চাহ ব‍্যৱসায়ী ৰাজ বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

[চাহখেতি আৰম্ভ হৈছিল চীন দেশত৷ চাহ সেৱন কৰা ৰীতিটো চীন দেশৰ পাঁচ হেজাৰ বছৰীয়া সংস্কৃতি৷ ইংৰাজসকলে চীন দেশৰ পৰা চাহ নি বিশ্ববাসীক চিনাকি কৰি দিছিল৷ ব্যৱসায় মুনাফা আদায়ৰ উদ্দেশ্যে ইংৰাজসকলে চাহত গাখীৰ আৰু চেনি মিহলাই খোৱাৰ এক অভিনৱ কৌশল উদ্ভাৱন কৰিছিল, যি ৰীতি চীন দেশত নাছিল৷ এনেদৰে চাহ পাছলৈ বিশ্বৰ বজাৰত ‘পণ্যসামগ্ৰী’ হিচাপে পৰিগণিত হৈছিল৷ আনহাতে চীন দেশত চাহ মানেই ‘বৈশিষ্ট্যধৰ্মী চাহ’ (Speciality Tea)৷ অসমৰ সোণ হেন সাৰুৱা মাটিত উৎপন্ন হোৱা চাহৰ এক সুকীয়া বৈশিষ্ট্য আছিল যি সমগ্ৰ বিশ্বৰ বাবে প্ৰিয়, সমগ্ৰ বিশ্ববাসী এই চাহৰ প্ৰেমত আসক্ত৷ কিন্তু প্ৰতিযোগিতামূলক এই ‘পণ্যসামগ্ৰী’ বজাৰখনত তিষ্ঠি থাকিবলৈ গৈ অসমৰ চাহে প্ৰাচীন সেই বৈশিষ্ট্য হেৰুৱাইছে৷

চৰাইদেও জিলাৰ সোণাৰীত অৱস্থিত আইদেউবাৰী চাহ-বাগিচাৰ স্বত্বাধিকাৰী — ৰাজ বৰুৱা৷ ৰাজ বৰুৱাই যোৱা কিছুবছৰ ধৰি অসমৰ চাহ-বাগিচাত ‘বৈশিষ্ট্যধৰ্মী’ চাহৰ পুনৰায় উৎপাদন কৰি দেশে-বিদেশে ৰপ্তানি কৰাৰ কামত গুৰুত্বসহকাৰে মনোনিৱেশ কৰি আহিছে৷ বৈশিষ্ট্যধৰ্মী চাহৰ ক্ষেত্ৰখনত অৰিহণা যোগোৱাৰ বাবে, ২০১৬ চনত আমেৰিকাৰ সংস্থা এটাই তেখেতক বঁটা প্ৰদান কৰি সন্মানিত কৰিছিল৷
সাহিত্য ডট্ অৰ্গৰ এই সংখ্যাটিৰ ‘সাক্ষাৎকাৰ’ শিতানৰ অতিথি – আইদেউবাৰী চাহ-বাগিচাৰ স্বত্বাধিকাৰী, যোৰহাটৰ নিবাসী ৰাজ বৰুৱা৷]

সাহিত্য ডট্ অৰ্গ (সা.ড.অ): – সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা আপোনাক স্বাগতম জনালোঁ৷ সাহিত্য ডট্ অৰ্গৰ পাঠকসকলৰ সৈতে আপোনাক চিনাকি কৰি দিবলৈ পাই আমি আনন্দিত৷ আপুনি এজন প্ৰচাৰবিমুখ ব্যক্তি বুলিয়েই ভাবোঁ৷ সেয়ে চাহ উদ্যোগৰ সৈতে জড়িত থাকি আপুনি বিশেষকৈ ‘বৈশিষ্ট্যধৰ্মী’ (Speciality) চাহৰ ক্ষেত্ৰত নীৰৱে আৰু নিৰালস্যভাৱে অৰিহণা যোগাই অহা কথাবোৰ জনাৰ উদ্দেশ্যে আমাৰ আজিৰ এই কথোপকথন৷ লগতে দুই-এটা আনুষংগিক কথাও পাতিম৷

ৰাজ বৰুৱা: – জনসমাদৃত ‘সাহিত্য ডট্ অৰ্গ’ৰ পঢ়ুৱৈসকলৰ সৈতে মোক চিনাকি কৰিবলৈ ওলোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ নিশ্চয়৷ ময়ো এই বিষয়ে যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিম বাৰু৷

সা.ড.অ: – পোনপ্ৰথমে আমি যোৰহাটস্থিত আপোনালোকৰ এই বৰুৱা পৰিয়ালৰ বিষয়ে জানিব বিচাৰিম; যিটো পৰিয়াল আপোনাৰ আজোককাৰ দিনৰে পৰা চাহখেতিৰ সৈতে জড়িত৷ এই বিষয়ে অলপ বহলাই ক’ব নেকি?

ৰাজ বৰুৱা: – মোৰ আজোককাৰ নাম আছিল বিষ্টুৰাম বৰুৱা৷ মই যিমান দূৰ জানো, যোৰহাটৰ এই পৰিয়ালটোৰ তেখেত আছিল এজন অদম্য উদ্যমী ব্যৱসায়ী৷ প্ৰায় ১৮৪০ চনৰ আশে-পাশে, ইংৰাজসকলে অসমৰ সাৰুৱা মাটিত যে চাহখেতিৰ প্ৰচুৰ সম্ভাৱনা আছে এই কথা উদ্ভাৱন কৰি চাহ ৰোপণ আৰম্ভ কৰিছিল৷ তাৰ পৰৱৰ্তী তিনি দশকত সেই চাহ পুলিবোৰ লহপহকৈ বাঢ়ি এক ব‍্যৱসায়লৈ পৰিণত হৈছিল৷ ঠিক এনে সময়তে, প্ৰায় ১৮৭০ চনৰ কথা, আজোককা বিষ্টুৰাম বৰুৱাই প্ৰথমে ইংৰাজসকলক — খেতিৰ উপযোগী চাহ গছৰ বীজ আৰু পুলি যোগান ধৰাৰ কাম ব‍্যৱসায় ভিত্তিত আৰম্ভ কৰিছিল৷ আৰু এনেদৰেই পাছলৈ আজোককা চাহখেতিৰ সৈতে জড়িত হৈ পৰিছিল৷ তেখেতৰ মৃত্যুৰ সময়লৈকে তেখেতে ১৪খন চাহ বাগিচাৰ মালিক হৈ পৰিছিল যি নেকি, আমি যিমান দূৰ জানো, তেখেত সেই সময়ৰ আটাইতকৈ ডাঙৰ ভাৰতীয় চাহখেতিয়ক হিচাপে পৰিগণিত হৈছিল৷ ভাৰতীয় বুলি কৈ মই ইংৰাজসকলক বাদ দি সেই সময়ৰ মাৰোৱাৰী চাহখেতিয়ককে ধৰি অন্যান্য চাহখেতিয়কৰ কথা ক’ব বিচাৰিছোঁ৷

সা.ড.অ: – আইদেউবাৰী চাহ-বাগিচাৰ বিষয়ে অলপ ক’ব নেকি? লগতে এই বাগিচাৰ ‘ব্ৰেণ্ড’ – ‘ৰূজানী’ চাহৰ বিষয়েও অলপ?

ৰাজ বৰুৱা: – আজিৰ দিনত আইদেউবাৰী চাহ-বাগিচা চৰাইদেউ জিলাৰ সোণাৰী অঞ্চলৰ এখন লেখত ল’বলগীয়া আগশাৰী চাহ-বাগিচা৷ এই বাগিচাৰ পৰা উৎপাদন হোৱা, কেৱল ‘চিটিচি’ (CTC) চাহৰ কথা ক’বলৈ গ’লে, প্ৰতি বছৰে প্ৰায় ৭-৮ লাখ কিলোগ্ৰাম চাহ পাইকাৰী বজৰত বিক্ৰী হয়৷ এই ‘চিটিচি’ চাহ, বাগিচাখনৰ পৰা হোৱা উপাৰ্জনৰ প্ৰধান উৎস৷ চিটিচি চাহৰ উপৰি নানা তৰহৰ চাহপাত উৎপাদন হয় যি সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে বিদেশলৈয়ো ৰপ্তানি কৰা হয়৷

আপুনি জানিব বিচৰা ‘ৰূজানী’ চাহ এই বাগিচাৰ এটা ‘ব্ৰেণ্ড’৷ ২০১১ চনৰ কথা; যি বছৰ মই চীন দেশলৈ গৈছিলোঁ। গৈছিলোঁ এটি অনুসন্ধিৎসু মন লৈ– চাহৰ জগতখনৰ বিষয়ে আৰু অধিক কথা জনাৰ মানসেৰে৷ চীন দেশত সেই বছৰ অনুষ্ঠিত হোৱা দুখন বৃহৎ আন্তৰ্জাতিক প্ৰদৰ্শনীত উপস্থিত আছিলোঁ৷ প্ৰথমখন প্ৰদৰ্শনী আছিল ‘কেণ্টন ফে’ৱাৰ’ নামৰ গোৱাংজ’ চহৰত অনুষ্ঠিত হোৱা– পানীয় বা চৰ্বত আৰু ইয়াৰ টোপোলাকৰণ (packageing) প্ৰক্ৰিয়াৰ ওপৰত৷ দ্বিতীয়খন, চীনৰ ফুজিয়ান প্ৰদেশৰ জাইমেন চহৰত অনুষ্ঠিত হৈছিল ‘আন্তৰ্জাতিক চাহ মেলা’ নামৰ এক বৃহৎ মেলা– চাহখেতি আৰু চাহ ব্যৱসায় সম্পৰ্কীয়৷

আন্তৰ্জাতিক এই প্ৰদৰ্শনী তথা মেলাত উপস্থিত থাকি যি কথাই মোক বেছি দৃষ্টি আকৰ্ষণ কৰিছিল সেইটো হ’ল — চীন দেশৰ স্বভূমিত উৎপাদন হয় হৰেক ৰকমৰ চাহ — গ্ৰীণ টি, হুৱাইট টি, ব্লেক টি, ইয়েল’ টি, ওলং (oolong) ইত্যাদি ভিন ভিন প্ৰকাৰৰ নানান চাহ৷ তাতোকৈ আচৰিত, এনে একো একোটা শ্ৰেণীৰ চাহপাতৰ অজস্ৰ আকৌ উপ-শ্ৰেণীও থাকে আৰু সকলোবোৰ ‘ব্ৰেণ্ডেড’৷ লগতে এই কথাও গম পাই আচৰিত হ’লোঁ যে — চীন দেশৰ প্ৰতিটো অঞ্চলৰ নিজস্ব বৈশিষ্ট্যধৰ্মী অনেক প্ৰকাৰৰ চাহ থাকে৷ আনহাতে আমাৰ ৰাজ্য বা দেশত মূলতঃ চাহ এবিধেই; যি দৰাচলতে ‘ব্লেক চিটিচি’ চাহহে৷

২০১১ চনৰ মোৰ এই চীন দেশৰ ভ্ৰমণে চাহখেতি আৰু চাহ ব্যৱসায়ৰ প্ৰতি থকা মোৰ সমস্ত চিন্তাধাৰা সম্পূৰ্ণভাৱে সলাই দিলে৷ এয়াই আছিল আৰম্ভণি৷ নতুন চিন্তাধাৰাৰে এক নতুন মনলৈ পৃথিৱীৰ আন কিছু দেশতো গৈ এই বিষয়ে আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ, আৰু কিছু তথ্য সংগ্ৰহ কৰিলোঁ৷

অৱশেষত ২০১৫ চনত আইদেউবাৰী চাহ-বাগিচাৰ নিজস্ব ব্ৰেণ্ড ‘ৰূজানী’ চাহ বজাৰত অৱতাৰণ কৰা হয়৷ এই ব্ৰেণ্ডেৰ মূল উদ্দেশ্য হ’ল– দেশীয় আৰু আন্তৰ্দেশীয় বজাৰত সহজে উপলব্ধ গতানুগতিক চাহপাতৰ বিপৰীতে ব্যতিক্ৰমী ‘বৈশিষ্ট্যধৰ্মী’ (Speciality) চাহপাতৰ চাহিদা পূৰণ কৰা৷
এই ছেগতে উল্লেখ কৰিব বিচাৰোঁ যে — এই ‘ৰূজানী’ নামটো মোৰ দুজনী জীয়ৰী ৰূহানী আৰু উৰ্জানী নামৰ পৰা লোৱা হৈছে৷ সংস্কৃত ভাষাত ’ৰূ’ মানে প্ৰাণ বা আত্মা (soul) আৰু ’উৰ্জা’ই সাধাৰণতে শক্তি (energy) বুজায়৷ চমুকৈ ঠিক যেন মন-প্ৰাণ পৰশা একাপ শক্তিবৰ্ধক চাহ (a cup of soulful energy) – ‘ৰূজানী’ শব্দটোয়ে এই কথাটোকেই বুজাইছে৷

সা.ড.অ: – আজিৰ যুগত চাহ এবিধ ‘বিশেষ শ্ৰেণী লোকৰ বিশেষ পেয় বস্তু’ নহয় বৰঞ্চ পৃথিৱীৰ সৰু-বৰ যিকোনো বজাৰত সহজে উপলব্ধ এবিধ পণ্যসামগ্ৰী (commodity)হে৷ এতিয়া আমাৰ প্ৰশ্নটো হ’ল– তাহানিৰ সেই পৰম্পৰাগত গোড়া (Orthodox) চাহপাত ক’ত হেৰাল? এনেধৰণৰ চাহপাত এতিয়াও বজাৰত পোৱা যায় নে?

ৰাজ বৰুৱা: – ই এটা বুদ্ধিদীপ্ত প্ৰশ্ন যি ‘ৰূজানী’ ব্ৰেণ্ডেৰ সৈতে মিল খাইছে, যিহেতু এই ব্ৰেণ্ডৰ উদ্ধৃত-উক্তিষাৰীয়েই (tagline) হ’ল– ‘Explore on Original’৷ দৰাচলতে যোৱা প্ৰায় পঞ্চাশ-ষাঠি বছৰত চাহৰ মূল বা প্ৰাচীন ৰূপটোক বিলুপ্ত কৰি বজাৰৰ সহজলভ্য এক পণ্যসামগ্ৰীলৈ ৰূপান্তৰ কৰা হৈছে৷

বৰ্তমান সমগ্ৰ দেশত পোৱা অধিকাংশ চাহেই সুগন্ধি আৰু সুস্বাদু প্ৰাপ্তিৰ বাবে মিশ্ৰণ কৰি তৈয়াৰ কৰা কৃত্ৰিম চাহহে, অতীজৰ পৰম্পৰাগত গোড়া চাহ নহয়৷ এইখিনিতে আমাৰ ব্ৰেণ্ড ‘ৰূজানী’ৰ পাৰ্থক্য৷ দেশী-বিদেশী বহুতো গ্ৰাহকক বিধে বিধে তৈয়াৰ কৰা পৰম্পৰাগত বৈশিষ্ট্যধৰ্মী প্ৰাচীন চাহৰ সোৱাদ দিবলৈ নিৰালস্যভাৱে যত্ন কৰি থকা হৈছে৷

সা.ড.অ: – বিশ্বজুৰি অসম চাহৰ বাবেই বিখ্যাত৷ অসমৰ অধিকাংশ অঞ্চল চাহ-বাগিচাৰে আৱৰা৷ এই চাহখেতি এসময়ত ইংৰাজসকলে আৰম্ভ কৰিছিল৷ এতিয়া আমাৰ প্ৰশ্নটো হ’ল– প্ৰতিযোগিতামূলক ’পণ্যসামগ্ৰী’ বজাৰখনত বৰ্তি থাকিবলৈ গৈ, সময়ৰ সোঁতত অসমে ‘মূল অসমীয়া চাহ’ৰ গৌৰৱময় বৈশিষ্ট্য হেৰুৱালে নেকি? এই বিষয়ে আপোনাৰ মতামত কি?

ৰাজ বৰুৱা: – এটি সুন্দৰ প্ৰশ্ন৷ প্ৰায় পাঁচ হেজাৰ বছৰ ধৰি এই চাহ সেৱন প্ৰথাটো চীন দেশৰ সংস্কৃতি৷ ইংলেণ্ড, ইউৰোপ আনকি আমেৰিকাকে ধৰি পৃথিৱীৰ আন আন দেশত চাহৰ জনপ্ৰিয়তা বাঢ়িল ১৭০০ শতিকাৰ শেষৰফালে, আজিৰ পৰা প্ৰায় আঢ়ৈশ বছৰৰ আগতে৷ সঁচা কথা ক’বলৈ গ’লে ইংৰাজসকলে যেনেকৈ চাহ চীন দেশৰ পৰা নি গোটেই বিশ্বক চিনাকি কৰি দিলে ঠিক তেনেকৈ চাহক ‘পণ্যসামগ্ৰী’ (commodity) হিচাবে গঢ়ি তোলাৰ আঁৰৰ লোক ইংৰাজেই৷

সা.ড.অ: – ই কেনেকৈ?

ৰাজ বৰুৱা: – দৰাচলতে বজাৰত চাহ পণ্যসামগ্ৰী হিচাপে সেইদিনাই আৰম্ভ হ’বলৈ ধৰিছিল যিদিনা চাহৰ লগত গাখীৰ আৰু চেনি মিশ্ৰণ কৰি সেৱন কৰাৰ এক অভিনৱ কৌশল উদ্ভাৱন কৰা হৈছিল৷ ‘কৌশল’ বুলি এইবাবেই অভিহিত কৰিছোঁ যিহেতু চীন দেশৰ লোকসকলে, য’ত এলান্ধুক’লীয়া যুগৰ পৰা চাহৰ সেৱন কৰি আহিছে, চাহৰ লগত গাখীৰ আৰু চেনিৰ ব্যৱহাৰ নকৰে৷ চাহত থকা তিতিকি গুণটো লুকুৱাই ৰাখিবলৈ চেনিৰ ব্যৱহাৰ আৰু দেখাত আকৰ্ষণীয় কৰিবলৈ ইংৰাজসকলে গাখীৰ ব্যৱহাৰ কৰিবলৈ শিকাইছিল৷ তদুপৰি গাখীৰ ব্যৱহাৰ কৰিলে চাহপাতৰ পৰিমাণ বেছি লাগে৷ ব্যৱসায়ীক দৃষ্টিকোণৰ পৰা এই কথাবোৰ আছিল ইংৰাজসকলৰ এক চতুৰালি আৰু এনেদৰেই গোটেই বিশ্বজুৰি ইংৰাজসকলে গঢ়ি তুলিছিল চাহপাতৰ এখন বৃহৎ বজাৰ৷

পৰৱৰ্তী সময়ত এনে ব্যৱসায়ীক কথাবোৰ যথেষ্ট সলনি হৈ, চাহ অৱশেষত সম্পূৰ্ণভাৱে পণ্যসসামগ্ৰী হৈ পৰে৷ তৎসত্ত্বেও পৃথিৱীৰ অধিকাংশ লোকৰ আজিকোপতি অসমৰ চাহ প্ৰিয়৷ গতিকে নক’লেও হয় যে আমাৰ ব্ৰেণ্ড ‘ৰূজানী’ চাহে সদায় আগস্থান পাই আহিছে৷

সা.ড.অ: – আমি দেখিছোঁ যে চাহ ব্যৱসায় সূত্ৰে আপুনি বিভিন্ন দেশলৈ গৈছে৷ এনে ভ্ৰমণত আপুনি আপোনাৰ নিজস্ব ব্ৰেণ্ড ‘ৰূজানী’ চাহো বিভিন্নজনক প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে আৰু এনেদৰেই আপুনি বিদেশলৈ আপোনাৰ ব্ৰেণ্ড অৰ্থাৎ অসমৰ চাহ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ আমি যদি আপোনাক সোধোঁ– আপুনি অসমখনক চাহৰ মাজেৰে কঢ়িয়াই নিবলৈ সক্ষম হৈছে নে?

ৰাজ বৰুৱা: – হয়, মই আচলতে আন আন দেশৰ চাহখেতি আৰু চাহ তৈয়াৰ কৰাৰ ‘প্ৰছেচ্’ আৰু কাৰ্য-কৌশলবোৰৰ বিষয়ে জানিবলৈ ভ্ৰমণ কৰোঁ৷ চীন দেশৰ বহু ফেক্টৰীত মই বহু দিন কটাইছোঁ৷ সেই দেখি, শিকি-বুজি অহা কথাবোৰ নিজ বাগিচা বা সমস্ত ব‍্যৱসায় প্ৰক্ৰিয়াটোত প্ৰয়োগ কৰোঁ বা কৰিবলৈ পাৰ্যমানে চেষ্টা কৰোঁ৷ আনকি টাইওৱান দেশৰ পৰা এটা দল আনি এবাৰ আইদেউবাৰী চাহ-বাগিচাত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছিল৷

চাহৰ মাজেৰে অসমখনক কঢ়িয়াই নিয়াৰ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই এনেদৰে দিব বিচাৰিছোঁ– যোৱা প্ৰায় ১৮০ বছৰ ধৰি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অসমৰ চাহক দৰাচলতে পৃথিৱীৰ সকলোবোৰ চাহৰ ভিতৰত নায়ক (Hero) বুলি অভিহিত কৰিব পাৰি৷ পৃথিৱীৰ যিকোনো দেশৰ অধিকাংশ লোকে কেৱল অসমৰ চাহহে সেৱন কৰে বা কৰিব বিচাৰে৷ অৱশ্যে ১৯৮০ চনৰ পৰা এই নায়কত্ব অৰ্থাৎ আধিপত্য শ্ৰীলংকাৰ চাহৰ বিপৰীতে অলপ-অচৰপ হেৰুৱাইছে৷ ঠিক তেনেকৈ ১৯৯০ চনৰ পৰা এই আধিপত্য চীন দেশৰ পৰা ৰপ্তানি হোৱা চাহৰ বিপৰীতে বেছি পৰিমাণে হেৰুৱাইছে৷ দৰাচলতে চাহ জগতত বৰ্তমান চীনৰ আধিপত্য বাঢ়ি অহাৰ কাৰণটো হ’ল, এই দেশে নিজা আন্তৰ্জাতিক অৰ্থনীতিৰ সালসলনি কৰিছে যাৰ বাবে দেশখনৰ চাহ ৰপ্তানিত যথেষ্ট সহায় হৈছে৷ কিন্তু পৃথিৱীৰ অধিকাংশ লোকৰ আজিকোপতি অসমৰ চাহেই প্ৰিয়৷ গতিকে নক’লেও হয় যে আমাৰ ব্ৰেণ্ড ‘ৰূজানী’ চাহে সদায় আগস্থান পায়৷ অতি চমুকৈ, চাহ জগতখনত বিশ্বজুৰি অসমৰ নাম যাউতিযুগীয়া৷ আমাৰ বাবে ই এক গৌৰৱৰ কথা৷

সা.ড.অ: – আমি যিমান দূৰ জানো– আমেৰিকাৰ কোনো এটা সংস্থাই আপোনাক এটি বঁটাৰে সন্মানিত কৰিছিল৷ আপুনি আমেৰিকাৰ লাচ্ ভেগাছ (Las Vegas) চহৰত উপস্থিত থাকি এই বঁটা গ্ৰহণ কৰিছিল৷ এই বিষয়ে আমাক জনাব নেকি?

ৰাজ বৰুৱা: – ২০১৬ চনৰ কথা৷ আমেৰিকাৰ “International Speciality Tea Association of USA” নামৰ সংস্থাটোৱে ‘বৈশিষ্ট্যপূৰ্ণ’ (Speciality) চাহ ক্ষেত্ৰখনত অৱদান যোগোৱাৰ বাবে মোক আৰু মোৰ সৈতে অসমৰ আন এজন চাহ খেতিয়ক ৰাজেন বৰুৱাক যুটীয়াকৈ এই বঁটা প্ৰদান কৰিছিল৷ আমাক এখন প্ৰশংসা-পত্ৰ সহ একোটা বঁটাৰে ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হৈছিল৷

ইয়াৰ উপৰি চাহ সম্বন্ধীয় বিভিন্ন মেলা বা প্ৰদৰ্শনীত অসমৰ চাহ আৰু মোৰ অভিজ্ঞতাৰ বিষয়ে ক’বলৈ মই বহুবাৰ আমন্ত্ৰিত হৈছোঁ৷

সা.ড.অ: – আপোনাৰ বাগিচাৰ চাহ বৰ্তমান পৃথিৱীৰ কোন কোন দেশলৈ ৰপ্তানি হয়?

ৰাজ বৰুৱা: – আমেৰিকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, ডেনমাৰ্ক, জাৰ্মানী আদি দেশসমূহলৈ৷ আনকি চীন দেশলৈও ৰপ্তানি হয়৷

সা.ড.অ: – আপুনি ইতিমধ্যে দেখিছেই যে অসমত বহুতো যুৱকে ক্ষুদ্ৰ পৰ্যায়ত হ’লেও স্বাধীনচিতীয়াভাৱে চাহখেতি কৰিবলৈ লৈছে৷ বহু যুৱক এতিয়া এনে সৰু-বৰ চাহ-বাগিচাৰ মালিক৷ এই কথা বা পৰিৱৰ্তনে অসমৰ অৰ্থনৈতিক আৰু সামাজিক দিশত প্ৰভাৱ পেলাব পাৰিছেনে? এই বিষয়ে আপোনাৰ মতামত কি?

ৰাজ বৰুৱা: – অৰ্থনৈতিক আৰু সামাজিক দিশত নিশ্চিয়কৈ যোগাত্মক প্ৰভাৱ পেলাইছে৷ প্ৰায় ১৯৮০ চনৰ পৰা অসমৰ বিশেষকৈ উজনি অসমৰ বহুতো যুৱকে স্বাধীনচিতীয়াভাৱে চাহখেতি কৰিবলৈ লয়৷ এনে খেতিয়কৰ সংখ্যা সদৌ অসমত এতিয়া ভালেমান৷ এনে ‘প্ৰথমচাম’ (first generation) খেতিয়কৰ ভিতৰতে কোনো কোনোজনে আকৌ চিটিচি চাহতে আৱদ্ধ নাথাকি ন ন চাহৰ সন্ধানত পৰীক্ষা-নিৰীক্ষাও কৰিছে৷ ই এক শুভ লক্ষণ৷ ই ভৱিষ্যত৷ সৰু-বৰ এনে চাহ-বাগিচায়ে বহুতো নিবনুৱা যুৱকক মকৰল কৰিবলৈ সক্ষম হৈছে৷

সা.ড.অ: – কিন্তু এই ক্ষেত্ৰত এটা অভিযোগ সঘনাই কৰা দেখা যায় যে এই স্বাধীনচিতীয়া চাহখেতিয়কসকলে চাহপাতৰ উচিত মূল্য নাপায়৷ এই বিষয়ে আপুনি কি ক’ব?

ৰাজ বৰুৱা: – আমি ইতিমধ্যে চাহ কেনেকৈ ‘পণ্যসামগ্ৰী’ত পৰিণত হ’ল এই কথা বিতংভাৱে আলোচনা কৰিলোঁ৷ কেৱল চাহেই কিয়? যিকোনো বস্তু লাগিলে তেল, চেনি, চাউল, গেছ, সোণ আদি নহওক কিয়, বজাৰৰ মূল সূত্ৰ ‘চাহিদা বনাম যোগান’ৰ ওপৰত নিৰ্ভৰশীল৷ আৰু এই বিশেষ সূত্ৰটোৱে বস্তুৰ দাম-দৰ ধাৰ্য্য কৰে৷

সা.ড.অ: – যোৰহাটতে অৱস্থিত ‘টোকলাই চাহ গৱেষণা কেন্দ্ৰ’ৰ পৰা আপোনাৰ চাহ-বাগিচা কেনেদৰে উপকৃত হৈছে?

ৰাজ বৰুৱা: – অসমৰ চাহ যেনেকৈ জগদ্বিখ্যাত ঠিক তেনেকৈ খ্যাত যোৰহাটস্থিত অসমৰ ‘টোকলাই চাহ গৱেষণা কেন্দ্ৰ’৷ এই গৱেষণা কেন্দ্ৰৰ বিষয়ে চীন দেশ, টাইওৱান, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপকে আদি কৰি বহু দেশে কেৱল জনাই নহয় বৰঞ্চ যথেষ্ট শ্ৰদ্ধা পোষণ কৰে৷ এই গৱেষণা কেন্দ্ৰ আমাৰ বাবে গৌৰৱ৷

এই চাহ গৱেষণা কেন্দ্ৰটো যোৰহাটত অৱস্থিত হোৱাৰ বাবে আইদেউবাৰী তথা ৰূজনী চাহৰ বাবে পৰম সৌভাগ্য৷ এই কেন্দ্ৰৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ, উপকৃত হৈছোঁ৷ উদাহৰণ স্বৰূপে, টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ সহযোগত যৌথভাৱে আমি ‘গ্ৰীণ টি’ ওপৰত গৱেষণামূলক এটা ‘প্ৰজেক্ট’ কৰিছিলোঁ যাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যোগান BIRAC নামৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা সংস্থাই ধৰিছিল৷ এনেধৰণৰ বহু কথা আছে৷ এই গৱেষণা কেন্দ্ৰ সৈতে মোৰ সম্পৰ্ক ভাল আৰু বহুকেইজন বিজ্ঞানীক মই ভালদৰে জানো, যিসকল নিসন্দেহে যথেষ্ট কৰ্মদক্ষ আৰু অতি বিজ্ঞ৷ এই কেন্দ্ৰই আমালৈ আগবঢ়োৱা সহায়-সহযোগ অপৰিসীম আৰু আইদেউবাৰী চাহ-বাগিচা ইয়াৰ বাবে চিৰদিন কৃতজ্ঞ হৈ ৰ’ব৷

সা.ড.অ: – ৰূজানীৰ ভৱিষ্যত পৰিকল্পনা কি?

ৰাজ বৰুৱা: – এতিয়ালৈকে আমাৰ যাত্ৰাপথ সহজ আছিল বুলি ক’ব নোৱাৰি, কঠিনেই আছিল৷ কিন্তু দলটোৰ প্ৰতিজন সদস্য ৰূজানীৰ লক্ষ্যত উপনীত হ’বলৈ বদ্ধপৰিকৰ৷

২০১১ চনৰ পৰা সুদীৰ্ঘ ৮ বছৰত আমাৰ সন্মুখত আশা-আকাংক্ষাৰ বহুতো পথ উন্মেষিত হৈছে আৰু সেই অনুসাৰে প্ৰতিটো সন্ধিক্ষণত আমি আমাৰ পথ নতুনকৈ প্ৰশস্ত কৰি লৈছোঁ৷ যিকোনো পৰিস্থিতিৰ সৈতে খাপ খাব পৰা কথাটো আমাৰ শক্তি, আমাৰ সম্পদ৷ ব্যতিক্ৰমধৰ্মী বৈশিষ্ট্যপূৰ্ণ চাহৰ বিশ্বজুৰি চাহিদা পূৰণ কৰাত আৰু এই দিশত সফলতা অৰ্জন কৰাত ৰূজানী দৃঢ় সংকল্পবদ্ধ৷

সা.ড.অ: – অৱশেষত দুটামান ব্যক্তিগত প্ৰশ্নৰে আপোনাৰ সৈতে হোৱা এই কথোপকথন সামৰণি মাৰিব বিচাৰিছোঁ৷ আপোনাৰ বাদে পৰিয়ালৰ আন কোনোবাই আপোনাৰ এই ব্যৱসায়ত সহায়-সহযোগিতা আগবঢ়ায় নেকি?

ৰাজ বৰুৱা: – মোৰ পৰিবাৰ মূলতঃ এটি চাহ খেতিয়কৰ পৰিয়ালৰ জীয়ৰী৷ গতিকে তেওঁ এই উদ্যোবগৰ সৈতে খুবেই পৰিচিত৷ প্ৰয়োজন অনুসাৰে তেওঁ মোক সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়ায়৷

সা.ড.অ: – আপুনি আপোনাৰ আজৰি সময় কেনেকৈ কটায়?

ৰাজ বৰুৱা: – যিকোনো বিষয় এটাৰ ওপৰত ভালদৰে জানি উঠিবলৈ মই বৰ অনুসন্ধিৎসু– ই মোৰ স্বভাৱ৷ এই অনুসন্ধিৎসু স্বভাৱৰ বাবেই বৰ্তমান প্ৰযুক্তিবিদ্যাই অনা পৰিৱৰ্তনৰ বিষয়ে জনাৰ ইচ্ছাত মোৰ আজৰি সময়বোৰ পাৰ হয়৷

সা.ড.অ: – আপোনাৰ দৈনিক ব্যস্ততাপূৰ্ণ জীৱনত আপুনি আপোনাৰ দুই দুহিতাক গুণগত সময় দিব পাৰেনে?

ৰাজ বৰুৱা: – মোৰ সমস্ত কৰ্মৰাজিৰ মাজতো মই এজন দায়িত্বশীল পিতৃৰ ভূমিকা পাৰ্যমানে পালন কৰিবলৈ চেষ্টা কৰোঁ, যদিও দুই কন্যাই মোৰ পৰা পোৱা সময়বোৰ যথেষ্ট নহয় বুলিও হয়তো ভাবিব পাৰে৷ সিহঁতৰ কঠিন সময়বোৰত মই সদায় সিহঁতৰ লগত থাকোঁ৷

সা.ড.অ: – আপোনাৰ সৈতে হোৱা এই কথোপকথনে আমাক যথেষ্ট আনন্দিত কৰিলে আৰু বহু নজনা কথাৰ সম্ভেদ দিলে৷ ‘সাহিত্য ডট্ অৰ্গ’ৰ পৰিয়ালৰ ফালৰ পৰা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

ৰাজ বৰুৱা: – জনপ্ৰিয় ‘সাহিত্য ডট্ অৰ্গ’ৰ পঢ়ুৱৈসকলৰ সৈতে মোক চিনাকি কৰাই দিয়াৰ বাবে আৰু মোক দুআষাৰ ক’বলৈ সুযোগ দিয়াৰ বাবে মই আন্তৰিক ধন্যবাদ সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ আলোচনীখনৰ উত্তৰোত্তৰ বিকাশ হওক, আৰু অধিক জনপ্ৰিয় হৈ উঠক, দীৰ্ঘায়ূ হওক — এয়ে মোৰ কামনা৷ ■■

5 thoughts on “চাহ ব‍্যৱসায়ী ৰাজ বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

  • May 17, 2019 at 6:25 am
    Permalink

    এনেধৰণৰ সাক্ষাতকাৰ প্ৰকাশ কৰি খুৱেই ভাল কাম কৰিছে | ধন্যবাদ |

    দেৱব্ৰত গগৈ

    Reply
  • May 18, 2019 at 12:59 pm
    Permalink

    সময়োপযোগী আৰু সুন্দৰ ! অসমৰ চাহৰ সৈতে জড়িত উদ্যোগীসকল উপকৃত নিশ্চি্চিতভাৱে উপকৃত হ’ব ৷

    Reply
  • May 18, 2019 at 1:07 pm
    Permalink

    সময়োপযোগী আৰু মূল্যৱান সাক্ষাৎকাৰ ৷চাহ উদ্যোগীসকল উপকৃত হ’ব !

    Reply
  • May 18, 2019 at 1:20 pm
    Permalink

    খুউৱ ভাল লাগিল | এখেতৰ বিষয়ে আপোনাৰ ভ্রমণ কাহিনীত অকণমান উনুকিয়াইছিল ! বিশ্ববন্দিত শিল্পটোৰ বিষয়ে জানি ভাল পালোঁ |

    দুয়োজনলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ |

    Reply
  • May 19, 2019 at 9:17 pm
    Permalink

    সুন্দৰ !!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!