ভূপেনদাৰ সৈতে মোৰ সান্নিধ্যৰ আৰম্ভণিৰ দিনকেইটা – বিদ্যুৎ কুমাৰ ভূঞা

ভূপেনদাৰ সৈতে মোৰ দেখা-সাক্ষাৎ বুলিলে ’দেখা’ আৰু ’সাক্ষাৎ’ শব্দ দুটা ইটোৰ পৰা সিটো পাঁচবছৰ নিলগাই পেলাব লাগিব৷ ১৯৭০ চনৰ ’শীতৰ সন্ধিয়া’ তেজপুৰত ’দৰং কলেজ’ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত তেওঁৰে প্ৰথম ’দেখা’হে হ’ল, ’সাক্ষাৎ’ হোৱাৰ কোনো সম্ভাৱনাই নাছিল, নহ’ল৷

প্ৰথম ’সাক্ষাৎ’ হ’ল ১৯৭৫ চনত জামুগুৰিহাটৰ ’বাৰেচহৰীয়া ভাওনা’লৈ যা‌ওঁতে, ’শোণিতকোঁৱৰ’ গজেন বৰুৱাৰ গৃহ-প্ৰাংগণত৷ সেইদিনাই তেওঁৰ সমুখত ভগৱানৰ আশীৰ্বাদত মোৰ ভয়, শংকা, লাজ আৰু অনিচ্ছা সত্ত্বেও গাইছিলো ’বুকু হম হম কৰে’ গানটোৰ কলিটো৷

তাৰপিছত সেইবাৰেই জামুগুৰিহাটৰ ’বৰপুখুৰীপাৰৰ মুকলিবিহু’ত তেওঁক পুনৰ জনসমুদ্ৰৰ মাজৰ পৰা দেখা পাইছিলো৷ মোক দেউতাৰ চাইকেলখনত আগফালে গাৰু এটা দি বহুৱাই লৈ গৈছিল আমাৰ এজন সম্বন্ধীয় বৰদেউতাৰ ডাঙৰ ল’ৰা বাবাদাই৷ ভূপেনদাই সেইদিনা কোৱা কথা মনত নাই যদিও গোৱা বিহুটোৰ এফাকি আজিও মনত পৰে-

“বা-বাগিচাৰ চা-চাকৰি
নে-নেলাগে লা-লাহৰী
নে-নেলাগে ত-তলপৰ ধন৷ “

তাৰপিছত পুনৰ সম্পূৰ্ণ ন বছৰৰ মূৰত তেওঁৰ সৈতে দেখা-সাক্ষাৎ হয় তেজপুৰৰ ’নেহৰু ময়দান’ৰ ৰঙালী বিহুৰ মঞ্চৰ পিছফালে, ১৯৮৪ চনৰ ১৮ এপ্ৰিল (পঞ্চম বহাগ)-ৰ নিশা৷ সেইদিনা মঞ্চত উঠাৰ আগলৈকে তেওঁৰ সৈতে বহু সময় তেওঁৰ কাষৰ চকীখনতে বহি কথা পতাৰ ’বিৰল’ সৌভাগ্য হৈছিল৷ ’অন্তৰংগ’ বুলিলে আমি যি বুজো, সেইটো প্ৰকৃতাৰ্থত সেইদিনাহে প্ৰথম গঢ় লৈ উঠিছিল ভূপেনদা আৰু মোৰ মাজত৷

তাৰপিছত কেইদিনমানৰ ভিতৰতে ২৯ এপ্ৰিল (দেওবাৰ)-ত মোৰ জামুগুৰিহাটৰ ঘৰৰ বাৰাণ্ডাত আমাৰ পুৰণি, মস্ত, কাঠৰ, ঘূৰণীয়া টেবুলখন উলিয়াই নি এখন চিঠি লিখিছিলো ভূপেনদালৈ আৰু পিছদিনা শলগুৰিৰ ডাকঘৰত পোষ্ট কৰিছিলোঁ চিঠিখন৷ চিঠিখনৰ এনভেলপটোৰ ওপৰত লিখিছিলো-

TO,
DR. BHUPEN HAZARIKA
C/O. LATA MANGESHKAR
’PRABHU KUNJ’
PEDAR ROAD, BOMBAY-22

ভাবিলে কিবা এক অব্যক্ত সুখ আৰু তৃপ্তি পাওঁ যে এই চিঠিখন লতা মংগেশকাৰৰ দৰে এগৰাকী শিল্পীয়ে বোম্বাইৰ পৰা পুনৰ ভূপেনদাৰ কলিকতাৰ ঠিকনা লিখি, প‌ইচা খৰচ কৰি ডাকত দিছিল৷ চিঠিখনৰ উত্তৰত ভূপেনদাৰ পৰা পাইছিলোঁ তেওঁ মোলৈ লিখা প্ৰথমখন চিঠি৷ সেই সময়ত ’ড০ হাজৰিকা’ৰ দৰে জীৱন্ত কিংবদন্তি এজনে সুদূৰ বোম্বাইৰ পৰা চিঠি লিখা ’কোন এই বিদ্যুৎ কুমাৰ ভূঞা’ বুলি জামুগুৰিহাটৰ বৌদ্ধিক মহলৰ মাজত চৰ্চা হৈছিল৷ ’অবিশ্বাসী’ মানুহক ’বিশ্বাস’ দিবলৈ বহুদিন চিঠিখন মই মোৰ লগত লৈ ফুৰিছিলোঁ আৰু যাকে পা‌ওঁ তাকে পঢ়িবলৈ দিছিলোঁ৷ এই কামটো কৰোঁতে কৰোঁতে চিঠিখনৰ অৱস্থা ক্ৰমে কাহিল হৈ আহিছিল, খামটো ফাটিবলৈ আৰম্ভ কৰিছিল৷

১৯৮৮-ৰ পৰা গুৱাহাটীৰ পেটে-ভাতে চলি থকা জীৱনত খোজ দিলোঁহি৷ পিচে গুৱাহাটীতো ভালকৈ থাকিব পৰা আৰ্থিক অৱস্থা নাই, ঘৰলৈ ঘূৰি যোৱাৰো বাট নোহোৱা অৱস্থাত গুৱাহাটীৰ বানত বোকাই-পানীয়ে পৰি যিবোৰ ’সম্পদ’ নষ্ট হ’ল, তাৰ মাজৰ পৰাই ঈশ্বৰৰ কৃপাত এই চিঠিখন অতি জৰাজীৰ্ণ অৱস্থাত উদ্ধাৰ হৈছিল৷ চিঠিখনৰ নীলা চিয়াঁহীৰ আখৰবোৰ অদৃশ্য হোৱাৰ উপক্ৰম হৈছিল৷ এই চিঠিখন অবিহনে হয়তো বহুতে বিশ্বাস নকৰিব বা কৰিলেও আনক নক’ব যে মই ভূপেন হাজৰিকাৰ দৰে এজন বিখ্যাত মানুহৰ প্ৰথম চিঠিখন পাইছিলোঁ ১৯৮৪ চনতে, যি সময়ত মই মাত্ৰ হাইস্কুলৰ দেওনা পাৰ হৈ কলেজত খোজ পেলাইছো মাত্ৰ৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!