৱনলৈ এনে দুৰ্ঘটনা আমন্ত্ৰণ কৰে — যাৰ কথা জানিলে আপোনাৰ-মোৰ গাৰ নোম দাং খাই উঠে৷ সৌসিদিনা তেনে এটা অবিশ্বাস্য ঘটনা ঘটিল ডুবাইৰ সমুদ্ৰতীৰত৷ নিজৰ পত্নী আৰু সন্তানৰ সৈতে এজন মানুহ সমুদ্ৰতীৰলৈ গৈছিল কিছুসময় সুন্দৰভাৱে কটাবলৈ৷ কিন্তু সেই সময়খিনিয়ে তেওঁৰ জীৱনলৈ নমালে অমানিশাৰ আন্ধাৰ আৰু মানৱ জাতিৰ সন্মুখত দাঙি ধৰিলে সভ্যতাৰ এক বিশাল সংকট৷ পৰিয়ালটোৰ সন্তানকেইটাই সাগৰৰ পাৰত সাঁতুৰিবলৈ লাগিল৷ কিন্তু দুৰ্ভাগ্যক্ৰমে কিছুসময়ৰ পিছতে মানুহজনৰ ২০ বছৰীয়া ছোৱালীজনী পানীত ডুবিবলৈ আৰম্ভ কৰিলে৷ প্ৰাণৰ মায়াত তাই চিঞৰিবলৈ লাগিল৷ তাইৰ কৰুণ আৰ্তনাদ শুনি দুজন লাইফগাৰ্ড আগবাঢ়ি আহিল বচাবলৈ৷ কিন্তু ডুবিবলৈ ধৰা ছোৱালীজনীৰ দেউতাকে লাইফগাৰ্ড দুজনক আগভেটি ধৰিলে৷ বাপেকে কোনোপধ্যেই তেওঁলোকক নিজৰ ছোৱালীৰ ওচৰলৈ যাব নিদিয়ে৷ ইফালে তেনে সময়ত প্ৰতিটো মুহূৰ্ত‌ই গুৰুত্বপূৰ্ণ৷ লাইফগাৰ্ড দুজনে জোৰকৈ যাবলৈ ওলোৱাত এইবাৰ ছোৱালীজনীৰ পিতৃয়ে তেওঁলোকক শাৰীৰিকভাৱে বাধা দিলে৷ পিতৃজন আছিল ওখ আৰু সুঠাম গঢ়ৰ৷ গাৰ্ড দুজনে নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰিলে — যেতিয়া দেউতাকে ক’লে যে কোনো পৰপুৰুষকে তেওঁ নিজৰ জীয়েকৰ কাষ চাপিব নিদিয়ে৷ দৰকাৰ হ’লে নিজৰ কন্যাই প্ৰাণ দিব, কিন্তু বাপেক হিচাপে লাইফগাৰ্ড হ’লেও তেওঁ সিহঁতক তাইৰ ওচৰলৈ যাব নিদিয়ে৷ এই খকা-খুন্দাৰ মাজতে ২০ বছৰীয়া যুবতীগৰাকীয়ে মৃত্যুক সাবটি ল’লে৷ অৰ্থাৎ নিজৰ জীয়েকৰ সন্মান অক্ষুণ্ণ ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত থকা এক বৰ্ণনাতীতভাৱে ভ্ৰান্ত ধাৰণাৰ বাবে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল৷ সেই মানুহজনক পাছত কৰ্তৃপক্ষই আইনী ব্যৱস্থাৰ মাজলৈ নিয়াৰ কথাটো অৱশ্যে সুকীয়া৷
মূল প্ৰশ্নটো তাতকৈ বহু গভীৰ৷ মানুহৰ মূল্যবোধ আৰু আদৰ্শক গোড়ামিৰ পোতাশালৰ পৰা মুক্ত কৰিব নোৱাৰাটো মানৱতাবাদী চেতনাৰ বিকাশৰ বাবে এক প্ৰচণ্ড ভাবুকি৷ ভাবকচোন সেই পিতৃজনৰ কথা৷ হয়তো আনৰ ক্ষেত্ৰত তেওঁ এজন নিষ্ঠুৰ প্ৰকৃতিৰ ব্যক্তি নহয়৷ কাৰণ নিজৰ পৰিয়ালৰ আমোদ-প্ৰমোদৰ বাবে তেওঁ সমুদ্ৰতীৰলৈ গৈছিল৷ কিন্তু ভ্ৰান্ত ধাৰণাৰ দপ্‌দপনিয়ে তেওঁৰ মনৰ মাজৰ মানুহজনক হত্যা কৰিলে৷ ৰক্ষণশীলতাৰ পকনীয়াত পৰি তেওঁ ৰূপান্তৰিত হ’ল এজন বৰ্বৰ, নিৰ্দয় আৰু হৃদয়হীন পিশাচলৈ৷ সেই পাষাণ হৃদয়ক স্পৰ্শ কৰাত ব্যৰ্থ হ’ল নিজ কন্যাৰ আতুৰ আৰ্তনাদো৷ ব্যক্তিগত জীৱনত গোড়ামিয়ে কি দুৰ্বিষহ পৰিস্থিতি সৃষ্টি কৰিব পাৰে তাক জানিবলৈ ইয়াতকৈ ডাঙৰ জানো কিবা দৃষ্টান্ত লাগে?
এনেবোৰ ঘটনাৰ কথা শুনিলে আপোনাৰ মনত হয়তো এই শংকা ঘনীভূত হয় যে মানুহৰ মনন-চিন্তন আদি শব্দবোৰ আজি মানৱতাৰ বধ্যভূমিত পৰিণত হ’ল নেকি? সাময়িকভাৱে নিৰাশাৰ কʼলীয়া ডাৱৰে আৱৰি ধৰিলেও কিন্তু আমি তেনে ভাবক বেছি প্ৰশ্ৰয় দিয়া উচিত নহয়৷ এইক্ষেত্ৰত আমাক সহায় কৰিব পাৰে ফ্ৰান্সৰ এটা পৰিয়ালে সন্মুখীন হোৱা এটা বিশেষ ঘটনাই৷ ন বছৰীয়া ল’ৰাটো নিজৰ পিতৃ-মাতৃৰ সৈতে এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গৈছিল৷ সেইদিনা আছিল উৎকট গৰম৷ ঘনে ঘনে পৰিয়ালটোক প্ৰয়োজন হৈছিল পানীৰ৷ তেওঁলোকৰ হাতত থকা পানীৰ পৰিমাণ আছিল তেনেই সীমিত৷ ওচৰত নাছিল কোনো দোকান-পোহাৰো৷ পাৰাস্তম্ভ ওপৰলৈ যোৱাৰ লগে লগে পিয়াহত তেওঁলোকৰ অণ্ঠ-কণ্ঠ শুকাই আহিল৷ মাক-দেউতাকে হয়তো বুজিলে যে হাতত থকা পানীখিনিৰে তিনিটা প্ৰাণী জীয়াই থকা অসম্ভৱ৷ সেয়ে নিজৰ নবছৰীয়া পুত্ৰক বচাবলৈ পিতৃ-মাতৃয়ে নিজৰ জীৱন বিসৰ্জন দিলে৷ এটা সময়ত উদ্ধাৰকাৰীয়ে বিচাৰি উলিয়ালে তেওঁলোকৰ প্ৰাণহীন শৰীৰ আৰু কোনোমতে জীয়াই থকা শিশুটিক৷ আইতাকৰ তত্ত্বাৱধানত শিশুটি এতিয়া সুস্থ হৈ উঠিছে৷ হয়তো আপোনাৰ মনটোও পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি দেখুওৱা অসীম ত্যা গৰ কথা ভাবি দুখৰ মাজতে সজীৱ হৈ উঠিছে৷ কাৰণ আধুনিক পৃথিৱীৰ হেজাৰটা সমস্যাৰ মাজত আপোনাক আৰু মোক সুস্থিৰ কৰি ৰাখিব পাৰে কেৱল এক বলিষ্ঠ আশাবাদে৷
সৰ্বব্যাপী নিৰাশাবাদ আৰু গভীৰ বিভ্ৰান্তিৰ বুকুত হেৰাই যাব খোজা আমাৰ হৃদয়ৰ ইতিবাচক চিন্তাবোৰক পুনৰুদ্ধাৰ কৰাৰ যাত্ৰাত আপুনিও জানো যোগ নিদিব? মনৰ মাজৰ সহজাত মানৱীয় বোধক জগাই তুলিব পাৰিলে তেনে যাত্ৰা অধিক প্ৰাসংগিক আৰু অৰ্থপূৰ্ণ হৈ উঠিব৷ কিন্তু তাৰ বাবে গোড়ামি আৰু ভণ্ডামিৰ মাত্ৰা আৰু প্ৰভাৱক আমি কমাবলৈ চেষ্টা কৰিব লাগিব৷ হয়তো সম্পূৰ্ণকৈ নিশ্চিহ্ন কৰাত আমি সক্ষম নহ’ম৷ তথাপি মানৱীয় আদৰ্শক সতেজ কৰিবলৈ আমাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব৷


Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!