ভোগালিত জাতীয়তাবাদ – উচ্চজিৎ দশগিৰি
মাহ বাগৰে, বছৰ আহে
আৰু প্ৰতিটো মাঘতে যদি
আপোনাৰ পো আৰু নাতিয়ে বাচি লয়
কেবল পিৎজা নাইবা লুচী,
তিলপিঠা, ভকা পিঠা, চুঙা পিঠা দেখিলেই
নাক-মুখ কোঁচাই কয়
মই এইবোৰ নেখাওঁ পাই!
আপুনি হ’লেই যেনিবা জাতীয়তাবাদী,
তাত ভৱিষ্যতৰ অসমৰ একো লাভ নাই৷
মনত ৰাখিব ফাইভ ষ্টাৰৰ ক’ৰ্প’ৰেট মীটিঙতো
তামিল এজনে সপ্তাহত এবাৰ হ’লেও বিচাৰে
ইডি-আপম, ডোচা নাইবা ইডলী।
ইংলিছ মিডিয়ামত পঢ়িলেই যেনিবা,
আপোনাৰ পো আৰু নাতিয়ে যদি ঘৰতো নকয়
এষাৰো অসমীয়া, বড়ো, কাৰ্বি ইত্যাদি,
আপুনি লাগিলে হওক দুৰ্ঘোৰ বিপ্লৱী,
তথাপি ভাষা গ’ল, ভাষা গ’ল বুলি
চিঞৰি একো লাভ নাই,
আপোনাৰ মাতৃভাষা ক’বলৈ নাহে
থাইলেণ্ড, ডেনমাৰ্ক বা ভিয়েটনামৰ পৰা কোনো আলহী৷
হ’লেই যেনিবা মাইকেল জেকছনৰ ভক্ত,
আপুনি যদি সময়ে নাপালে
শুনাবলৈ আপোনাৰ পো আৰু নাতিক
বৰগীত, বনগীত, জিকিৰ নাইবা জাৰী,
সিহঁতৰ বাবে যদি লক্ষ্মী-জ্যোতি-বিষ্ণু-ভূপেন
মাথোঁ দেৱালত আঁৰি থোৱা একোখন ছবি,
তাৰ পিছত অসমৰ সুৰ গ’ল,
গীত নাই বুলি কিয় কৰে হাহাকাৰ?
নিজৰ ঘৰতে প্ৰতিদিনে আপুনি দি আছে অসমক কবৰ
আৰু সময় পালেই চুবুৰীয়াৰ ঘৰত গৈ বিচাৰে জাতিৰ খবৰ।
আপুনি দিবাস্বপ্ন দেখে যে কেবল মাটিয়ে বচাব জাতি,
আপুনি আজিও নাজানে মাটিৰ একো জাতি নাই,
জাতিৰ আচলতে একো ধৰ্মও নাই৷
জাতি থাকে ভাষাত
জাতি থাকে খাদ্যত
জাতি থাকে থলুৱা সুৰত,
জাতি থাকে মানুহৰ হৃদয়ত৷
বাঙালীৰ সন্তানে সঁৰিয়হ দিয়া মাছৰ জোল নেৰে
লাগিলে থাকক তেওঁলোক নিউয়ৰ্কত।
সেয়েহে কওঁ প্ৰতিজন অসমীয়া,
এই ভোগালিতে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰক
নতুন জাতীয়তাবাদ৷
ভোগালিত গাবলৈ এৰক ৰঙালিৰ ৰাগ,
কঙালীত খবৰ লওক কৃষক জনতাৰ৷
পিছফালৰ মাটিডৰা যদিহে ছন পৰি আছে,
চুবুৰীয়াই ঠেলি ঠেলি বাঁহ ৰুৱাৰ আগতেই
আধিয়া দি হ’লেও সিঁচক এমুঠি আশাৰ কঠীয়া
কুকিং ক্লাছলৈ গৈ হ’লেও শিকক দুই এপদ পিঠা-পনা৷
জী, পো আৰু নাতিক কওক
সিহঁতৰো আছে ভাষা সুকীয়া
বিশ্বৰ কোনো প্ৰান্ততে কোৱাত নাই লাজ,
হৃদয়ৰ প্ৰতিটো সুৰেই সুৱদী সুৰীয়া
তাত নথকাই ভাল ব্যৱসায়িক হিচাপ-নিকাচ৷
(কবিতাটোৰ শেষৰ স্তৱকটো মিতালী নাৰায়ণিৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাত লিখা৷)