ভাৰতত যৌন শিক্ষাৰ স্বৰূপ – আৰহান ইনামূল

“So-called ‘sex education’ to be banned. Yoga to be made compulsory.” –Ex Union Health Minister Dr Harsh Vardhan
“I was astonished after seeing the illustrations in the textbook and am surprised that the government has forgotten the traditions and culture of India. I feel that this book was probably not presented before you or else you would not have permitted such books to be circulated,”-Shivraj Singh Chauhan

এজন শিক্ষক হিচাপে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰকাৰৰ শিক্ষা বিভাগ তথা RMSAৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ আৰু শিক্ষণ কৰ্মশালা কিছুমানত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাওঁ। এনে ধৰণৰ প্ৰায়ভাগ প্ৰশিক্ষণেই যদিও পাঠ্যক্ৰমৰ নিৰ্দিষ্ট বিষয় (যেনে বিজ্ঞান, গণিত বা ইংৰাজী) ভিত্তিক হয় কিন্তু তাৰ মাজতো কেইবাটাও ব্যতিক্ৰমী বিষয়ৰ প্ৰশিক্ষণত ভাগ লৈছিলোঁ, যেনে- কেৰিয়াৰ কাউন্সেলিং, লিংগ সমস্যা (GENDER ISSUES) , কৈশোৰকালীন সমস্যা , জীৱন কলা, ইত্যাদি। এনে ধৰণৰ প্ৰায় ভাগ প্ৰশিক্ষণৰেই এটা সাধাৰণ আলোচনাৰ টপিক থাকে, সেইটো হ’ল ছাত্ৰ-ছাত্ৰীৰ কৈশোৰকালীন সমস্যাসমূহ। যিহেতু কিশোৰ কালছোৱা মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ৰহস্যঘন সময়, সেয়ে এই সময়চোৱাত কিশোৰ-কিশোৰীসকলক বিভিন্ন বিষয়ত সঠিক দিশত জ্যেষ্ঠসকলে পথ-প্ৰদৰ্শন কৰাটো অত্যন্ত আৱশ্যক। যিহেতু এই সময়চোৱাত মানৱ দেহ আৰু মনত হঠাতে বহুতো পৰিবৰ্তন আহি পৰে গতিকে ছাত্ৰ-ছাত্ৰীসকলক উচিত আৰু বুজি পোৱা ধৰণেৰে সজাগ, সচেতন আৰু শিক্ষিত নকৰিলে তেওঁলোকৰ কৌতুহলপূৰ্ণ মন আৰু অত্যুৎসাহী মানসিকতাই বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান হৈ পৰে কিশোৰ-কিশোৰীসকলক উচিত আৰু তেওঁলোকৰ মানদণ্ড অনুযায়ী পৰিশীলিত ৰূপত “যৌন-শিক্ষা” প্ৰদান কৰাটো। এই বিশেষ ইছ্যুটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰশিক্ষণসমূহত শিক্ষক-শিক্ষয়িত্ৰীসকলক শিকোৱা হয় কিদৰে সেই বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত দিশত পথ-প্ৰদৰ্শন কৰিব পাৰি, বিশেষকৈ কিদৰে তেওঁলোকক পৰিশীলিত আৰু কাৰ্যকৰী ৰূপত “যৌনতা” সন্দৰ্ভত ৰুচি সম্পন্ন আৰু সঠিক প্ৰয়োজনীয় জ্ঞান বৰ্ধনশীল শিক্ষা প্ৰদান কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। আনহাতে উচ্চ মাধ্যমিক পৰ্যায়ৰ বিজ্ঞানৰ পাঠ্যক্ৰমত কৈশোৰকালীন দৈহিক আৰু মানসিক পৰিবৰ্তন আৰু জীৱৰ প্ৰজনন বিষয়ক পাঠ আছে, সেয়ে বিজ্ঞানৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওপৰত এটা গধুৰ দায়িত্ব আৰু প্ৰত্যাহ্বান আহি পৰে শ্ৰেণীত এই বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰোতে। কিন্তু ভাৰতৰ প্ৰায়ভাগ শিক্ষানুষ্ঠানত অপ্ৰিয়ভাৱে বাস্তবক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য এটাহে পৰিলক্ষিত হয়। প্ৰায় সংখ্যক বিজ্ঞানৰ শিক্ষকেই পাঠ্যক্ৰমৰ সেই বিশেষ অংশটো শ্ৰেণীত আলোচনা নকৰে। এই ক্ষেত্ৰত প্ৰায়ভাগ বিজ্ঞানৰ শিক্ষকে দিয়া যুক্তি হ’ল যে “যৌনতা” সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰিবলৈ তেওঁলোকে অসহজ বোধ কৰে। গতিকে সেই বিশেষ সমস্যাটোৰ প্ৰতিয়েই লক্ষ্য ৰাখি প্ৰায়েই লিংগ সমস্যা (GENDER ISSUES), কৈশোৰকালীন সমস্যা, জীৱন কলা আদিৰ ওপৰত প্ৰশিক্ষণ আয়োজন কৰা হয় শিক্ষা বিভাগ তথা RMSA’ৰ উদ্যোগত। কিন্তু তাৰ পিছতো ভাৰতত “যৌন শিক্ষা”ৰ অৱস্থা তেনেই পুতৌজনক, অকাৰ্যকৰী আৰু অজনপ্ৰিয় ৰূপতেই আছে। সাধাৰণ লোকৰ কথা বাদেই, খোদ বহু শিক্ষক-শিক্ষয়িত্ৰী, উচ্চ শিক্ষিত ব্যক্তি, ৰাজনৈতিক নেতা আদিয়ে “যৌন শিক্ষা”ৰ প্ৰতি অদ্যাপি ঋণাত্মক ধাৰণাহে পোষণ কৰা দেখা যায়। তদুপৰি অনবৰত “মৰেল পুলিচিং”ত ব্যস্ত থকা সাংস্কৃতিক গুৰু, সংস্কৃতি ৰক্ষাকাৰী আৰু ধৰ্মগুৰুসকল আছেই দূৰৰ পৰাই “যৌন শিক্ষা”ক ছিঃছিঃ কৰিবলৈ। কিন্তু প্ৰকৃতাৰ্থত এখন বিকশিত আৰু প্ৰগতিশীল ভাৰত কামনা কৰাসকলে স্বাভাবিকতেই বিচাৰে যে কাৰ্যকৰী ৰূপত আৰু জনপ্ৰিয় হৈ পৰাকৈ ভাৰতত “যৌন শিক্ষা”ৰ প্ৰসাৰ হওক। সেয়ে এই বিষয়ত প্ৰায়েই আলোচনা হয় যে ভাৰতীয়সকল “যৌনতা” সন্দৰ্ভত কিয় ইমান সংকীৰ্ণমনা আৰু “আতঙ্কিত (!!)” হয়, ইয়াৰ উত্তৰ হিচাপে বিভিন্নজনে বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ভিতৰত আটাইতকৈ সাধাৰণ ব্যাখ্যাটো হ’ল যে “ভাৰতীয় ৰক্ষণশীল সংস্কৃতি” আৰু “ভাৰতীয় নৈতিক শিক্ষা” ইয়াৰ বাবে মূলত দায়ী। কিন্তু প্ৰকৃততে এয়া সম্পূৰ্ণ শুদ্ধ আৰু শেষ সিদ্ধান্তলৈ আহিব পৰা বিশ্লেষণ হয় জানো?

যিসকলে ভাৰতীয় সংস্কৃতিৰ ধাৰা ঐতিহাসিক প্ৰেক্ষাপটত অধ্যয়ন কৰিছে তেওঁলোকে নিশ্চয়কৈ মানি ল’ব যে ভাৰতীয় সমাজখন ঐতিহাসিকভাৱে “যৌনতা”ক লৈ যথেষ্ট পৰিমাণে, তুলনামূলকভাৱে প্ৰায় উদাৰ আছিল। নহ’লে “মহাভাৰত”ৰ দৰে মহাকাব্যত ইমান মুকলিভাৱে আৰু বাৰে বাৰে “যৌনতা” বিষয়ক ঘটনাৰ উল্লেখ থাকিব জানো? উদাহৰণস্বৰূপে মহাভাৰতত উল্লেখ আছে যে পাণ্ডুক অভিশাপ দিয়া হৈছিল যে যদিহে তেওঁ কোনো মহিলাৰ লগত যৌন সম্পৰ্ক কৰে তেন্তে তেওঁৰ মৃত্যু হ’ব, আৰু ঘটনাক্ৰমে পাণ্ডুৰ মৃত্যু হৈছিল মাদ্ৰিৰ লগত যৌন সংগম কৰাৰ পিছতে। আনহাতে সেই মহাভাৰততে উল্লেখ আছে যে বিচিত্ৰবীৰ্য্য সন্তানহীন হৈ মৃত্যুবৰণ কৰাৰ পিছত ব্যাস ঋষিক আহ্বান জনোৱা হৈছিল বিচিত্ৰবীৰ্য্যৰ পত্নী কেইগৰাকীৰ গৰ্ভত ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুক ধাৰণ কৰাবৰ বাবে। যদিহে ঐতিহাসিকভাৱে ভাৰতবৰ্ষ “যৌনতা”ক লৈ যদি ইমান ৰক্ষণশীল হ’লহেঁতেন ভাৰতীয় প্ৰাচীন মহাকাব্যত ইমান বিস্তাৰিত ৰূপত আৰু মুক্তভাৱে যৌনতাৰ কথা কল্পনাও কৰিব নোৱাৰিলোঁহেঁতেন। “কামসুত্ৰ” নামৰ যৌনতাকেন্দ্ৰিক কাব্যখনো প্ৰাচীন ভাৰতবৰ্ষতেই ৰচিত হৈছিল। “খাজুৰাহো”, “কণাৰ্ক” আদিৰ দৰে মধ্যযুগীয় মন্দিৰ আৰু গুহাসমূহ যদি পৰ্যবেক্ষণ কৰা হয় তেন্তে তাত “যৌনতা” আৰু “নগ্নতা”ৰ কলাসুলভ উপস্থাপন দেখা যায়। গতিকে যিসকলে অলপ গভীৰভাৱে ভাৰতীয় সংস্কৃতিৰ ইতিহাস ক্ষেত্ৰভিত্তিক ভাৱে অধ্যয়ন কৰিছে তেওঁলোকে বিনাদ্বিধাই মানি ল’ব যে বৰ্তমান আমি অনুমান কৰাৰ দৰে ঐতিহাসিকভাবে ভাৰতবৰ্ষ “যৌনতা” বিষয়ক লৈ সিমান ৰক্ষণশীল নাছিল। তেন্তে স্বাভাবিকতেই এই প্ৰশ্ন পুনৰ উত্থাপন হয় যে তেন্তে কিয় বৰ্তমানৰ ভাৰতীয় সমাজখন “যৌনতা” বিষয়ক লৈ ইমান বেছি ৰক্ষণশীল হ’ল আৰু এই ৰক্ষণশীলতা ইমানেই দ লৈ শিপাই আছে যে বিদ্যালয়ত “যৌন শিক্ষা” প্ৰদানৰ প্ৰসাৰতাক উদগনি দিয়াতো বাদেই, এচামে যুৱক-যুৱতীক পাৰ্কত একেলগে বহি থকা পালেও বিয়া পাতি দিব বিচাৰে অথবা “যৌনতা”ক লৈ কোনোবাই কলাসুলভভাৱে কোনো সৃজনধৰ্মী কলা উপস্থাপন কৰিলেও প্ৰতিবাদ কৰিবলৈ সাজু হৈ থাকে। তেন্তে ভাৰতীয় সমাজখন যৌনতাক লৈ ইমান ৰক্ষণশীল হোৱাৰ বাবে আমি কাক দায়ী কৰিম? ইছলামিক শাসন কালক(মোগল শাসন) নে ইংৰাজৰ শাসন কালক? বহুতেই বৰ্তমান সময়ৰ “ইছলামিক মৌলবাদ” আৰু “শ্বাৰীয়া” নিয়মৰ জনপ্ৰিয়তাৰ প্ৰতি নজৰ ৰাখি ইছলামিক শাসন কালকেই ইয়াৰ বাবে দায়ী কৰিব বিচাৰে। কিন্তু বহু বিশ্লেষকে ইংৰাজৰ শাসনক ইয়াৰ বাবে দায়ী কৰে। তেওঁলোকে দাবী কৰে যে মোগলৰ শাসনত ভাৰতীয়সকলে প্ৰায় মুকলিভাৱে আৰু বাধা নোপোৱাকৈ নিজস্ব ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিব পাৰিছিল আৰু ইউৰোপীয়সকলৰ শাসন কালতহে সেই সময়ৰ ৰক্ষণশীল “ভিক্টোৰিয়ান” মূল্যবোধ ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া হৈছিল। কিন্তু এই বিষয়ত থিৰাংকৈ এটা নিৰ্দিষ্ট সিদ্ধান্তলৈ অহা যথেষ্ট পৰিমাণে বিতৰ্কমূলক, কাৰণ এই কথা কোনেও নুই কৰিব নোৱাৰে যে ইছলামীকৰণ প্ৰক্ৰিয়াৰ লগতে সমান্তৰালকৈ “পৰ্দা প্ৰথা”ৰ দৰে নাৰীক দমন কৰা প্ৰথা কিছুমান ইছলামিক শাসন কালতেই ভাৰতলৈ আমদানি হৈছিল। অৱশ্যেই মোগলসকল প্ৰকৃততে কিমান মাত্ৰালৈকে ধাৰ্মিক আৰু সাংস্কৃতিকভাৱে গোড়া আৰু ৰক্ষণশীল আছিল সেয়া যথেষ্ট বিতৰ্কৰ আৱৰ্তত থকা বিষয়বস্তু।

ইংৰাজসকলৰ শাসন কালতেই ভাৰতীয়সকলৰ মানসিকতা সলনি হ’ল বুলি ঠাৱৰ কৰাৰো কেইবাটাও যুক্তি আছে, উল্লেখ্য যে বিংশ শতিকাৰ আগলৈকে ইউৰোপীয়সকল আজিৰ তুলনাত যথেষ্টপৰিমাণে ৰক্ষণশীল আছিল। আনকি যৌনতা আৰু নগ্নতা বিষয়ত সমসাময়িক ভাৰতীয়সকলতকৈ ব্ৰিটিছসকল বেছি ৰক্ষণশীল আছিল। ব্ৰিটিছসকল প্ৰথম ভাৰতলৈ আহোঁতে ভাৰতীয়সকলৰ “যৌনতা”ক লৈ থকা উদাৰ দৃষ্টিভংগীৰ বাবে ভাৰতীয়সকলক অসভ্য বুলি গণ্য কৰিছিল বুলি জনা যায়। অৱশ্যে যেতিয়ালৈকে ভাৰতবৰ্ষ পোনপটীয়াকৈ “ইষ্ট ইণ্ডিয়া কোম্পানি”ৰ হাতত আছিল তেতিয়ালৈকে ইংৰাজসকলে ভাৰতীয়সকলৰ যৌনতা কেন্দ্ৰিক উদাৰতাক বৰ বেছি নিয়ন্ত্ৰণ কৰিব বিচৰা নাছিল। কিন্তু যেতিয়া ভাৰতবৰ্ষ ব্ৰিটিছ সংসদীয় শাসন আৰু ব্ৰিটিছ ৰাজমুকুটৰ অধীনলৈ আহিল তাৰ পিছৰে পৰা আন আন ভাৰতীয় সাংস্কৃতিক আৰু ধাৰ্মিক দৰ্শনৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ লগতে ভাৰতীয়সকলৰ “যৌনতা” কেন্দ্ৰিক উদাৰতাকো “আদিম দৰ্শন’ বুলি অভিহিত কৰি নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। ব্ৰিটিছ আমোলত ক্ৰমান্বয়ে অত্যাধিক দৰিদ্ৰ হৈ পৰা সৰহভাগ ভাৰতীয়ই “যৌনতা” বিষয়ক দৰ্শনতকৈ মৌলিক প্ৰয়োজন পূৰাবলৈহে বেছিকৈ মগ্ন হ’ল। যদিও নিজৰ স্বাৰ্থৰ খাতিৰত ইংৰাজসকলে ভাৰতবৰ্ষত আধুনিক শিক্ষা আৰু নাৰী শিক্ষাৰ পাতনি মেলিছিল কিন্তু তাৰ সমান্তৰালকৈ ভাৰতীয় শিক্ষিত চামৰ ওপৰত ৰক্ষণশীল ভিক্টৰিয়ান দৰ্শনো জাপি দিলে। বৰ্তমানৰ ভাৰতীয় সমাজখনো সেই যুগতেই ভাৰতত পোখানি মেলা ৰক্ষণশীল ব্যৱস্থাৰ ওপৰত ভিত্তি কৰিয়েই চলি আছে, যাৰ বাবে এতিয়াও ইয়াত “যৌনতা”ক হেয় আৰু সংকীৰ্ণ দৃষ্টিৰে চোৱা হয়, আৰু ইয়াৰ প্ৰভাৱ পৰিছে “যৌন শিক্ষা”ৰ প্ৰচলনৰ ওপৰত।
এতিয়াও এনে বহু শিক্ষিত ব্যক্তি আছে যি প্ৰকৃতাৰ্থত এই কথা অনুধাৱন কৰিবলৈ সক্ষম নহয় বা নিবিচাৰে যে প্ৰকৃত “যৌন শিক্ষা”ৰ প্ৰয়োগ আৰু প্ৰসাৰ নোহোৱালৈকে ধৰ্ষণ, STD, HIV/AIDS, অসুৰক্ষিত যৌন সম্পৰ্কজনিত ৰোগ আদিৰ দৰে সামাজিক আৰু স্বাস্থ্যজনিত ব্যাধি তথা সমস্যাবোৰৰ বাস্তৱসন্মত সমাধান নোলায়। আনকি হৰ্ষবৰ্ধন আৰু শিৱৰাজ সিং চৌহান”ৰ দৰে ৰাজনীতিকে ভাৰতত “যৌন শিক্ষা” নিষিদ্ধ কৰিব লাগে বুলিও ৰাজহুৱাকৈ ঘোষণা কৰিছে। ২০০৭ চনৰ শেষৰ ফালে হোৱা এটা অধ্যয়নৰ পৰা এটা ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছিল যে ভাৰতৰ ৮৫% জনসাধাৰণৰ “যৌন শিক্ষা”ৰ লগত দূৰ দূৰণিলৈকে পৰিচয়েই নাই। ৯০ৰ দশকৰ শেষৰ ফালেহে বিভিন্ন আন্তৰাষ্ট্ৰীয় সংস্থা আৰু বৈদেশিক উৎসৰ পৰা অহা ধাৰাবাহিক চাপৰ ফলত ভাৰতত চৰকাৰে HIV/AIDS ৰ লগত মোকাবিলা কৰিবলৈ “যৌন শিক্ষা”ক গুৰুত্ত্ব দিবলৈ আৰম্ভ কৰে। অৱশেষত ২০০৫ চনত UNESCO আৰু UNICEFৰ তত্বাবধানত শিক্ষা বিভাগ আৰু National AIDS Control Organisation’ৰ যৌথ উদ্যোগত ভাৰতবৰ্ষত Adolescence Education Programme আৰম্ভ কৰা হয় । এই প্ৰগ্ৰামটোৰ মূল উদ্দেশ্য আছিল নৱম , দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত “যৌন শিক্ষা” প্ৰদানৰ যোগেদি “যৌনতা” সন্দৰ্ভত আৰু HIV আৰু অন্য STI সন্দৰ্ভত সচেতন আৰু সজাগ কৰা । কিন্তু আশ্চৰ্যজনকভাৱে ২০০৭ চনত ভাৰতৰ ১২ খন ৰাজ্যত Adolescence Education Programme নিষিদ্ধ কৰা হয়। এই নিষিদ্ধকৰণ সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে স্পষ্টীকৰণ দি কয় যে এই প্ৰগ্ৰামটোৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ দিয়া পাঠৰ লগত সংলগ্ন ছবিসমূহ যথেষ্টপৰিমাণে যৌন আবেদনময়ী আৰু তাৰ পৰিবৰ্তে তেওঁলোকক যোগ আৰু ভাৰতীয় সংস্কৃতিৰ ওপৰত ব্যাখ্যা থকা পাঠহে অধ্যয়ন কৰিবলৈ দিয়া উচিত। ইয়াৰ পিছতে NACO’য়ে সম্পূৰ্ণ পাঠ্যক্ৰমটো সংশোধন কৰে আৰু শিৱৰাজ সিং চৌহানৰ দৰে ৰাজনীতিকে আপত্তিজনক বুলি দাবী কৰা ছবিসমূহ আঁতৰাই দিয়াৰ লগতে কিছুমান শব্দ যেনে , “যৌন সংগম”, “কণ্ডম”, “হস্তমৈথুন” আদি শব্দবোৰো আঁতৰাই দিয়ে, তাৰ পিছত “যৌন শিক্ষা”ৰ বাবে কি বাকী ৰ’ল সেয়া সহজেই অনুমেয়। আচলতে মূল সমস্যা সেই পাঠ্যক্ৰমৰ বিষয়বস্তু নহয়, সমস্যা হ’ল সেই লোকসকলৰ মানসিকতা যি আমাৰ দেশ আৰু সমাজ নিয়ন্ত্ৰণ কৰে। উদাহৰণ স্বৰূপে ২০০৯ চনৰ এপ্ৰিলত এম ভেংকয়া নাইডুৰ দৰে নেতাই প্ৰকাশ কৰে যে AEP(Adolescence Education Programme)য়ে ভাৰতীয় সাংস্কৃতিক মূল্যবোধৰ ভেটিক দুৰ্বল কৰিব, ভাৰতীয় যুৱক-যুৱতীক বিপথগামী কৰিব, ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ভেটি উচন কৰিব আৰু যুৱতীসকলৰ কুমাৰীত্ব কম বয়সতে শেষ হ’ব। বৰ্তমান দেশৰ মাত্ৰ ৫ খন ৰাজ্যতহে এই প্ৰগ্ৰাম চলি আছে , আৰু ২০০১১-২০০১২ চনত UNFPA(United Nations Population Fund)ৰ দ্বাৰা চলোৱা এটা অধ্যয়নৰ পৰা এই কথা পোহৰলৈ আহিছে যে যিকেইখন ৰাজ্যত AEP চলি আছে তাত জনসংখ্যা নিয়ন্ত্ৰণ, যৌন ৰোগ, ধৰ্ষণ আদি সমস্যাসমূহৰ যথেষ্টপৰিমাণে সজাগতা আৰু সচেতনতা বৃদ্ধি পাইছে আৰু ই কাৰ্যকৰী হৈছে।

বয়ঃসন্ধিকালীন সময়ৰ সমস্যা তথা যৌনতা কেন্দ্ৰিক শিক্ষা কিমান প্ৰয়োজনীয় সেয়া প্ৰমাণ কৰিবৰ বাবে এটা উদাহৰণহে যথেষ্ট, বহুতেই এই কথা হয়তো নাজানিব পাৰে যে বৰ্তমান সময়তো অসমৰ গ্ৰামাঞ্চলৰ প্ৰায় সংখ্যক ছাত্ৰীয়েই প্ৰত্যেক মাহেই ঋতুকালীন দিনকেইটাত বিদ্যালয়লৈ নাযায়, এই ক্ষেত্ৰত প্ৰচলিত পৰম্পৰাগত অন্ধবিশ্বাসৰ প্ৰভাৱ থকাৰ লগতে আৰু এটা অবিশ্বাস্য কাৰণ আছে, সেইটো হ’ল যে সেই ছাত্ৰীসকলৰ সৰহভাগেই চেনিটেৰী নেপকিণ ব্যৱহাৰ কৰিব নাজানে বা নকৰে, তাৰ সলনি ফটাকানিহে বা অন্য অসুৰক্ষিত আৰু অপৰিস্কাৰ কাপোৰহে ব্যৱহাৰ কৰে। ইয়াৰ বাবে আৰ্থিক অৱস্থাকে দায়ী কৰিব নোৱাৰি, কাৰণ দিনে ৫০ টকা মবাইলৰ ৰিচ্ছাৰ্জ কৰিব পৰা সকলে ৮০ টকা খৰছ কৰি বজাৰত উপলব্ধ চেনিটেৰী নেপকিণ কিনিব নোৱাৰাৰ কোনো যুক্তি নাই। গতিকে এনে অন্ধবিশ্বাসৰ প্ৰচলনৰ মূল কাৰণ হ’ল প্ৰয়োজনীয় “যৌন শিক্ষা” তথা “বয়ঃসন্ধি কালীন ইছ্যু” কেন্দ্ৰিক শিক্ষাৰ অভাৱ। অৱশ্যে শেহতিয়াভাৱে চৰকাৰৰ তৰফৰ পৰা ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ চেনিটেৰী নেপকিণ বিতৰণ কৰিবলৈ আৰম্ভ কৰাটো নিশ্চয়কৈ এটা ভাল লক্ষণ। গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহত অধ্যয়ণৰত অষ্টম মানৰ পৰা দশম মানৰ ছাত্ৰীৰ পলাই যোৱা(গোপনে বিবাহত আৱদ্ধ হোৱা) ঘটনা প্ৰায়েই সংঘটিত হয়, ইয়াৰ আঁৰৰ কাৰণো যে “বয়ঃসন্ধিকালীন” শিক্ষাৰ অভাৱ সেয়া নিশ্চিত।

এতিয়া পুনৰ আহোঁ ওপৰত উল্লেখ কৰি অহা “যৌন শিক্ষা” তথা “বয়ঃসন্ধি কালীন ইছ্যু” কেন্দ্ৰিক শিক্ষাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰদান কৰা প্ৰশিক্ষণৰ বিষয়লৈ। এইটো সত্য যে প্ৰায় প্ৰতি বছৰেই শিক্ষা বিভাগ তথা RMSA’ৰ দ্বাৰা এনে প্ৰশিক্ষণ চলি আছে, কিন্তু ইয়াৰ কাৰ্যকৰীতা সন্দেহাতীত নহয়। কাৰণ এনে প্ৰশিক্ষণত অংশ লোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৰহ সংখ্যকেই ওপৰত উল্লেখ কৰি অহা হৰ্ষ বৰ্ধন বা শিৱৰাজ সিং চৌহানৰ দৰে ব্যক্তি চিকাৰ হোৱা তথাকথিত ৰক্ষণশীল ভাৰতীয় আদৰ্শ আৰু মূল্যবোধৰ অনুগামী। ফলত সেই শিক্ষক-শিক্ষয়িত্ৰীসকলে তেনে ধৰণৰ প্ৰশিক্ষণসমূহত অংশগ্ৰহণ কৰোঁতে স্বাভাবিকতেই অসহজ বোধ কৰে, আনকি এনেকুৱা বিজ্ঞানৰ শিক্ষক এই লেখকে এনে প্ৰশিক্ষণত লগ পাইছোঁ যি সগৰ্বে ঘোষণা কৰে যে তেওঁ অতদিনে নিজৰ পত্নীকেই ঋতুকালীন সময়ত ঘৰৰ পৰা ওলাবলৈ নিদিয়াকৈ ৰাখিছে তেনেস্থলত ছাত্ৰীসকলক এই বিষয়ত উৎসাহ দিয়াটো তেওঁ সমৰ্থন নকৰে। গতিকে পাঠক-পাঠিকাসকলে অনুমান কৰিব পাৰিছেই যে অসমত “যৌন শিক্ষা”ৰ কাৰ্যকৰী প্ৰয়োগ কিমান সুদূৰ পৰাহত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments